পৃষ্ঠা:হত্যাকাৰী কোন.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
হত্যাকাৰী কোন?

 প্ৰেম।—মই এবাৰ মাৰলৰ দুৱাৰত ঘিটিং ঘাটাং কৰা যেন শুনি তেওঁক মাতিবলৈ ধৰিলোঁ, কিন্তু কোনো উত্তৰ নাপালোঁ। মোৰ ওচৰত চাকি আৰু দিয়াচলাই আছিল। মই চাকিটো লগাই তেওঁক মাতিবলৈ মাৰললৈ ওলাই আহিলোঁ। বাহিৰত তেতিয়া বৰষুণ পৰাৰ শব্দ শুনিছিলোঁ। মই তেওঁৰ খাটৰ ওচৰলৈ চাপি গলোঁ আৰু লগে লগে এই দৃশ্য চকুত পৰিল। তেতিয়া মোৰ কি হ’ল, কিমান পৰ পৰি আছিলোঁ। একো ক’ব নোৱাৰোঁ। যেতিয়া হুঁচ আহিল, তেতিয়া মই বাহিৰলৈ ওলাই মানুহ মাতিলোঁ। বৰষুণ তেতিয়াও কিনকিনাই আছিল।

 দাৰোগা।— দুৱাৰ জানো বন্ধ নাছিল?

 প্ৰেম।— আগতে মাৰলৰ দুৱাৰত দাং দিয়া আছিল, বৰঘৰৰ দুৱাৰ এনেয়ে জপোৱা আছিল।

 দাৰোগা।— তুমি ওলাই যাওঁতেও দাং মৰা আছিল নে?

 প্ৰেমা।— নাই। এনেয়ে জপোৱা আছিল।

 দাৰোগাই পৰীক্ষা কৰি দেখিলে বাহিৰৰ পৰা হাত সুমুৱাই দাংডাল মেলা বিশেষ টান নহয়।

 দাৰোগা।— তোমাৰ কাৰবাৰ ওপৰত সন্দেহ আছে নে?

 প্ৰেম।— সেই বিষয়ে ঠিৰাং কৈ একো ক’ব নোৱাৰোঁ।

 দাৰোগা।— কিবা বস্তু নিলে নে?

 প্ৰেম।— বস্তু-বাহানি যি হয় বৰঘৰতে থাকে। তাত বোধ কৰোঁ সোমোৱা নাই। মাৰলত যি লাংখালিংখি দুডোখৰ আছিল তাকো নিয়াৰ চিন পোৱা নাই।