তোলনৰ ঘৰত কাৰো ভাত পানী নোহোৱা হ’ল। কিহৰ পৰা কি হ’ল প্ৰথমতে কোনে ও একো নুবুজিলে। পিচত যেতিয়া সকলো কথা জানিব পাৰিলে সকলোৱে কান্দিবলৈ ধৰিলে। মিনাইক কটাৰ বাবে তোলনক ধৰি নিছে, তেওঁৰ ফাঁচী বা কলিয়াপানী হ’ব’ই বুলি যেতিয়া সকলোৱে ক’বলৈ ধৰিলে তেতিয়া তোলনৰ ঘৈণীয়েক আঘোণীৰ জীৱ উৰি যোৱাৰ দৰে হ’ল। তেওঁ কি কৰিব কি নকৰিব একো ঠিক কৰিব নোৱাৰিলে।
এই দুটৰ্ঘনাৰ কথা শুনি আঘোণীৰ ককায়েক, বাপেক আৰু সম্বন্ধীয়া মানুহ কেইবাজনো তোলানৰ ঘৰলৈ আহিল। আঘোণীয়ে তেওঁলোকক কিবা এটা উপায় উলিয়াবলৈ কৈ কান্দিবলৈ ধৰিলে। তেওঁলোকে ক’লে,— "কান্দিলে কি হ’ব! আমি জিলালৈ গৈ উকীলক সুধি পুছি চাওঁগৈ কি কৰিব পাৰি। এতিয়া ঈশ্বৰৰ ওপৰত ভাৰসা কৰি মনে মনে থকাই ভাল।"
পিচিদিনা আঘোণীৰ ককায়েক মলো আৰু জেঠালেক মোহন দুয়ো জিলালৈ ওলাল। আগৰ মোকৰ্দ্দমাত তোলনে যাক উকীল ধৰিছিল দুয়ো তেওঁৰ ওচৰলৈকে গ’ল! লগত