সমললৈ যাওক

বিচ্ছুৰিত বৰ্ণালী

ৱিকিউৎসৰ পৰা
[  ]

[  ]

(সম্পূৰ্ণ উপন্যাস)

বিচ্ছুৰিত বৰ্ণালী

 

ৰঞ্জিত চাৰিঙ্গীয়া

 

প্ৰতিশ্ৰুতি প্ৰকাশন

গৃহ নং ৭, মহেন্দ্ৰ লাল বৰুৱা পথ, শিলপুখুৰী, গুৱাহাটী ৩

ফোন নং - ৯৬৭৮৩ ৪৮৮৯১

[  ] BICHSURIT BARNALI: A Collection of Assamese novel, composed by Ranjit charingia and Published by Pratisruti Prakashan, House No. 7, Mahendra Lal Baruah Path, Silpukhuri, Guwahati 781003

Price Rs.  : 150.00 (Rupees One Hundred Fifty only)
First Published  : Nov, 2017

 

বিচ্ছুৰিত বৰ্ণালী

লেখক   : ৰঞ্জিত চাৰিঙ্গীয়া
প্ৰকাশক  : প্ৰতিশ্ৰুতি প্ৰকাশন
গ্ৰন্থস্বত্ব  : লেখক
মূল্য   : ১৫০.০০ টকা
বেটুপাত   : মনজিৎ মালাকাৰ
অংগসজ্জা  : ৰমেন বৰ্মন
মুদ্ৰণ : প্ৰতিশ্ৰুতি প্ৰিণ্টাৰ্চ, গৃহ নং ৭,
 মহেন্দ্ৰ লাল বৰুৱা পথ, শিলপুখুৰী,
 গুৱাহাটী-৭৮১০০৩
 ফোন : ৯৬৭৮৩ ৪৮৮৯১

[  ]

উছৰ্গা

 

যাৰ দুহাতত ধৰি এটি দুৰ্টিকৈ খোজ কাঢ়িব শিকিলো,
যাৰ মুখলৈ চাই মই কথা ক’বলৈ শিকিলো
মোৰ পৰম শ্ৰদ্ধা মা আৰু দেউতা শ্ৰীনাৰায়ণ চাৰিঙ্গীয়া
আৰু শ্ৰীমতী সোণেশ্বৰী চাৰিঙ্গীয়াৰ কৰকমলত।
আৰু মোৰ অতিকৈ চেনেহৰ
স্বৰ্গীয়া শেৱালী বাইদেউৰ পৱিত্ৰ স্মৃতিত

[  ]

লেখকৰ পৰিচয়

 

 শিৱসাগৰ জিলাৰ মাহমৰা বৰবিল গাঁৱত জন্মগ্ৰহণ কৰা শ্ৰী ৰঞ্জিত চাৰিঙ্গীয়াৰ পিতৃ শ্ৰীনাৰায়ণ চাৰিঙ্গীয়া আৰু মাতৃ শ্ৰীমতী সোণেশ্বৰী চাৰিঙ্গীয়া। শ্ৰী ৰঞ্জিত চাৰিঙ্গীয়া সৰুৰে পৰা সাহিত্য অনুৰাগী আছিল। তেখেতে কলেজীয়া জীৱনৰ পৰা বিষ্ময়, ৰংঘৰ আদি আলোচনীত লিখিবলৈ লয়। ভাৰতীয় ডাক বিভাগত কৰ্মজীৱন আৰম্ভ কৰা শ্ৰী ৰঞ্জিত চাৰিঙ্গীয়া কৃষি বিজ্ঞানৰ স্নাতক আৰু বৰ্তমান ভাৰতীয় জীৱন বীমা নিগমত কৰ্মৰত।

[  ]

আগকথা

 

 শৈশৱতে দেখা বহুতবোৰ সপোনৰ এটা অন্যতম সপোন আছিল কেতিয়াবা এখন কিতাপ লিখাৰ। মৌচাকত পঢ়া ডাঙৰ মানুহৰ কাহিনীবোৰ আৰু ‘জেচন’, ‘পৱনৰ ফেণ্টাচীৰ মাজত পাৰ হোৱা মোৰ শৈশৱ আৰু কৈশোৰে যৌৱনত সৰু সুৰা দুটামান কবিতা আৰু গল্পৰ সৃষ্টিত অৰিহণা যোগালে।

 ‘বিচ্ছুৰিত বৰ্ণালী’ত সন্নিবিষ্ট মোৰ লেখাবোৰ মোৰ যৌৱনৰ সোণালী দিনবোৰৰ জীয়া ছবি। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ কৃষি বিজ্ঞানৰ ছাত্ৰ হিচাপে কটোৱা চাৰিটা বছৰ মোৰ প্ৰায়ভাগ কাহিনীৰে জন্মভূমি। বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ সুবিশাল, সেউজ চৌহদত মোৰ কল্পনাই যেন অবাধ বিচৰণৰ বিৰল সুযোগ লাভ কৰিছিল। বিচ্ছুৰিত বৰ্ণালীৰ কাহিনী কেইটা একোটা গল্প বুলি ক'ব নোৱাৰি, চুটি উপন্যাসিকা বুলি ক'লেহে ছাগৈ বেছি খাপ খাব। ছাত্ৰাৱস্থাতে লিখা বহুদিন সিঁচৰতি হৈ থকা কাহিনীকেইটা একেলগ কৰি কিতাপৰ আকাৰ দিয়াত মোতকৈ মোৰ পৰিবাৰ পিংকি বৰুৱাৰ অহিৰণা বহু বেছি। তেওঁৰ নেৰানেপেৰা আবদাৰ নোহোৱা হ'লে আজি এই ‘আগকথা’ লিখাৰো সুযোগকণ নোলালহেঁতেন। [  ]  কিতাপখন প্রকাশ কৰা নকৰাৰ আলােচনা কৰি থকা শুনি মােৰ ছােৱালী ৰুহিয়ে তাইৰ সাঁচতীয়া ধনখিনিকে মােক কিতাপ প্রকাশৰ খৰছ হিচাপে দিব খুজিছিল। আমাৰ ল'ৰা কৃশও কিতাপখনক লৈ যথেষ্ট উৎকণ্ঠিত। সিহঁত দুটালৈ এই চেগতে মােৰ স্নেহ আৰু আশীষ দিলাে।

 বিচ্ছুৰিত বৰ্ণালীত সন্নিবিষ্ট প্রায় প্রতিটো কাহিনীতে কিছুমান জীয়া চৰিত্ৰ আছে। প্ৰায়বােৰ মােৰ কলেজ অথবা চাকৰি জীৱনৰ বন্ধু। তেওঁলােকক এই সুযােগতে মােৰ সৃষ্টিৰ অংশীদাৰ হােৱা বাবে আৰু প্ৰেৰণা যােগােৱা বাবে কৃতজ্ঞতা জনালোঁ।

 এসময়ত ‘বিস্ময়’ৰ পাতত এই কাহিনী কেইটা প্রকাশৰ সুবিধা দি মােক পাঠকৰ সৈতে চিনাকি কৰি দিয়া বাবে সন্মানীয় শশী ফুকন চাৰ আৰু প্রমােদ কলিতাদেৱক কৃতজ্ঞতা জনাইছাে।

 সদৌ শেষত ‘বিচ্ছুৰিত বৰ্ণালী’ক পাঠকৰ হাতত আটকধুনীয়াকৈ তুলি দিয়াৰ বাবে ‘প্রতিশ্রুতি প্রকাশন’ৰ শলাগ লৈছাে।

 

ৰঞ্জিত চাৰিঙ্গীয়া

[  ]
 

সূচী

» বিচ্ছুৰিত বৰ্ণালী //৯-২৪
» মৃত্যু উপত্যকা //২৫-৪৬
» কুমাৰী সময় //৪৭-৭৯
» জোনৰ শপত //৮০-১০৪

 

[ ১১ ]

বিচ্ছুৰিত বৰ্ণালী

এক

 দিবানিদ্ৰাৰ শেষ আমেজকণ তেতিয়াও মােৰ চকুৰ পতাৰ পৰা আঁতৰি যাব খােজা নাই। গ্রীণ স্কাইলাইটোৰ বিচ্ছুৰিত মায়াময় পােহৰত মােৰ কোঠাটো তেতিয়া সপােনপুৰী যেন লাগিছিল। বুকুত গাৰুটো আলফুলে সাৱটি লৈ মই মােৰ চকুৰ পতাৰ পৰা এইমাত্র হেৰাই যােৱা সপােনটো ঘূৰাই আনিবলৈ চকু মুদি পুনৰ চেষ্টা কৰি আছোঁ। সপােন দেখাৰাে যে এক সুকীয়া মাদকতা আছে!
 হােৱাই আৰ ইউ ছ’ লেট?– বাইদেউৰ উচ্ছাস সিহলি কণ্ঠস্বৰত মই একপ্রকাৰ চক্ খায়েই উঠিলোঁ।
 ছৰি, মেডাম! আই হেড টু গ’ টু এ টিউটৰিয়েল ক্লাছ। আই ফোনড্ টু ইউ, বাট ন'বডি ৰিচিভ্‌ড কাৰােবাৰ কনভেণ্ট এডুকেটেড একচেণ্ট মিহলি ইংৰাজী ভাঁহি আহিল।
 মই দেখিব খােজা সপােনটো ইতিমধ্যেই পলাই ফাট মাৰিছে। আৰু চেষ্টা কৰি লাভ নাই বুলি বুজি মই চকু মেলি বিছনাতে নিশ্চুপে পৰি থাকিলোঁ। এই অভ্যাগতৰ কথা ভাবিলোঁ। কণ্ঠস্বৰৰ পৰা বুজা যায় যে অভ্যাগত নহয়, অভ্যাগতাহে৷ কোনােবা হয়তাে আধুনিকা তৰুণী। হয়তােবা ধুনীয়াও। তদুপৰি তৰুণীয়ে যি সুৰত দপদপাই ইংৰাজী কোৱা আৰম্ভ কৰিছে, তেওঁৰ যে বাইদেউৰ ঘৰলৈ সঘনাই আহ-যাহ আছে সেয়া বুজিবলৈ টান নহ'ল।
 : ওৱাওঁ ! হু ইজ স্লিপিং দে য়াৰ ?– তৰুণী দপদপাই মােৰ ৰূমলৈ সােমাই আহি একেবেগেৰে ওলাই গ'ল। কোঠাৰ দুৱাৰখনৰ ফালে পিঠি দি শুই থকাত তৰুণীক দেখাৰ সৌভাগ্য মােৰ নহ'ল।
 : মাই বিলাভেড ব্রাদাৰ। চিন্ময়। হেভ ইউ মেট হিম আৰলিয়াৰ ?– বাইদেউৰ উত্তৰ।
 : ন’।
 : ডণ্ট ৱৰি। আই উইল মেক হিম ইণ্ট্ৰডিউছ। বাট হি ইজ ভেৰি ছাই।
 :ন’ প্রব্লেম।- ছােৱালীজনীৰ উত্তৰ।
  বাইদেউলৈ টিঙিচকৈ খং উঠি আহিল মােৰ। এজনী অচিনাকী ছােৱালীৰ আগত মােৰ কথা তেনেকৈ লাজকুৰীয়া বুলি কোৱাৰ কি দৰকাৰ? ছোৱালীক ইমান পাত্তা দিয়া মানুহ মই নহয়। তাইতাে জানে মােৰ কথা। তেনেহ'লে ? ৰ আজি ছােৱালীজনী যাওক। বাইদেউক এজাউৰি গালি সােধাম! [ ১২ ]  মনে মনে খং উঠি গ’ল যদিও ছােৱালীজনীৰ স’তে চিনাকি হােৱাৰ এক গােপন বাসনাই কিন্তু মােক জোকাৰিবলৈ আৰম্ভ কৰিছিল। এতিয়া বিছনাৰ পৰা উঠি যাবলৈকে ভাল লগা নাই। তথাপি বিছনাৰ পৰাই ছােৱালীজনীৰ কথা শুনিবলৈ মই উদগ্রীৱ হৈ ৰ’লোঁ।

 বেছি পৰ অৱশ্যে ৰ’ব লগা নহ’ল। অলপ পিছতে হাৰমনিয়াম আৰু ক্লাছিকেল সংগীতৰ দ্বৈত আক্রমণে মােৰ দুয়ােখন কাণ বিধ্বস্ত কৰিলেহি। মিউজিকত মােৰ ৰাপ নােহােৱা নহয়। কিন্তু ক্লাছিকেল মিউজিকৰ একো মাথামুণ্ড মই বুজি নাপাওঁ। বাইদেউকো কথাটো মই প্ৰায়েই কওঁ। তাই হাঁহে, ‘গৰুৱে টোকাৰিৰ কি মূল বুজিবি’- তেনেকুৱা ধৰণৰ অৰ্থত।

 টোপনি আৰু নাহে। শুই থাকি মিছামিছি গা বিষােৱাতকৈ টেবুলৰ পৰা টান মাৰি ‘বিস্ময়’ খনকে আনি ল’লোঁ। বিছনাতে লাগি থকা ৱালখনত গাৰু দুটা দি আৰামকৈ আঁউজি লৈ আলােচনীখনৰ পাত লুটিয়াই থাকিলোঁ। দহ-পােন্ধৰ মিনিটমান হৈছিল কিজানি। মই জীমণি চৌধুৰীৰ উপন্যাস এখনৰ শেষ পৃষ্ঠা পাইছিলােগৈ। মােৰ গালত কেইটামান পানীৰ টোপাল ছিটিকি পৰিছিলহি।

 বাহিৰলৈ চালোঁ। আকাশত এজাক ক’লা ঘোঁৰা। যেন যুদ্ধৰ প্রস্তুতি। খন্তেক পিছতে দোপালপিটা বৰষুণ হ’ব বােধহয়। ইতিমধ্যেই চিপ চিপ বৰষুণৰ ছন্দ মােৰ কোঠাৰ খিৰিকীৰ গ্লাছত। খিৰিকীখন বন্ধ কৰি দিলোঁ।

 চাহ কাপৰ প্ৰয়ােজনীয়তা তীব্রভাৱে অনুভৱ কৰিছোঁ। নিজে কৰি খােৱাৰ মানসিকতাৰ প্রশ্নই নুঠে। আৰু আধা ঘণ্টাৰ কমত যে বাইদেউৱে সেই হাৰমনিয়ামডাল এৰি আহিব আশা কম। উপায় বিহীন হৈ কোঠাৰ টিভিটোকে অন কৰি ল’লোঁ।

 ই এল টিভিৰ চেনেলত কোনােবা এটা ৱেষ্টার্ন মিউজিক প্রগ্রেম। দীঘল দীঘল চুলি আৰু বিভিন্ন ছবি অঁকা ড্রেছেৰে পপ্ গায়কৰ সুকীয়া আইডেনটিটি। বৰষুণৰ এই সেমেকা আবেলিত দেহ মন উত্তাল কৰা সংগীত! কি অপূর্ব। বৰষুণজাক অলপ ডাঙৰ হৈ আহিছিল। মই টিভিৰ ভলিউম বঢ়াই দিলোঁ।

 : এক্সকিউজ মি! - দুৱাৰৰ ফাঁকেৰে সােমাই আহিল এখন ধুনীয়া, গুলপীয়া মুখ। বব কটা জপৰা চুলিৰে ঢাকি ৰাখিছিল তাইৰ মােহনীয় ডিঙি, দুই এডাল অবাধ্য চুলিয়ে আমনি কৰি আছিল তাইৰ অতীব সুন্দৰ এযোৰ টনা টনা চকু।

 : ইফ ইউ ডন্ট মাইণ্ড৷ - তাই এবাৰ সুন্দৰকৈ হাঁহিলে আৰু তাৰ পিছত টিভিটোলৈ আঙুলিয়াই ক’লে— উই আৰ গেটিং এ লিটল ডিচটাৰবেঞ্চ।

 : অহ ছৰি। মই জাঁপমাৰি উঠি গৈ টিভিটো অফ কৰি ক’লোঁ- নেভাৰ মাইণ্ড প্লিজ।

 : আই উইল ডেফিনেটলি মাইণ্ড ইট। তাই আকৌ এবাৰ ধুনীয়াকৈ হাঁহিলে। তাৰ পিছত টিভিটো পুনৰ অন কৰি ক’লে—ইউ জাষ্ট ৱাটছ ইট, বাট ইন এ মাইল্ড ডলিউম। – তাৰ পিছত তাইৰ সুন্দৰ আঙুলিকেইটাই এটা বিশেষ ভংগীমা দি ক’লে— জাষ্ট ফৰ ফিফটিন মিনিটছ।

 তাই বাইদেউৰ ওচৰলৈ উভতি গ’লগৈ।

 মই বিছনাতে বহি থাকিলোঁ। সন্মুখৰ টিভিৰ পৰ্দাত দেহমন উত্তাল কৰা পশ্চিমীয়া সংগীত। অত্যাধুনিক মিউজিক ইন্সট্রুমেণ্টৰ দ্বাৰা সৃষ্ট বিভিন্ন সুৰৰ ঐক্যতান। তথাপি মই প্ৰগ্ৰেমটোত অকণাে মনােযােগ দিব পৰা নাই। মােৰ মনটো বাৰে বাৰে যেন সা-ৰে-গা-মা-ৰ মাজত হেৰাই যাব খুজিছে। [ ১৩ ]

দুই

 খিৰিকীৰ গ্ৰীলত ধৰি মই বাহিৰলৈ চাই আছোঁ। বৰষুণৰ পাছৰ ৰ’দ। তীব্র। জিলিকি উঠিছে অদূৰৰ লেণ্ডস্কেপ। এছাটি মৃদু বতাহে কোবাই গৈছে বাইদেউৰ দুমহলীয়া কোৱাৰ্টাৰ।

 দুপৰীয়াৰ এই নির্জনতাত অ’, এন, জি, চি কলনিৰ কোনােৱেই চাগে এতিয়া সাৰে থকা নাই। দিবা নিদ্ৰাৰ দুর্লভ সুখত সকলােৱেই এতিয়া সপােন ৰাজ্যত উটি ভাহি ফুৰিছে। নাইট ডিউটি কৰি আহি ভিনিহিদেউও এতিয়া সপােন দেখাত ব্যস্ত। বাইদেৱেও দিনটোৰ পাকঘৰৰ পৰা ক্ষণিক আহৰি পাই এতিয়া জিৰণি লৈছে। মাথো শুব পৰা নাই মই। আৰু কিজানি...

 হৃদয় নামৰ পদার্থটো আছেনে নাই তাত নিঃসন্দেহ নহ’লেও মােৰ যে সেই কাল্পনিক অন্তৰ বােলা বস্তুটোত ‘প্রেম’ নামৰ কোনাে এলিমেন্ট নাই সেই বিষয়ে মােৰ লগৰ ল’ৰাবােৰ সম্পূর্ণ নিঃসন্দেহ! হােষ্টেলৰ অলস মুহূৰ্তবােৰত ঘণ্টাই ঘণ্টাই আড্ডা মাৰি থাকোঁতে কোনােবা দিনা বিপুলে মােক কৈছিল— ঐ, তােৰ যদি কলিজাটো কেনেবাকৈ ওজন কৰিব পৰা যায়, এটা এক্সচেপশ্যন পােৱা যাব।

 : কিহৰ এক্সচেপশ্যন ?- সিয়ে মােক বাইটিং কৰিবলৈ, হােষ্টেলৰ জনপ্রিয় ভাষাত 'কামােৰ’ দিবলৈ লৈছে, ইমান দিনৰ হােষ্টেলীয়া অভিজ্ঞতাৰে মই অতি সােনকালেই গম পাই গৈছিলোঁ।

 : তােৰ কলিজাটোৰ ওজন বেছি পােৱা যাব। সি হাঁহি হাঁহি কৈছিল।

 : হােৱাট ডু ইউ মিন।- মই সুধিছিলোঁ।

 : ছিম্পল কথা। সি হাঁহি হাঁহিয়েই উত্তৰ দিছিল- মানে হৃদয় নামৰ যিটো কেভিটিত মানুহৰ ‘প্রেম’ নামৰ কমােৱা তুলাৰ নিচিনা পাতল আৰু কোমল বস্তুটো থাকে, সেইটো কেভিটিত তােৰ এটা মস্ত গ্রেনাইট পাথৰ আছে।

 তাৰ কথাত আড্ডাত বহি থকা বাকী ল’ৰাবােৰে উচ্চস্বৰে হাঁহিছিল। হাঁহিছিল মানে এক প্ৰকাৰ আটাহ পাৰিছিল।

 : পাৰ্চিয়েলি কাৰেক্ট। - মই গম্ভীৰভাৱে কৈ উঠিছিলোঁ।

 : পার্চিয়েলি? জোতিবিকাশে মােলৈ চাই সুধিছিল- তেন্তে সম্পূর্ণ শুদ্ধটো কি?

 : মােৰ হৃদয়ত গ্রেনাইট পাথৰ নাই। মিনাৰেল আছে। জাননে নাই, আজিকালিৰ বজাৰত প্ৰেমতকৈ মিনাৰেলৰ দাম বহু বেছি।

 বিপুল, জ্যোতিবিকাশহঁতে সিদিনা মােক একো কোৱা নাছিল। লগৰ ল’ৰাবােৰৰ হাঁহি থকা মুখবােৰ কটপ্ কটপ্ শব্দ কৰি জাপ খাই গৈছিল।

 বিশ্বাসেই হােৱা নাই মােৰ। সেই একেখন গ্রেনাইট পাথৰৰ হৃদয় লৈ আজি মই শুব পৰা নাই। অথচ [ ১৪ ] কেইদিনমানৰ আগলৈকে দিবানিদ্ৰাৰ এই মুহূৰ্তবােৰ মই মােৰ জীৱনৰ চৰম লােভনীয় তাৰু আকাংক্ষিত বুলি গণ্য কৰিছিলোঁ। হােষ্টেলত দুপৰীয়াৰ ভাত সাঁজ খাই এখন্তেকো বহি থকাৰ ধৈৰ্য্য নাছিল মােৰ। আবেলিৰ দুই বজাৰ ক্লাছলৈ যােৱাৰ আগে আগে অন্ততঃ আধাঘণ্টা বা পঞ্চলিছ মিনিটৰ বাবে কেনেকৈ শুব পাৰি সেই চিন্তাতে মই মগ্ন থাকিছিলোঁ। ভাত খাই উঠিয়েই তেনেকৈ পাটী লােৱা কাৰ্য্যৰ বাবে মােৰ ৰুমমেটে মােক প্রায়েই কিবাকিবি কৈছিল। অৱশ্যে মইএদিনাে ৰূমমেটৰ কথাত মনােযােগ দিয়া নাছিলোঁ। কাৰণ সিমান সময়ে মােৰ চকুৰ পতাত টোপনিৰ মায়াই নাচিবলৈ আৰম্ভ কৰিছিলেই।

 আজি চাৰিদিন ধৰি মই ভালদৰে শুব পৰা নাই। নিশাৰ বিছনাতাে ইবাগৰ সিবাগৰ কৰোঁতেই আজিকালি সময়বােৰ পাৰ হৈ যায়। বাইদেৱেতো কালি সুধিয়েই পেলাইছিল-কি অ’ চিন্ময়, ৰাতি টোপানি হােৱা নাই নেকি? চকু ৰঙা পৰি আছে দেখােন?

 : নাই অ। কিবা চকুযােৰেহে ডিস্টার্ব কৰিছে। পৈণত ফাঁকি এটা দিব নােৱাৰি মই অসুবিধাত পৰিছিলোঁ। এইবাৰ বাইদেৱে চকুৰ ডাক্তৰৰ ওচৰত যাবলৈ নক’লেই ৰক্ষা।

 মােৰ সন্দেহ সত্য প্রতিপন্ন কৰি বাইদেৱে উচপিচাই উঠিছিল।

 : তই কোৱা নাই কিয় ? আজি গােস্বামীৰ ওচৰত দেখুৱাই আহিবি।

 : এহ নালাগে দে! মই তাইৰ পৰা নিস্তাৰ পাবলৈকে কৈ উঠিছিলোঁ - ঘৰলৈ যাওঁতে ডিব্ৰুগড়তে দেখুৱাই যাম।

 : তই দেখুৱাবিয়েই কিন্তু। তাই কৈছিল- মালৈ মই চিঠি লিখি সুধি পঠিয়াম, তই দেখুৱাইছনে নাই।

 বুজিলোঁ, ভালদৰেই ফান্দত পৰিলোঁ। দুই তিনিশ টকামান পানীত পৰিল। ব্রেকফাষ্ট কৰি মােৰ ৰূমলৈ আহি মই ভাবিলোঁ, চকুৰ ডাক্তৰতকৈ এতিয়া মােক কোনােবা ’ৰক স্পেচিয়েলিষ্ট’ৰহে দৰকাৰ। (মােৰ হৃদয়ত যে গ্রেনাইট পাথৰ আছে).. মই সঁচাকৈয়ে চিন্ময় শইকীয়া নে? সেই চিন্ময় শইকীয়া যাৰ হৃদয়ত গ্রেনাইট পাথৰ আছে বুলি যাৰ লগৰ ল’ৰাবােৰ নিঃসন্দেহ।

 এই চাৰিদিনৰ সান্নিধ্যইতাে মােক বর্ণালীৰ বাবে ইমান ব্যাকুল কৰি তুলিব নালাগিছিল। জীৱনত লগ পােৱা আন দহজনী সাধাৰণ ছােৱালীৰ দৰে তাইকো মই সহজভাৱেই ল’ব লাগিছিল... ধুনীয়া হ’ব পাৰে তাই। স্মার্ট হ’ব পাৰে। কনভেন্ট এডুকেটেড এজনী ছােৱালীৰ বাবে স্মার্ট নােহােৱাটোহে আচৰিত কথা..৷ তেন্তে কিহে মােক ইমান উদ্বাউল কৰি তুলিছে..তাইৰ শিল্পী সুলভ মনটোৱে। কিন্তু তেনেকুৱা শিল্পীমনৰ বহু ছােৱালী মই লগ পাইছোঁ... সুনীতা, মুনমী আৰু ক’ত মুখ অতীতৰ বুকুত বিলীন হৈ গৈছে। হেৰাহ তাে যাবই ’To depart we meet' তেন্তে বর্ণালীৰ ব্যক্তিত্বত এনে কি চুম্বকত্ব আছে যাৰ বাবে আজি মই দিঠকে-সপােনে তাইৰ কথাকে ভাবিবলৈ আৰম্ভ কৰি দিছোঁ...

 খিৰিকীৰ গ্ৰীলত ধৰি কিমানপৰ মই আনমনা হৈ আছিলোঁ নাজানাে। বাইদেৱে নাে কেতিয়া মনে মনে আহি মােৰ পিছফালে থিয় হৈ আছিল সেই কথাও নাজানাে। বাইদেৱে মােৰ গাত ধৰি জোকাৰি দিলত মই অপ্রস্তুত হৈ পৰিলোঁ।

 : ইমান দুপৰীয়াখন কলনিৰ ছােৱালী বাহিৰলৈ নােলায় দে। বাইদেউৰ ওঁঠত দুষ্টালিৰ হাঁহি।

 : ধুৎ ছােৱালীঁ! - মই এক্সপার্ট এক্টৰৰ দৰে মুখ বিকটাই ক’লোঁ- কিবা এটা ভাবি থাকোতে তইনাে কিয় ডিষ্টার্ব কৰ অ’?

 : কিনাে কিবা এটা ভাবিছিলা, মহাশয়? বাইদেৱে কৌতুকেৰে সুধিলে। [ ১৫ ]  : নেপােলিয়ন বনাপাৰ্টৰ কথা। মই তপৰাই ক’লো-বন্দী বনাপার্টে বাৰু চেন্ট হেলেনাত দিনৰ পাছত দিন কেনেকৈ কটাইছিল ?

 মই জানাে হিষ্ট্ৰিৰ কথা উলিয়ালেই বাইদেউৰ বদহজম হয়। তাই হাইস্কুলতাে হিষ্ট্রি লােৱা নাছিল। গতিকে মই চান্স পালেই তাইক ব’ৰ কৰাৰ ধান্দাত থাকো। তদুপৰি এতিয়া তাই মােৰ ৰূমৰ পৰা ওলাই গ’লেই ভাল পাওঁ। কোঠাৰ নিবিড় মুহূৰ্তবােৰত মই আকৌ বর্ণালীক লৈ তন্ময় হৈ থাকিব পাৰিম।

 আজি কিন্তু বাইদেউ শেনৰ এজাত। তাই ৰূমৰ পৰা ওলাই নগ'লেই, মােৰ মুখতে ধৰিলে- তই কিন্তু অলপ বেছি বেছি কৰ?

