মিনাইৰ ঘৰৰ পশ্চিমফালে আলিটোৰ দাঁতিতে দুবিঘামান মাটিৰ এখন বাঁহ-কাঠৰ বাৰী সেই-গাৱঁৰে তোলন কোচৰ আছিল। তাৰ পশ্চিমে এখন ডাঙৰ দোকান। দোকানৰ মালিকৰ নাম শ্যামচাঁদ ছাহা। তেওঁৰ আচল ঘৰ ঢাকাৰ ফালে। অসমলৈ আহি প্ৰথমতে তেওঁলোকৰ কোনোবা স্বজাতীয় মানুহৰ দোকানত গোমস্তা আছিল। তাত থাকেঁতেই কিবা সূত্ৰত এই গাৱঁৰ বুদাই বায়নৰ লগত তেওঁৰ চিনাকি হয় আৰু দুবাৰমান তেওঁৰ ঘৰলৈ আহে। ইয়াৰ কিছু দিনৰ পিচত তেওঁ দোকানৰ চাকৰি এৰি দিয়ে আৰু আলিৰ দাঁতিত থকা বুদাইৰ মাটিতে জুপুৰী ঘৰ এটা সাজি এখন দোকান পাতে। তাত তেতিয়া ঘাইকৈ লোণ, চেনি, ধপাত, বিড়ি, দিয়াচলাই, ডাইল, মিঠা তেল, কেৰাচিন তেল, নাৰিকল তেল, চাবোন আৰু কিবাকিবি মচলা ৰখা হৈছিল।
আগেয়ে এই গাঁৱত এনে দোকান নাছিল। যিবা নিচেই সৰু এখন আছিল, সিও গাৱঁৰ এমূৰে আৰু তাত দুই এবিধ বস্তুহে পোৱা যায়। এতিয়া শ্যামচাঁদৰ দোকানখন মাজতে হোৱাত আৰু গাঁৱৰ মানুহক লগা প্ৰায় সকলো বস্তুকে পোৱাত ৰাইজে ভালেই পালে। মাজে মাজে আজৰি সময়ত বহি মেল মাৰিবলৈকো কিছুমানৰ ই আডাত পৰিণত হ’ল।