পৃষ্ঠা:হত্যাকাৰী কোন.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
নবম অধ্যায়

 পণ্ডিত। হয়। ওচৰৰ কোনো গাৱঁত শিক্ষয়িত্ৰী পাতিব পৰা কোনো ছোৱালী বা বয়সিয়াল তিৰুতা নাছিল। সেই দেখি এজন বয়সিয়াল শিক্ষক নিযুক্ত কৰিবলৈকে সকলোৱে সিদ্ধান্ত কৰিলে। মোৰ ঘৰ এইখনেই, কিন্তু মোৰ চাকৰি আছিল ইয়াৰ পৰা পাঁচ মাইল দূৰৈত থকা এখন লৰাৰ স্কুলত। এতিয়া সকলো ৰাইজে মোকে আনিবলৈ অনুৰোধ কৰাত ডেপুটি ইন্সপেক্টৰ সন্মত হ’ল আৰু মোক বদলি কৰিলে। তেতিয়াৰে পৰা দহ বছৰ হ’ল , ময়েই এই স্কুল চলাই আছো।

 বেপাৰী। পিচে শিক্ষয়িত্ৰী গৰাকীৰ কি হ’ল?

 পণ্ডিত। কি নো হ’ব। তেওঁৰ সুখ্যাতি চাৰিওফালে ইমান বেচিকৈ প্ৰচাৰ হ’ল যে তেওঁক বিয়া কৰাবলৈ কোনো নোলাল। ইফালে তেওঁৰ ঘৰখন নানা ঠাইৰ নানা মানুহৰ আড্ডা হৈ পৰিল। তাতে বাপেক বাগিচাৰ মহৰী, বাগিচাতে থাকে; কেতিয়াবাহে মাহেকে-পষেকে ঘৰলৈ আহে। ভায়েক ভনীয়েকহঁত সৰু। মাকে জীয়েকৰ যশস্যা কৈয়েই অন্ত নাপায়। মুঠতে তেওঁৰ পৰাই গাওঁখনো গুচিল।

 বেপাৰী। এতিয়াও তেওঁ তেন্তে আবিয়ৈ হৈয়েই আছে?

 পণ্ডিত। নাই। দুবছৰমান আগতে শ্যামচাঁদ ছাহা নামে এটা মানুহে তেওঁৰ ঘৰ লয়। ছাহাৰ এখন দোকান আছে। ক’ৰবাৰ খাবলৈ নোপোৱা বঙাল, ইয়াত ঠাই লৈ আজি দহবছৰ মানতে মস্ত সদাগৰ হৈ পৰিল।