পৃষ্ঠা:হত্যাকাৰী কোন.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
হত্যাকাৰী কোন?

সম্ভব, কিন্তু শ্যামচাঁদক আটক কৰি নাৰাখিলে তাক হাত কৰা টান হ’ব।

 পু,চা।— কিয়? একে সময়তে তেওঁৰ ঘৰো খানা-তালাচ কৰিলেই বোধ কৰোঁ বেচি সুবিধা হ’ব।

 বিজয়।— নহয়। খানা-তালাচ কৰি তাক উলিওৱা টান। এনে ব্যৱস্থা কৰিব লাগিব যাতে তেওঁ নিজে উলিয়াই দিয়ে।

 পু,চা। দিব জানো?

 বিজয়।—দিব বুলি মোৰ বিশ্বাস। কিন্তু তেওঁক যে সন্দেহ কৰিছোঁ সেই বিষয়ে তেওঁ এতিয়া একো গম পাব নালাগিব। গম পালে নষ্ট কৰাৰ ভয় আছে।

 পু,চা।— আপোনাৰ মতে শ্যামচাদেই হত্যাকাৰীও। নহয় নে?

 বিজয়।— হয়। কিন্তু এতিয়া সেই কথা গোপন কৰিব লাগিব। অকল চোৰাং কানিৰ ব্যৱসায়ৰ বাবে হে গ্ৰেপ্তাৰ কৰিব লাগিব।

 পু,চা।— কেতিয়া খানা-তালাচ কৰা ভাল?

 বিজয়।—আজিয়েই। ৰাতিৰ আগতে তাক গ্ৰেপ্তাৰ কৰিলে সুবিধা হয়।

 পু, চা।— কিয়?

 বিজয়।— কাৰণ আছে। আজি ৰাতি সি প্ৰেম-লতাক লগ ধৰিব পাৰিলে সাক্ষী-প্ৰমাণ নষ্ট হোৱাৰ ভয় আছে।