পৃষ্ঠা:হত্যাকাৰী কোন.pdf/৬৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৫
ত্ৰয়োদশ অধ্যায়

 পু,চা।— ইমান দিনে যিটো হোৱা নাই, আজি হ’ব বুলি ভবাৰ কাৰণ কি?

 বিজয়।— সম্প্ৰতি কিবা কাৰণত তেওঁলোকৰ মনোমালিন্য ঘটিছে। দিনত কোনেও কাৰো লগ ধৰিব নোৱাৰে। যদি ৰাতি লগ ধৰি আপোচ কৰি পেলায়, তেন্তে সাক্ষী-প্ৰমাণ সকলো শ্যামচাঁদৰ হাতত পৰিব পাৰে।

 পু,চা।— বাৰু, আজিয়েই যোৱা যাব।

 বিজয়।— সেই দিনা খোজটোৰ বিষয়ে মই যি সিদ্ধান্ত কৰিছিলোঁ সি একেবাৰেই নিৰ্ভুল। তেনে খোজ এটা নালাগে দহোটাও তুলি আনিব পাৰি।

 পু,চা।— ক’ৰ পৰা?

 বিজয়।— শ্যামচাঁদৰ ঘৰৰ ওচৰৰ পৰাই। শ্যামচাঁদৰ দোকানৰ কাষতে তোলনৰ এখন বাৰী আছে। বাৰীখনৰ সৰহখিনি ঠাইত বাঁহ-কাঠ আছে। অলপমান ঠাইত একো নাই। তাতে সি কঠীয়া পাৰে। এতিয়া কঠীয়া তুলি নিলে। তাৰে এডোখৰ ঠাইত বোধ কৰোঁ বোকা হৈছিল। তাত বহুতো খোজ বহি এতিয়া। শুকাই আছে। কিছুমান খোজ মিনাইৰ চোতালত পোৱা খোজৰ লগত মিলি যায়। মাজতে এটা খোজৰ জোখাই মাটি খানি নিয়াৰ চিনো আছে।

 পু,চা,।— চেলেংখনৰ তত্ত্ব ওলাল নে?

 বিজয়!— নাই ওলোৱা, কিন্তু অলপতে ওলাব।