 : মইনাে কি বেছি কৰিলোঁ। মােৰ আচৰিত হােৱাৰ পাল।

 : বুজি পাওঁ দে। হিষ্ট্রি নপঢ়িলেও একেবাৰে লাড়ু বুলি নাভাবিবি। দুদিন বায়েৰৰ ঘৰত থাকিয়েই ব’ৰ হলিয়েইনে?

 : মইনাে কেতিয়া ব’ৰ হােৱা বুলি ক’লোঁ। মােৰ দুচকুৰ পৰা তেতিয়াও বিস্ময় আঁতৰি যােৱা নাই।

 : এতিয়া নজনাৰ ভেশছন ধৰিছ। বায়েৰৰ ঘৰটো নেপ’লিয়নৰ চেন্ট হেলেনা পালি?-তাইৰ কণ্ঠত স্পষ্ট বেদনাৰ সুৰ।

 এইবাৰ তাইলৈ সঁচাসঁচিকৈয়ে মােৰ বেয়া লাগি গ'ল। তাই থুঁতৰিত ধৰি ক’লোঁ- মই কথাটো তেনেকুৱা অৰ্থত কোৱা নাছিলোঁ নহয়।

 : যাঃ তেলীয়া ক’ৰবাৰ। তাই মােৰ হাতখন এচাৰ মাৰি আঁতৰাই ক'লে— এতিয়া আহিল আকৌ তেল মাৰিবলৈ। তাই এইবাৰ মােৰ ৰূমৰ আলনাৰ কাপােৰবােৰ চিজিল কৰাত লাগি গ’ল। মই এনেয়ে তাইৰ কাণ্ড কাৰখানাৰবােৰ চাই থাকিলোঁ।

 : নেপােলিয়ন। বাইদেৱে হঠাৎ মােৰ ফালে ঘুৰি চাই ক’লে আজি তােৰ বন্দীত্ব কিছু পৰিমাণে ঢিলাই দিয়া হ’ব।

 : ডন্ট ইউজ ইনডাইৰেক্ট লেংগুৱেজ। মই গম্ভীৰ স্বৰেৰে ক’লোঁ।

 : অকে, দা গ্রেট এমপেৰৰ। তাই একেই কৌতুকেৰে কৈ ক্ষন্তেক থমকি ৰ’ল আৰু ক’লে- টুডে ইউ গ’ টু বর্ণালী এণ্ড টেল হাৰ ডেট...। নাটকীয়ভাৱে তাই ৰৈ গ’ল।

 : হােৱাট? হােৱাট টু টেল ?- মই একপ্রকাৰ জাপ মাৰিয়েই বাইদেউৰ ওচৰ পালোঁ।

 : ইহ বর্ণালী বুলি কওঁতেই জাপ মাৰি উঠিলি দেখােন?-বাইদেৱে জোৰেৰে হাঁহি দিলে।

 লাজত মই ৰঙাচিঙা পৰি গৈছিলোঁ। আজি প্ৰথমবাৰৰ বাবে বাইদেউৰ ওচৰত মই এনেকুৱা কথাত ধৰা পৰি গ’লোঁ। তথাপি হেৰুৱা সন্মান ঘূৰাই আনিবলৈ মই আপ্রাণ চেষ্টা কৰিলোঁ। ধহমহাই মূঢ়া এটা টানি নি মই বেলকনিত বহিলোঁগৈ৷

 : পাছৰখিনি নুশুন নে? - বাইদেৱে মােৰ অৱস্থাটো উপভােগ কৰি ক’লে-বর্ণালীক কি ক’ব লাগে শুনি ল’হি।

 : দৰকাৰ নাই। মই অভিমান ভৰা কণ্ঠেৰে উত্তৰ দিলোঁ- তােৰ ষ্টুডেন্ট, কিবা দৰকাৰ হ’লে নিজেই যাবি, মাজতে মই গােলামী কৰিব নােৱাৰোঁ।

 : হয় নেকি? বাইদেৱে এইবাৰ আৰু একো নক’লে। তাই মােৰ কোঠাটো ঝাড়ু দিয়াতহে লাগি গ’ল। [ ১৬ ]  যদিও মই আলােচনীখনৰ পাত লুটিয়াই লুটিয়াই নিজকে ব্যস্ত যেন দেখুৱাই আছোঁ, তথাপি ভাবি আছো বাইদেৱে যেন আকৌ বর্ণালীৰ কথা কওক। সিহঁতৰ ঘৰলৈ বাৰু তাই মােক কিয় যাব কৈছে? নে তাইৰ দুষ্টামি? মই তাইৰ ওচৰত ধৰা পৰি গৈছোঁ নেকি বাৰু ? আঁৰ চকুৰে তাইলৈ চালোঁ তলমূৰ কৰি ঝাড়ু মৰাত ব্যস্ত৷ হঠাতে ৰূমটোৰ বায়ুমণ্ডলখিনি যেন গধুৰ হৈ গ’ল। অথচ বাইদেউ আৰু মই দুয়ােটাই জানাে এই গধুৰ বায়ুমণ্ডলৰ তৰপে তৰপে বিয়পি পৰিছে এক অনামী চেপা উত্তেজনা।

 : চিন্ময়, চাহ ৰেডি। ভিনিহিদেউ সােমাই অহাত ৰূমটোৰ গধুৰ বায়ুমণ্ডল পুনৰ চঞ্চল হৈ উঠিল।

 : ভিনদেউ, তুমি চাহ বনালা যে৷ বাইদেউলৈ বেঁকাকৈ চাই মই ক’লাে- এখেতে চাহ বনাবলৈ এৰিলে নেকি? মানে ৰিটায়ার্ড হার্ট?

 : এহ বায়েৰাই যি চাহ বনায়, সেয়া মইহে খাব পাৰোঁ, তােমাকনো কেনেকৈ খুৱাওঁ? ভিনিহিদেউৱে মােৰ দৃষ্টি অনুসৰণ কৰি ক’লে।

 : মোক জোকাই নল’বা কিন্তু৷ বাইদেৱে ভিনিহিদেউলৈ পোন্দোৱাকৈ চালে৷

 : শান্তি বাবা। শান্তি। মই চিঞৰিলোঁ মােক চাহ কাপ খাই ল’বলৈ দিয়া তাৰ পিছত কুৰুক্ষেত্র, ৱাটাৰ্লু যি লাগা লাগিবা, ফ্রি টিকেট চিনেমা... হাঃ হাঃ হাঃ। মােৰ হাঁহিত ৰূমটো গমগমাই উঠিল।

 : তই বাঢ়ি গৈছ ৰ! বাইদেৱে মুখেৰে ক’লে আৰু হাতেৰে মােৰ এখন কাণত ধৰি চাহৰ টেবুললৈ টানি লৈ গ’ল৷

 চাহৰ টেবুলত বহিহে আচল কথাটো গম পালোঁ।

 ভিনিহিদেউৰ ষ্টাফৰ কোনােবা শৰ্মাৰ মেৰিজ এনিভাৰচেৰী। বাইদেউ-ভিনদেউ দুইজনকে মাতিছে। গতিকে মই গৈ বৰ্ণালীৰ মিউজিকৰ ক্লাছটো কেনচেল কৰি আহিব লাগে। শর্মাহঁতো ঠিক মানুহ, চব নিমন্ত্রণ আজি পুৱাহে কৰিছে, নহ’লে বাইদেৱে কালিয়েই বর্ণালীক মিউজিক ক্লাছলৈ আহিব নালাগে বুলি কৈ পঠালেহেঁতেন। বর্ণালীহঁতৰ ফোনটোও তিনিদিন মানৰ পৰা ডেড্ হৈ আছে। গতিকে মই বান্দাই.

 ভিনিহিদেউৱে বৰ উৎসাহেৰে ক’লে-তুমি বর্ণালীৰ তাতে আবেলিটো কটাব পাৰিবা। আমি সাতমান বজাতহে ঘূৰি আহিম। তুমিনো ইয়াত কি কৰিবা অকলশৰে।

 ভিতৰি ভিতৰি ভিনিহিদেউৰ প্ৰস্তাৱত মই ৰােমাঞ্চিত হৈ উঠিছিলোঁ। বর্ণালীৰ সৈতে একেলগে আবেলিটো কটাবলৈ মােৰ জানাে আপত্তি থাকিব পাৰে? ঘৰত থাকিলেও মই বৰ্ণালীৰ কথাহে ভাবি থাকিম। তথাপি মই সাৱধান হ’লোঁ। বেছি উচ্ছাস দেখুৱালে ভিনিহিদেউৱে মােক সন্দেহ কৰিব। বাইদেৱেতাে ইতিমধ্যেই কাট মৰা আৰম্ভ কৰিছেই।

 : ভিনদেউ, সৰু ল’ৰা-চ’ৰা এটা বিচাৰি নাপাবানে? নহ’লে তেনেকুৱা ল’ৰা এটাকে পঠাই দিয়া। মই এনেয়ে এবাৰ কৈ চালোঁ।

 নাই নাই! ভিনিহিদেউ ব্যস্ত হৈ উঠিল এইবাৰ-তুমি গৈ চোৱাচোন। মই গেৰান্টি দিব পাৰাে তুমি অকনাে বেয়া নােপােৱা৷ বৰ্ণালীৰ মাক-দেউতাকহঁতকো লগ পাবা। মই ক’লাে নহয় বিৰ্ ৰাট মৰম কৰিব তােমাক।

 : চোৱা নহলে ল’ৰা এটাকে বিচাৰি। বাইদেউৰ বক্রোক্তি।

 : এহ তুমিও আৰু! ভিনিহিদেউৱে ভেকাহি মাৰি উঠিল। আঁৰ চকুৰে লক্ষ্য কৰি দেখিলোঁ বাইদেউৰ

ওঁঠত লাগি থকা দুষ্টালিৰ হাঁহটো তেতিয়াও মাৰ যােৱা নাই। [ ১৭ ]

তিনি

 ভিনিহিদেউৰ পৰা বৰ্ণালীহঁতৰ ঘৰৰ সবিশেষ অবস্থান জানি লৈ বৰ্ণালীহঁতৰ ঘৰ পাওগৈ মানে তেতিয়া আবেলি চাৰি বাজি গৈছিল। মই ঈষৎ কম্পিত আঙুলিৰে কলিং বে’লত চাপ দিলোঁ।

 ঠিক দহ-পােন্ধৰ ছেকেণ্ডমানতে দুৱাৰ খুলি বর্ণালী ওলাই আহিল। নেভি ব্লু জীনচ আৰু হােৱাইট চার্ট পৰিহিতা বর্ণালীৰ গােলাপী মুখত আবেলিৰ বেলিৰ কিৰণে চুমা আঁকি দিছিল তেতিয়া।

 : আই জাষ্ট ৱাণ্টেড টু গ’। তাই কৈ উঠিছিল।

 : এণ্ড আই এম হিয়াৰ টু কেনচেল ইয়ৰ টুৰ। তাইক কথাখিনি শেষ কৰিবলৈ নিদি মই কৈ পেলাইছিলোঁ।

 : ইজ ইট ছ’? বাইদেউৰ কিবা অসুখ নেকি ? তাই এইবাৰ ব্যস্ত হৈ উঠিল।

 : বাইদেউৰ খবৰ পিছতাে ল’বা। আগতে মােক ভিতৰলৈ মাতাচোন। মই তাইক অপ্রস্তুত কৰিবলৈকে কৈছিলোঁ।

 তাই অপ্রস্তুত হৈছিল। যেতিয়াই তেতিয়াই ফটফটাই থকা ছােৱালীজনী যে কেতিয়াবা অপ্রস্তুত হয় তেতিয়ালৈকে মই জনা নাছিলোঁ। তথাপি তাই মই ভবাতকৈ খুউব কম সময়তে নিজক চম্ভালি ল’লে। মােৰ হাতত ধৰি টানি নি ছােফাত বহুৱাই নিজেও মােৰ কাষত বহি ক’লে— অলৰাইট ?

 মই মূৰ দুপিয়ালোঁ।

 : বাইদেউৰ কি হৈছে নক’লা যে। তাই যেন বাইদেউৰ অভিভাৱিকাহে।

 : একো হােৱা নাই। কি হ’ব ? খন্তেক ৰৈ ক’লোঁ- পার্টি খাব গৈছে শর্মানে বৰুৱাৰ ঘৰত।

 : পার্টি। তােমাক নিনিলে।

 : মই গৈ কি ডাল কৰিম। মেৰিজ এনিভাৰচেৰী। সংসাৰৰ মাইকী মানুহৰ আড্ডা৷

 : আজি তেন্তে ইয়াত আড্ডা মাৰোঁ দিয়া। তাই ক’লে— মােৰাে আৰু কোনাে প্রগ্রেম নাই।

 : তােমাৰ মা-দেউতা নাই নেকি? ঘৰটোত আৰু কোনাে দ্বিতীয় ব্যক্তিৰ মাত নুশুনি মই সুধি পেলালোঁ।

 : মা-দেউতা শ্বপিং চেণ্টাৰলৈ গৈছে। আহোঁতে দত্ত আংকলৰ ঘৰত সােমাব হেনো।

 : তাৰ মানে তুমি এতিয়া ঘৰত অকলে ?

 : ক’তনো অকলে দেখিলা? তুমি দেখােন আছাই। আৰু তুমি নহা হ’লেও মই অকলে [ ১৮ ] নাথাকিলেঁহেঁতেন।

 : মানে?

 : তােমালােকৰ ঘৰলৈ গ’লোঁহেঁতেন। তাই কৌতুকেৰে ক’লে।

 : ইউ আৰ ৰিয়েলি ইনটেলিজেন্ট।

 : গুড ফ্লেটাৰি। থেংকইউ। একে সুৰতে উত্তৰ দিলে বর্ণালীয়ে।

 বর্ণালী এক মুহূৰ্তৰ বাবে ক্ষমা খুজি ভিতৰলৈ উঠি গ’ল। মােৰ মনৰ ভিতৰত অন্তর্দ্বন্দ্ব আৰম্ভ হ’ল। মই জানাে এনেকৈ এটা নির্জন ঘৰত এজনী ছােৱালীৰ সৈতে ঘণ্টাৰ পিছত ঘণ্টা কটোৱাতাে উচিত হ’ব? হাজাৰ হ’লেওতাে মই এটা ডেকা ল’ৰা৷ বর্ণালীৰ মাক-দেউতাকে বাৰু কি ভাবিব? ওহােঁ, মই ইয়াৰ পৰা যােৱাই উচিত হ’ব।

 এখন প্লেটত কেইথােকমান আঙুৰ লৈ বর্ণালী ৰূমটোলৈ পুনৰ সােমাই আহিল। জীনচ আৰু টি চার্টেৰে এইজনী যেন মডার্ন অন্নপূর্ণা । তাই এইবাৰ মূঢ়া এটা টানি মােৰ নিচেই সন্মুখত বহিলহি। মােক খাবলৈ কৈ তাই নিসংকোচে আঙুৰ খাবলৈ লাগি গ’ল। মই আড়ষ্ট হাতখন আঙুৰৰ প্লেটৰ ফালে আগবঢ়ালোঁ।

 : মই যাওঁগৈ । আঙুৰৰ খালী প্লেটখন টেবুলত থৈ মই কৈ উঠিলো বর্ণালী, এটুকুৰা চুপাৰি দিয়া।

 : কিয় ? কিয় যােৱা ? তাই যেন অবাক হ’ল।

 : নাই এনেয়ে। মই কৈ উঠিলোঁ।

 : তােমাৰ কিবা আর্জেন্ট কাম আছে? তাই আকৌ সুধিলে।

 : ওঁহাে৷ মােৰ মুখৰ পৰা হঠাৎ ওলাই গ’ল।

 : তেন্তে? তাইৰ চকুত অবাক বিস্ময়। ঘৰত গৈনাে কি কৰিবা ? বেটাৰ হেভ এ গছিপ।

 : নাই মানে। মােৰ কণ্ঠত হাজাৰ সংকোচ।

 : অহ। এইবাৰ যেন তাই সকলাে বুজি উঠিল। তাৰ পিছত ক’লে—মই সঁচাকৈয়ে হতাশ হলোঁ।

 : হতাশ হ’লা? - তাইৰ ভাবান্তৰ লক্ষ্য কৰি মই প্রশ্ন কৰিলোঁ কিন্তু কিহৰ বাবে ?

 : হতাশ নহৈ কি হ’বা? - তাই ক’লে অন্ততঃ মই তােমাক ইমান কনজাৰভেটিভ বুলি ভবা নাছিলোঁ।

 : কনজাৰভেটিভ। মই একো বুজা নাই৷ মই সঁচাকৈয়ে একো বুজা নাছিলোঁ।

 : এটা নির্জন ঘৰত এজনী অকলশৰীয়া ছােৱালীৰ সৈতে দুই এটা ঘণ্টা কটোৱাত তেন্তে কিহৰ বাবে আপত্তি থাকিব পাৰে কোৱাচোন। তােমালােকে ছােৱালীবােৰক কেৱল অপ’জিট ছেক্সৰ প্রাণী হিচাপেই ভাবা নেকি? ছােৱালীবােৰ বন্ধু হ’ব নােৱাৰে? তাই মােৰ চকুত চকু থৈ প্রশ্ন কৰিলে ।

 : নাই কথাটো ঠিক তেনেকুৱা নহয়। মই যেন তাইৰ প্ৰশ্নৰ পৰা পলাব খুজিলোঁ।

 : কিছুমান কথা বুজি পাওঁ দিয়া। তাই ক’লে যােৱা ঘৰলৈ। ভাল ল’ৰাৰ ইমেজ বনাই বােন্দা পৰ দিয়াগৈ! তাইৰ কণ্ঠত অভিযােগ আৰু বেদনাৰ সুৰ। তাৰ পিছত ক’লে- মনত একো বেয়া ভাৱ [ ১৯ ] নাথাকিলে এজনী ছােৱালীৰ সৈতে এটা ল’ৰাই কথা পতাতাে জানাে বেয়া কথা? লাগে সেয়া মার্কেট প্লেচতেই হওক বা এটা নির্জন ঘৰতেই হওক । মােৰ ক’বলগা একো নাছিল। বর্ণালীৰ ব্যক্তিত্ব আৱিষ্কাৰৰ আনন্দত মই মাত্র নীৰৱে হাঁহিছিলোঁ।

 আমাৰ আড্ডা জমি উঠিল খুউব সােনকালেই। খুউব জমাব পাৰে বৰ্ণালীয়ে। অথনিৰে পৰা তাই অনর্গল কথা কৈ গৈছে। মই মাথাে মাজে মাজে ‘ওঁ’ ‘অ’ কৰি দুই এটা কমপ্লিমেন্ট যােগ দি গৈছোঁ৷

 : তােমাৰ কোনােবা প্রেয়সী আছে? হঠাৎ কথাৰ মাজত ৰৈ তই মোক সুধিলে।

 : নাই। মােৰ চমু উত্তৰ।

 : কিয় নাই। প্ৰেমত পৰিবলৈ ভয় কৰা ?

 : ভয় নকৰোঁ। বাট আই ডণ্ট ৱান্ট টু বি চিটেড্। মই প্ৰতাৰিত হ’ব নােখােজোঁ।

 : অ’ মা। প্রতাৰিত হােৱাৰ ভয়, অথচ কোৱা প্ৰেমত পৰিবলৈ ভয় নকৰা৷

 :যদি তুমি তেনেকৈয়ে ভাবা মােৰ ক’বলগীয়া একো নাই। মােৰ মাতটো অলপ টানকৈয়ে ওলাল।

 : বেয়া পাইছা ? প্লিজ ডন্ট মাইণ্ড। মই কেতিয়াবা যা-তা কথা কৈ দিওঁ নহয় ?

 : হ’ব দিয়া। মই ইমান ঠুনুকা হৃদয়ৰ মানুহ নহয়। ইমান সােনকালে ভালপােৱা-বেয়াপােরা সেইবিলাক মােৰ অভিধানত নাই...। মই ক’লোঁ বাই দি বাই, চাহ-তাহ কিবা খুৱাবানে নাই? নে সেই আঙুৰকেইটাৰেই মােখনি মাৰিলা? কথাৰ প্ৰসংগ সলনি কৰিবৰ বাবেই মই কৈ উঠিলোঁ।

 বর্ণালী এইবাৰ পােনছাটেই কিচ্ছেন ৰূম পালেগৈ। ময়াে ডিভানখনত গাটো আৰামকৈ এৰি দিলোঁ। পূৰা দুঘণ্টা লেকচাৰ মাৰি মূৰ কামুৰি গৈছে।

 : ফটোকে চোৱা দিয়া। হাতত তিনিটামান এলবাম লৈ বর্ণালী পুনৰ ৰূমটোলৈ সােমাই আহিল।

 ডাইনিং টেবুলত বহি সন্ধিয়া ৬.৩০ বজাৰ নির্জন অট্টালিকাত এইয়া মই আৰু বৰ্ণালী। বর্ণালী আৰু মই। আঢ়ৈ ঘণ্টা সময় অনর্গল কথা কৈ কৈ বর্ণালী যেন অলপ ভাগৰি পৰিছে। স্নেহময়ী মাতৃৰ মমতাৰে তাই মােলৈ আগবঢ়াই দিছে খাদ্যৰ সমাহাৰ। যেন আজি তাই মােক হেঁপাহ পলুৱাই খুৱাব।

 চাওমিনৰ প্লেটত কাঁটা চামুচেৰে অভ্যস্ত অপাৰেচন চলাই থাকোতেও মই তাইৰ মুখলৈ লুকাই চুৰকৈ চাই থাকিবলৈ পাহৰা নাই। টিউব লাইটৰ ৰূপালী পােহৰে ঢৌৱাই গৈছিল তাইৰ মাখন বগা শৰীৰ আৰু মুখমণ্ডলত অবাধ্য ভাবে নাচি থকা কেইডালমান চুলিৰ মাজে মাজে যেন সিঁচৰতি হৈ আছিল জোন আৰু জোনালীৰ অযুত সপােন, দুচকুত উদ্ভাসিত হৈছিল তৰা বছা আকাশৰ নীলাভ হাঁহি।

 মই কিজানি অলপ ৰােমাঞ্চিত অনুভৱ কৰিছিলোঁ। ঘণ্টাৰ পাছত ঘণ্টা ধৰি বৰ্ণালীৰ সৈতে কথা পতাৰ পাছতাে মােৰ বুকুত যেন ৰৈ গ’ল এজাক বলিয়া বতাহ। গােমা আকাশত যেন ওলমি ৰ’ল ঘন ক’লা ডাৱৰৰ চপৰা।

 কওঁ নেকি মােৰ ক’বলগা কথা ? বর্ণালীয়ে কি ভাবিব বাৰু? ভাবিব নেকি সন্ধিয়াৰ নির্জনতাত [ ২০ ] এজনী ছােৱালীক অকলশৰে পাই অলপ কথা পাতিয়েই মই তাইৰ প্ৰতি প্ৰেমত গদ গদ্ হৈ গ’লোঁ । তাই জানাে বিশ্বাস কৰিব যে তাইক লগ পােৱাৰ পিছৰে পৰা যোৱা চাৰি ৰাতি মই প্ৰায় অনিদ্ৰাৰে পাৰ কৰিবলগা হৈছে। ওঁহাে, তাইতাে এতিয়ালৈকে মােক বন্ধুৰ দৰে ব্যৱহাৰ কৰি আছে। যদি তাই মােক পাতল মানসিকতাৰ, চঞ্চল মনৰ বজৰুৱা ল’ৰা বুলি ভাবে।

 : হেই কি ভাবিছা ?— বর্ণালীৰ মাতত মই সম্বিত ঘূৰাই পালোঁ।

 : নাই এনেয়ে। সহজ হ’বৰ চেষ্টা কৰি মই ক’লোঁ।

 : বাইদেৱে কৈছে তুমি বােলে এটা মস্ত গল্পকাৰ। তুমি গল্পৰ প্লট চিন্তা কৰি আছা নেকি ?

 : নাই। বাইদেৱে সেইবিলাক এনেয়ে কৈছে। মই ক’লোঁ।

 : সেই বিলাক মই নাজানো। তাই ক’লে- তুমি মােক লৈ বাৰু এটা গল্প লিখিবানে ?

 : তােমাৰ বিষয়ে যে মই বিশেষ একো নাজানাে।

 : ক’লোঁৱেই দেখােন ইমানবােৰ কথা। লিখিবা আৰু! .... হঠাৎ ভাবি তাই ক’লে- জানা, মই যদি লিখিব পাৰিলোঁহেঁতেন মই সেই ল’ৰাবােৰৰ কথা লিখিলোঁহেঁতেন, যিবিলাকে মােৰ মাত্র বাহ্যিক ৰূপটো দেখি কাষ চাপি অহাৰ চেষ্টা কৰে, ভালপােৱাৰ অভিনয় কৰিব খােজে অথচ মােৰ ভিতৰৰ মনটো-ভিতৰৰ মানুহজনীক বুজিব নােখােজে। এইবিলাকৰ পৰা কি একো লিখিব নােৱাৰি ?

 : পাৰি। কিন্তু গতানুগতিক।

 : মানুহৰ জীৱনত ঘটা ঘটনাবােৰ প্ৰায়েই গতানুগতিকেই হয়, চিন্ময়দা। সিবিলাকক অগতানুগতিক ৰূপ দিয়াৰ দায়িত্ব তােমালােক কাহিনীকাৰসকলৰ। দার্শনিকৰ দৰে কথা কেইটা ক’লে তাই।

 : অৱশ্যে। মই সন্মতিসূচক ভাৱে মূৰ দুপিয়ালোঁ।


চাৰি

 বাইদেউৰ ঘৰৰ পৰা উভতি অহাৰ দিন চমু চাপি আহিল। ইতিমধ্যেই আঠোটা দিন পাৰ কৰিলোঁৱেই। এগ্রিকালচাৰ কলেজৰ নিউ ছিমেষ্টাৰত নামভৰ্ত্তিৰ বাবে আৰু মাত্র দুটা দিন বাকী। ঘৰতাে এপাক সােমাই যাব লাগিব। গতিকে কাইলৈ উভতি যােৱাৰে সিদ্ধান্ত ল’লোঁ। বাইদেউৰ ইমানদিনৰ মৰমৰ ডেউকাৰ মাজত সােমাই থাকি হোষ্টেললৈ উভতি যাবলৈ একেবাৰেই ভাল লগা নাই। বাইদেউৰ মৰমী হাতেৰে সজোৱা ডাইনিং টেবুল আৰু হােষ্টেলৰ ডাইনিং টেবুলৰ মাজত কি যে আকাশ-পাতাল পার্থক্য। তথাপি কৰ্তব্যৰ আহ্বান । যাবইতো লাগিব।

 আৰু বৰ্ণালী। তাইকোতাে মই এৰি যাব লাগিব। এই কেইটা দিনতে তাই মােৰ যিমান অন্তৰংগ হৈ গ’ল, সেয়া মই নিশ্চয় পাহৰিব নােৱাৰিম।

 তথাপি যেন ক’ৰবাত কিবা এটা কিন্তু থাকি গ’ল।

 বর্ণালীক সেই সন্ধিয়াৰ আড্ডাৰ পাছতো বহুবাৰ লগ পাইছোঁ। বাইদেউৰ ঘৰত, বর্ণালীৰ ঘৰত, ইভিনিং ৱাকত। ক’তা, মােৰতাে ক’বলগা কথা কবলগা হৈয়েই থাকিল। [ ২১ ]  বাইদেৱে এইকেইদিন মোক অকণো টান মাত দিয়া নাই। আনকি জোকোৱাও নাই মােক। কি জানি মই যাবৰ সময়ত তাইক বেয়া পাওঁ । তাইৰ এই অৱস্থাটো খুউব উপভোগ কৰাে মই। ছোৱালীবোৰ সঁচাকৈ খুউব ইম’ছনেল হয় নেকি বাৰু!

