দাৰোগা।— তেন্তে ই চোৰৰ কাম নহয়। কাৰবাৰ লগতে আখেজ আছিল নে?
প্ৰেম।— হয়। এই গাৱৰে তোলন কোচৰ লগত কিবা আখেজ আছিল।
দাৰোগা।— কিয়?
তেতিয়া শ্যামচাঁদে তেওঁৰ মোকৰ্দমা, মিনাইৰ সাক্ষ্য আৰু তোলনে কোৱা কথা সকলে। বৰ্ণনা কৰিলে। তাৰ লগতে ক’লে,—“কালি ৰাতি নমান বজাত হাতত দা এখন লৈ মোৰ দোকানৰ আগে দি তাক ক’ৰবালৈ যোৱা দেখিছিলোঁ, অহা দেখা নাই।”
কেইবাজনো মানুহে সেই কথা সঁচা বুলি ক’লে। তেওঁলোক বোলে তেতিয়া দোকানতে বহি আছিল।
দাৰোগা।— তোমলোক কিমান পৰলৈকে আছিলা?
মানুহ।— বাৰমান বজালৈকে।
দাৰোগা।– তেতিয়ালৈকে সি ঘূৰি অহা নাছিল?
মানুহ!—নাছিল।
দাৰোগা।—কেনেকৈ জানিলা? তোমালোকে মন নকৰাতে কি জানি সি আহিল।
মানুহ।— দোকান আলিৰ দাঁতিতে। তাতে তেতিয়া জোনাক। বাটে দি যোৱা শিয়ালো আমি দেখা পাইছিলোঁ।
তাৰ পাচত দাৰোগাই পৰি থকা চেলেংখন কাৰ সুধিলে। প্ৰেমলতাই তেওঁলোকৰ নহয় বুলি ক’লে। কেইটামানে