পৃষ্ঠা:হত্যাকাৰী কোন.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
হত্যাকাৰী কোন?

আপুনি সন্তুষ্ট হয়, তেন্তে অহা মাহৰ পৰা দৰমহাৰ নিৰিখ ঠিক কৰি ল’ম।

 শ্যাম।—মোৰ ঠাকুৰ আছে। ইচ্ছা কৰিলে এই মাহ মোৰ লগতে খাব পাৰিবা।

 বিজয়।— মোৰ তাত কোনো আপত্তি নাই।

 শ্যাম।— তোমাৰ কাপোৰ-কানি?

 বিজয়।—মই বাচত আহিছিলো। আপোনাৰ দোকান কোনখিনিতে নজনাৰ বাবে গাওঁখনৰ মূৰতে নানিলোঁ। সেইখিনিতে এখন সৰু দোকান আছে। তাতে খা-খবৰ লৈ আপোনাৰ দোকান বিচাৰি আহিলোঁ। কাপোৰ-কানি তাতে আছে, এতিয়া লৈ আহোঁ।

 শ্যাম।—তুমি নিজে কেনেকৈ আনিবা! মোৰ চাকৰ এটা লৈ যোৱা।

 শ্যামচাঁদে চাকৰ এটাক মাতি বিজয়ৰ লগত যাবলৈ ক’লে। বিজয়ে তাক লৈ গৈ অলপ সময়ৰ ভিতৰতে বিছনাখন আৰু চুট কে'চটো লৈ ঘূৰি আহিল।