 বর্ণালীয়ে আৰু মই যাব ওলােৱা কথাটো কেনেদৰে লৈছে। তাই চাগে পাত্তাই দিয়া নাই। যিহে আলট্রা মডাৰ্ন ছােৱালী, সৰু সুৰা ইম’ছনক আশ্ৰয় দিয়াৰ কথা কল্পনাই কৰিব নােৱাৰি।

 সিদিনা আবেলি চাহ খাই থাকোঁতেই বাইদেৱে ক’লে চিন্ময়, বর্ণালীৰ ঘৰৰ পৰা এপাক নাহগৈ নেকি ?

 তাই নােকোৱা হ’লেও মই গ’লোহেতেন। তথাপি তাইৰ উৎসাহ দেখি মই আনন্দিত হ’লোঁ। আবেলিৰ চাহ কাপ খায়েই মই বৰ্ণালীহঁতৰ ঘৰলৈ খােজ ল’লোঁ।

 অ’,এন, জি, চি, কলনিৰ সুদৃশ্য পকী ৰাস্তাবােৰ তেতিয়া সাক্ষ্য ভ্ৰমণকাৰীৰে ভৰি পৰিছিল । যেন গাঁতৰ পৰা ওলাই অহা জাকে জাকে পৰুৱাহে। দিনটোৰ পৰিশ্ৰম আৰু গেলা গৰমৰ পাছত দিনটোৰ এই বহু প্রত্যাশিত সময়খিনি যেন কোনােৱেই এৰি দিব নােখােজে।

 আমাৰ আগে আগে এজাক ১৩-১৪ বছৰীয়া ছােৱালী। টিন এজাৰ। বিভিন্ন ৰঙৰ পােছাক পিন্ধি চঞ্চলা হৰিণীৰ খােজত সিহঁত গৈ আছিল। তাৰেই প্রায় প্রত্যেকেই বর্ণালীক চিনি পায়। বাইদেউ বুলি মাতে তাইক। এইকেইদিন বর্ণালীৰ সৈতে দেখি দেখি মােকো চিনি পােৱা হৈছে। খুব সম্ভৱ সিহঁতে আমাৰ সম্পৰ্কটো প্রেম সম্পৰ্কীয় বুলিয়ে ধৰি লৈছে। ক্ষীণ হাঁহি এটা মােৰ ওঁঠত টৌ খেলি গ’ল।

 : চিন্ময়দা, সৌ বাগিচাৰ ৰাস্তাটোৰে যাওঁ ব’লা। এইফালে একদম ভাল লগা নাই। বর্ণালীয়ে প্রস্তাৱ দিলে।

 মােৰাে ভাল লগা নাছিল। অন্ততঃ আজিৰ সন্ধ্যাটো মই বৰ্ণালীক নিবিড়ভাৱে লগ পাব খুজিছিলোঁ। গতিকে মুখ ফুটাই ক’লোঁ- ব’লা, মােৰাে দেখােন ইমান সমাগম ভাল লগা নাই।

 আমি বহুদূৰ আগুৱাই গ’লোঁ-বাগিচাৰ ৰাস্তাটোৰে। ছাইৰঙী আন্ধাৰবােৰ তেতিয়া বাগিচাৰ শিৰীষ গছবােৰত থােপাথােপে ওলমিবলৈ আৰম্ভ কৰিছিল। পাহাৰীয়া নদীত খৰালি ওলাই থকা শিলাখণ্ডৰ দৰে চাহ গছবােৰে আন্ধাৰৰ মাজত মূৰ দাঙি থিয় হৈ আছিল। আৰু আমি শিল দিয়া, ৰঙা ইটাগুড়ি ছটিওৱা সেই ঠেক ৰাস্তাটোৰে প্রায় গাত লগা-লগিকৈয়ে লাহে লাহে খােজকাঢ়ি গৈ আছিলোঁ।

 বর্ণালীয়ে বাৰু একো কোৱা নাই কিয়? নে মােৰ বিচ্ছেদ তাই সহ্য কৰিব পৰা নাই? ওঁহাে, তেনেকুৱাতাে একো হ’ব নালাগে। তাইতাে আজিলৈকে মােক বন্ধুত্বৰ বাহিৰে আন একো সম্বন্ধৰ কথা কোৱা নাই আৰু বন্ধুত্বৰ বিচ্ছেদৰ বাবে...। হ’ব পাৰে। বন্ধুত্বৰ এই অনিবাৰ্য্য বিচ্ছেদে তাইৰ অন্তৰ গধুৰ কৰি তােলাটো একো অস্বাভাৱিক কথা নহয়। কৈ দিওঁ নেকি বর্ণালীক মােৰ ভিতৰত চলি থকা ধুমুহজাকৰ কথা৷ ইমান ফটফটাই থকা ছােৱালীজনীয়ে এনেকুৱা এটা ছিৰিয়াছ কথা বাৰু কেনেকৈ ল’ব? নে মােক গল্প লিখিবলৈ কোৱা সেই প্রেম ভিক্ষাৰী ডেকাকেইটাৰ চৰিত্ৰৰ সতে মােৰ চৰিত্ৰৰ কোনাে পার্থক্য নাই বুলি বুজি মােৰ বন্ধুত্বকো অপমান কৰিব। হয়তাে মােৰ লগতে বাইদেউৰ ওচৰলৈ গৈ হাঁহি হাঁহি ক’ব আজি বাইদেউ কি হ’ল জানে, বাগানৰ ৰাস্তাত চিন্ময়দাই...

 : চিন্ময়দা, কালিলৈ তুমি যাবাগৈ ? হঠাৎ মৌনতা ভংগ কৰি তাই সুধিলে।

 : যাবতো লাগিবই। মই ক’লাে - ১১ তাৰিখে এডমিশ্যন। [ ২২ ]  : তুমি আমাৰ ইয়াত কটোৱা মুহূৰ্তবােৰ বাৰু মনত পেলাবানে ?

 : নিশ্চয় কিয় নেপেলাম। মই তাইৰ হাতত মৃদু চাপ দি ক’লোঁ।

 : আৰু মােক? তাই এজনী সৰু ছােৱালীৰ দৰে সুধিলে।

 : কিয় মনত নেপেলাম ? তােমাৰ দৰে ফ্ৰেণ্ড লাইফত কমেইহে লগ পােৱা যায়। মই ক’লোঁ।

 : কেৱল ফ্রেণ্ড হিচাপে? হঠাৎ তাই ৰৈ গ’ল।

 : অ’ ফ্রেণ্ড হিচাপে। মােৰ মুখৰ পৰা ওলাই গ’ল।

 বর্ণালীয়ে এক মুহূর্ত মােৰ মুখলৈ চাই ৰ’ল। তাৰ পিছত হঠাৎ ঘূৰি ক’লে— উভতি যাওঁ ব’লা আন্ধাৰেই হ’ল।

 আন্ধাৰ কেতিয়াবাই হৈছিল। আমি নিশ্চুপে খােজকাঢ়ি আহি আছিলোঁ। বর্ণালীৰ কথাকে মই ভাবি থাকিলোঁ। তাই বাৰু মােক কিবা ক’ব খুজিছিল নেকি?

 “কেৱল বন্ধু হিচাপে?’’ তাইৰ প্ৰশ্নটো বহু সময় মােৰ মনত চক্রাকাৰে ঘূৰি থাকিল। এই প্রশ্নটোত কিবা এটা ইংগিত আছে নেকি বাৰু ?

 কিন্তু বর্ণালীয়েতাে প্রায়েই এনেকুৱা আজে-বাজে কথা কয়। পাছত হাঁহি হাঁহি কৈ দিয়ে- শ্লিপ অব টাং । তেন্তে এইজনী ছােৱালীৰ এইকণ কথাৰ পৰা তেনেকুৱা কিবা গুৰুত্বপূর্ণ সিদ্ধান্ত ল’ব পাৰিনে?

 : চিন্ময়দা, ঘৰ পালোঁহিয়েই, তুমি মা-দেউতাক মাত এষাৰ লগাই যাবা আহা।বর্ণালীৰ কথাত মই বাস্তৱ জগতলৈ ঘূৰি আহিলোঁ।

পাঁচ

 হােষ্টেলত আজিকালি মােৰ একেবাৰেই মন নবহা হ’ল। মােৰ প্ৰায়েই অনুভৱ হয়, কলেজ কেম্পাছৰ এই অলিগলিবােৰ যেন মকৰাজালৰ একোডালত সূতা আৰু এই সুবেষ্টিত মকৰাজালত বন্দী মই, মােৰ সত্বা। মই যেন এটি অসহায় পতংগ। মােৰ পাখিত মৰা মুখ নির্গত আঠা আৰু মই ছটফটাই থাকোঁ।

 বর্ণালীৰ চিন্তই এইকেইদিন মােৰ মনৰ সৰ্ব আচ্ছন্ন কৰি ৰাখিছে। কেতিয়াবা ভাবোঁ এখন চিঠি লিখি, মােৰ হৃদয়ৰ সকলােবিলাক গােপন বতৰা প্ৰকাশ কৰাই উচিত হ’ব নেকি? অপ্ৰকাশৰ যন্ত্রণা যে ভয়ংকৰ। লগে লগে হাজাৰ সংকোচে মােক তেনে কৰাৰ পৰা বাধা দিয়ে৷ বন্ধুত্বৰ সৰলতাৰ সুযােগ লৈ তেনেকুৱা কিবা এটা কৰিবলৈ গ’লে বর্ণালীয়ে যদি তাই আগতে লগ পােৱা সেইবাজে ল’ৰাবােৰৰে এটা বুলি মােক ভাবে। তেতিয়া মই কি লৈ জীয়াই থাকিম বাৰু? আত্মশ্লাঘা আৰু আত্মপ্ৰৱঞ্চনা ?

 বন্ধুত্বৰ খাতিৰত তাইলৈ এখন চিঠি লিখাত একো বাধা নাই সঁচা। কিন্তু মই জানাে তাইক সঁচা বন্ধুত্ব দিব পাৰিছোঁ। মােৰ বন্ধুত্ব কিমান নিঃস্বার্থ? ইমান নৈতিকস্থলন হােৱাটো মই সহ্য কৰি নােৱাৰিম। ভাবিব পাৰে বর্ণালীয়ে। মােক স্বার্থপৰ আৰু অকৃতজ্ঞ বুলি ভাবিব পাৰে। কিন্তু মােৰ মনে ভণ্ড বন্ধু হ’বলৈ নকয়। তাতােকৈ মই বর্ণালীৰ পৰা আঁতৰি থাকিম। সেয়াই হ’ব বহুগুণে ভাল।

 যুক্তিৰ ট্ৰেংকুইলাইজাৰ খাই আজিকালি মই প্ৰায়েই বাস্তৱৰ পৰা পলায়ন কৰি ফুৰোঁ। মােৰ হুলস্থুলীয়া স্বভাৱৰ হঠাৎ এনে পৰিৱর্তনে হােষ্টেলৰ মােৰ লগৰ ল’ৰাবােৰৰ মাজতাে আলােড়ন সৃষ্টি নকৰাকৈ থকা নাই। হােষ্টেলৰ ’বাইটিং মাষ্টাৰ ওৱান’ বুলি যুগ্মভাৱে খ্যাতি অর্জন কৰা বিপুল আৰু জ্যোতিবিকাশে ইতিমধ্যেই ’বাইটিং’ আৰম্ভ কৰিছেই। এইবাৰ বােলে চিন্ময় শইকীয়াৰ গ্ৰেনাইট পাথৰ গলিল। [ ২৩ ]  মুখত হাঁহি মাতি থাকিলেও আজিকালি এক গভীৰ দুখে মােক ভাৰাক্ৰান্ত কৰি তােলে। সেইদুখৰ উৎপত্তি ক’ত ময়াে সঠিক নাজানাে।

 সিদিনা মই বিছনাতে বহি আছিলোঁ। হােষ্টেল লাইফৰ চিৰদিনৰ সংগী মােৰ বিছনা। পৰীক্ষাতাে চকীত বহি পঢ়াৰ অভ্যাস মােৰ নাই। বিছনাই মােৰ শয়নৰ সংগী, বিছনা মােৰ অধ্যয়নৰাে সংগী।

 দুৱাৰখন ঠেলি অজয় শংকৰ সােমাই আহিছিল। ধহমহকৈ বহি পৰিছিল সি মােৰ বিছনাত। বিছনাৰ একাষে পৰি থকা ’হেমলেট’খন তুলি লৈ মােলৈ চাই সি সুধিছিল- কি অ’ ট্রেজেডি নেকি?

 অজয়ক সাধাৰণতে মই ফাঁকি নিদিওঁ। সি খাৰাংখাচ মানুহ। তেনো মানুহক ফাঁকি দিবলৈ অন্তৰে নকয়৷

 মই মােৰ সমস্ত কথা তাক নিভৃতে কৈছিলোঁ। খুব মনােযােগেৰে সি মােৰ কথা শুনিছিল। তাৰ পিছত সি বহুপৰ মনে মনে আছিল।

 : শংকৰ, একো নক’লি যে? সি একো নমতা দেখি মই সুধিছিলোঁ।

 : শেহত তয়াে প্ৰেমত পৰিলি হােঃ। সি আক্ষেপ কৰি কৈছিল- মই কিন্তু তই এনে হ’বি বুলি মুঠেই ভবা নাছিলোঁ।

 : মানে?

 : ছােৱালীসুৰীয়া মানুহবােৰহে প্ৰেমত পৰে বুজিছ। সি কৈছিল-ক’চোন প্রেমডাল লৈ তই কি বিশ্ব বিজয় কৰিবিগৈ? ইউ জাষ্ট কমপ্লিট ইয়ৰ ডিগ্রী এণ্ড দেটছ অল, দেটছ অল ইয়ৰ বিজনেছ। তাৰ পিছত চাকৰি পালে চাকৰি নহ’লে বিজনেছ। তাৰ পিছত সংসাৰ। বছ্।

 মইএকো নমতা দেখি সি পুনৰাই কৈছিল- প্রেম কৰা মানুহবােৰ যুক্তিহীন হয় বুজিছ, ইম’ছনেল হয় আৰু এই ইম’ছনটো একদম ফাল্টু বস্তু। দা ৱর্ল্ড নাউ ইজ ৰানিং উইথ মানি, নট উইথ ইয়ৰ ইম’ছন।

 মই অজয়ক একো কোৱাৰ প্রয়ােজনবােধ নকৰিলোঁ। সি আকৌ কৈছিল- ইট ছিমছ ইউ আৰ নাউ ছিভিয়াৰলি এফেক্টেড বাই দা ডেভিল। আই উইছ ইউ উইল বি কিউৰড্ ফাষ্ট। মই তােৰ আশু আৰােগ্য কামনা কৰোঁ। কথাকেইটা কৈ সি ধুমুহাৰ দৰে মােৰ ৰূমৰ পৰা ওলাই গ’ল।

 নিশাৰ ভাতসাঁজ কোনােমতে নাকে-মুখে গুজি মই সিদিনা বিছনাত পৰিছিলোঁ। বিনিদ্র ৰজনীৰ প্রতিটো মুহূর্ত মই নিজৰ স’তে যুদ্ধ কৰিলোঁ। অজয়ে সন্ধিয়া কৈ যােৱা কথাবােৰ মােৰ কাণত তেতিয়াও বাজি আছিল। ইউ জাষ্ট কমপ্লিট ইয়ৰ ডিগ্রী এণ্ড দেটছ অল। কিন্তু অধ্যয়নেই জানাে শেষ কথা ? মানুহক প্রেম আৰু মমতাৰ এই মানৱীয় মূল্যবােধবােৰৰ জানাে কোনাে প্রয়ােজন নাই?

 প্রয়ােজন নিশ্চয় আছে। মই নিজকে নিজে প্রবােধ দিয়াৰ চেষ্টা কৰোঁ। কিন্তু মােকতাে কোনেও প্রেম নিবেদন কৰা নাই। মানৱ প্রেম? মানৱ প্ৰেমৰ দুৱাৰ মােৰ বাবেতাে খােলা আছে। মই তেন্তে মানুহৰ সেৱা কৰিবলৈ নলওঁ কিয় ?

 মই নিজৰ সৈতে যুক্তিতর্ক কৰি নিজেই ভাগৰি পৰোঁ। কোনাে উত্তৰবিহীন, সমাধানবিহীন এই যুদ্ধ সেয়াও মই জানাে।

 ‘কেৱল বন্ধু হিচাপেহে মনত ৰাখিবা?

 বর্ণালীয়ে শেষৰ দিনা কৰা এই প্রশ্নটোৰ মােৰ মনত পাকঘূৰণিৰ দৰে ঘূৰি থাকে। আকৌ আৰম্ভ হয় প্রবেবিলিটিৰ বহু যােগাত্মক আৰু বিয়ােগাত্মক প্রশ্ন। [ ২৪ ]  যদি বর্ণালীয়ে মােৰ অনুভূতিৰ তীব্রতা আৰু সততা উপলব্ধি কৰিব নােৱাৰে? যদি বর্ণালীয়ে মােৰ প্রেমপত্র হাঁহি হাঁহি গৈ বাইদেউৰ হাতত তুলি দিয়েগৈ ?

 নাই! মই কোনােপধ্যেই সেই কাম কৰিব নােৱাৰোঁ। মােৰ বাবে, মােৰ চিৰ পুজিতা মৰমী বাইদেউৰ সন্মানত অকণমান আঁচোৰ লগাটোও মই সহ্য কৰিব নােৱাৰিম। লাগিলে তাৰ বাবে মই যিমানেই মূল্য দিব লগা নহওক কিয়।

 সিদ্ধান্তত মই উপনীত হ’লোঁ। ঘড়ীটোলৈ চালোঁ। ফ্লৰ’চেন্ট ডায়েলত তেতিয়া নিশা তিনিবজাৰ সংকেত। এটা দীঘলীয়া উশাহ ল’লোঁ! অজয়ৰ শেষ বাক্যটো মনত পৰিল। ’মই তােৰ আশু আৰােগ্য কামনা কৰোঁ...’ আন্ধাৰতে মই এবাৰ নিশব্দে হাঁহি উঠিলোঁ। দিনটোৰ সমস্ত ভাগৰবােৰ তেতিয়াহে যেন মােৰ চকুৰ পতালৈ নামি আহিল।

 ক্লাছ কৰি আছে। নিত্য নৈমিত্তিক ৰুটিন৷ আঠবজাৰ পৰা চাৰে বাৰ বজালৈ পুৱা বেলাৰ ক্লাছ, তাৰ পিছত আকৌ দুইবজাৰ পৰা চাৰিবজালৈ, কেতিয়াবা পাঁচ বজালৈ ভাটিবেলাৰ ক্লাছ। মাজতে দহবজাৰ পৰা চাৰে দহ বজালৈ কেন্টিন আৰু নিতুলৰ দোকানত চাহ-তামােলৰ আড্ডা, ৰাতি বাৰ বজাত বিছনা, পুৱা চাৰে সাত বজাত ব্রেকফাষ্ট।

 শিৱাশীষৰ লগত আবেলি দত্ত ছাৰৰ ঘৰলৈ ওলাই গ’লোঁ। ছাৰ আৰু বাইদেউৰ সৈতে আধাঘণ্টা সময় ইটো সিটো কথা পাতি কটালোঁ। ছাৰৰ ছােৱালীজনী প্রিয়ম বৰ মৰমলগা। তাইক জোকাই জোকাই অতিষ্ঠ কৰি এটা সময়ত আমি বিদায় ল’লোঁ৷

 শিৱাশীষে এইকেইদিন মােৰ লগত খুউব লাগি আছে। তাক বােলে মােৰ প্ৰেমৰ প্রেজেন্ট কণ্ডিচনটো জনাব লাগে। মই তাক কৈছোঁ যাৰ ‘পাষ্ট’ বুলিয়েই একো নাই, তাৰ আকৌ ‘প্রেজেন্ট কণ্ডিচন’ বুলি কিবা বস্তু থাকে নেকি?

 বহুদিন বাইদেউৰ পৰাও চিঠি পােৱা নাই। হােষ্টেললৈ অহাৰ পিছতেই মই মােৰ কুশলবার্তা জনাই তাইলৈ এখন চিঠি দিছিলোঁ। তাৰ পিছত আৰু নাই। তিনিমাহেই হ’ল কিজানি। যােৱাবাৰৰ পূজাৰ বন্ধতাে তাইৰ ওচৰলৈ যােৱা নহ’ল।

 দুপৰীয়াৰ ভাত সাঁজ খাই টোপনি অনাৰ চেষ্টা কৰি আছিলোঁ। আজি শনিবাৰ। আবেলিৰ ক্লাছৰ লেঠা নাই। গতিকে তিনিমান বজালৈ শুই চাৰি বজাৰ ফাৰ্ষ্ট শ্ব’ চিনেমা চোৱাৰ মতলব। পাভৈ টকীজত ‘অগ্নিসাক্ষী’ দিছে হেনাে। মানুহ বেছি হ’ব বুলি মােৰ ৰূমমেটে এডভান্স টিকেট কাটি আনিছেই। তাৰ অনুগ্রহতেই আজিৰ দৰ্শনীটো৷

 : চিন্ময়দা, আপােনাৰ চিঠি। ৰূমৰ দুৱাৰ ঠেলি জেহিদুল সােমাই আহিল। সি মােৰ সন্মুখৰ ৰূমটোতে থাকে।

 : দুটকা এটা দিয়ক। জেহিদুলৰ ব্লেকমেইলিং।

 : ঘৰৰ চিঠি। চিঠিখনলৈ কেৰাহিকৈ চাই গুৰুত্ব নিদিয়া যেন দেখুৱাই ক’লোঁ- টেবুলতে থৈ যা।

 : মােক ইমান বুৰ্বক পাইছে। ঘৰৰ পৰা কোনােবাই এনেকুৱা ফুল তৰা আঁকা খামত চিঠি দিয়ে? এইবাৰ সি মােৰ বিছনাতে বহিল। ক’লে দুটকা এটা নিদিলে কিন্তু চিঠি দিয়া নহয়।

 ঘৰৰ যে চিঠি নহয়, সেয়া ময়াে বুজিছে। ইমান ধুনীয়া খামত আজিলৈকে মােৰ চিঠি অহা নাই৷ তথাপি বেছি উছাস দেখুৱালে জেহিদুলৰ ডিমাণ্ড বাঢ়ি যাব। সেইবাবে মই তাৰ ফালে পিঠি দি শুই পৰিলোঁ আৰু [ ২৫ ] অস্ফুটস্বৰে ক’লোঁ- টোপনি ধৰিছে, ডিষ্টার্ব নকৰিবি।

 নিৰূপায় জেহিদুল ৰূমৰ পৰা ওলাই গ'ল। মই টেবুললৈ চালোঁ। হয়, সি চিঠিখন তাতেই থৈ গৈছে। মই জাপ মাৰি গৈ দুৱাৰখনৰ হুকটো লগাই দিলোঁ।

 খুউব সুন্দৰ আখৰেৰে ধুনীয়া এনভেলপটোত মােৰ নাম ঠিকানা লিখা আছে। খামটো লুটিয়াই চালোঁ। প্রেৰকৰ নামৰ ঠাইত লিখা আছে ‘Guess it'! অনুমান কৰিবলৈ ধৈৰ্য্য আৰু সময় দুয়ােটাই মােৰ অভাৱ আছিল। সেয়ে খামটো ফালি চিঠিখন মই উলিয়াই ললোঁ।

 ভাবিছিলোঁ চিন্ময়দা, তােমালৈ মই কেতিয়াও চিঠি নিলিখিম। কিন্তু আজি হঠাৎ লিখিব লগা হ’ল। তাৰ বাবে মােক ক্ষমা কৰি দিবা। কোনাে কুশলবার্তা বিনিময়ৰ বাক্য নােহােৱাকৈ শ্লেষ আৰু অভিমান ভৰা বাক্যকেইটা পঢ়ি মই আচৰিতেই হ’লোঁ। খৰখেদাকৈ চিঠিখনৰ শেষৰ নামটো চালোঁ। ’বন’। সেইটো বৰ্ণালীৰ ঘৰত মতা নাম। কিবা এক অনামী উত্তেজনা আৰু আনন্দই মোৰ সৰ্বশৰীৰ ৰােমাঞ্চিত কৰি তুলিলে। মই চিঠিখন খৰখেদাকৈ পঢ়িবলৈ ল’লোঁ।

 জীৱনত বহুকেইতাে লগ পালোঁ, ক’তা আজিলৈকেতাে কাৰাে প্রতি এনেকৈ হৃদয়ৰ টান অনুভৱ কৰা নাছিলোঁ.... অথচ তােমাক লগ পােৱাৰ পাছৰে পৰা মােৰ হৃদয়ৰ যেন এখন বন্ধ কপাট মুকলি হৈ গ’ল আৰু তুমি যােৱাৰ পাছত সেই ঠাইত ওলমি ৰ’ল মাথোঁ অসহ্যকৰ শূন্যতা...’ তাই আৰু লিখিছে.. “তুমি ছাগে মােৰ চিঠি পাই আমনিয়েই পাইছা, তুমিতাে মােক কোনােদিনেই বিচৰা নাছিলা.. ইয়াৰ পৰা তুমি গুচি যােৱাৰ পাছত তােমাৰ এখন চিঠি পাম বুলি খুউব আশা কৰি আছিলোঁ, ভাবিছিলোঁ সেই গােলাপী খামে বহন কৰি আনিব মােৰ জীৱনৰ বতৰা...’ ’মই প্ৰায়েই ভুল কৰোঁ। তােমাৰ এখন হৃদয় আছে বুলি ভবা মােৰ ধাৰণা নিশ্চয় ভ্রান্ত আছিল। নহ’লেনাে ইমান দিনে তুমি মােলৈ এটা মুহূর্তৰ বাবেও মনত নেপেলালাহেঁতেন নে?’ চিঠিখন পঢ়ি যাওঁতে এক সুতীব্র অপৰাধবােধে মােক বিষন্ন কৰি তুলিলে। পঢ়ি গ’লোঁ... তােমাক হয়তাে জীৱনত আকৌ লগ নাপাম। দেউতাৰ মুম্বাইলৈ ট্রেন্সফাৰ হৈছে। এই চিঠিখন তােমাৰ কাষ পায়গৈ মানে আমি চাগৈ মুম্বাই পামগৈ। এবাৰ ভাবিছিলোঁ, যােৱাৰ আগতে তােমাক এবাৰ লগ পাই যাম। কিন্তু এক অভিমানবােধে মােক বাধা দিলে। তুমিতাে মােক এই সুদীর্ঘ তিনিমাহে এবাৰাে মনত পেলােৱাৰ প্রয়ােজনীয়তা উপলব্ধি নকৰিলা। তেন্তে তােমাক আমনি কৰাৰ ধৃষ্টতা কৰা জানাে উচিত হ’ব...?' বাক্যবােৰ যেন শব্দৰ সমষ্টি নহয়, তীক্ষ্ণ তৰােৱাল। মােৰ মানসিক অৱস্থা তেতিয়া অবর্ণনীয়।

 তাই আৰু লিখিছে-‘তােমাৰ লগৰ ল’ৰাবােৰে যে তােমাৰ হৃদয়ত গ্রেনাইট পাথৰ থকা বুলি কয়, কথাটো চাগে সিমান মিছা নহয়। কেতিয়াবা তােমাৰ গ্রেনাইট পাথৰ গলিলে মােৰ কথা মনত পেলাবা...'

 ‘বিঃ দ্রঃ মুম্বাইৰ ঠিকনাটো তােমাক এতিয়াই দিব নােৱাৰিম, এমাহমানৰ পাছত চাগৈ বাইদেউৰ ওচৰত পাবা। প্রয়ােজন হলে সংগ্রহ কৰি ল’বা..

