পৃষ্ঠা:হত্যাকাৰী কোন.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নবম অধ্যায়

 নাহৰবাৰীত এখন ছোৱালীৰ প্ৰাইমাৰী স্কুল পতা আজি এঘাৰ বছৰ হৈছে। প্ৰথমতে শ্ৰীমতী প্ৰেমলতাই ইয়াৰ শিক্ষয়িত্ৰী আছিল। এতিয়া কেহোৰাম বুলি বয়সিয়াল পণ্ডিত এজনেই প্ৰায় দহ বছৰ চলাই আহিছে।

 ওপৰত কোৱা ঘটনাৰ পিচদিনা আবেলি স্কুল ছুটী হৈছে ছোৱালীবিলাক ঘৰাঘৰি যাবলৈ ওলাইছে। পণ্ডিতো ঘৰলৈ যাবলৈ সাজু হৈছে! এনেতে এজন মানুহ চাইকেলেৰে আহি স্কুলৰ সন্মুখ পালে। আলিৰ দাঁতিতে স্কুল। তেওঁ তাতে নামি ভিতৰলৈ সোমাই গ’ল। মানুহজন হৃষ্ট-পুষ্ট, ডাঢ়িয়ে গোঁফে ভোবোকাৰ। মূৰত মথুৰা-পাগ, কালত ধুতী, গাত চোলা, ভৰিত জোতা আৰু কান্ধত এখন জোলোঙা।

 মানুহজনক দেখি পণ্ডিতে কি লাগে সুধিলে। তেওঁ ক’লে,— “মই পেন্সিল, চিয়াহী আদিৰ কাৰবাৰ কৰোঁ। গাৱঁলীয়া ঠাইত দোকানীহঁতে এইবোৰ বস্তুৰ বৰ দাম লয়। সেই দেখি মই বহুতো স্কুলত এইবোৰ বস্তু যোগাওঁ। তাৰপৰা মোৰো দুপইচা আয় হয়, পণ্ডিতৰো কিছু লাভ হয় আৰু লৰা-ছোৱালীহঁতৰো খৰচ কমে। আপোনাক কিবা লাগে বুলি সোমালোঁ।