দিনৌ এইখিনি কাম কাৰ বিজয়ে পুৰণি খাতাবোৰ চায় আৰু কেতিয়াবা কেতিয়াবা কিবাকিবি নোট বুকত টুকি লয়। এনেকৈ এসপ্তাহ মানতে তেওঁ আটাই কেই বছৰৰ খাতা চাই শেষ কৰিলে। তাৰ পাচত এদিন শ্যামচাঁদক ক’লে, “আপোনাৰ সকলো খাতা চাই কেনেকৈ হিচাব ৰাখিব লাগে বুজিলোঁ, কিন্তু এটা কাম মোৰ মনোমত হোৱা নাই।”
শ্যাম।—কি?
বিজয়।—এই চাউল-ডাইল আদিৰ দোকানৰ হিচাপ নিয়মমতে ৰখা হোৱা নাই। এইবোৰ বস্তু অনাৰ হিচাপ আছে, দৈনিক যিমান টকা পোৱা যায় তাৰো হিচাপ আছে, কিন্তু দিনৌ কোনটো বস্তু কিমান বিক্ৰী হল তাৰ বিতং হিচাপ একো নাই। মাজে মাজে ষ্টক লোৱাৰো কোনো ব্যৱস্থা নাই। বিক্ৰীদাৰ দিনৌ ঘৰৰ পৰা আহে। যাওঁতে যদি দুই-এটকা লৈ যায়, নাইবা কিবা বস্তুকে ইফাল-সিফাল কৰে আপুনি কেনেকৈ জানিব! পহিলা ব’হাগৰ পৰা আজিলৈকে ষ্টক লোৱা নাই। মোৰ মতে পাৰিলে সপ্তাহে সপ্তাহে নোৱাৰিলে মাহে মাহে মজুত বস্তুৰ হিচাপ লোৱা ভাল। তেতিয়া হ’লে কিবা বস্তু হেৰাইছে নে নাই ধৰিব পাৰি।
শ্যামচাদে ভাবিলে কথাটো ঠিক। সঁচাকৈয়ে কৰ্ম্মচাৰীজন বৰ হুচিয়াৰ। তেওঁ বিজয়ক ক’লে—“তোমাৰ কথা বৰ সাৰুৱা। এতিয়াৰ পৰা পোন্ধৰ দিনে পোন্ধৰ দিনে মজুত বস্তুৰ হিচাপ ল’বা। কালিলৈকে এবাৰ লোৱাঁ।