 চিঠিখন পঢ়ি বহুপৰ শিলপৰা কপৌৰ দৰে ৰৈ থাকিলোঁ। চিঠিখনে যেন মােৰ সমগ্র সত্তাক সৌকাৰে কোবাই থৈ গ’ল।

 : টক্ টক্ টক্... দুৱাৰত কাৰােবাৰ অধৈৰ্য্য টোকৰ। চিঠিখন একেজাঁপে বাৰ্ড্ৰবত থৈ মই দুৱাৰখন খুলি দিলোঁ।

 অহ ৰূমমেট! মই যেন সকাহ পালোঁ। তাৰ পিছত সহজ হ’বলৈ চেষ্টা কৰি ক’লোঁ- দুৱাৰখন লক্ কৰি দিওঁনে? [ ২৬ ]  : অ কৰি দিয়ক। এতিয়া শুব লাগে। কৈয়েই ৰূমমেটে বিছনা পাৰিবলৈ লাগিল।

 ৰূমমেটে টোপনিত সপােন দেখা আৰম্ভ কৰি দিছে। মইবর্ণালীৰ চিঠিখন বুকুত লৈ ছটফটাই আছোঁ।তীব্র মানসিক দংশনে মােক থকাসৰকা কৰিছে। বর্ণালীৰ ওচৰত মই বৰ সৰু হৈ গ’লোঁ। বর্ণালীয়ে জানাে বিশ্বাস কৰিব তাইৰ প্রতি মােৰ কেনে এক সুকোমল অনুভৱ আছিল। অথচ অপ্রকাশৰ বেদনাই আমাৰ সন্মুখত থিয় কৰিলে এক অন্ধকাৰ প্ৰাচীৰ।

 বর্ণালীয়ে চাগৈ মােক স্বার্থপৰ বুলি ভাবিছে। দহ দিনীয়া সেইবন্ধটো কটাবৰ বাবেই মােক তাইৰ সংগৰ প্রয়ােজন আছিল আৰু তাৰ পিছত মই তাইৰ স্মৃতি মােহাৰি পেলালোঁ মানসপটৰ পৰা। মই যে অকৃতজ্ঞ।

 ৰূমমেটে তিনিবজাত জগাই দিবলৈ কৈছে। চাহ কাপ খাই তেতিয়া সি চিনেমালৈ যাব পাৰিব। হােষ্টেল কৰিড’ৰত ইতিমধ্যেই চঞ্চল খােজৰ আৰম্ভণি হৈছেই। সুহুৰিয়াই সুহুৰিয়াই লহকৰ ব্যস্ততাৰে ডাইনিং হললৈ গৈ আছে বােধহয়। খােজৰ শব্দৰ পৰা অনুমান কৰিলোঁ।

 ঘড়ীটোলৈ চালোঁ। তিনি বাজিবলৈ দহ মিনিট বাকী। মই ৰূমমেটক জগাই দিলোঁ।

 ৰূমমেট, তই মােৰ টিকটটো জেহিদুলকে দি দিবি।

 : কিয় ? আপুনি নাযায় ? প্ৰণৱজ্যোতিয়ে মূৰ আঁচুৰি থকাৰ পৰাই আচৰিত হৈ সুধিলে।

 : কাইলৈ চাম দে। মই ক’লো- আজি গাটো কিবা দুর্বল লাগি আছে।

ৰূমমেটে কি ভাবিলে বুজা নগ’ল। সি পুনৰাই একো নকৈ মােৰ পৰা টিকটটো লৈ ওলাই গ’ল।

 মােক আচলতে এতিয়া এক নির্জন সময়ৰ প্রয়ােজন। হােষ্টেলৰ প্ৰায়বােৰ ল’ৰাই আজি চিনেমা চাবলৈ যাব। যি দুই এটা থাকিব, সিহঁতেও বিছনাতে লিপিত খাই পৰি থাকি। আঃ কেনে লােভনীয় এই নির্জন মুহূর্ত।

 জেহিদুলে আহি মােক এসােপামান “থেংকইউ’ দিগ’ল। চিনেমাৰ টিকট নাপাই তাৰ মনটো মৰি আছিল। এতিয়া মােৰ টিকটটো পাই তাৰ বিৰাট স্ফুর্তি।

 হৈ হল্লা কৰিয়েই ল’ৰাবােৰ চিনেমালৈ ওলাই গ’ল।

 এতিয়া এই বিশাল হােষ্টেলৰ দুর্লভ নির্জনতাত মই, মােৰ সতে অকলে। লগত বর্ণালীৰ অভিমান ভৰা চিঠি। একো একোটা বাক্য যেন এক শাণিত তৰােৱাল। মােৰ বিধ্বস্ত হৃদয়।

 লাহে লাহে মই বেলকনিলৈ ওলাই আহিলোঁ। কলেজ কেম্পাছৰ অলিগলিবােৰ মােৰ দুমহলীয়া কোঠাৰ পৰা অসম্ভৱ ধৰণে সুন্দৰ দেখা গ’ল। পৃথিৱীখন বাৰু সঁচাইইমান ধুনীয়া নেকি?

 হােষ্টেলৰ এই বিশালতাই, এই পৃথিৱীৰ সেউজ, বিস্তীর্ণ ভূমিৰ ব্যাপকতাই মােৰ মনটোও যেন বিশাল কৰি তুলিছে। মােৰ প্রেম, মােৰ ভালপােৱা যেন মােৰ দেহৰ উৰ্ধত আৰােহণ কৰিবলৈ আৰম্ভ কৰিছে।

 বর্ণালীৰ চিঠিখন আলফুলে বুকুত হেঁচি ধৰিলোঁ। এয়া যেন হেমচন্দ্র গােস্বামীৰ ’প্রিয়তমাৰ চিঠি’। ’য’ত শুঙো, চুমা খাওঁ নেলাগে আমনি...’

 মই লাহে লাহে বাওঁহাতখনেৰে মােৰ বুকুখন খেপিয়াই চালোঁ। হৃদয়ৰ গ্ৰেনাইট পাথৰবােৰ গলিবলৈ আৰম্ভ কৰিছে নেকি বাৰু... |

 [ৰচনা কাল — ডিচেম্বৰ ১৯৯৬] [ ২৭ ]
 

মৃত্যু উপত্যকা

এক

 হাড় কঁপােৱা শীতত ঠক্ ঠক্‌কৈ কপি উঠিছে ঋষিত। জেকেটটোৰে দেহটো ভালকৈ ঢাকি লৈ সি বৰফত খুপি খুপি আগবাঢ়িল। ভীষণ তুষাৰপাত হৈছে। তাৰ দেহৰক্ষী কেইজনে জ্বলাই নিয়া শক্তিশালী টৰ্চৰ পােহৰো বেছি দূৰ আগবাঢ়িবলৈ সমৰ্থ হােৱা নাই। সৰ্বাংগ আবৃত ঋষিতৰ শৰীৰৰ কাপােৰৰ ওপৰত বৰফৰ কণাবােৰ জমা হৈ এক শুভ্ৰ আৱৰণ জাপি দিছে। ঋষিতৰ পৰিদৰ্শনকাৰী দলটো আগুৱাই গৈ এটা পহৰাদাৰী পষ্ট পালে। কর্তব্যৰত জোৱান দুজনে স্মার্ট ভংগীত ঋষিতক ছেলুট কৰিলে।

 ভাৰত-পাকিস্তান সীমান্তৰ সর্বোচ্চ চকী চিয়াচেন গ্লেচিয়াৰ। এই চিয়াচেনতে এতিয়া ঋষিতৰ চাকৰি। ইচ্ছা কৰিয়েই সি এই বৰফৰ ৰাজ্যখন নিজৰ কর্মক্ষেত্র হিচাপে বাছি লৈছে। সি তেনেকৈ স্ব ইচ্ছাৰে ইয়ালৈ আহিবলৈ লওঁতে লগৰ আৰু ছিনিয়ৰ বহু অফিচাৰেই আচৰিত হৈছিল। চিয়াচেনৰ জীৱন তুমুল সংঘর্ষপূর্ণ। অথচ কি আগ্ৰহেৰে ঋষিতে এই সন্যাস বাছি লৈছে।

 চিয়াচেনৰ পহৰাচকীৰ বাবে ভাৰত চৰকাৰে প্রতিদিনে কোটি কোটি টকা খৰচ কৰিবলগা হয়। পৃথিৱীৰ পহৰাচকীৰ ভিতৰত চিয়াচেনেই সর্বোচ্চ উচ্চতাত অৱস্থিত। স্বাভাৱিকভাৱেই ইয়াত অতিপাত শীতৰ বিৰুদ্ধে সংগ্রাম কৰিব পৰাকৈ জোৱানসকলক অত্যাধুনিক সাজ-সজ্জাৰে সজ্জিত কৰি তুলিবলগা হয়। গ্লোভছ, জোতা, জেকেট, টুপী আদি গৰম কাপােৰবােৰ অষ্ট্রেলিয়াৰ পৰা বিশেষভাৱে আমদানি কৰি অনা হয়। পানী ইয়াত জুলীয়া অৱস্থাত নাথাকেই। গতিকে খােৱা, গা ধােৱা আদিৰ বাবে বিশেষ ব্যৱস্থা কৰা হয়। খাদ্য বস্তু বাহিৰৰ পৰা যােগান ধৰা হয়। প্রৱল শীতৰ উপৰিও প্রায়ে আহে বৰফৰ ধুমুহা। শত্ৰুৰ প্রত্যাহ্বানৰ কথাতাে আছেই। মুঠতে ই আটাইতকৈ বেছি বিপদসংকুল আৰু স্পর্শকাতৰ চকী।

 স্বেচ্ছাই সি বাছি লৈছে এই কষ্টকৰ অথচ ৰােমাঞ্চকৰ জীৱন। সৰুৰে পৰা সি আছিল এডভেন্সাৰ প্রিয়। পঢ়া-শুনাতাে বেছ ভাল আছিল সি। দুঃসাহসিক কিবা এটা কৰি সদায় ভালপােৱা ঋষিতে সেয়ে চহৰৰ মাউন্টেইনিয়াৰিং ক্লাবটোত নামভৰ্ত্তি কৰি লৈছিল। মেট্রিক পৰীক্ষা দিয়েই সি ক্লাবটোৰ অজয়, অসীম আৰু বিবেকদাহঁতৰ লগত অৰুণাচলত পাহাৰ বগাবলৈ গৈছিল। হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষা দিয়াৰ পাছত সি আকৌ গৈছিল। এইবাৰ নেপালৰ কাঞ্চনজংঘালৈ। মাউন্টেইনিয়াৰিং ক্লাবৰ ছেক্রেটাৰী ৰহমান খুড়াৰ ছােৱালী আছিল এৰিষা। ক্লাবৰ ইটো-সিটো কামত কেতিয়াবা ৰহমান খুড়াৰ ঘৰলৈ যাওতে [ ২৮ ] যাওতে ঋষিতৰ এৰিষাৰ লগত বন্ধুত্ব হৈছিলগৈ। তাই তাতকৈ তিনি বছৰ জুনিয়ৰ আছিল। তাই চহৰৰে ছােৱালী স্কুলখনৰ ছাত্ৰী আছিল। সেইখন স্কুলতে আকৗ ঋষিতৰ মাকে চাকৰি কৰিছিল। তাইৰ আৰু ঋষিতৰ বন্ধুত্ব গঢ়ি উঠাত সেই কথাটোৱেও কিছু সহায় কৰিছিল।

 এৰিষাৰ মাকৰ সৰুতেই মৃত্যু হৈছিল। ঘৰখনত ৰহমান খুড়া আৰু এৰিষাৰ বাদে তৃতীয়টি প্রাণী বুলিবলৈ কাম কৰা মানুহ এজনী থাকিছিল। সৰুৰে পৰা সংগবিহীনভাৱে কটোৱা বাবেই চাগৈ এৰিষাৰ মনটো ভয় আৰু আতংকৰে ভৰা আছিল। ৰহমান খুড়াৰ এডভেন্সাৰাছ কামবােৰ তাই সমূলি ভাল পােৱা নাছিল। তাই প্রায়েই কৈছিল পাহাৰ বগােৱাটো হেনাে কাম নােহােৱা মানুহৰ কাম। ঋষিতৰ সৈতে বন্ধুত্ব গঢ়ি উঠাৰ পাছত এদিন তাই কৈছিল— এই ঋষিদা, কথা এটা কওঁ শুনিবা।

 : শুনিব পৰা হ’লে শুনিম বাৰু। সি কৈছিল, চকলেট-টকলেট লাগে নেকি আক’! মােৰ হ’লে পইচা নাই দেই।

 : ইঃ যােৱা । সদায় ধেমালি কৰি থাকা। তাই মুখ ওফোন্দাইছিল।

 নকৰোঁ বাৰু! –ঋষিতে গম্ভীৰ হৈ কৈছিল — কোৱাচোন বাৰু।

 : আগতে কোৱা শুনিবা বুলি।

 : ক’লোঁৱেই দেখােন পৰা হ’লে শুনিম বুলি।

 পাৰিবাই নহয়। তুমি নােৱাৰা কথানাে মই ক’ম কেলেই। তাই লাগি আছিল।

 : এহ। শুনিম দিয়া! নভবা নিচিন্তাকৈ কৈ দিছিল ঋষিতে। এইজনীয়েনাে কি ক’ব আৰু খুউব বেছি ভিডিঅ’ বা অডিঅ’ চিডি দুটামান দুদিনমানৰ বাবে খুজিব। ঘৰতেই আছে। দি দিব সি। মনতে ভাবিলে ঋষিতে।

 : শুনিবা ? প্রমিজ? কোৱা৷ এৰিষাৰ দুচকু উজ্জ্বলি উঠিছিল।

 : প্রমিজ। ঋষিতে কৈছিল।

 : কোৱা, তুমি এই ক্লাবটো এৰি দিবা ?

 : কি! ——ঋষিত আচৰিত হৈছিল।⸻

 ক্লাবটো আক’ কিয় এৰিব লাগে। কথাটো তােমাক তােমাৰ দেউতাই ক’বলৈ কৈছে নেকি।⸺ এক মুহূর্ত ভাবি সি উত্তৰ দিছিল।

 : দেউতাই আক’ কিয় ক’ব? তাই কৈছিল।⸺ চোৱা ঋষিতদা, কথাটো ময়েই কৈছোঁ। তুমি এই পাহাৰ-চাহাৰ বগাই জীৱনটো বাজী লগােৱা কামটো মই ভাল নাপাওঁ। গতিকে কৈছোঁ এইবােৰ এৰি দিয়া। মােৰ ভয় লাগে।

 : ধেৎ৷ —ঢেকঢেকাই হাঁহি দিছিল ঋষিতে।⸻ মই পাহাৰ বগাওঁ৷ তােমাৰ ভয় লাগে। কথাবােৰ কৈ কৈ পুনৰ হাঁহিছিল ঋষিতে। ঋষিতে তাইৰ কথাত তেনেকৈ হাঁহি থকাত এৰিষাৰ খং উঠি গৈছিল। তাই অলপ অপমানবােধ কৰিছিল। তেনেতে ক’ৰবাৰ পৰা ৰহমান খুড়া আহি ওলােৱাত এৰিষা ভিতৰলৈ গুচি গৈছিল। ঋষিতে ৰহমান খুড়াৰ আগত এৰিষাই কোৱা কথাকেইটা কৈ কৈ আক’ পাৰে মানে হাঁহিছিল। তাৰ কথা শুনি ৰহমান খুড়াই মিচিকিয়াই কৈছিল— তাই এনেকুৱাই। মােকো এইবােৰ কৰা কাৰণে খুউব বেয়া পাই নহয়। এতিয়া মােক বলে নােৱাৰি তােমাৰ পিছত লাগিছে।

 ইয়াৰ পিছত ঋষিত সিহঁতৰ ঘৰলৈ যাওঁতে এৰিষাই ওলাই আহি তাক নামাতিলে। ঋষিতে কাম কৰা। [ ২৯ ] মানুহজনীক তাইৰ কথা সােধাত অসুখ বুলি ক’লে। ঋষিতে তাইৰ অসুখৰ খবৰ ল’বলৈ ওলাইছিল, কাম কৰা মানুহজনীয়ে ক’লে যে তাই এতিয়া শুইছে। গতিকে আমনি নকৰাই ভাল। ঋষিতে আৰু একো নক’লে৷

 কাইলৈ চাব্বিছ জানুৱাৰী। গণৰাজ্য দিৱস। চিয়াচেনতাে উদ্ যাপন কৰা হ’ব। তলতীয়া অফিচাৰসকলক প্রয়ােজনীয় নির্দেশ দি ঋষিতে পতাকা উত্তোলনৰ ঠাইখিনি পৰিদৰ্শন কৰিলে। এজন বিষয়াক সি গণৰাজ্য দিৱস উদ্ যাপন ব্যৱস্থাপনাৰ ইনচার্জ পাতি দিছে। তেওঁৰ পৰা প্রয়ােজনীয় তথ্যখিনি লৈ সি পুনৰ কেম্পলৈ খােজ ল’লে। হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষাৰ পিছতে ঋষিতে ততাতৈয়াকৈ কাঞ্চনজংঘা বগাবলৈ গুচি গৈছিল। তাৰ পিছত আহি নেচনেল ডিফেন্স একাডেমীৰ প্ৰৱেশ পৰীক্ষাত বহিল। নেচনেল ডিফেন্স একাডেমীত ছিট পােৱাটো তাৰ এটা ডাঙৰ সপােন। একাডেমীত ছিট পালে সি তাৰ এডভেন্সাৰ প্রিয় মনটোক প্রকৃত বাট দিব পাৰিব। এন. ডি. এ ৰ এন্ট্ৰেন্স পৰীক্ষা দিয়েই সি পেহী, মাহী, মামা আদিৰ ঘৰত ফুৰিবলৈ ওলাই গৈছিল। মাকহঁতেই পঠাইছিল তাক। হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত সি যদি বাহিৰত পঢ়িবলৈ যায় সম্বন্ধীয় মানুহবােৰৰ ঘৰত ফুৰিবলৈ সময় নাপাব আৰু এনেকৈ আহ-যাহ নকৰোঁতে নকৰোঁতে আত্মীয়ৰ ল’ৰা-ছােৱালীয়ে এসময়ত ইটোৱে সিটোক নিচিনা হ’বগৈ।

 ঋষিতৰ ফুৰিবলৈ পাই ভালেই লাগিছিল। পৰীক্ষাৰ ৰিজাল্টৰ সময়ো চমু চাপি আহিছিল। এনেকুৱা টেনচনৰ সময়ত ঘৰত থাকি মনটো থৌকি-বাথৌ লাগি থকাতকৈ ঘূৰি ফুৰি ব্যস্ত থকাই ভাল। মামাকহঁতৰ ঘৰত থাকোতেই তাৰ পৰীক্ষাৰ ৰিজাল্ট ওলাইছিল। মামাকহঁতক ৰােল নম্বৰটো সি দিয়া নাছিল। মনে মনে গৈ চাই আহিছিল সি ৰিজাল্টটো। উভতি আহােতে অৱশ্যে সি স্কুটাৰৰ ডিকি ভৰাই মিঠাইৰ টোপােলা আনিবলৈ পাহৰা নাছিল। ফিজিক্স, কেমিষ্ট্রি আৰু মেথমেটিকছত লেটাৰ পাই পাছ কৰিছিল সি। মামাকৰ ঘৰতে এটা পার্টি হৈছিল। মাকহঁতে তাক ফোন কৰি ঘৰলৈ মাতিছিল। ঘৰলৈ হেনাে মানুহে তাৰ পৰীক্ষাৰ খবৰ কৰিবলৈ আহি আছে অথচ পৰীক্ষার্থী গৈ মামাকৰ ঘৰত ফস্তি মাৰি আছে। মাকৰ কথাত মামাকে তাক ঘৰলৈ পঠাই দিছিল।

 : ঐ চোৰ, কলৈ পলাইছিলি? ৰিক্সাৰ পৰা ঘৰৰ গেটৰ সন্মুখত নামিবলৈ লওঁতেই তাৰ লগৰ অমিতাভে বাইকখন তাৰ সন্মুখত ৰাখিছিলহি সি আৰ্টছৰ পৰীক্ষা দিছে। দাদাকে কিনা নতুন বাইকখন লৈ সি ‘চাল’ দি ফুৰিছে।

 : তােক কেলেই!– ঋষিতে ৰিক্সাৰ পৰা নামি কৈছিল— ব’ল, বহিবি।

 : নাই দোস্ত, নবহোঁ। — অমিতাভে বাইকৰ এক্সিলেটৰডাল এনেয়ে পকাই তাৰ বীৰত্ব ঘােষণা কৰি কৈছিল— সেই বাটতে আমাৰ পিয়নজনক পালোঁ। তােৰ নামত ৰেজিষ্টার্ড লেটাৰ এখন আছিল। ময়েই চহী কৰি লৈ ল’লোঁ। এইখন ল। চিঠিখন দিয়েই অমিতাভ বিজুলী গতিৰে আঁতৰি গৈছিল। ঋষিতে খামটোৰ ওপৰত চকু ফুৰাইছিল তাৰ বুকুৰ উশাহ যেন বন্ধ হৈ গৈছিল— চিঠিখন আহিছে এন. ডি. এ.ৰ পৰা।

 গেটতে বেগটো পেলাই সি খামটো খুলিছিল খামৰ ভিতৰত এখন চিঠি আৰু এখন মার্কশ্বিট আছিল। সি এন ডি এত ছিট পাইছে। দহটা দিনৰ ভিতৰতে পুনেৰ খাডাক ভাচলাত অৱস্থিত একাডেমী কেম্পাছত ৰিপ’ৰ্ট কৰিব লাগে।

 : মা! বেগটো গেটত তেনেকৈয় এৰি থৈ সি বাৰাণ্ডাত উঠিছিলগৈ। কলিং বেলত একেৰাহে হেঁচি [ ৩০ ] ধৰিছিল সি।

 : কোন অ’?- ভিতৰৰ পৰা দেউতাকে বিৰক্তিৰে দুৱাৰ খুলি দিছিল। সন্মুখত ঋষিতক দেখি সুধিছিল—তই! এনেকৈ কলিং বেল বজাইছ কিয় ?

 একো নকৈ ঋষিতে দেউতাকক খামটো দিছিল। তাৰ পিছত সি পাকঘৰত কিবা কৰি থকা মাকৰ ওচৰ পাইছিলগৈ।

 : এই এৰ ৷ এৰ। কান্ধত ওলমি পৰা ঋষিতক নমাবলৈ চেষ্টা কৰি মাক পাকঘৰৰ পৰা ওলাই আহিছিল। তাৰ পিছত দেউতাকক চিঞৰিছিল-- দেখিছানে বাৰু ঋষিতলৈ, মােৰ ডিঙি ভাঙিব এতিয়া।

 দেউতাকে হাঁহি হাঁহি ভিতৰলৈ সােমাই আহি কৈছিল— নাভাঙে আৰু দিয়া। তােমাৰ ল’ৰা আৰু ঘৰত দহ দিনহে থাকিব। তাৰ পিছত আৰ্মিৰ ডাঙৰ অফিচাৰ।

 : কি?

 মাকে আঁকৰীৰ দৰে এবাৰ দেউতাকলৈ আৰু এবাৰ ঋষিতলৈ চাইছিল।

 ঋষিতে এন ডি এত ছিট পােৱা বুলি জানি তাহাঁতৰ ঘৰলৈ খবৰ কৰিব অহা মানুহৰ সোঁত বৈছিল। যােৱা যােৱা, অসমীয়া ল’ৰা এনেয়ে নেচনেল লেভেলত খুউব কম। তােমালােক এটা আদর্শ হােৱা। বেছিভাগেই আশীর্বাদ দিছিল তাক। আজিকালি অসমীয়া মানুহৰ মন যথেষ্ট বদলিছে। আগৰ দৰে দিল্লী মুম্বাইৰ দৰে ঠাইবােৰকে ইংলেণ্ড, আমেৰিকা বুলি ভাবি থকা নাই।

 ৰহমান খুড়াই খবৰ কৰিবলৈ আহোঁতে ঋষিতে তেওঁক এৰিষাকো কিয় লৈ নাহিল বুলি সুধিছিল। ৰহমান খুড়াই কৈছিল যে এৰিষাই আহিবলৈ মন নকৰিলে। এনেয়েও তাই আজিকালি অলপ মন মাৰি থাকে। কি জানাে হৈছে ছােৱালীজনীৰ। ৰহমান খুড়াৰ কথাত ঋষিতে একো মতা নাছিল, কিন্তু তাৰ মনত এৰিষাৰ প্রতি এক কৌতুহল আৰু উৎকণ্ঠাই বাহ লৈছিল। তাই হেনাে তাৰ হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষাৰ খবৰ কৰিবলৈও অহা নাছিল। এনেয়েতাে তাই তেনেকুৱা কৰিব নালাগে৷

 পিছদিনা দেওবাৰ আছিল। দেউতাকৰ স্কুটাৰখন লৈ সিদিনা ঋষিত ৰহমান খুড়াৰ ঘৰ ওলাইছিলগৈ।

 : ৰহমান খুড়া আছেনে?-কাম কৰা মানুহজনীক সি সুধিছিল।

 : নাই, বজাৰলৈ ওলাই গৈছে। মানুহজনীয়ে কৈছিল।

 : এৰিষা ?

 : আছে। শুই আছে।

 মই লগ পাই যাওঁ, মাতি দিয়কচোন।

 তাই টোপনি গৈ আছে। —মানুহজনীয়ে অলপ আমনি পােৱাৰ দৰে কৈছিল।

 আৰু একো নকৈ ঋষিত এৰিষাৰ ৰূমলৈ সােমাই গৈছিল। সি দেখিছিল, বিছনাতে বহি তাই জুপুকা লাগি আছে।

 : এই এৰিষা ! —সি মাতিছিল তাইক।

 এৰিষাই তলমূৰ কৰি মনে মনে আছিল।

 : এৰিষা, শুনা নাই নেকি! —সি গৈ তাইৰ বিছনাৰ ওচৰতে টুল এখনত বহিছিল। — বাহ! তুমিও কম নােহােৱা দেউ! মােৰ দুটাকৈ পৰীক্ষাৰ ৰিজাল্ট ভাল হ’ল, তুমি খবৰ এটা ল’বলৈ যােৱা নাই।

 : তাতে মােৰ কি হ’ল ! মােক নামাতিবা। মুখখন তাই পাচি এটাৰ সমান কৰি কৈছিল। [ ৩১ ]  : নামাতিবা! কিন্তু কিয়? মইনাে তােমাৰ ক’ৰ পানী খােৱা পুখুৰীত বিহ দিলোঁ অ’? —সি ধেমালি কৰি কৈছিল আৰু বিহ দিলোঁৱেই যেনিবা তুমিতাে পুখুৰীৰ পানী নােখােৱা, ছাপ্লাইৰ পানীহে খােৱা, এতেকে...

 : বন্ধ কৰা। চবতে তােমাৰ ধেমালি। সিদিনা মই তােমাক পাহাৰ বগাৱাৰ বিষয়ে মানা কৰোঁতে ধেমালি কৰিতাে উৰাই দিলাই, দেউতাৰ আগতাে কৈ মােৰ ’মজাক’ উৰাইছা তুমি।— খং আৰু অভিমানত এৰিষাৰ অন্তৰৰ আচল কথাখিনি ওলাই আহিল।

 :অ,সেইটো কথা।—ঋষিতে এইবাৰ গম্ভীৰ হ’বলৈ চেষ্টা কৰিলে।মাতটো পাৰ্যমানে কোমল কৰি সি ক’লে— মইতাে জনা নাছিলোঁ এৰিষা, সেই কথাটো তুমি ইমান ছিৰিয়াছলি কৈছা বুলি। জানাই দেখােন, মই খুউব এটা ছিৰিয়াছ নহওঁ।

 এৰিষাই একো নামাতিলে। অন্য ফালে চাই থাকিল মাত্র।

 : চোৱা এৰিষা- তাইৰ মুখখন তাৰ ফালে ঘূৰাই দি ঋষিতে ক’লে— মই তােমাৰ অন্তৰত দুখ দিওঁ বুলি ভাবি দিয়া নাছিলোঁ। আই এম ছৰী।

 এৰিষাৰ ওঁঠত অকণমান হাঁহিৰ ৰেঙণি ফুটি উঠিল। মুখ ফুটাই ক’লে— তাকে ইমানদিনে কোৱা নাছিলা কিয়?

