পৃষ্ঠা:হত্যাকাৰী কোন.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আদিৰ গুদাম আৰু কৰ্ম্মচাৰী আৰু তেওঁ নিজে থকা ঘৰো হৈ উঠিল। এতিয়া তেওঁৰ সম্পত্তিৰ মূল্য কুৰি হেজাৰৰ কম নহয়। ইমানবোৰ ধন তেওঁ সজ উপায়েৰেই ঘটিলে বুলি মোৰ বিশ্বাস নহ’ল। সেই কাৰণে মই তাৰ তথ্য অনুসন্ধানত লাগিলোঁ। তাৰ ফলত ভালকৈ প্ৰমাণ পালোঁ যে তেওঁ চোৰাং কানিৰ কাৰবাৰ কৰে। আগতে এই ব্যৱসায় ভালকৈ চলাব পৰা নাছিল, কিন্তু কানিৰ দোকানখন পোৱাৰ পৰা তেওঁৰ সুবিধা হ’ল। অতি সহজে তেতিয়াৰে পৰা তেওঁ সকলোৰে চকুত ধূলি দি এই ব্যৱসায় চলাই আছে। পট্টা নোহোৱা কানীয়াক পোনপটিয়ে চাৰি গুণ দামত বেচাৰ উপৰিও আন ঠাইত বেচিবলৈ তেওঁৰ এজেণ্ট আছে। আগেয়ে সেই কাৰবাৰৰ আডা ক’ত আছিল জনা নাযায়, কিন্তু কানিৰ দোকান পোৱাৰ পৰা তেওঁৰ শোৱনী ঘৰতে সেই কাৰবাৰ চলে। এতিয়া খানা-তালাচ কৰিলে তাতে সেই কাৰবাৰৰ সকলো সম্ভেদ ওলাই পৰিব।

 পু,চা।—চোৰাং কানিৰ ব্যৱসায়ৰ বাবে শ্যামচাঁদক গ্ৰেপ্তাৰ কৰিলে, হত্যাকাৰী কেনেকৈ ধৰা পৰিব মই বুজা নাই।

 বিজয়।—মই প্ৰথম দিনাই কৈছিলোঁ, হত্যাকাৰীৰ লগত প্ৰেমলতাৰো এক প্ৰকাৰে নহয় এক প্ৰকাৰে যোগ আছে। এতিয়া সেইটো সম্পূৰ্ণ সঁচা বুলি জানিব পাৰিছো। প্ৰেমলতাৰ হাতত এই হত্যা সম্পৰ্কে কিবা লিখিত প্ৰমাণ থকাৰ