এনেকৈয়ে ঘনিষ্ঠতা বাঢ়ি যোৱাৰ লগে লগে শ্যামচাঁদ সেই গাৱঁৰে এজন গঞাৰ দৰে হৈ পৰিল। আন কি, সকামে নিকামেও নিমন্ত্ৰণ পাবলৈ ধৰিলে। কোনো মানুহে মালৰ দাম দিব নোৱাৰিলে সলনিত ধান-চাউল দিও নিব পাৰিছিল আৰু সেই কাৰণে ছাহাক ভাল পাইছিল।
সেই গাৱৰ এমূৰত এখন কানিৰ দোকান আছিল। কানিৰ পৰিমাণ আছিল মাহে চাৰি সেৰ। সেই গাৱঁৰে এজন মানুহে–দোকানখন কেইবা বছৰো চলাই আহিছিল, কিন্তু তাৰ পৰা যি সামান্য আয় হয়, তাৰে তেওঁৰ পৰিয়ালৰ লোণ-তেলৰ খৰচেই নোলায়। জোখত দুই-এৰতি কমাই দি যদিও দুই-এতোলা উলিয়াই পট্টা নথকা কানীয়াক সৰহীয়া দামত বেচে, তথাপি তাৰ পৰাও অৱস্থাৰ বিশেষ উন্নতি নহয়। এনে ভাবে চলি থাকোঁতেই এবাৰ এজন আবকাৰী দাৰোগাই দোকান পৰীক্ষা কৰি জমা থাকিবলগীয়া কানি জোখত কম পালে আৰু তাৰ ফলতে দোকানখন তেওঁৰ নামৰ পৰা খাৰিজ হ’ল।
শ্যামচাঁদে দাৰোগাক ধৰি-মেলি দোকানখন তেওঁৰ নামলৈ নিলে আৰু আগৰ দোকানৰ লগতে লগ লগালে। ই আজি প্ৰায় ছবছৰৰ আগৰ কথা। দোকান আৰম্ভ কৰাৰ পৰা তেতিয়ালৈকে চাৰি বছৰ শ্যামচাঁদে কোনোমতে পেট প্ৰবৰ্ত্তাই আছিল মাথোন। বৰ বেচি হলেও বছৰত ডেৰ শ, দুশ টকাৰ বেচি জমা কৰিব পৰা নাছিল। কানিৰ দোকান লোৱাৰে পৰা তেওঁৰ অৱস্থা দিনক দিনে ভাল হৈ আহিবলৈ ধৰিলে। দোকানৰ