 এৰিষাৰ কথাত ঋষিতে শব্দ কৰি হাঁহিলে। কাম কৰা মানুহজনী আহি ক’লে— তুমি কিন্তু বেয়া নাপাবা দেই ঋষিত। এৰিষাৰ কথা মতেহে মই তাই শুই থকা বুলি কৈছিলোঁ! মানুহজনী হাঁহি হাঁহি ওলাই গ'ল। এৰিষাই ঋষিতে এন, ডি .এ.ত পঢ়িবলৈ যােৱা কাৰ্য্যটোও ভাল পােৱা নাছিল। তাই বুজাইছিল তাক। সি চোকা ল’ৰা। অন্য বহুতো লাইনেই সি পাই যাব। আজিকালিনাে কেইটা ল’ৰাই আৰ্মিৰ চাকৰি কৰি বিপদৰ সৈতে খেলা কৰিব যাব। দেশত ইনফৰমেশ্যন টেকনলজিৰ কদৰ দিনে দিনে বাঢ়িছে। এনে চাকৰি নিৰাপদো আৰু দৰমহা, সা-সুবিধাৰ ফালৰ পৰাও অতি আকর্ষণীয়।

 : বাহ! ঋষিত আচৰিত হৈ গৈছিল— টেনত পঢ়ি থাকোঁতেই তুমি দেখােন একদম কেৰিয়াৰ ইনফৰমেশ্যনৰ এখন বুকলেট হৈ আছাহে।

 : যাঃ আকৌ ধেমালি।

 : নহয় অ’। বিদ্যা শপত। ঋষিতে কৈছিল— অন্ততঃ এতিয়া মই ধেমালি কৰা নাই। তুমি সঁচাই বহু ইনফৰমেশ্যন কালেক্ট কৰি ৰাখিছা। আমাৰ লগৰ বহুতেই কিজানি তােমাৰ সমান খবৰ ৰখা নাই।

 : ৰাখিনাে কি লাভ হ’ল! এৰিষাই অভিমানেৰে কৈছিল— যাৰ কাৰণে ৰাখিছিলোঁ সিয়েই নুশুনিলে।

 : নহয় অ’ ৰিচা! এৰিষাক সি ৰিচা বুলি মাতিবলৈ লৈছিল। চবৰেতাে আশা-আকাংক্ষা, ৰাপ, লক্ষ্য আদিবােৰ একে নহয়। জানাই তুমি, সৰুৰে পৰা মই এডভেন্সাৰ প্রিয়, যত বিপদ থাকে তাতেই মই ভাল পাওঁ। এনেকুৱা এটা মন লৈ মই কম্পিউটাৰ ইঞ্জিনিয়াৰ হৈ কিবা লাভ হ’ব জানাে। মই সুখী হ’ব পাৰিমনে ? মােৰ মনটোৱে, মােৰ ইচ্ছাই য’ত বাঢ়িবলৈ সুবিধা পায়, তাতেইতাে থাকিব লাগিব আৰু তুমি কোৱাৰ দৰে আৰামদায়ক, লােভনীয় চাকৰিবােৰত চবেই সােমাবলৈ গ’লে দেশখনক কোনে বচাব? কষ্টকৰ কামবােৰ কৰিব কোনে?

 : উস্! এনে দেশ ৰক্ষকটো ওলাইছে। এৰিষাই কৈছিল। [ ৩২ ]

দুই

 এৰিষাৰ প্ৰৱল আপত্তি সত্বেও ঋষিত গুচি আহিছিল একাডেমীলৈ। তাৰ স্বপ্নৰ কেৰিয়াৰ এটা সি ধ্বংস কৰিব নােৱাৰে। ঋষিতৰ বুজনিত অৱশ্যে পিছলৈ এৰিষা মান্তি হৈছিল। তাৰ জীৱনবােধ আৰু প্রত্যয়ৰ ওচৰত তাই হাৰ মানিছিল। ফুল কুমলীয়া ছােৱালীজনীৰ মনত বাহ লােৱা ভয়-সংশয় বহুখিনি কমিছিল।

 বহুদিন ঋষিত ঘৰলৈ যাব পৰা নাছিল। একাডেমী ট্ৰেইনিঙৰ পৰা দুবছৰৰ মূৰত এবাৰ সি ঘৰ ওলাইছিলগৈ। সেইবাৰ সি এৰিষাক লগেই নাপালে। তাই দার্জিলিঙত থকা মামীয়েকৰ ঘৰলৈ ফুৰিব গৈছিল। ইমানদিনৰ পাছত ঘৰলৈ অহাৰ পাছত এৰিষাক লগ নােপােৱা কথাটোৱে তাৰ মনত গভীৰ বেজাৰ দিছিল । সি ঘৰলৈ আহিম বুলি আগতে ফোন কৰিও জনােৱা নাছিল। হঠাৎ ছুটী পাই গৈছিল। সি।

 কেইদিনমান থাকিয়েই একেই ৰিক্ত হৃদয় লৈ ঘৰৰ পৰা একাডেমীলৈ ঘূৰি আহিছিল। পুনৰ সি একাডেমীৰ কঠোৰ ট্ৰেইনিঙৰ মাজত সময়বােৰ এৰি দিছিল। ঋষিত যেতিয়া পুনৰাবৰ ঘৰলৈ আহিছিল তেতিয়া তাৰ পােষ্টিং অর্ডাৰ হৈ গৈছে। জম্মু ৰেঞ্জৰ মেজৰ হিচাপে তাক নিযুক্তি দিয়া হৈছিল। নিযুক্ত হােৱাৰ আগতে সি কেইদিনমান সময় পাইছিল। সেই বাবেই সি ঘৰ পাইছিলহি।

 : এৰিষা আছেনে? ঘৰত চাহ-তাহ খায়েই সি মাকক সুধিছিল।

 : নাই নহয়। কিয়, ৰহমান খুড়ালৈ ফোন কৰা নাই নেকি! তাই এন. আই.ডি. আহমেদাবাদত ছিট পালে নহয়।

 : এন.আই.ডি।

 ‘অঁ’, আহমেদাবাদত আছে যে। নেচনেল ইন্সটিটিউট অব ডিজাইন।— মাকে ক’লে, যােৱা মাহৰ পােন্ধৰ তাৰিখেই তাইক ৰহমান খুড়াই থৈ আহিলগৈ।

 মাকৰ কথা শুনি ঋষিতৰ মনটো মৰি গ’ল। ৰহমান খুড়াই দিয়া এৰিষাৰ হােষ্টেলৰ ফোন নম্বৰটো লৈয়েই সি তাৰ নতুন কর্মক্ষেত্রলৈ আহিছিল। জম্মুত জইন কৰিয়েই সি এৰিষাৰ হােষ্টেলৰ নম্বৰত ৰিং কৰিছিল।

 : হেল্ল’!– কোনােবা এগৰাকী মহিলা ৰিচেপছনিষ্টৰ মাত সিমূৰত শুনা পােৱা গৈছিল।

 : হেল্ল’! মই জম্মুৰ পৰা কৈছোঁ। আপােনালােকৰ হােষ্টেলৰ এৰিষা নামৰ ছােৱালীজনীক মাতি দিব নেকি?

 : হ’ব। পাঁচ মিনিটৰ পিছত ডায়েল কৰক। —ৰিচেপছনিষ্টগৰাকীয়ে কৈছিল।

 পিছৰবাৰ ফোন কৰি ঋষিতে সিমূৰত এৰিষাক পাই গৈছিল । তাৰ চাকৰিত জইন কৰাৰ খবৰ দিছিল। তাই তাৰ ফোন পাই আনন্দত অধীৰ হােৱা যেন লাগিছিল। তাই তাৰ সৈতে অনর্গল কথা পাতিছিল। ঋষিতে মাথোঁ ওঁ আঁ কৰি গৈছিল।

 : হােষ্টেললৈ আহিবা দেই! মােক লগ কৰিবলৈ আহিবা দেই। তাই বাৰে বাৰে কৈছিল। ইমান দিন তােমাক দেখা নাই, চাবৰ খুউব মন গৈছে জানা। [ ৩৩ ]  : হােষ্টেললৈ গ’লেই জানাে লগ ধৰিব পাৰিম, ৰিচা? –সি কৈছিল।—সেইবিলাক ইন্সটিটিউটৰ অথ’ৰিটিৰ কথা মই জানাে। খুউব ষ্ট্রিক্ট।

 : অহ্। হওঁতে হয়।— তাইৰ কণ্ঠত হতাশা ফুটি উঠিছিল। —মাক-দেউতাকৰ বাহিৰে অন্য মানুহে দেখা কৰিবলৈ হ’লে মা-দেউতাকে তেওঁক ইয়াৰ অফিচত অথ’ৰাইজ কৰা কাগজ লিখি দিব লাগে। ছেঃ তুমি দেখােন নােৱাৰিবা।

 : সেই কাৰণেইতাে কৈছোঁ।

 : হ’লেও তুমি ফোন কৰি থাকিবা দেই। হতাশা দমাই থৈ তাই কৈছিল— ঘৰত হ’লেতাে লগ পাম। তুমি ছুটী ল’লেই ক’বা হাঁ। ময়াে দেউতাক ঘৰলৈ নিবৰ বাবে মাতিম।

 : হ'ব বাৰু। সি কৈছিল।

 : অ’ শুনা। ভালদৰে থাকিবা দেই। মােৰ যে ভয়েই লাগে। তােমাক নিযুক্তি দিবলৈ আৰু অন্য ঠাই নাপালে। ট্রান্সফাৰৰ চেষ্টা কৰিবা হাঁ।

 : অঁ... অঁ.... সি ফোনটো থোৱাৰ কথা ভাবিলে। এনেকুৱা কথা আৰম্ভ হ’লে আৰু সহজে শেষ নহ’ব।

 : চাবা দেই। টেক কেয়াৰ।

 : অ’, কে। —সি ফোনটো থৈ দিছিল।

 চাকৰি কৰি ঋষিতৰ ভালেই লাগিছিল। মাজে মাজে ঘৰলৈ ফোন কৰি সি তাৰ খবৰ-খাতি দিছিল। তাৰ মাকজনী এৰিষাৰ নিচিনাই। দৰকাৰতকৈ বেছি চিন্তা কৰে। এৰিষালৈও সি মাজে মাজে ফোন কৰি খবৰ বাতৰি দিয়ে। তাইৰ হােষ্টেলৰ ফোনটোত অৱশ্যে ফোন বেছি কৰিবলৈ তাৰ মন নাযায়। ৰিচেপছ’নিষ্টগৰাকীয়ে আজিকালি যেন ফোনটো দিবলৈ অলপ টান পােৱা হৈছে।

 ঋষিতৰ মাথোঁ ছমাহ পাৰ হৈছিল। হঠাৎ কাশ্মীৰৰ হেড, কোৱাৰ্টাৰৰ পৰা এদিন তাক মাতি পঠিওৱা হ’ল। তাৰ দৰে বহু অফিচাৰ, ছিনিয়ৰ অফিচাৰ মিটিংখত উপস্থিত আছিল। উত্তৰ সীমান্তৰ দায়িত্বত থকা বিষয়াজনে সিহঁতৰ আগত মিটিংখনৰ উদ্দেশ্য ব্যাখ্যা কৰিছিল। ভাৰতীয় সীমান্তত পাকিস্তানী অনুপ্রৱেশকাৰী প্ৰৱেশ কৰিছে। বিষয়াজনৰ কথা শুনি সকলােবােৰ উত্তেজিত হৈ উঠিছিল। পাকিস্তানী অনুপ্রৱেশকাৰীহঁতক খেদি পঠিওৱাৰ বাবে অভিযান চলাবৰ বাবে প্রয়ােজনীয় নির্দেশনা দি মিটিংখন সমাপ্ত কৰা হ’ল।

 চাৰিওফালে যুদ্ধ সদৃশ এক পৰিৱেশৰ সৃষ্টি হ’ল। গধুৰ গধুৰ মাৰণাস্ত্র, টেংক, বফর্ছ বৰটোপ আদিৰ আগমনে কাশ্মীৰৰ ভূ খণ্ড কঁপাই তুলিলে। সীমান্তত উত্তেজনা প্রৱল হৈ উঠিল। সাহসী ভাৰতীয় সৈনিকৰ দলে পাকিস্তানী অনুপ্রৱেশকাৰীয়ে দখল কৰা পৰ্বতৰ চূড়াবােৰ ইটোৰ পাছত সিটোকে অধিকাৰ কৰি গ’ল।

 যুদ্ধ তেতিয়া বাটালিক ছেক্টৰত লাগি আছিল। অসমৰ কেপ্টেইন এজন যুদ্ধত নিহত হৈছিল। কথাটো গম পাই ঋষিতৰ মনটো দুখেৰে ভৰি গৈছিল। এজন সাহসী জোৱানক ভাৰতবাসী তথা অসমবাসীয়ে হেৰুৱালে। পবর্তৰ শিখৰৰ সুবিধাজনক স্থানবিলাকৰ পৰা অনুপ্রৱেশকাৰীহঁতে গুলিয়াই থকাত ভাৰতীয় সৈনিকৰ কিছু অসুবিধা হৈছিল। কিন্তু ভাৰতীয় সৈনিকৰ দুর্দান্ত যুদ্ধ নিপুণতা আগত অনুপ্রৱেশকাৰীসকল পৃষ্ঠভংগ দিবলৈ বাধ্য হ’ল। এনেকুৱা কিছুমান সংঘর্ষত ভাৰতীয় পক্ষৰাে সামান্য [ ৩৪ ] হানি হৈছিল৷

 ঋষিতে কিন্তু ভাবিছিল, অসমৰ কেপ্টেইনজনৰ মৃত্যুৰ খবৰে তাৰ মাক-দেউতাকহঁতৰ মনত ভয়ংকৰ শংকাৰ সৃষ্টি কৰিব। ভাৰতীয় সৈন্যবাহিনীত অসমীয়া বিষয়াৰ সংখ্যা খুউব এটা বেছি নহয়। গতিকে কাশ্মীৰত যুদ্ধৰত অৱস্থাত অসমীয়া বিষয়াৰ মৃত্যু হােৱা বুলি শুনিলে তাৰ মাকে যে সিয়েই বুলি পাগলীৰ দৰে হৈ উঠিব। সি এতিয়া এটা খবৰো পঠাব নােৱাৰে। যুদ্ধক্ষেত্ৰৰ সৈতে সকলাে ধৰণৰ চিঠি-পত্ৰৰ যােগাযােগ বন্ধ কৰি দিয়া হৈছে। ঋষিতে সান্ত্বনা লভিলে এই বুলি ভাবিয়েই যে নিহত বীৰ কেপ্টেইনজনৰ মৃত্যুত জানাে তেওঁৰ মাকৰ হৃদয় ভাগি পৰা নাই। সেই মাতৃগৰাকীৰ কথা ভাবিয়েই সি মনৰ বেজাৰ পাতলাবলৈ যত্ন কৰিলে।

 যুদ্ধ চলি আছিল। অনুপ্রৱেশকাৰীহঁতে ক্ৰমাৎ হুঁহুকিবলৈ লৈছে। এনেকুৱা সময়তে এদিন ঋষিতে জম্মুৰ হেড কোৱাৰ্টাৰৰ পৰা এটা জৰুৰী ৱাৰলেছ বার্তা পাইছিল।

 : হেল্ল’ ঋষিত। তুমি সােনকালে হেড কোৱাটাৰলৈ এবাৰ আহি যােৱা । তাৰ ওপৰৱালা অধিকাৰী চাহাবে কৈছিল৷

 : কিন্তু ছাৰ!

 : কোনাে কিন্তু নাই। দিছ ইছ মাই অর্ডাৰ। ৰেচন কঢ়িওৱা গাড়ীৰেই ঋষি জম্মু হেড কোৱার্টাৰ পাইছিলগৈ। গাড়ীৰ পৰা নামিয়েই সি দেখিছিল— অধিকাৰী চাহাবৰ সৈতে বহি আছে ৰহমান খুড়া আৰু তাক দেখিয়েই তাৰ ফালে দৌৰি আহিছে সেইজনী এৰিষা।

 : এৰিষা! ৰহমান খুড়া– তাৰ দুচকুৱেদি আনন্দৰ লােতক বৈ আহিল।

 : ঋষিদা !– এৰিষাই আহি তাক প্রায় আকোঁৱালি ধৰিছে। এৰিষাৰ কান্ধত ধৰি সি ৰহমান খুড়াৰ ওচৰ পালে। হঠাৎ মনত পৰাৰ দৰে সি এৰিষাক এৰি দিলে। অধিকাৰী ছাৰক যে সি ছেলুট কৰিবলৈকে পাহৰি গৈছিল। ব্যস্ত হৈ সি তেখেতক ছেলুট মাৰিলে।

 অধিকাৰী ছাৰে তাৰ অৱস্থা দেখি হাঁহিলে। ছাৰে তাৰ অৱস্থাটো বুজি পাইছিল। খুড়া আৰু এৰিষাৰ ওচৰত তাক এৰি তেওঁ অন্য কামত লাগিলগৈ৷

 : ৰহমান খুড়া। তাৰ মাতটো থােকাথুকি হ’ল।—আপুনি ইয়ালৈ কিয় আহিলে? তাতে এইজনীক লৈ!

 : বহুত কথা সেইবােৰ। ৰহমান খুড়াই থিয় হৈ থাকিয়েই ক’লে— জানা, ঘৰত তােমাৰ মা- দেউতাহঁতৰ কিমান টেনচন। অসমীয়া সামৰিক বিষয়া এজন নিহত হােৱাৰ খবৰ পাই তেওঁলােক একেবাৰে ভাগি পৰিছে।

 : বুজিছো। কিন্তু আপুনি ইয়ালৈ নহাকৈ ফোন এটা কৰিয়েই খবৰ ল’ব পাৰিলেহেঁতেন। জম্মু হেড কোৱাৰ্টাৰৰ নাম্বাৰটো মই এৰিষাক দিছিলোঁ। জানেই নহয় এতিয়া ইয়াত কিমান ভয়ানক অৱস্থা।

 : ময়াে সেইটোকে কৰিম বুলি ভাবিছিলোঁ। পিছে এইজনীয়ে নামানিলে। মই গৈ কথাটো ক’লোঁহে, হােষ্টেলতে কন্দা-কটাখন আৰম্ভ কৰি দিলে নহয়। গােটেই ৰাস্তাটো কান্দি আহিছে জানা।

 : হেই! —এৰিষাৰ কাণখনত লাহেকৈ পকাই দি ক’লে— মই মৰাে বুলি তােমাৰ ইমান ভয়নে!

 : অকল সেয়াই জানাে! ৰহমান খুড়াই অকণমান হাঁহি ক’লে— ইয়াত আহি পায়াে তােমাৰ ওপৰৱালাজনৰ ওচৰত যিদৰে কন্দাকটা কৰিলে, তেওঁ তােমাক মেছেজ পঠাই মাতি আনােতেহে [ ৩৫ ] ৰক্ষা। নহ’লে প্রথমতে মই কওঁতে তেওঁ মাতিবলৈ ইচ্ছা কৰা নাছিল।

 ঋষিতে এৰিষালৈ চালে। দেউতাকৰ সন্মুখত তাই এতিয়া লাজ কৰিছে। ঋষিতে তাইৰ চকুহাল হাতেৰে মােহাৰি দিলে। মুকুতাৰ কণাৰ দৰে দুটোপাল অশ্রু তাৰ আঙুলিত লাগি আহিল।

 ৰহমান খুড়া আৰু এৰিষা গুচি গৈছিল। সি আকৌ নতুন উদ্যমেৰে যুদ্ধত জঁপিয়াই পৰিছিল। মাক-দেউতাকহঁত অন্ততঃ এতিয়া কিছু টেনচন মুক্ত হৈ থাকিব পাৰিব। কিন্তু মৃত্যু জানাে কোনােবাই ৰােধ কৰিব পাৰিব। প্রতিদিনে কিমান সাহসী যােদ্ধাই বীৰ গতি লাভ কৰিছে৷ তাৰ দেশ মাতৃৰ সেৱাৰ বাবে মৃত্যু যদি প্রয়ােজন হয়, তেন্তে হেলাৰঙে উৎসর্গা কৰিব তাৰ জীৱন। মাতৃৰ বাবে পুত্ৰই ত্যাগ নকৰিলে আন কোনে কৰিব।

 যুদ্ধখন শেষ হৈছিল। নিখুঁত দেহেৰেই সি সীমান্তৰ পৰা উভতি আহিছিল। যুদ্ধৰ অন্তত যুদ্ধৰত সৈনিকসকলে দীঘলীয়া ছুটী লাভ কৰিছিল। সীমান্তৰ পৰা আহি জম্মুৰ হেড কোৱাৰ্টাৰ পায়েই সি মাকলৈ ফোন কৰিছিল।

 : মা, মই ঘৰলৈ গৈ আছোঁ। উৎসাহত অধীৰ হৈ কৈছিল সি। তাৰ উপস্থিতিয়ে মাকৰ অতদিনৰ টেনচন দূৰ কৰি দিব।

 : হয় নেকি সােণ! মাকে কৈছিল, পিছে ঘৰলৈ অহাৰ আগতে আহমেদাবাদৰ পৰা এৰিষাক লৈ আহাঁ।

 : এৰিষাক ? এৰিষাক আ’ কিয়?—সি আচৰিত হৈ সুধিছিল।

 : তাই যােৱাবাৰ আঁহােতেই তই ঘৰলৈ আহিলে তাইকো লৈ আহিবলৈ কৈছিল। তােৰ যুদ্ধলৈ যােৱাৰ খবৰ পাই বেচেৰীজনী কেনেকৈ বাউলী হৈ উঠিছিল। লৈ আন অ’ সােণ তাইক।

 : কিন্তু মা। সি কৈছিল, মই গ’লেতাে কর্তৃপক্ষই তাইক মােৰ সৈতে নপঠাব।

 : সেই ব্যৱস্থাটো ৰহমান খুড়াই কৰি আহিছে। — মাকে কৈছিল।

 সেইদিনা নিশা ঋষিতে ঘৰমুৱা ট্ৰেইনৰ পৰিৱর্তে আহমেদাবাদ অভিমুখী ট্রেইনত উঠিছিল।


তিনি

 : তুমি এই চাকৰিটো এৰি দিয়া। ঘৰত মাক-দেউতাক, ভায়েক আৰু ৰহমান খুড়াহঁতৰ সন্মুখতে এৰিষাই ঋষিতক কৈছিল।

 : কিয়? তােমাৰ ভয় লাগে! প্রশ্নটো সুধি নিজেই উত্তৰ দিছিল ঋষিতে। জানা মা, এইজনীয়ে গােটেই ৰাস্তাটোতে সেই একেখন কেছেটকে বজাই আহিছে— মুঠৰ ওপৰত মই চাকৰিটো এৰি দিব লাগে। মাকলৈ চাই অভিযােগ কৰিছিল ঋষিতে।

 : হয় পায়!--- মাকে কৈছিল, মােৰাে ইমান ভয় লাগিছিল। তুমি পাৰিলে অন্য এটা চাকৰি বিচাৰিলে বেয়া নহয়তাে।

 : সেইয়া দেখিলানে খুড়া। ---অৱশেষত ঋষিতে ৰহমান খুড়াৰ সমর্থন ভিক্ষা কৰিছিল। সি জানে ৰহমান খুড়াই কেতিয়াও তাক আর্মিৰ চাকৰি এৰিবলৈ নকয়।

 ৰহমান খুড়াই হাঁহিছিল। ---একো নহয় দত্তনী। ইমান ভয় কৰিবলগা নাই। ---ঋষিতৰ [ ৩৬ ] মাকলৈ চাই তেওঁ কৈছিল— যুদ্ধতাে সদায় হৈ নাথাকে।

 দেউতাকৰ কথাত এৰিষা কোঠাটোৰ পৰা ওলাই গৈছিল। ঋষিতহঁতে তাইৰ কাৰ্য দেখি হাঁহিছিল। তাইৰ চাগৈ খং উঠিছে।

 ঋষিতৰ ভাল লগা হৈছে। এৰিষাৰ তাৰ জীৱনক লৈ উৎপন্ন হােৱা শংকা, উৎকণ্ঠাখিনিত সি আমােদ পায়। তাৰ বাবে তাই যেনেকৈ উদ্বিগ্ন হয়, তাৰ নিৰাপত্তালৈ তাইৰ মূৰ কামােৰণি হয়, এই সকলােবােৰ তাৰ ভাল লাগে। ক’ব নােৱাৰাকৈয়ে সি তাইৰ সকলােবােৰ দোষ আৰু গুণকে কিজানি ভাল পাবলৈ ধৰিছে।

 সিদিনা দুপৰীয়া ঘৰত ঋষিত অকলে আছিল। হঠাৎ এৰিষাৰ স্কুটীখনৰ মাত শুনি সি বাৰাণ্ডালৈ ওলাই গ’ল। দেখিলে— এৰিষাই হয়। উর্ধশ্বাসে আহিছে।

 : মাহী নাই নেকি!— তাক দেখি তাই সুধিলে।

 : মাহী-মহা কোনাে নাই। মই মাহীৰ পুতেকটোহে আছে। কিবা ক’বলগা থাকিলে মােকেই কোৱাচোন। সি ধেমালি কৰি ক’লে।

 : তােমাৰ লগত মােক কি কথাটো থাকিব। মই যাওঁ। তাই ঘূৰিল।

 : আহাঁনা! --তাইৰ চুন্নীখনত ধৰি সি ভিতৰলৈ টানিলে। তাই ৰ’ল। তাৰ চকুলৈ চালে।

 : মােৰ ওপৰত বিশ্বাস নাই নেকি! —সি ক’লে।

 : কি বিশ্বাসৰ কথা কৈছা? বিশ্বাসৰ প্রশ্ন কেতিয়া উঠিল?

 : মা নহ’লে আমাৰ ঘৰত প্ৰৱেশ কৰিব নােৱাৰাৰ কাৰণ ?— সি কৌতুকেৰে সুধিলে।

 এৰিষা সােমাই আহিল। ড্রয়িং ৰূমৰ ছােফাখনত মুখ গােমা কৰি বহি থাকিল তাই।

 ঋষিতো বহিল। তাইৰ সন্মুখতে। তাইৰ ভাবৰ পৰিবর্তন ধৰিব পাৰি সি সুধিলে— কিবা অপৰাধ লাগিল নেকি আক’৷ বতৰ ডাৱৰীয়া দেখিছোঁ৷

 : ধেমালি নকৰিবা। কিহৰ বিশ্বাসৰ কথা কৈছা? পাহৰি গৈছা নেকি আহমেদাবাদৰ পৰা ট্রেইনত তােমাৰ লগতে মই দুটাকৈ ৰাতি পাৰ কৰিছোঁ। অভিমানেৰে ক’লে এৰিষাই।

 : অ’ কথাটো সেইখিনিত ! ছৰি ভাই। আৰু নকওঁ। ঋষিতে তাইৰ মুখখন তুলি ধৰি ক’লে— এতিয়া হ’বনে? নকওঁ আৰু। বিদ্যা শপত।

 : হ’ব বাৰু৷— এৰিষাই মােহনীয়াকৈ হাঁহিলে।

 : আচ্ছা তুমি এতিয়া বহা। মােৰ চাহ একাপ খাবৰ মন গৈ আছিল। কম্পেনি পােৱা নাছিলো বাবেই খােৱা হােৱা নাছিল। তুমি খাবাতাে?

 : আনা বাৰু৷— এৰিষাই হাঁহিলে। ঋষিত চাহ কৰিবলৈ সােমাই গ’ল।

 : এয়া তােমাৰ চাহ!-- চাহৰ প্লেটখন টেবুলতে থৈ সি ক’লে— মােৰ কাপ মই ভিতৰৰ পৰাই খাই খাই আহিছোঁ।

 : খকুৱাটো! তাই ঋষিতক জোকালে।

 ঋষিতে চোফাখনত বহি মহা আৰামেৰে চাহ খােৱাত লাগিল।

 : এই ঋষিদা। [ ৩৭ ]  : কি! চাহৰ প্লেটখন থৈ সি সুধিলে।

 : এই পেপাৰখন চোৱাচোন।

 : কিনাে দিছে ?-- সি তাইৰ ওচৰ চাপি আহিল।

 এই, এইখন পুৰণি পেপাৰ দেখােন। সি ক’লে— কিনাে চাই আছা ইয়াত ?

 : চোৱানা। অসমৰ কেপ্টেইনজন যে ঢুকাইছিল, তেওঁৰ মৃতদেহৰ সৈতে তেওঁৰ প্রেমিকাজনীও আহিছিল। চোৱা, ইমান ধুনীয়া ছােৱালীজনী!

 ঋষিতে মনােযােগেৰে ফটোখন চালে। সি এই মহীয়সী গৰাকীৰ বিষয়ে আগেয়ে শুনিছে৷ তাৰ মনটো অকণমান সেমেকি উঠিল।।

 : ঋষিদা।— এৰিষাই মাতিছে।

 : কি!

 : তােমাৰো কিবা এটা হােৱা হ’লে মােৰাে দশা যে এই ছােৱালীজনীৰ দৰেই হ’লহেঁতেন নহয়!

