পৃষ্ঠা:হত্যাকাৰী কোন.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫
ষোড়শ অধ্যায়

 সুদৰ্শন।— বাৰু এতিয়া যোৱাঁ। দৰকাৰ হ’লে আকৌ বিচাৰিব পাৰোঁ। কিন্তু তুমি ভয় নাখাবা, তোমাৰ গাত কোনো জগৰ নাই।

 সুদৰ্শনে তেওঁলোকৰ জবানবন্দী টুকি ল’লে আৰু প্ৰেমলতাক লৈ থানালৈ গ’ল।

 পিচ দিনা হাকিম পুলিচৰ চালান পাই সোধ-পোছ কৰি তোলনক খালচ দিলে। শ্যামচাঁদ আৰু প্ৰেমলতাক নৰহত্যাৰ বাবে ফৌজদাৰী দণ্ডবিধি আইনৰ ৩০২ ধাৰাত অভিযুক্ত কৰি হাজোতত ৰাখিলে।