পৃষ্ঠা:হত্যাকাৰী কোন.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় অধ্যায়

ঘৈণীয়েকে ধান বনা, পানী অনা, গোবৰ পেলোৱা, তাত বোৱা, ভাত ৰন্ধা আদি ঘৰৰ সকলো কাম-বন কৰিও ভূঁই ৰুইছিল, জকাই বাই মাছ ধৰিছিল। আন কি সময়ে সময়ে বাৰীৰ পৰা জেং খৰি বিচাৰি আনি ভাত ৰান্ধিব লগাতো পৰিছিল। তেওঁলোকৰ দুটা লৰা আৰু দুজনী ছোৱালী হৈছিল। লৰা দুটা ডাঙৰ। ডাঙৰটোৱে বাপেকৰ কাম চলাব পৰা হৈছিলেই। ছোৱালী দুজনীৰ পৰাও মাকে সকলো কামতে সাহায্য পাইছিল। ডাঙৰ ছোৱালীজনীৰ বিয়াৰ যো-জাও চলিছিল।

 এনেতে হালধিবাৰী গাৱত মাউৰ লাগে। প্ৰায় ঘৰে ঘৰে বহুতো মানুহ এই ৰোগত পৰে। ডাক্তৰ নাই, চিকিৎসা নাই; বেমাৰে গোটেই গাওঁ বিয়পিলে, আৰু দিনে দিনে ঘৰে ঘৰে কান্দোনৰ ৰোল উঠিবলৈ ধৰিলে। প্ৰতীকাৰৰ আন কোনো উপায় নেদেখি ভালে থকাসকলে কালী-পূজা এভাগিৰ আয়োজন কৰিলে।

 পূজা হৈ গ’ল; ভকতসকলে ৰোগৰ পৰা মুক্তি দিবলৈ গোসানীক নানাভাবে কাকূতি কৰিলে; পুৰোহিতে আশীৰ্ব্বাদ দি দক্ষিণা লৈ গুচি গ’ল। ৰোগে কিন্তু শাম নাকাটিলে; পূজাৰ পিচত আক্ৰমণ অলপ চৰিলহে। এই আক্ৰমণৰ ফলত প্ৰত্যেক ঘৰৰে দুই-এজন সিফলীয়া হ’ল। কিন্তু একেবাৰেই মাৰঘাত পৰিল মিনাইৰ ওপৰত। ৰোগে নোছোৱাকৈ তেওঁৰ ঘৰত এজনো নৰ’ল; তাৰ ভিতৰত লেলাই ধেন্দাই পৰিত্ৰাণ