 হঠাৎ কৈ পেলালে এৰিষাই। পিছ মুহূর্ততে তাই কি ক’লাে বুলি ভাবি কাণ-মূৰ ৰঙা হৈ উঠিল। ঋষিতে তাইৰ ফালে একান্তমনে চাই থাকিল। হঠাৎ একো নােকোৱাকৈ তাই উঠি দৌৰিল৷

 : পাগলীজনী!--- তাই যােৱাৰ ফালে চাই ঋষিতে হাঁহিলে।

 ঋষিতৰ ছুটী শেষ হােৱাৰ আগতেই এৰিষা হােষ্টেললৈ ঘূৰি যাব লগা হ’ল। তাই গুচি যােৱাৰ পাছত ঋষিতৰ মনটো গধুৰ হৈ পৰিছিল। ইমানদিন তাইৰ সংশ্রৱে তাৰ মনটো সজীৱ কৰি ৰাখিছিল। হঠাৎ তাই গুচি যােৱাৰ পাছত মনটো সেমেকি উঠিছিল, উদাস হৈ উঠিছিল। ঘৰত মন নবহা হৈছিল। কর্মক্ষেত্রলৈকে সােনকালে উভতি যােৱাৰ ইচ্ছা জাগিছিল তাৰ। অথচ এৰিষা যােৱাৰ আগলৈকে তাৰ ঘৰত থাকি কিমান ভাল লাগিছিল।

 ৰহমান খুড়া গৈছিল তাইৰ লগত। ষ্টেচনলৈকে ‘ছি অফ’ কৰিব গৈছিল ঋষিত। যাবলৈ উদ্যত হােৱা ট্ৰেইনখনৰ কম্পার্টমেণ্টৰ পৰা নামি অহাৰ পাছত সি ট্রেইনখনৰ কাষতে ৰৈ আছিল। শীততাপ নিয়ন্ত্রিত কম্পার্টমেণ্টৰ বন্ধ খিৰিকীৰ অস্বচ্ছ গ্লাছৰ মাজেৰেও সি যেন এৰিষাৰ বাষ্পকুল দুচকুৰ ভাষা ফটফটীয়াকৈ বুজি পাইছিল। তাৰ এনেকুৱা লাগিছিল সিও যেন তাইৰ সৈতে আহমেদাবাদলৈ গুচি যাব।

 দিনবােৰ আগুৱাই গৈছিল। ইতিমধ্যে সি ৰাজস্থানলৈ ট্রান্সফাৰ পাইছিল। তাৰ ট্রান্সফাৰৰ খবৰ পাই এৰিষাই ফোনত কৈছিল— ইস্ ৰাম, তুমি একদম মােৰ ওচৰেই পালাহি। ৰাজস্থানত নহৈ গুজৰাটত হােৱা হ’লে যে আৰু ভাল আছিল। যা হওক, কাশ্মীৰৰ পৰা যে আহিবা !

 ৰহমান খুড়া আৰু তাৰ ঘৰখনাে সুখী হৈছিল ঋষিতৰ ৰাজস্থানলৈ ট্রেন্সফাৰ হােৱা বাবে। প্রথম কথা, সি সন্ত্রাস জৰ্জৰিত কাশ্মীৰতকৈ ৰাজনৈতিকভাৱে বহু সুস্থিৰ ৰাজ্য এখনত নিযুক্তি পালে, দ্বিতীয় কথা সি মাজে মাজে এৰিষাৰ খবৰাে লৈ থাকিব পাৰিব।

 তেতিয়া ফেব্ৰুৱাৰী মাহ আছিল। এদিন এৰিষালৈ ফোন কৰোঁতে তাই তাক সেই মাহৰ তেৰ তাৰিখে আহমেদাবাদ পােৱাকৈ মাতি পঠালে। কি কাৰণে মাতিছে সেয়া ঋষিতে জানিব [ ৩৮ ] নুখুজিলে। তাৰাে সেই কেইদিন বিশেষ ব্যস্ততা নাছিল। তাই কোৱাৰ দৰেই সি আহি তেৰ তাৰিখে এৰিষাৰ হােষ্টেল পালেহি। ৰহমান খুড়াই হােষ্টেল কর্তৃপক্ষক তাৰ ফটো আৰু ঠিকনা ইতিমধ্যে দি দিয়াত আজিকালি গার্জেন হিচাপে এৰিষাক লগ কৰিবলৈ তাৰ অকণাে অসুবিধা নহয়৷

 : ইয়েই, আজি আহি গ’লা।-- তাক দেখি তাই কৈছিল।—এটা কাম কৰা, আজি ইয়াৰ হােটেলতে ক’ৰবাত থাকি যােৱা। কাইলৈ আহিবা, আজি মােৰ বিশেষ কাম আছে।

 ঋষিত ঘূৰি আহিছিল। দিনটো চহৰখনত ইটো সিটো চাই সন্ধ্যা হােটেলৰ ৰূমত চিনেমা চাই বহি থাকিল সি। পাছদিনা পুৱা অৱশ্যে এৰিষাই তাক হতাশ কৰা নাছিল। সুন্দৰ কাপােৰ পিন্ধি সিদিনা তাই তাৰ সৈতে ওলাই আহিছিল। তাইৰ আব্দাৰত মানি লৈ সি আগদিনা ঘূৰা ঠাইখিনিতে আকৌ ঘূৰিব লগা হৈছিল।

 আবেলি সি উঠা হােটেলখনলৈকে সিহঁত দুটা আহিছিল। তাৰ কোঠাত ৱেইটাৰে পৰিৱেশন কৰা সুস্বাদু আহাৰ খাইছিল। দিনটো ঘূৰি ঘূৰি ঋষিতৰ ভাগৰ লাগিছিল। বিছনাখনতে সি সামান্য টোপানিয়াইছিল।

 হঠাৎ তাৰ বুকুত সামান্য ভাৰ অনুভৱ কৰি সি সাৰ পাই গৈছিল। সি দেখিছিল তাৰ মুখলৈ নিবিষ্ট মনে চাই আছে এৰিষাই। তেনে কৰোঁতে তাইৰ বুকুৰ উচ্চতাই তাৰ বুকুত সামান্য স্পর্শ কৰিছিল।

 : ৰিচা। সি কিবা ক’ব খুজিছিল।

 : ন’ টক প্লিজ। --তাই তাৰ ওঁঠযােৰ হাতেৰে বন্ধ কৰি দিছিল। তােমাক আজি মােৰ বিশেষ কথা এটা ক’ব আছে। সেইবাবেই মাতি আনিছোঁ।

 কি বুলি ক’ব খুজিও সি ৰৈ গৈছিল।

 : মই তােমাক ভাল পাওঁ, ঋষিদা। ইউ আৰ মাই ৱান এণ্ড অনলি ভেলেন্টাইন।

 : কিবা কোৱা আক’!– ঋষিতে বহুপৰ একো নােকোৱা দেখি এৰিষাই সুধিছিল।

 : ক’বলৈ তুমিয়েই মানা কৰি থৈছা দেখােন!

 : এতিয়া ক’ব পাৰা।

 : তুমি কোৱা কথাটো বুজিলোঁ। পিছে এই সামান্য কথাটোকে ক’বলৈ মােক জয়পুৰৰ পৰা আনি ইয়াত দুদিন শিবিৰ পতাই নথ’লেওতাে হ’লহেঁতেন। ফোনতাে কৈ দিব পাৰিলাহেঁতেন।

 : কনজুচ। [ ৩৯ ]

চাৰি

 বাহিৰত ক্ৰমাৎ পােহৰ হৈ আহিছে। ঋষিতে ঘড়ীটোলৈ চালে । চাৰি বাজি পাঁচ মিনিট। পুৱা পাঁচ বজাত পতাকা উত্তোলনেৰে চিয়াচেনৰ বৰফভূমিত গণৰাজ্য দিৱসৰ পাতনি মেলা হ’ব। তাৰ পিছত জোৱানসকলৰ মার্চ পাষ্টত সি অভিবাদন গ্রহণ কৰাৰ কথা।

 ঋষিতৰ মনত পৰিছে আজিৰ পৰা পাঁচোটা বছৰৰ আগৰ গণৰাজ্য দিৱসৰ পূর্বসন্ধ্যালৈ। সিদিনাই সি বিশেষ বার্তাযােগে গম পাইছিল— সি ৰাষ্ট্ৰপতিৰ পুৰস্কাৰৰ বাবে বিবেচিত হৈছে।

 : কি! কথাটো তাৰ বিশ্বাস কৰিবলৈ টান লাগিছিল। হ’ম ছেক্রেটাৰীৰ পৰা যােৱা চিঠিখন সি বাৰে বাৰে লুটিয়াই চাইছিল।

 : কংগ্রেচুলেচন মিঃ দত্ত। দাসগুপ্তা ছাৰে তাক অভিনন্দন জনাবলৈ আহিছিল। তাৰ পিছত অভিনন্দন জনােৱা লােকৰ আৰু ভিৰ লাগিছিল। জোৱানসকলে হাতে হাতে ফুলৰ থােপা লৈ অভিনন্দন জনাব আহিছিল।

 ঋষিত মানুহৰ জুমৰ পৰা যেনে তেনে ওলাই গৈ এটা পি চি অ’ত সােমাইছিল। প্রথমেই সি ডায়েল কৰিছিল এৰিষালৈ।

 : হেল্লো, এৰিষা! উত্তেজনাত তাৰ মাতটো কঁপিছিল, শুনিছানে তুমি ?

 : শুনিছোঁ! কোৱা আক’!— তাই কৈছিল।

 : হেল্লো, শুনিছা এৰিষা? আকৌ কৈছিল সি।

 : কিনাে অকল শুনিছা, শুনিছা কৈ আছা? ক’লেহে শুনিম। ভেকাহি মাৰি উঠিছিল এৰিষাই।

 : অ’ শুনা। ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ মই পাইছোঁ। কার্গিল যুদ্ধৰ বাবে।

 : ধেৎ ধেমালি কৰিছা কিয়? তােমাকহে পুৰস্কাৰ দিবলৈ পালেগৈ নহয়।

 : ধেমালি নহয় ৰিচা, বিদ্যা শপত। —সি কৈছিল।

 : সঁচা? —এৰিষাৰ সন্দেহ দূৰ হােৱা নাই।

 : কাইলৈৰ পেপাৰ পঢ়িবা আক’। আৰু শুনা, কাইলৈৰ গণৰাজ্য দিৱসৰ পেৰেডত আমাক বিশেষ সন্মান জনােৱা হ'ব বুলি কৈছে। পেৰেডৰ সন্মুখভাগতে আমাক এখন খােলা গাড়ীত উঠি যােৱা দেখিবা। তুমি টিভিত চাবা দেই। ইস্ আগতে গম পােৱা হ’লে তােমাক পেৰেড চাবলৈ ইয়ালৈকে লৈ আহিলোঁহেঁতেন। — উলাহেৰে গােটেই কথাখিনি একেৰাহে কৈ পেলাইছিল ঋষিতে। মাকলৈ ফোন কৰিও সি একেই কথাখিনি কৈছিল। সি পুৰস্কাৰ পােৱাৰ খবৰ শুনি আটাইতকৈ বেছি সুখী হৈছিল ৰহমান খুড়া।

 ক্ষীণ হাঁহি এটি ঋষিতৰ ওঁঠেদি ঢৌ খেলি গ’ল। সেই বিশেষ গণৰাজ্য দিৱসত সি যেতিয়া হুড খােলা গাড়ীত থিয় হৈ ৰাষ্ট্ৰপতিৰ কাষেৰে পাৰ হৈ গৈছিল, গর্বত তাৰ বুকু ফুলি উঠিছিল। তাৰ সেই মুহূর্তত এৰিষালৈ মনত পৰিছিল। তাই নিশ্চয় এতিয়া লগৰ বান্ধৱীৰ আগত টিভিৰ পৰ্দাত ওলােৱা তালৈ আঙুলিয়াই চিঞৰিছে চোৱা চোৱা, সেইজন, সেই যে প্রথম লাইনৰ একেবাৰে সোঁফালে, ৰাষ্ট্ৰপতিৰ কাষেৰে পাৰ হৈ গৈছে, ওখ, হেণ্ডচাম... [ ৪০ ] ......ঋষিত উঠি আহিল। পতাকা উত্তোলনৰ সময় হৈছে। শাৰী শাৰীকৈ জোৱানসকল শৃংখলাবদ্ধ হৈ থিয় হৈ আছে। সি গম্ভীৰ খােজেৰে গৈ পতাকা উত্তোলন কৰিলে। এতিয়া সি এটুকুৰা নির্দিষ্ট ঠাইত থিয় হ’ল। ইয়াতে সি জোৱানসকলৰ মার্চ পাষ্টৰ অভিবাদন কৰিব। সামৰিক বাহিনীৰ বেণ্ডৰ তালে তালে জোৱানসকল তাৰ কাষেদি পাৰ হৈ যাবলৈ ধৰিছে। সি কপালত হাত তুলি থিয় হৈ থাকিল৷

 ঋষিতৰ মনটো আকৌ উৰি গৈছে দিল্লীৰ সেই পেৰেড গ্রাউণ্ডলৈ। ইণ্ডিয়া গেটৰ ফালে গৈ সিহঁতক এডােখৰ ঠাইত জিৰাবলৈ দিয়া হৈছিল। তাতেই সি অন্যান্য পুৰস্কাৰপ্রাপ্ত সামৰিক বিষয়াৰ লগত মত বিনিময় কৰি আছিল। প্রায়বিলাকেই তাৰ চিনাকি। কার্গিলৰ ভয়ংকৰ দিনৰ সংগী। হঠাৎ তাৰে কোনােবা এজনৰ ম’বাইলটো বাজি উঠিছিল। ম’বাইলটো অফ কৰি মানুহজনৰ মুখখন ক’লা পৰি গৈছিল। ঋষিতে তেওঁৰ ভাবান্তৰ লক্ষ্য কৰি আছিল। সি তেওঁৰ ওচৰ চাপি গৈ সুধিছিল। কিবা বেয়া খবৰ?

 :ভয়ানক!— মানুহজনৰ মাতটো কঁপিছিল। এঘণ্টামানৰ আগতে গুজৰাটত ভয়ংকৰ ভূমিকম্প সংঘটিত হৈছে। বহু মানুহ মৰিছে বুলি আশংকা কৰা হৈছে। এইমাত্ৰ মােৰ বন্ধু এজনে খবৰ দিলে।

হােৱাট!– ঋষিতৰ ভৰিৰ তলৰ পৃথিৱীখনাে যেন ভুঁইকঁপত কপিছে।

 : হয়! মানুহজনে কৈছে— গুজৰাটত মােৰ ফেমিলি থাকে৷ অহ্ গড !– তেওঁ চিৎকাৰ কৰি উঠিল৷

 ঋষিতৰ আৰু একো শুনাৰ সময় নাছিল। সি প্রায় দৌৰি ওলােৱাদি ছিকিউৰিটি বেৰেকৰ বাহিৰ ওলাল৷ অলপ দূৰতে পি চি অ’ এটা দেখা পাই সি এৰিষাৰ হােষ্টেলৰ নম্বৰ ডায়েৰ কৰিলে।

 ন’ ৰিপ্লাই। লাইনটো গৈ এডােখৰত শব্দহীন হৈ ৰৈ গৈছে। সি আকৌ ডায়েল কৰিলে— জিৰ টু ছেভেন টু...

 : এক্সিউজ মিঃ ছাৰ। সি ডায়েল কৰা নম্বৰটোত দৃষ্টি দি পি চি অ’ৰ অপাৰেটৰ ছােৱালীজনীয়ে ক’লে— আহমেদবাদৰ লাইন দেৰঘণ্টামানৰ পৰা বেয়া হৈ আছে। আর্থ কুইক হৈছে নহয়।

 ছােৱালীজনীৰ কথাত ঋষিতে গুৰুত্ব নিদিলে। সি আকৌ ডায়েল কৰিলে এৰিষাৰ নম্বৰ। বহু সময় চেষ্টা কৰি বিফল হ’ল সি। তীব্র হতাশাত ৰিচিভাৰটো থৈ এক মুহূর্ত চিন্তা কৰিলে সি। তাৰ পিছত মাকলৈ ৰিং কৰিলে।

 : হেল্লো মা।

 : অ’ সােণটো ! —ঋষিতৰ মাত শুনিয়ে মাকে উৎকণ্ঠিত সুৰত ক’লে— তুমি এৰিষাৰ কিবা খবৰ পােৱানে ? তাত এটা ভূঁইকপ হৈছে, গম পাইছানে ?

 : জানাে মা।--তাৰ মাতটো থােকাথুকি হৈ ওলাল। ফোনৰ লাইন বেয়া হৈ গৈছে। বহুপৰ চেষ্টা কৰিও তাহাঁহতৰ হােষ্টেলৰ ফোনটোত কানেকচন কৰিব পৰা নাই।

 : তুমি এতিয়াই যােৱা তালৈ। মাকে ক’লে।

 — ৰহমান খুড়াও বৰ চিন্তাত পৰিছে। তালৈ গৈয়েই ফোন কৰিবা।

 : হ’ব মা।-- ঋষিত ওলাই আহিল পি চি অটোৰ পৰা।

 ঋষিত উৰ্ধশ্বাসে দৌৰি গৈছিল তাৰ ওপৰৱালা বিষয়াজনৰ ওচৰলৈ। বিষয়াজনক সকলাে কৈ [ ৪১ ] তাৰ ছুটীৰ ব্যৱস্থা কৰিবলৈ গৈ সেই কেইটামান মিনিটৰ ভিতৰতে আহি এয়াৰপৰ্ট পাইছিলহি। দৌৰি গৈ সি কাউন্টাৰৰ সন্মুখত থিয় হৈছিল।

 : মই এতিয়াই আহমেদাবাদলৈ যাব লাগে, কাউন্টাৰৰ ছােৱালীজনীলৈ চাই সি কৈছিল, আহমেদাবাদলৈ যােৱা এতিয়া ফ্লাইট আছেনে?

 : ছাৰ, আহমেদাবাদলৈ সকলাে ফ্লাইট কেনচেল কৰা হৈছে নহয়, শুনিছেই নহয় তাত আৰ্থকুইক...

 : শুনিছোঁ, শুনিছোঁ । সি ধৈৰ্য্য হেৰুৱাই কৈছিল—মই এতিয়াই আহমেদাবাদলৈ যাব লাগে, প্লিজ কিবা এটা কৰকনা। ঋষিতে অনুনয়ৰ সুৰত কৈছে।

 : ছাৰ। ছােৱালীজনীয়ে ঋষিতৰ মুখলৈ চাইছিল। তেওঁ বুজিলে, ঋষিতৰ কোনােবা আত্মীয় নিশ্চয় আহমেদাবাদত আছে।

 ঋষিতে ম’বাইলেৰে ৰেলৰ খবৰ লৈছিল। তাৰ পিছত সি কাউন্টাৰ সন্মুখত বেঞ্চিতে হতাশ হৈ বহি পৰিছিল। আহমেদাবাদ যােৱা সকলাে ট্রেইন হেনাে বাতিল কৰা হৈছে।


পাঁচ

 পিছদিনাখন আহমেদাবাদলৈ ফ্লাইট পুনৰ আৰম্ভ হৈছিল। প্রথমটো ফ্লাইটতে সি আহমেদাবাদ পাইছিলগৈ। আকাশৰ পৰাই আহমেদাবাদ চহৰৰ ভগ্নস্তুপবােৰ দেখি তাৰ বুকুখনে হাহাকাৰ কৰি উঠিছিল৷ সি ভগৱানক উদ্দেশ্যি প্রার্থনা জনাইছিল।— হে ভগৱান, এৰিষাৰ যেন একো নহয়! এয়াৰপৰ্টৰ পৰা ওলায়েই ঋষিতে টেক্সী এখন লৈছিল। তাৰ অবিন্যস্ত পােছাক আৰু চেহেৰা দেখি ড্রাইভাৰজনে তালৈ কৰুণ দৃষ্টিৰে চাইছিল। সি বুজিছিল এই মানুহজনেও চাগৈ কাৰােবাক হেৰুৱালে।

 : ছাৰ, কলৈ যাব।— সি গুজৰাটীতে সুধিছিল।

 : এন. আই. ডি. হােষ্টেল। ঋষিতে কৈছিল।— সােণকালে ব’লা ভাই। এন. আই. ডি. ৰ কিবা হৈছে নেকি তুমি জানানে! সি উৎকণ্ঠাৰে সুধিছিল।

 : নাঃ বাবু। এন আই ডি ঠিকে আছে। ড্রাইভাৰজনৰ কথাত তাৰ বুকুখন সামান্য পাতল লাগিছিল।

 হােষ্টেলৰ সন্মুখত টেক্সীখনৰ পৰা নামিয়েই ঋষিত দৌৰি দৌৰি সােমাই গৈছিল হােষ্টেলৰ কেম্পাছত। গেটত তাৰ পৰিচয- পত্র চাবলৈ সিদিনা কোনাে নাছিল। ভূঁইকঁপ বিধ্বস্ত চহৰখনত এক ব্যাপক অৰাজকতাৰ সৃষ্টি হৈছে। অধৈৰ্য্যভাৱে সি বার্ডেনৰ কোঠাৰ কলিং বেল বজাইছিল। মহিলা ৱার্ডেনগৰাকী ওলাই আহি সন্মুখত তাক দেখি যেন সন্ত্রষ্ট হৈ উঠিল।

 : মেডাম। — সি কোনাে পাতনি নেমেলাকৈ ক’লে— এৰিষা আছেনে?

 বহক।— তাৰ কথাৰ উত্তৰ নিদি মানুহজনীয়ে তাক বহিব দিছিল। তাৰ পিছত তালৈ চাই কিবা এটা কওঁ কওঁ কৰি থাকিল।

 : মেডাম, এৰিষা? সি আকৌ সুধিছিল।

 তাইৰ একো হােৱা নাই৷ ৱাৰ্ডেনগৰাকীয়ে কৈছিল— আপুনি এতিয়া ৰাজস্থানৰ পৰা আহিছে?

 : নহয়। দিল্লী। সেইবিলাক বাদ দিয়ক। আগতে কওক, এৰিষা ক’ত? তাৰ ধৈৰ্য্যচ্যুতি ঘটিছিল— [ ৪২ ] তাই ভালে আছেতাে?

 : নাই! — ৱাৰ্ডেনগৰাকীয়ে এইবাৰ নিঃসহায়ভাৱে কৈছিল, কালি ভূঁইকঁপ হােৱাৰ কিছু সময় আগৰে পৰা এৰিষা আৰু তাইৰ ৰূমমেট মিচু নামৰ ছােৱালীজনী নিৰুদ্দেশ হৈ আছে। মিঃ দত্ত, মই কথাটো ভাবিয়েই পােৱা নাই। কালিৰে পৰা আমাৰ মানুহে তাহাঁতক বিচাৰি আছে।

 : কি! ঋষিতৰ মুখৰ তীব্ৰ চিৎকাৰ এটা বাহিৰ হৈ আহিল।

 পগলাৰ দৰে ঋষিতে দৌৰি দৌৰি আহমেদাবাদ চহৰখন ঘূৰিছিল। চহৰৰ একাংশ অট্টালিকা ভগ্নস্তুপ হৈ মাটিত দম হৈ পৰি আছিল। ভগ্নস্তুপৰ ওপৰে ওপৰে বগাই সি এৰিষা আৰু মিচুক বিচাৰিছিল। তাৰ পিন্ধা কাপােৰ অ’ত ত’ত লাগি ফালি চিৰি গৈছিল। সেইবােৰলৈ চকু দিবলৈ তাৰ আৰু আহৰি নাছিল।

 জোৱান এজনে আহি ঋষিতক ছেলুট কৰিলে। ঋষিতে প্রতি অভিবাদন জনালে। তালৈ কিবা এটা মেছেজ আছিল। জোৱানজনৰ পৰা সি ৱায়াৰলেছটো লৈ কথাখনি শুনি নােট কৰি থ’লে।

 শুভ্র বৰফৰ ৰাজ্য চিয়াচেনত আজি সূৰ্য্যটো অকণমান দেখা গৈছে। সূৰ্য্যৰ কিৰণ পৰি বৰফৰ । চূড়াবােৰ আইনা এখনৰ দৰে জিলিকিছে। ঋষিতে চাই থাকিল। এৰিষায়াে পাহাৰ খুউব ভাল পাইছিল। তাই আজি তাৰ সৈতে থকা হ’লে! চিয়াচেনলৈ বাৰু তাই আহিলহেঁতেননে। কথাটো এনেয়ে ভাবি হাঁহি উঠি গ’ল তাৰ।

 ঋষিতে এটা দিন অবিশ্রান্তভাৱে ঘূৰি ঘূৰি এৰিষাৰ ৰূমমেট মিচু নামৰ ছােৱালীজনীক ভগ্নস্তুপ এটাৰ ওপৰত বহি কান্দি থকা দেখা পাইছিল। এৰিষাৰ লগত আগতেও তাইক সি লগ পাইছে। মিচুক দেখিয়েই ঋষিতে ভাবিছিল, নিশ্চয় সি এৰিষাক পাই গৈছে। এৰিষা আৰু মিচুও সিদিনা একেলগে আহিছিল।

 : মিচু ! সি পগলাৰ দৰে চিঞৰি দৌৰি গৈছিল তাইৰ ফালে।

 : ঋষিদা! মিচু হতবাক হৈ গৈছিল। তাৰ পিছত তাই ঋষিতৰ বুকুত সােমাই প্রচণ্ড জোৰত কান্দিবলৈ আৰম্ভ কৰিছিল।

 : মিচু ! তাইৰ মূৰটো তাৰ বুকুৰ পৰা আঁতৰাবলৈ চেষ্টা কৰি কৈছিল সি— মিচু, কান্দিছা কিয় ? এৰিষা ক’ত?

