পৃষ্ঠা:হত্যাকাৰী কোন.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথম অধ্যায়

ভাৰ দিলে। গাওঁবুঢ়াও যাবলৈ ওলাল। তেওঁলোকে ঘৰৰ কোনো বস্তুতে হাত দিয়া নাছিল।

 দহ মাইল বাট খোজ কাঢ়ি গৈ থানাত খবৰ দিয়া কামটো বৰ ঢিলা নাছিল। আন কিবা হওক বা নহওক, পুলিচে বাতৰি পোৱাত বহুত পলম হ’লহেতেন। গাওঁবুঢ়াৰ কপাল ভাল। তেওঁ ওলাওঁতেই এখন নগৰমুৱা “বাচ’ আহিল। এনে সময়ত সাধৰণতঃ ‘বাচ' পোৱা নাযায়। এইখন ‘বাচ’ আগ দিনা গধূলিতে ঘূৰিব লগা আছিল; বাটত কিবা বেয়া হোৱাত ৰাতি আহিব নোৱাৰিলে। কিবাকিবি মেৰামত কৰি লৈ সেইহে এতিয়া আহিছে।

 মানুহৰ জুম দেখি কৌতুহল জন্মাত ড্ৰাইভাৰে আলিৰ দাতিতে বাচখন ৰাখিলে আৰু সকলো ঘটনা শুনি গাওঁবুঢ়াক মটৰতে তুলি লৈ গ’ল।