সুদৰ্শন।— আপোনাৰ যে মত নাছিল, শ্যামচাঁদক জনাইছিল জানো?
প্ৰেম।— জনাবৰ কোনো উপায় নাছিল। মই তেতিয়া এক প্ৰকাৰ বন্দী।
সুদৰ্শন।— শ্যামচাঁদে চিঠি দিলে কেনেকৈ?
প্ৰেম।— তেওঁ বাহিৰ ফুৰিবলৈ যাওঁতেই তেওঁ কিছুমান ফটা কাকতৰ টোপোলা কৰি তাৰ লগতে চিঠিখনো ভেটাৰ ওপৰে দি পেলাই গ’ল। তেতিয়া মই বাৰীতে থকা নাদৰ পৰা পানী তুলি আছিলোঁ।
সুদৰ্শন!— বাৰু, মিনায়ে আপোনাক কাটিম বুলিও নাকাটিলে কিয়?
প্ৰেম।—তেওঁ ক’লে বোলে আগেয়ে তোক কাটিলে কি হ’ব? হয় ময়ো মৰি লাগিব, নহয় পুলিচে ধৰি লৈ গৈ ফাঁচী দিব। তেতিয়া হ’লে শ্যামচাঁদ সাৰি যাব। সেই কাৰণে আগেয়ে শ্যামচাঁদক কাটি লৈহে তোকো কাটিম, ময়ো মৰিম।
সুদৰ্শন।— মিনাইক কাটোতে আপুনি কি কৰিছিল?
প্ৰেম।—মই বৰঘৰত শুই আছিলোঁ। কটাৰ পাচত শ্যামচাঁদে মাতিলত হে উঠি আহিলোঁ। কিন্তু দৃশ্যটো চকুত পৰিলতে মোৰ মূৰ ঘূৰি গ’ল, কি হ’ল ক’ব নোৱাৰোঁ। যেতিয়া হুঁচ আহিল তেতিয়া বাহিৰলৈ ওলালোঁ আৰু মানুহ মাতিলোঁ। শ্যামচাঁদ কেতিয়া গ’ল মই ক’ব নোৱাৰোঁ।।