সুদৰ্শন।— ক’তা! এতিয়ালৈকে আমি তেনে কোনো প্ৰমাণ পোৱা নাই। অকল মুখেৰে ক’লেই হ’ব নে?
প্ৰেম। —মই প্ৰমাণ দিম।
সুদৰ্শন।— কি প্ৰমাণ দিব?
প্ৰেমলতাই ঘৰৰ ৰুৱা এটাত ওভোতাকৈ সুমাই থোৱা সৰু চুঙা এটা বহু কষ্টৰে উলিয়াই আনিলে। চুঙাটোৰ ভিতৰত নুৰিয়াই সুমোৱা কেইখনমান কাগজ। কাগজকেইখন উলিয়ালত দেখা গ’ল তাত শ্যামচাঁদে লিখা তিনিখন চিঠি আছে।
প্ৰথমখন আঠ মাহৰ আগৰ। তাত লিখা আছিল:—
“একোতেই দেখিছোঁ কাম নহ’ল। এতিয়া আৰু উপায় নাই। অলপ দিনৰ পাচতে সকলো কথা জনাজাত হ’ব। তেতিয়া তুমি ও সমাজৰ পৰা বাদ পৰিবা, মোৰো মান নাথাকিব। সেই কাৰণে মই আন এটা উপায় ভাবিছো। মোৰ দোকানৰ লগালগি ঘৰ এটাত মিনাই নামে এটা মানুহ আছে। তেওঁ অকলশৰীয়া, ঘৰৰ বাকী সকলো মাউৰত মৰিল। তেওঁ বয়সিয়াল মানুহ, বিয়া কৰাবৰো ইচ্ছা নাই। পিচে মই লোকক দেখুৱাই তেওঁৰ লগতে বিয়াখন পতিব খুজিছো। তাৰ পৰা এয়ে লাভ হ’ব যে তুমি সদায় মোৰ ওচৰতে থাকিব পাৰিবা আৰু আমাৰ সম্পৰ্কও আগৰ দৰেই থাকিব। অথচ আন এটা সুবিধা হ’ব যে কিবা লেঠাত পৰিলে তেওঁক দায়ী কৰিব পৰা যাব। বৰ্ত্তমানৰ দায়িত্বও