 তাৰ প্ৰশ্নৰ একো উত্তৰ নিদি মিচুয়ে তাৰ বুকুতে সােমাই মাথোঁ কান্দি আছিল। তাইৰ মূৰটো সি তাৰ বুকুৰ পৰাই আঁতৰাব পৰা নাছিল।

 : এৰিষা নাই।— বহুপৰৰ পাছত মিচুৱে তাক সেই সর্বনাশী সত্যটো জনাইছিল। মূৰ আচন্দ্রাই কৰি আহিছিল ঋষিতৰ। চিৎকাৰ কৰিবলৈও তেতিয়া তাৰ গাত শক্তি নাছিল। মিচুৰ কঁপি থকা শৰীৰটো

সাৱটি সি মাথোঁ বহি পৰিছিল, হাজাৰ মৰাশৰে ভৰি পৰা আহমেদাবাদ চহৰৰ ভগ্নস্তুপ এটাৰ ওপৰত। [ ৪৩ ]
 

ছয়

 আৰু দুটা দিন ঋষিত আৰু মিচুৱে একেলগে আহমেদাবাদৰ বাটে-পথে এৰিষাক বিচাৰি ফুৰিছিল। ঋষিতে যেন মিচুৱে এৰিষাৰ মৃত্যু হােৱা বুলি কোৱা কথাটো বিশ্বাস কৰিব পৰা নাছিল। এৰিষা কেতিয়াও মৰিব নােৱাৰে। এৰিষা কেৱল ঋষিতৰ বাবে। মৃত্যুৰ বাবে নহয়। সি ভাবিছিল ভূঁইকঁপৰ সীমাহীন মৃত্যুযজ্ঞ দেখি কিজানি মিচুৰ মগজুৰ গােলমাল আৰম্ভ হৈছে। সেইবাবেই তাই কিবা-কিবিবােৰ বকিবলৈ আৰম্ভ কৰিছে।

 মিচুৱে কৈছে, ঘটনাৰ দিনাখন তাই আৰু এৰিষা তাহাঁতৰ আহমেদাবাদৰ স্থানীয় বান্ধবী এজনীক হােষ্টেললৈ নিবৰ বাবে মনে মনে হােষ্টেলৰ পৰা ওলাই আহিছিল। সেইদিনাই এৰিষাই ঋষিতৰ পুৰস্কাৰপ্ৰাপ্তিৰ বাবে এটা পার্টি দিয়া কথা আছিল। চাব্বিছ জানুৱাৰীৰ পেৰেডত ঋষিতক একেলগে হােষ্টেলৰ টিভিত চোৱাৰ পাছতে পার্টি আৰম্ভ হােৱাৰ কথা । গতিকে এনেকুৱা এটা পার্টিলৈ তাহাঁতৰ বেষ্ট ফ্রেণ্ড অর্পণাক নিমন্ত্রণ নকৰাৰ প্রশ্নই থাকিব নােৱাৰে। দুদিনৰ পৰা অর্পণাহঁতৰ ফোনটোও বেয়া হৈ আছিল। আগতে ক’বলৈও এৰিষাই ঋষিতৰ খবৰটো আগদিনা সন্ধ্যাহে পাইছিল আৰু পাছদিনাখনতাে বন্ধই।

 : তাৰ পিছত ? – সজল নয়নেৰে সুধিছিল ঋষিতে।

 : আমাৰ হাতত সময় তেনেই কম আছিল। আধা ঘণ্টাৰ ভিতৰতে হােষ্টেললৈ ঘূৰিব লাগে। কেনেবাকৈ ৱার্ডেনে মনে মনে বাহিৰলৈ অহা বুলি গম পালে দিগদাৰ হ’ব। সেয়ে এৰিষাই মােক কৈছিল তাই অর্পণাক লৈ আহিব আৰু মই দোকান এখনৰ পৰা পাৰ্টিৰ বাবে দৰকাৰী বস্তুকেইটামান কিনি আনিম। এইখিনি কৈ মিচু আকৌ কান্দোনত ঢলি পৰিছিল। তাই বাৰে বাৰে কৈছিল—মই সেইটোৱেই ভুল কৰিলোঁ ঋষিদা৷ ময়াে তাইৰ সৈতে যােৱা হ’লে কিজানি তাইৰ একো নহ’লহেঁতেন।

 : শান্ত হােৱা মিচু।--ঋষিতেই বুজাব লগা হৈছিল মিচুক। তাৰ নিজৰ হৃদয় ফাটি ছিৰাছিৰ হৈ গৈছে, অথচ সি প্রকাশ কৰিব পৰা নাই। এইকেইদিনতে মিচু আধা মৰা হৈছে। তাইৰ মুখলৈ চায়েই সি এটা দায়িত্ব সম্পন্ন ককায়েকৰ ভূমিকা ল’বলগা হৈছে। মিচু ফেকুৰি থাকিল। ফেকুৰি ফেকুৰিয়েই তাই ক’লে— জানা ঋষিদা, অর্পণাৰ ঘৰটো মই চিনি নাপাওঁ। এৰিষাই আগতে এবাৰ আহিছিল। তাই অর্পণাক আনিবলৈ যােৱাৰ পিছতে মই দোকান এখনত সােমাইছিলোঁ। তেনেতে দেখােন সকলােবােৰ কঁপি উঠিল। মানুহবােৰ যেনি তেনি দৌৰিছিল। [ ৪৪ ] মই এৰিষা যােৱা ৰাস্তাটোৰে দৌৰিছিলোঁ। তেনেতে ক’ৰবাৰ পৰা কিবা এটা মােৰ গাত পৰিছিলহি। মই জ্ঞান হেৰুৱাই পেলালোঁ।

 ঋষিতে কন্দা নাই। সি কান্দিলে মিচু আৰু ভাগি পৰিব। ঘটনাৰ দিনাৰে পৰা মিচুৱে ভগ্ন অট্টালিকাবােৰৰ মাজে মাজে এৰিষাক বিচাৰি ফুৰিছে। বলে পৰা কংক্রিটৰ টুকুৰাবােৰ আঁতৰাই এৰিষাক পাই নেকি চাইছে। ঋষিতে নীৰৱে তাইৰ কামবোৰ চাই থকৰা বাহিৰে একো কৰা নাই। সি জানে এৰিষা মৰা নাই। তাইক সি ক’ৰবাত লগ পাই যাব। তায়াে চাগৈ তাহাঁতকে বিচাৰি ফুৰিছে।

 মৰাশৰ গােন্ধত আহমেদাবাদৰ বতাহ বিষাক্ত হৈ উঠিছে। দেশী-বিদেশী সাহায্যকাৰী দল, সাংবাদিকৰ ভিৰত মৰিশালী নগৰখন কোলাহলময় হৈ উঠিছে। ভগ্নস্তুপ আঁতৰােৱাৰ বাবে সামৰিক বাহিনী আৰু এন জি অ'ৰ মানুহে অহর্নিশে কাম কৰি আছে। তিনি দিনৰ পাছত ৰহমান খুড়া আৰু ঋষিতৰ দেউতাক ওলালহি। আৰু এদিনৰ পাছত ওলাল মিচুৰ মাক। ঋষিতে ৰহমান খুড়ালৈ চাই ক্ষীণ হাঁহি এটা মাৰিলে। সি লাহে লাহে বিশ্বাস কৰিবলৈ লৈছে, তাৰ ভিতৰৰ মানুহটো ইতিমধ্যে মৰি গৈছে।


সাত


 পুৰা সাত দিনৰ পাছত এৰিষা আৰু অৰ্পণাক বিচাৰি পােৱা গৈছিল। সামৰিক বাহিনীৰ জোৱানে চাফা কৰি থকা এটা কংক্রিটৰ দ’মৰ তলত তাহাঁত দুজনীৰ নিথৰ, থেতেলা খােৱা শৰীৰ দুটা বিচাৰি পােৱা গৈছিল। ঋষিতৰ ওঁঠযােৰ শিল হৈ গৈছিল। তাৰ বুকুখন বৰফ হৈ গৈছিল। ডিঙিয়েদি কোনাে কান্দোন ওলাই অহা নাছিল। মিচু মৃতদেহ দুটাৰ ওচৰত বাগৰি বাগৰি কান্দিছিল। ৰহমান খুড়া আৰু তাৰ দেউতাকে চকুপানী টুকিছিল। মিচুৰ মাকে দৃশ্যটো চাব নােৱাৰি আনফালে চাই চকুলাে মচিছিল।

 ঋষিত যন্ত্ৰৰ দৰে হৈ গৈছিল। সি জানিছিল সি মৰি গৈছে। মৃত মানুহৰ কোনাে অনুভূতি নাথাকে। গতিকে অনুভূতি তাৰো থাকিব নােৱাৰে। দুয়ােটা মৃতদেহৰে সৎকাৰৰ ব্যৱস্থা কৰিছিল ঋষিতে। এৰিষাৰ সি নিজেই মুখাগ্নি কৰিছিল। অর্পণাৰো। ৰহমান খুড়াই তালৈ সজল দৃষ্টিৰে চাইছিল। ভাৱলেশহীনভাৱে সি মাথাে কর্তব্য কৰি গৈছিল।

 চহৰখন আন্ধাৰে আৱৰি ধৰিছিল। ভূঁইকঁপত বিধ্বস্ত চহৰখনৰ এই অংশত বিজুলী বাতিৰ ব্যৱস্থা এতিয়াও পুনৰ আৰম্ভ কৰিব পৰা হােৱা নাই। ঋষিত জ্বলি জ্বলি শেষ হােৱা মৃতদেহ দুটাৰ ওচৰতে বহি নির্বাক হৈ আছিল। দুচকুৱেদি তাৰ দুধাৰি লােতক বৈ আহিছিল। সি অনুভৱ কৰিছিল এয়া যেন পানী নহয়, বিহ। হঠাৎ পগলাৰ দৰে হৈ উঠিছিল সি। কবৰস্থানত বাগৰি বাগৰি সি কান্দিবলৈ আৰম্ভ কৰিছিল। ৰহমান খুড়া আৰু দেউতাকে নধৰা হ’লে সি জ্বলন্ত মৃতদেহৰ ওপৰত পৰিলেহেঁতেন। সুপ্ত আগ্নেয়গিৰি এটাৰহে যেন বিস্ফোৰণ ঘটিল। ৰহমান খুড়াহঁতে তাক চম্ভালিব পৰা নাছিল। সি ক্ৰমাৎ দুর্দান্ত হৈ উঠিছিল।

 : ঋষিদা! —হঠাৎ এখন শীর্ণ হাতৰ স্পৰ্শত ঋষিতে মূৰ তুলি চাইছিল। সি দেখিছিল- মিচু। [ ৪৫ ] তাইৰ ৰঙা চকুহাল আন্ধাৰতাে জিলিকি আছিল।

 : ধৈৰ্য্য ধৰা।— তাইৰ মাতটো পাষানীৰ যেন লাগিছিল। মাতটো যেন তাইৰ পৰা অহা নাছিল। ঋষিতে ক্রন্দন বন্ধ কৰি তাইলৈ চাই ৰৈছিল।

 : আহাঁ। — আকৌ কৈছিল তাই। ঋষিতে তাইৰ আদেশ অমান্য কৰিব পৰা নাছিল। মন্ত্রমুগ্ধৰ দৰে সি সিদনা মিচুৰ কান্ধত ভৰ দি সেই মৃত্যু উপত্যকাৰ পৰা উভতি আহিছিল।

 চিয়াচেনলৈ গুচি আহিছিল ঋষিত। হৃদয়ত জ্বলি থকা জুইকুৰা নির্বাপিত কৰিবলৈকে সি শান্ত, প্রচণ্ড ঠাণ্ডা ঠাইখন বাছি লৈছিল। মনৰ অশান্তিবােৰ নাইকিয়া কৰিবতো সি নােৱাৰে, অন্ততঃ সি কোলাহলৰ পৰা আঁতৰি থাকিব খােজে।

  ৰিপ... ৰিপ... ৰিপ... ঋষিতৰ ৱায়াৰলেছ ছেটটোৱে সাৰ পাই উঠিছিল। ঋষিতে সেইটো অন কৰি কাণৰ কাষত লগালে।

 : পষ্টনং থাৰটিন ৰিপ’ৰ্টছ ইউ, ছাৰ।— সিমূৰৰ পৰা অফিচাৰজনে কৈছে। খন্তেক পিছতে বৰফৰ ধুমুহা অহাৰ সম্ভাৱনা দেখা গৈছে। প্লিজ বি এলার্ট ছাৰ।

 : কনভেই দি মেছেজ টু অল কেম্পাছ। গুৰ গম্ভীৰ স্বৰত সি অফিচাৰজনক নির্দেশ দিলে।

 : অ কে ছাৰ।

 : অ কে। ৱায়াৰলেছ ছেটটো পকেটত সামৰি থ’লে ঋষিতে। বৰফৰ ধুমুহা আহিব। প্রকৃতিয়েও যেন তাৰ বুকুৰ ধুমুহজাকৰ কথা গম পাই গৈছে। ঋষিতে পকেট কেলেণ্ডাৰখন চালে। ফেব্ৰুৱাৰী ন তাৰিখ। ফেব্ৰুৱাৰী মাহৰ এইসময়খিনিত প্রতি বছৰেই ছুটী ল’ব লাগিব। অন্ততঃ তাৰ অশান্ত মনটোক শান্ত কৰিবলৈকে সি ছুটী ল’ব। ঋষিত কেম্পৰ পৰা বাহিৰলৈ ওলাই আহিল। আকাশখন তিমিৰাচ্ছন্ন হৈ পৰিছে। অদূৰত এটা সো-সোঁৱনিৰ শব্দ শুনা গৈছে। বৰফৰ ধুমুহাজাক তাৰ মানে আৰম্ভ হৈছেই। বৰফৰ ধুমুহাৰ পাছত চিয়াচেনৰ শীতৰ প্রকোপ আৰু বৃদ্ধি পাব। ঋষিতে চৰকাৰলৈ প্রয়ােজনীয় সামগ্রী বিচাৰি ইতিমধ্যে চিঠি লিখিছে। এই কেইদিনতে সেই সামগ্রীবােৰ পালেহে জোৱানসকলৰ কষ্টৰ মাত্রা কমিব।

 বতাহৰ বােকোচাত ওলমি অহা বৰফৰ কণাবােৰ য’তে ত’তে ওফৰি পৰিছে। ঋষিতৰ দেহৰক্ষীকেইজন ব্যস্তভাৱে আহি তাৰ কাষত ৰৈছে। সমগ্ৰ চৌপাশটো বৰফৰ কণাৰে শুকুলা হৈ উঠিছে। বতাহে তাহাঁতৰ কেম্পাছটোৰ অস্তিত্বৰ বিৰুদ্ধে যুজ আৰম্ভ কৰি দিছে।

 : ছাৰ। দেহৰক্ষীজনে তাৰ ওচৰত আহি কিবা ক’ব খুজিলে।

 ঋষিতে একমুহূর্ত দেহৰক্ষীজনৰ ফালে চালে। তাৰ পিছত ধীৰ খােজেৰে আহি কেম্পত সােমাল। আৰমী চকীখনত বহি অলসভাবে চিগাৰেট এটা হুপিলে সি। অশান্ত হৃদয়খন তাৰ তেতিয়াও শাঁত নপৰিল।

 ঋষিতে ছুটী ল’লে। চিয়াচেনৰ পৰা দিল্লীলৈ সামৰিক বাহিনীৰ বিমানেৰে আহিল সি। দিল্লীতে দুদিন থাকি সি আহমেদাবাদলৈ যাব। এৰিষাৰ সমাধি দৰ্শনৰ এক তীব্র বাসনা তাৰ জাগি উঠিছে। সি মাককো কৈছে— ঘৰলৈ যােৱাৰ আগতে এবাৰ এৰিষাৰ ওচৰৰ পৰা আহিব। এনেকুৱা লাগিল যেন এৰিষাই তাৰ বাবে আহমেদাবাদৰ সেই শান্ত সমাধিত তাৰ বাবে অপেক্ষা কৰি আছে। সিবাৰ মাতােতেই প্রথমে তাক তেৰ ফেব্ৰুৱাৰীত লগ ধৰিবলৈ সময়ৰ অসুবিধা হ’ব বুলি কৈ সিদিনাৰ ৰাতিটো হােটেলত [ ৪৬ ] থাকিব দিছিল । পিছদিনা অৰ্থাৎ চৈধ্য ফেব্ৰুৱাৰীৰ দিনা তাই তাক কৈছিল—’ইউ আৰ মাই ভেলেন্টাইন।’ বুকুত হাত এখন থৈ কনফেশ্যন বক্সত কোৱাৰ দৰে সি কয়—ইউ আৰ মাই বেষ্ট ভেলেন্টাইন।

 বহুদিন মিচুক লগ পােৱা নাই ঋষিতে। ফোনেৰেই খবৰ খাতিবােৰ লৈ থাকে। সি আহামেদাবাদৰ পৰা ঘূৰি আহি এইবাৰ মিচুৰ ঘৰলৈ যাব। তাইৰ বিয়াখনৰ বাবেও তাইক সৈমান কৰিব লাগিব।

  আহমেদাবাদত ভৰি দিয়েই ঋষিতৰ বুকুখন ভৰি আহিল। সেই ভয়ানক স্মৃতিয়ে আহি তাক আমনি কৰিলেহি। আহমেদাবাদৰ ভগ্নস্তুপবােৰৰ ঠাইত নতুন অট্টালিকা গঢ়ি উঠিছে। আহমেদাবাদবাসীয়ে এই ভয়ানক অভিজ্ঞতাৰ কথা পাহৰিবলৈ চেষ্টা কৰিছে। মাথো ক’ৰবাত ক’ৰবাত স্মৃতিফলকবােৰে সেই ভয়ংকৰ স্মৃতিক জীয়াই ৰাখিছে৷

 মিচুলৈ মনত পৰিছে ঋষিতৰ। কেনেকৈ তাই তাৰ দুখৰ দিনবােৰত সংগ দিছিল, সাহস দিছিল। এৰিষাক হেৰুওৱাৰ সেইদিনবােৰত মিচুৰ উপস্থিতি তাৰ কাষত নােহােৱা হ’লে সিও কিজানি ভগ্নস্তুপৰ মাজত মৃতদেহ হৈ ৰৈ গ’লহেঁতেন।

 মিচুৰ সংসাৰখন পাতি দিব লাগিব। টেক্সীতে সেই বিশেষ হােটেলখনলৈ গৈ থাকোতে সি ভাবি গ’ল! এৰিষা আৰু অৰ্পণাৰ মৃত্যুৰ শােকতে তাই আজিও সংসাৰ কৰিবলৈ ইচ্ছা কৰা নাই। নাই তাইৰ জীৱনটো ধ্বংস হ’ব দিব নােৱাৰি। ঋষিৰ জীৱনটোতাে ইতিমধ্যেই ধ্বংস হৈ গৈছে।

 হােটেলত ভৰি দিয়েই হতবাক হৈ গ’ল ঋষিত।

 : মিচু, তুমি?

 : কিয়, আচৰিত হৈ গ’লা? মই আহমেদাবাদলৈ আহিব নােৱাৰাে নেকি?

 : হ’ব হ’ব। কাজিয়া পাছত। ঋষিতৰ ওঁঠত বিষাদৰ হাঁহি এটা বিৰিঙিল। ৰূম ল’লা?

 : ল’লোঁ। ছেকেণ্ড ফ্লৰ থার্টি ৱান আৰু থার্টি টু।

 : দুটা ৰূম ল’লা যে! ঋষিতে আচৰিত হৈ সুধিলে।

 : এটা তােমাৰ বাবে আক’। তুমি আহিবা বুলি মই জানােৱেই। তােমাৰ মাই মােক সকলাে কৈছে।

 সঁচা।— ঋষিতে তাইলৈ বিশ্বাস অবিশ্বাসেৰে চালে।

 : তুমি বহুত খীণাইছা ! হােটেলৰ ৰূমত মুখ হাত ধুই চাহ একাপ খাবলৈ তললৈ নামি আহোঁতে ঋষিতে ক’লে।

 : তুমি হ’বলা খীণােৱা নাই। মিচুৱে ক’লে।

 — তােমাক যে একদম কংকালটোৰ দৰেহে লাগিছে।

 : হয়নেকি’ ঋষিতে প্রসংগ সলনি কৰি ক’লে- মা ভালে আছে?

 : ওঁ ! মিচুৱে শলাগিলে।

 সিদিনা ৰাতি সােনকালেই আহাৰ খাই সিহঁত দুটা নিজৰ নিজৰ ৰূমত সােমাল। দিনটো ঘূৰি ঘূৰি তাহাঁতৰ ভাগৰ লাগিছিল। তাৰ উপৰি ঘৰৰ পৰা অহাৰ ভাগৰেও সিহঁতক ক্লান্ত কৰি তুলিছিল। আটাইতকৈ বেছি ক্লান্ত আছিল তাহাঁতৰ মন। কথা পাতিবলৈ ভাষাই হেৰুৱাই পেলাইছিল সিহঁতে।। বহু ৰাতিলৈকে সিহঁত দুটাৰ এটাৰাে চকুত টোপনি অহা নাছিল। পূর্বৰ সেই ভয়ানক দিনবােৰৰ স্মৃতিয়ে দুয়ােৰে মনত তােলপাৰ লগাইছিল। শেষৰ ৰাতিলৈ মিচুৰ চকুত টোপনি আহিছিল।

 : টক্... টক্... টক্...! খুউব পুৱাতেই কোনােবাই দুৱাৰত টুকুৰিয়াইছিল। চকু মােহাৰি মিচুৱে [ ৪৭ ] দুৱাৰ খুলি দিছিল। সন্মুখত ঋষিত।

 : উৱা ওলালাই! মই যে সাৰেই পােৱা নাছিলোঁ। কথাটো কৈ তাইৰ অকণমান লাজ লাগিল। ঋষিদাই বাৰু কি ভাবিব! এৰিষাৰ মৃত্যুভূমিত তাইৰ সুখৰ টোপনি!

 : সোনকাল কৰা’—সি আহি তাইৰ কোঠাৰ বিছনাখনতে বহিছিল। মিচু লৰালৰিকৈ বাথৰূমত সােমাইছিল। বাথৰূমৰ পৰা ওলায়েই তাই দেখিলে, ঋষিতে তাইৰ কাপােৰ-কানিবােৰ সামৰি বেগত ভৰাই আছে৷

 : ঋষিদা! বস্তুবােৰ! তাইৰ খােকোজা লাগিছিল।

 : আমি একেবাৰে হােটেল এৰি যামগৈ।—সি কৈছিল। ময়াে বেগ লৈয়েই লৈছোঁ। তুমি সােনকালে ওলােৱা।

 একো নকৈ মিচুৱে যাবৰ বাবে সাজু হৈছিল। ঋষিতক আজি বেছি আমনি কৰিবলৈ তাইৰ ভয় লাগিছে।

 : হ’ল তােমাৰ ?— তাইলৈ চাই ঋষিতে সােধে।

 : ওঁ ব’লা। -কোঠাৰ দুৱাৰখন লক্ কৰি সিহঁত দুটা ওলাই আহিল।

 : ঋষিদা, এতিয়া বেগবােৰ ক’ত থ’বা? বেগ কঢ়িয়াবলৈ আমনি পাইছে মিচুৱে। তাৰ উপৰি বেগ দুটা অনর্থক কঢ়িয়াই লৈ ফুৰাতকৈ ক’ৰবাত থৈ লােৱাই ভাল।

 : বেগবােৰ আৰু কিয় থ’ব লাগে?—ঋষিতে ক’লে—আমিতাে এতিয়া এয়াৰপৰ্টলৈ গৈ আছোঁ। আজিৰ ফাৰ্ষ্ট ফ্লাইটখনতে পাৰিলে ইয়াৰ পৰা উভতি যাম।

 : কি?— মিচুৰ মূৰত যেন সৰগহে ভাগি পৰিল।

 : ওঁ। ঘূৰি যাম।—ঋষিতে গম্ভীৰ স্বৰত ক’লে।

 : কিন্তু ঋষিদা। মইতাে এৰিষা-অর্পণাৰ...

 : সমাধিলৈ যাব খুজিছিলা...। তাইৰ ওঁঠৰ পৰা বাক্যটো কাঢ়ি লৈ ঋষিতেই কৈ পেলালে। ময়াে সেইবাবেই আহিছিলোঁ মিচু৷ হৃদয়ত জ্বলি থকা দগমগীয়া ঘা টুকুৰাৰ জ্বালা অলপ কমক বুলিয়েই মই তাহাঁতৰ ওচৰলৈ আহিছিলোঁ। কিন্তু প্রতিবাৰেই একেই যন্ত্রণা লৈ মই উভতি যাওঁ। ঋষিতে একেৰাহে কৈ গৈছে।

 : ঋষিদা! মিচুৱে আর্তনাদ কৰি উঠিল।

 : মই ভাবিছো কি জানা, মিচু ! ঋষিতে ক’লে, মােৰ বুকুৰ যন্ত্ৰণাখিনি তােমালৈ সংক্রমিত নহওক। মােৰ দৰে তুমি এই জুইকুৰা চিৰদিন জ্বলাই ৰাখিব নালাগে।

 টেক্সীখন তীব্র গতিত এয়াৰপৰ্টৰ ফালে গৈ আছে। ঋষিতৰ কথাবােৰ মিচুৱে মাথাে শুনি গৈছে। খিৰিকীৰে বাহিৰলৈ চাই আহিছে তাই। ঋষিদাক ক’বলৈ তাই একো ভাষা বিচাৰি পােৱা নাই।

 : ঋষিদা। মাত্র এবাৰৰ বাবে এৰিষা আৰু অৰ্পণাক... তাই কাকুতি কৰি উঠিল।

 : ওহে! ঋষিতে গম্ভীৰ স্বৰেৰে ক’লে।

 টেক্সীখন এয়াৰপৰ্টৰ ওচৰত ৰৈছিল৷ ঋষিতে খৰখােজে কাউণ্টাৰৰ ওচৰলৈ আগুৱাই গৈছিল। মিচু কিছুদূৰত থিয় হৈ থাকিল।

 : মিচু! পাই গ’লাে টিকট! ঋষিতে চিঞৰি চিঞৰি উভতি চালে। সি দেখিলে, থিয় হৈ থকা ঠাইত [ ৪৮ ] মিচু নাই৷

 দৌৰি দৌৰি ঋষিতে টেক্সী এখন ৰখালে। এতিয়া সি মিচুক বিচাৰিব লাগিব। এৰিষাৰ ভয়ংকৰ স্মৃতিৰ মাজত সি মিচু হেৰাই যােৱাটো নিবিচাৰে৷


 উপসংহাৰ : গুজৰাটৰ সেই প্রলয়ংকাৰী ভূঁইকঁপত প্রাণ হেৰুওৱা অগণন মানুহৰে অন্যতম এৰিষা আৰু অৰ্পণা। আৰু আপােনজনক চিৰদিনলৈ হেৰুৱাই ভগ্ন হৃদয় কঢ়িয়াই লৈ ফুৰা অযুত লােকৰ প্রতিনিধি ঋষিত আৰু মিচু। ঋষিতে যন্ত্রণাৰ জুইকুৰা অকলেই কঢ়িয়াই লৈ ফুৰিব খুজিছিল। মিচুৰ জীৱনটোক সি সেই যন্ত্রণাৰ সৈতে সাঙুৰিব খােজা নাছিল। সেই প্রচেষ্টাত বাৰু সি সফল হ’বনে? মিচুৱে পাহৰি যাব পাৰেনে সেই ভয়ংকৰতম স্মৃতি! সেই সিদ্ধান্ত পাঠকৰ ওপৰত এৰি

দিলোঁ। [ ৪৯ ]
 

কুমাৰী সময়

এক

 হােটেলৰ চাৰিখন বিছনাযুক্ত কোঠাটোত অকলে বহি আছে অনুলেখ। তাৰ তিনিওটা ৰূমমেট ঘৰলৈ গৈছে। এটা প্রাইভেট ইঞ্চিওৰেঞ্চ কোম্পানীত সিহঁত কেইটা মার্কেটিং এক্সিকিউটিভ হিচাপে নতুনকৈ মকৰল হৈছে। পােন্ধৰ দিনীয়া এটা ট্ৰেইনিঙৰ বাবে সিহঁতকেইটা ’কুইন্সলেণ্ড’ নামৰ এই তিনি তাৰকাযুক্ত হােটেলখনত আছেহি। ট্রেইনিং ইতিমধ্যে শেষ হৈছে। তিনি দিনৰ বিৰতিৰ পাছত এটা টেষ্ট হােৱাৰ কথা। আচলতে টেষ্টটো লগে লগেই হৈ যােৱাৰ কথা আছিল, কিন্তু ট্ৰেইনিঙৰ ’ভেলিডিক্টৰী’ অর্থাৎ সামৰণি অনুষ্ঠানৰ দিনাখনত কোম্পানীৰ চীফ এক্সিকিউটিভ উপস্থিত থকাৰ কথা বাবে আৰু তেখেতে অলপ পলমকৈহে সময় উলিয়াব পৰা বাবে সিহঁতৰ ভেলিডিক্টৰী অনুষ্ঠানটো তিনিদিন পিছুৱাই গ’ল। এই তিনিদিন এতিয়া সিহঁতৰ একো কাম নাই। সেইবাবেই তাৰ ৰূমমেটকেইটা ঘৰলৈ গ’লগৈ। সিহঁতে প্রত্যেকেই অনুলেখক নিজা নিজা ঘৰলৈ লগ ধৰিছিল। সিহে নগ’ল। আচলতে তাৰ নিজা ঘৰ বুলিবলৈ এতিয়া একো নাই বুলিলেই হয়। মাক-দেউতাক দক্ষিণ ভাৰতৰ ফালে ফুৰিবলৈ গৈছে। একমাত্র ভনীয়েকজনীৰ কেতিয়াবাই বিয়া হৈ গৈছে। স্বামীৰ সৈতে তাই এতিয়া বিদেশত। অনুলেখহঁতৰ অসম আৰ্হিৰ ঘৰটোৰ এটা পার্ট এটি পৰিয়ালক ভাড়া দি থৈছে। কাৰ্যতঃ তেওঁলােকেই এতিয়া অনুলেখহঁতৰ ঘৰখনৰ ৰখীয়া।

 গুৱাহাটীৰ লগত অনুলেখৰ এটা আবেগিক সম্পর্ক আছে। গুৱাহাটীৰ আৱৰ্জনাময় ভঙা-ছিঙা ৰাস্তবােৰক লৈ মুখেৰে যিমান গালি-গালাজ কৰিলেও, হৃদয়েৰে সি গুৱাহাটীৰ প্রতিটো অলি-গলি, বিশেষকৈ মালিগাঁও, ফাঁচী বজাৰ, ভৰলু, পাণবজাৰ, পল্টনবজাৰ আদিৰ চুক-কোণত এক অদ্ভুত সুতীব্র আত্মীয়তাৰ গােন্ধ পায়। এই আত্মীয়তাৰ গােন্ধৰ পৰা আঁতৰি থাকিবলৈকে সি যােৱা তিনিটা বছৰে বাংগালুৰুত আছিল। পাহৰি যাবলৈ চেষ্টা কৰিছিল সি বহুত কথা। কোম্পানীৰ চাকৰিৰ ব্যস্ততাৰ মাজত নিজকে অনুভূতিহীন যন্ত্র এটাৰ দৰে গঢ়ি তােলাৰ নিৰংকুশ প্রয়াসত ব্যর্থ হ’ল সি। অৱশেষত সি পুনৰ তাৰ দুখীয়া ৰাজ্যখনলৈ, বিশৃংখল সৰু মহানগৰ গুৱাহাটীখনলৈ উভতি আহিছে সি।

 কিনকিনিয়া বৰষুণ পৰিছে। বৰষুণ এই কেইদিন মাজে মাজে হৈয়েই আছে। সি ৰূমটোৰ লগত সংযুক্ত বেলকনিলৈ ওলাই আহিল। চার্ট এটা মেলি থােৱা আছিল। সেইটো ভিতৰলৈ লৈ আনি ফেনৰ তলতে মেলি দিলে। কোঠাৰ চকীখন টানি আনি সি এইবাৰ বেলকনিত বহি ল’লে। অভ্যাসবশতঃ তাৰ [ ৫০ ] ভৰি দুটা বেলকনিৰ গ্রিলত বগাই গৈ এটা কঁপনি তুলি থাকিল। সি দেখিলে, সিহঁতৰ হােটেলখনৰ সন্মুখত থকা কটন কলেজৰ পদার্থ বিজ্ঞান বিভাগৰ বিল্ডিংটোলৈ এজাক ল’ৰা-ছােৱালী আহিছে। বৰষুণজাকৰ পৰা ৰক্ষা পাবলৈ ল’ৰাজাকে দৌৰি দৌৰি বাৰাণ্ডাত উঠিছে। ৰং-বিৰঙৰ কাপােৰ পিন্ধা ছোৱালীজাকে বৰষুণত মেলি লৈ অহা বিভিন্ন ৰঙৰ ছাতিবােৰ বাৰাণ্ডাত শুকাবলৈ থৈ দিছে। অনুলেখৰ কঁপি থকা ভৰি দুটা ৰৈ গ’ল। সি বেঙা মেলি ল’ৰা-ছােৱালীজাকলৈ চালে। সিহঁত ক্লাছ ৰূমলৈ সােমাই গৈছে। অধ্যাপক যেন লগা মানুহ এজন ব্যস্ততাৰে কৰিড’ৰেৰে খােজকাঢ়ি গৈছে।

 কিমান দিন হ’ল বাৰু? অনুলেখ যেন টাইম মেচিনত উঠি উভতি যাব অতীতলৈ। পােহৰৰ গতিতকৈ বেছি বেগেৰে যােৱাৰ সুবিধা থকা সেই বহুকথিত টাইম মেচিনটো যে আজিও আৱিস্কৃত নহ’ল। হােৱাহেঁতেন! আহ!

 খাইৰুল, বিপুল, শিৱাশীষ, গােলাপ, তপন, নৃপেন, অসীম, গুঞ্জনহঁত, জ্যোতিবিকাশ, নৱজ্যোতি, বিজয়কৃষ্ণ, বিকলহঁত অথবা পাটৰ, মুনীন, মনােৰঞ্জন অথবা অজয় শংকৰ তাৰ কিমান অভিন্ন বন্ধু আছিল। সকলােবােৰ নিজা নিজা কক্ষপথত ব্যস্ত। জীৱিকা অথবা জীয়াই থকাৰ তাড়নাক কেন্দ্ৰ কৰি । ব্যস্ততাৰ কক্ষপথেৰে সকলােৱে মাথোঁ পৰিভ্ৰমণ কৰি আছে। প্রচণ্ড ব্যস্ততাৰ এই তুমুল যান্ত্রিকতাত কিমান মানৱীয় আৱেগৰ প্রতিদিনে অপমৃত্যু ঘটিছে, তাৰ কোনাে হিচাপ নাই। বিশ্ব ব্রহ্মাণ্ডৰ গ্রহ-উপগ্রহ- নক্ষত্রকে ধৰি সকলােৱেই মাথোঁ নিজৰ কক্ষপথত বন্দী। ইচ্ছা থাকিলেও কোনেও কাৰােলৈ একমুহূর্তও। ৰ’বলৈ সময় নাপায়। অনুলেখাে বন্দী। ইচ্ছা থাকিও জীৱনত সি বহু কাম কৰিব নােৱাৰিলে। কক্ষপথৰ প্রবল মাধ্যাকর্ষণ শক্তি নেওচি সি উল্কাপিণ্ডৰ দৰে খহি পৰিব নােৱাৰিলে।

 তাৰ বন্ধুহঁতে বাৰু তাক মনত ৰাখিছেনে। পুৰণি বেমাৰটোৱে আকৌ উক দিলে তাৰ। অকলশৰীয়া হৈ অকণমান ভাবত ডুব গ’লেই সি নষ্টালজিয়াত ভােগে। তাৰ দুচকুৰ সন্মুখত সােণােৱালী অতীতৰ ছবিবােৰ ক’লাজ হৈ অহা-যােৱা কৰে। তাৰ সােণালী শৈশৱ আৰু স্বপ্নীল যৌৱনৰ বর্ণময় দিনবােৰে খুউব আমনি কৰে তাক। এগাল উচ্চাকাংখা লৈ কলেজত পঢ়িবলৈ অহা এজাক তৰুণৰ মাজত সিও কিদৰে ৰণুৱা ঘোঁৰা এটাৰ দৰে দৌৰি ফুৰিছিল। তেতিয়া সিহঁতে যেনিয়েই চাইছিল, সেইপিনেই দেখা পাইছিল জিলমিল তৰাৰ হাঁহি। কলেজৰ ‘ফেয়াৰৱেল’ত প্রত্যেকে প্রত্যেকক নাপাহৰাৰ প্রতিশ্রুতি দিছিল।

 অনুলেখৰ নিজকে অচল মুদ্ৰাৰ দৰে লাগিল। সিহে যেন পিছপৰি থাকি গ’ল। জীৱনৰ মাৰাথান দৌৰত বাকীবােৰ দেখােন বহুদূৰ আগুৱাই গ’ল। ব্যস্ততাৰ ভূষণ পিন্ধি সকলাে হেৰাই গ’ল কৰ্মৰ সমুদ্রত। অথচ অনুলেখ। বিজনেছ এডমিনিষ্টেচনত মাষ্টাৰ ডিগ্ৰী কৰি এটা নামজ্বলা কোম্পানীত মােটা দৰমহাৰ চাকৰি কৰি তিনিটাকৈ বছৰ অসমৰ বাহিৰত থাকিও সি প্রেম, বন্ধুত্ব, আবেগ, অনুভূতিৰ নিচিনা বিষ কিছুমান বুকুত লৈ ৰৈ গ’ল। কেৰিয়াৰ আৰু সমাজৰ কঠোৰ বাধ্যবাধকতা এই দুই প্রবল শক্তিৰ আঘাতত সি যেন উফৰি আহি ক’ৰবাত ছিটিকি পৰিলহি; য’ৰ পৰা সি আৰু কাকো দেখা নাপায়।

 এতিয়াও অৱশ্যে তাৰ কেইজনমান বন্ধুৰ সৈতে যােগাযােগ আছে- পংকজ, হেমন্ত, চিদানন্দ। ইহঁতাে কিজানি আও পুৰণি স্বভাৱৰ। অনুলেখৰ ভাবিবলৈ মন গ’ল।

 বৰষুণজাক ক্ৰমাৎ ডাঙৰ হৈ আহিছে। বৰষুণৰ ছিটিকনি আহি অনুলেখৰ গালে মুখে পৰিছেহি। সি বেলকনিৰ পৰা চকীখন টানি আনি কোঠাত সুমুৱালে। চাহ একাপ খাবৰ ইচ্ছা এটা হৈছে। ইণ্টাৰকমত মেনেজাৰক চাহ একাপ পঠাবলৈ কৈ অনুলেখ বিছনাত অলসভাৱে বহি পৰিল। শিতানত গাৰু দুটা জাপি [ ৫১ ] লৈ সি হেলনীয়াকৈ বহিলে। বিছনাতে পৰি থকা ’ইণ্ডিয়া টুডে’ আলােচনীখন সি চকুৰ আগত মেলি ল’লে। আলােচনীখনত কিন্তু তাৰ অলপাে মন নবহিল। তাৰ মনটো যেন অতীতৰ ঘটনাবােৰৰ মাজত এটা লাগি ধৰাদি লাগি ৰৈছে।

 : টক্ টক্। মুহূৰ্তলৈ অনুলেখৰ চিন্তাত যতি পৰিল। দুৱাৰখন ঠেলি ৰূম ছাৰ্ভিচৰ ল’ৰাটো একাপ চাহ লৈ সােমাই আহিল। অনুলেখে চাহকাপ লােৱাৰ পাছত সি নিঃশব্দে ওলাই গ’লগৈ।

 চাহকাপত দীঘলীয়া শােহা এটা মাৰি অনুলেখ পােন হৈ বহিল। চাহকাপ বেছ সুন্দৰ হৈছে। সি আটাইতকৈ ভালপােৱা চাহকাপ খােৱাৰ সুযােগ এতিয়া হেৰাই গৈছে। মাকে বনােৱা চাহকাপ খাই কিয় জানাে তাৰ সিমান ভাল নালাগিছিল। তাৰ পৰিৱর্তে সি প্ৰচুৰ ভাল পাইছিল ভনীয়েকে দিয়া চাহকাপ। আহ্ কি যে তৃপ্তি। কি যে সতেজতাভৰা চুমুক। অনুলেখে সেইবাবে প্রতিকাপ চাহৰ বাবে ভনীয়েক পূবালীমাক খাতিৰ কৰিছিল। তায়াে জানাে কম আছিল! কি যে অদ্ভুত আব্দাৰ! সি নির্বিবাদে তাইৰ আব্দাৰ মানি লৈছিল। প্রতি কাপ চাহৰ বাবে সি তাইলৈ নিজৰ পকেটমানি খৰচ কৰি চকলেট, লিপষ্টিক অথবা নেইল পলিছ কিনি আনিব লগা হৈছিল। অথবা তাইৰ কোনাে বান্ধৱীৰ ঘৰলৈ তাৰ বাইকৰ পিঠিত উঠাই লৈ যাব লাগিছিল। মাকেতাে তাক কৈছিলেই– ইস! ভনীয়েৰে বনাই দিয়া চাহ কাপ যেন সমুদ্র মন্থন কৰি ওলােৱা অমৃতহে। তই দেখােন তাইৰ গােলামি কৰিয়েই আহৰি নাপাৱ!

 মাকো বাৰু তাৰ ভনীয়েক পূবালীমাৰ প্রতি ঈর্ষান্বিত হৈছিল নেকি! নাৰী হেনাে পৰস্পৰৰ প্রতি ভয়ানক ঈর্ষাপৰায়ণ। মাক-জীয়েকৰ পবিত্র সম্পর্কই নাৰীৰ এই সহজাত ঈর্ষাপৰায়ণতাক ঢাকি ৰাখিব পাৰেনে!

 চাহকাপ শেষ হৈ আহিছিল। খালি কাপটো কোঠাৰ টেবুলত থৈ সি টেবুলৰ এচুকে নিঃশব্দে পৰি থকা ইণ্টাৰকমটোলৈ চালে। এইমাত্র যদি ভনীয়েক পূবালীমাৰ এটা ফোন আহিলেহেঁতেন। প্রচণ্ডভাৱে চুৰমাৰ হৈ গ’লহেঁতেন তাৰ নিঃসংগতাৰ যন্ত্রণা। প্রচুৰ আত্মীয়তাৰ সুবাদে ধুই নিলেহেঁতেন তাৰ সকলাে দুর্ভাবনা! হাঁহি হাঁহি হয়তাে সি পূবালীমাৰ ছােৱালীজনী অর্থাৎ তাৰ একমাত্র ভাগিনজনীৰ সৈতে বার্তালাপত ব্যস্ত হৈ পৰিলেহেঁতেন। পূবালীমাই তাৰ মাজতে চিঞৰ বাখৰ কৰি কিবা কিবি কৈ থাকিলেহেঁতেন।

 হুমুনিয়াহ এটা বুকুৱেদি উজাই আহি ৰৈ গ’ল। অনুলেখে হুমুনিয়াহ নাকাঢ়িলে। পূবালীমা নামৰ তাৰ মৰমৰ ভনীয়েকজনীৰ বাবে হুমুনিয়াহ কাঢ়িবলৈ সি আৰু যােগ্য হৈ থকা নাই। হয়তােবা তাই তাক মৰি যােৱা বুলিয়েই ধৰি লৈছে। তাইৰ বাবে এতিয়া একালৰ মৰমৰ ককায়েকযােৰ বাবে কোনাে অনুকম্পা নাই। দুঃসহ স্মৃতি বুলি পেলনীয়া সামগ্ৰীৰ ডাষ্টবিনত হয়তাে পৰি ৰৈছে। তাই বিয়াৰ পিছত লৈ যােৱা অনুলেখৰ ফটোগ্রাফ।

 পূবালীমা এতিয়া নিউয়র্কত থাকে। এসময়ৰ অনুলেখৰ বন্ধু নিখাঞ্জ কাশ্যপৰ সৈতে বিয়াখন সিয়েই ঠিক কৰিছিল। হায়াৰ ছেকেণ্ডাৰীলৈ অনুলেখ আৰু নিখাঞ্জ একেলগে পঢ়িছিল। তাৰ পিছত নিখাঞ্জে দিল্লী আই.আই.টিত ছিট পাই পঢ়িবলৈ গুচি গৈছিল৷ অনুলেখে এগ্রিকালচাৰ পঢ়িছিল। অনুলেখ আৰু নিখাঞ্জৰ বন্ধুত্ব কিন্তু অক্ষুন্ন আছিল। সেই নিখাঞ্জকে সি মনে মনে বহুদিনৰ পৰা ভনীয়েক পূবালীমাৰ দায়িত্ব দিব বুলি ভাবি থৈছিল। কাৰণ সি পূবালীমাৰ বাবে এখন নিৰাপদ ঘৰ সদায়েই বিচাৰিছিল। সি জানিছিল নিখাঞ্জ নামৰ এই দৃঢ়মনা, চৰিত্ৰবান ল’ৰাটোৰ হাতত তাৰ ভনীয়েকজনী গতাব পাৰিলে সি সিহঁতৰ দাম্পত্য জীৱন লৈ কোনােদিন অসুখী হ’ব নালাগিব। নিখাঞ্জৰ যেতিয়া বিবাহৰ কথা চলিছিল তেতিয়া সি [ ৫২ ] তাক স্বার্থপৰৰ দৰে পূবালীমাৰ কথা কৈছিল। নিখাঞ্জক তেনেকৈ ভনীয়েকক বিয়া কৰােৱাৰ প্ৰস্তাৱ দিবলৈ অনুলেখৰ ভাল লগা নাছিল। বন্ধুত্বৰ সুযােগ লােৱা বুলি ভাবিব বুলি শংকা হৈছিল তাৰ। তথাপি সি ভনীয়েকৰ নিৰাপদ ভৱিষ্যতৰ স্বাৰ্থত নিজা মান-অভিমান-আত্মসম্মান সকলাে জলাঞ্জলি দিবলৈ ৰাজী আছিল৷

 অৱশ্যে নিখাঞ্জে তাৰ সকলাে দুশ্চিন্তা আৰু আশংকা অমূলক বুলি প্রতীয়মান কৰিছিল। অনুলেখে তাৰ আগত ভনীয়েকৰ হৈ বিয়াৰ প্ৰস্তাৱ দিয়াত সি অনুলেখক সাবট মাৰি ধৰি কৈছিল— মই জানিছিলোঁ দোস্ত! তই মােৰ হৃদয়ৰ বতৰা আগতেই গম পাই যাবি। পূবালীমাৰ প্রতি মােৰ প্রেম বহুদিনীয়া, মাথোঁ তােৰ আৰু তাইৰ সন্মুখত ক’ব পৰা নাছিলোঁ।

 : কি! বিস্ময় আৰু আনন্দ মিহলি মাতেৰে অনুলেখে কৈছিল—ইড আৰ ইন লাভ উইথ হাৰ।

 : হাড্রেড পার্চেন্ট। স্মার্ট ল’ৰা নিখাঞ্জৰ মুখতাে সিদিনা লাজৰ ছিটিকনি পৰিছিল।— বাট আই হেভ বীন এ চাইলেন্ট লাভাৰ।

 : ওহোঁ। একেবাৰে ডান্টেই ওলালহি। অনুলেখে জোকাইছিল তাক।

 : টিট...টিট...টিট। ধাতৱ শব্দটোত শান্তনু প্রায় উচপ খাই উঠিল। সুপ্ত আগ্নেয়গিৰি এটাহে যেন হঠাৎ সক্রিয় হৈ উঠিল। সি ভাৱনাৰ মাজত ইমান গভীৰভাৱে ডুব গৈ আছিল যে ইণ্টাৰকমৰ ক্ষীণ শব্দটোত তাৰ কাণত তীব্র হৈ ধৰা দিলে। সি বিছনাৰ পৰা উঠি আহি সাহসেৰে ৰিছিভাৰটো দাঙি ল’লে। খবৰ এটা পােৱা? কুশল বার্তা বিনিময়ৰ পাছত পংকজে ক'লে— শান্তনুৰ ৰিং চেৰিমনি হৈ গ'ল । সিমূৰত মেনেজাৰে তাৰ ফোন থকা বুলি কৈ কানেকচন দি দিছে।

 : হেল্ল’ অনুলেখ! মাতটো পংকজৰ বুলি সি ধৰিব পাৰিলে।

 : খবৰ এটা পোৱা? কুশল বাৰ্তা বিনিময়ৰ পাছত পংকজে ক’লে— শান্তনুৰ ৰিং চেৰিমনি হৈ গ’ল নহয়!

 : হয় নেকি! অনুলেখৰ কণ্ঠত উচ্ছাস। সি এতিয়া ক’ত থাকে জানা নেকি?

 : এডজেক্টলি ক’ব নােৱাৰোঁ। ইউ পিৰ ফালে বেংক এটাত চাকৰি কৰি আছে বুলি জানাে।

 : আচ্ছা। -অনুলেখে শলাগিলে। দুটামান কথা পাতি পংকজে ফোন থৈ দিলে।

 শান্তনু। অনুলেখহঁততকৈ দুবছৰ ছিনিয়ৰ স্মার্ট, ইনটেলিজেন্ট ল’ৰাটোৰ মুখখন ভাহি আহিল। ভাল কুইজ কৰিছিল। বেংক প্রবেচনাৰী অফিচাৰৰ পৰীক্ষাত প্রথম প্রয়াসতে সফল হৈছিল সি৷ চাকৰিলৈ যােৱাৰ পাছত অনুলেখহঁতৰ লগত ভাল সম্পর্ক থকা সেই ল’ৰাটোৰ লগতাে যােগসূত্র হেৰাই গ’ল। ‘একেখন নদীৰ একেখিনি পানী দুবাৰ লগ পাব নােৱাৰি’– আণ্ড্ৰে মালৰােৱে মিছাই কৈছিলনে।

 শান্তনুক এবাৰ দৰাৰ সাজত কল্পনা কৰিলে অনুলেখে। খীন,বুদ্ধিমান মুখমণ্ডলৰ অভিজাতিক চেহেৰাৰ ওপৰত সুতীব্র চকুযুৰি ঢাকি ৰখা সামান্য পাৱাৰযুক্ত সৰু ফ্ৰেমৰ চছমাযােৰ। বেছ। বেছ সুন্দৰ লাগিব তাক৷

 তাৰ এই হােটেলখনৰ ৰূমমেট ছামাদ আলীৰাে বিয়াৰ প্রস্তুতি চলিছে। মাক-দেউতাকে হেনাে ইতিমধ্যে তাৰ বাবে ক’ৰবাত ছােৱালী চাইছে। এতিয়ালৈকে ছামাদেহে ছােৱালীজনীৰ বিষয়ে একো জানিব পৰা নাই। নাই যে নাই, ফটো একপিও বােলে দেখুওৱা নাই। সিনাে নিজেই উপযাচি ফটো কপি কেনেকৈ খােজে।

 অনুলেখৰ অন্য দুটা ৰূমমেট শুভেন্দু আৰু মনজিৎ ছামাদৰ গাৰ ওপৰতে জপিয়াই পৰিব। এই কেইদিনৰ সাহচৰ্য্যতে অনুলেখে বুজিছে সিহঁত দুটা প্ৰচুৰ প্ৰাণ শক্তিৰে ভৰপূৰ ল’ৰা। কেইদিনমানৰ [ ৫৩ ] আগতে মাত্র এম বি এ কৰি ওলাইছে। অনুলেখৰ দৰে জীৱন যুদ্ধত চেপা-খুন্দা খাই ভাগৰি যাবলগা হােৱা নাই। জীৱনটোৰ পৰা সিহঁতৰ আশাও বহুত বােজা। যিকোনাে মুহূর্ততে সজীৱ কৰি ৰাখিব পৰা স্ফুৰ্তিবাজ মনজিতে ছামাদৰ কাণৰ কাষত গৈ চিঞৰিছিল — মাই গুডনেছ, মৰিব খুজিছা ? আজিকালিৰ ল’ৰা হৈ হ’বলগা কইনাৰ বিষয়ে নজনা-নুশুনাকৈ বিয়াত বহিব খুজিছা ! শ্বাচ এ ডেড্লি ব্লাডাৰ।

 ছামাদ অলপ সহজ-সৰল ল’ৰা। সি অঁকৰাৰ দৰে এবাৰ মনজিৎ আৰু এবাৰ শুভেন্দুলৈ চাইছিল। ইহঁত দুটাই তাক কেনেকৈ আচৰিত জন্তু এটা চোৱাৰ দৰে চাইছে।

 : হি ইজ ইট ছামাদ। শুভেন্দুৱে এইবাৰ আৰম্ভ কৰিছিল- মনজিতে একেবাৰে সঁচা কথা কৈছে। তুমি বাৰু সঁচাকৈ হ’বলগা কইনাৰ বিষয়ে একোকে নাজানা নেকি?

 : সঁচাকৈ নাজানাে ভাই। মিছা মাতিম কিয় ?— ছামাদে অনুলেখৰ ফালে চাই ক’লে।

 : তুমি জনা উচিত। বিচাৰকৰ দবে মন্তব্য কৰিছিল। অনুলেখে। আচ্ছা কোৱাচোন, বিয়া পাতিবৰ বাবে তুমি কেনেকুৱা ছােৱালী এজনী বিচাৰা ?

 : কেনেকুৱা হ’ব লাগে আৰু! অকণমান ভাবি ছামাদে উত্তৰ দিছিল কিউট, কেয়াৰিং এণ্ড হ’মলি।

 : এণ্ড হােৱাট এবাউট ভার্জিনিটি? কুমাৰীত্ব নহ’লেও চলিব? অনুলেখে কিবা এটা কোৱাৰ আগতেই মনজিতে ছামাদলৈ তীব্র দৃষ্টিৰে চাই প্রশ্ন কৰিছিল।

 : ছিঃ কি যে কোৱা! ছামাদৰ যেন লাজ লাগি গৈছিল।

 : কি কোৱা মানে? শুভেন্দুৱে টপৰাই কৈছিল— এইবিলাক আজিকালি একদম ফেক্ট। প্রেকটিকেল সঁচা কথা। শুভেন্দু ছামাদৰ বিছনাতে লেপেটা কাঢ়ি বহি লৈছিল। অনুলেখে বুজিলে এতিয়া ভার্জিনিটিৰ ওপৰত দীঘলীয়া বক্তৃতা এটা আৰম্ভ হ’ব।

 : জানানে ছামাদ! আজিকালি বহু ছােৱালীয়েই ঘৰৰ বাহিৰত থাকি পঢ়িবলৈ আহি নষ্ট হৈ গৈছে। অভিভাৱকৰ কঢ়া শাসনৰ পৰা হঠাৎ মুক্তি পাই যােৱা এই ছােৱালীবােৰে অত্যাধুনিক হ’বলৈ গৈ সহজেই কিছুমান দুষ্ট চতুৰ ল’ৰাৰ ফান্দত ভৰি দিয়ে। বিবাহৰ পূর্বেই দুই-তিনিবাৰ নাৰ্ছিংহােমৰ ৰূম গচকেগৈ ! মনজিতে ক’লে এইবাৰ।

 : নাৰ্ছিং হােম। ছামাদৰ যেন বিস্ময়ৰ অন্তই নপৰিব। নাৰ্ছিং হােমলৈ আক’ কিয় যায় ? তাৰ অবাক প্রশ্ন।

 : তুমি যে একদম ৰ’ হৈ আছা। যেন পকা ফল এটা দিলেও বাকলি গুচাই খাব নােৱাৰিবা। শুভেন্দুৰ ৰসিকতাত ছামাদক ধৰি অনুলেখ আৰু মনজিতেও হাঁহিলে।

 : শুনা ছামাদ। হাঁহি সামৰি মনজিতে ক’লে— বি ছিৰিয়াছ। আমি তােমাক ধেমালি কৰি কোৱা নাই। আজিকালি ইউনিভাৰচিটি, কলেজত বিশেষকৈ হােষ্টেলত থাকি পঢ়া ছােৱালীৰ মাজত নাৰ্ছিং হােমত এবৰচন কৰাবলৈ যােৱা ছােৱালীৰ সংখ্যা মুঠেই কম নহয়। বুদ্ধিমানবােৰে প্রেগনেন্ট নােহােৱাকৈও শৰীৰৰ খেলা খেলিয়েই থাকে। চোৱা, অসমতেই এই অৱস্থা। অসমৰ বাহিৰত পঢ়িব যােৱা এচাম ছােৱালীহতাে এৰাল নােহােৱা ছাগলিৰ নিচিনা অৱস্থা। বহুতেই হেনাে বাহিৰত লিভিং টুগেদাৰ কৰি পাশ্চাত্য সভ্যতাৰ সােৱাদ লয়গৈ। পাছত নিজৰ নিজৰ ঘৰলৈ গৈ মাক-দেউতাকে চাই দিয়া সুযােগ্য অভিজাত দৰাৰ সৈতে বিয়াত বহেগৈ। কেনেকুৱা এক ভয়ানক প্ৰৱঞ্চনা ভাবি চোৱাচোন।

 : অকল ছােৱালীবােৰেই নহয় দেই। শুভেন্দুয়ে যােগ দিলে। ল’ৰাজাকো পিছ পৰি থকা নাই। ছামাদ তােমাৰাে তেনেকুৱা কিবা ‘লাফ্ ৰা’ আছিল নেকি আকৌ। —সি কটাক্ষ এৰিলে। [ ৫৪ ]  অনুলেখৰ ছামাদলৈ বেয়া লাগি গ’ল। বেচেৰাটোৰ মনটো সঁচাকৈ মৰি গ’ল। যিমান উৎসাহেৰে সি তাৰ বিয়াৰ বাবে ঠিক কৰি ওলােৱা ছােৱালীজনীৰ কথা কৈছিল, সিমান হতাশাৰে শুভেন্দু আৰু মনজিতৰ ’কুমাৰীত্ব’ৰ ওপৰত চলা অনর্গল বক্তৃতা শুনিলে। শুভেন্দু আৰু মনজিৎ দুয়ােটাই বাহিৰৰ জগতৰ সৈতে চিনাকি হৈছে। ছামাদো বাহিৰত থাকি পঢ়া-শুনা কৰা ল’ৰা। কিন্তু সি এতিয়াও যথেষ্ট সৰল।পৃথিৱীখনৰ বহু কুটিলতা যেন এতিয়াও সি বিশ্বাস কৰিব পৰা নাই।

 অনুলেখে ভাবিলে মনজিৎ আৰু শুভেন্দুৰ কথাবােৰত যুক্তি আছে। সংখ্যাত কম হ’লেও আজিকালি এজাক উশৃংখল ল’ৰা-ছােৱালীৰে যে শিক্ষানুষ্ঠানবিলাক কম-বেছি পৰিমাণে ভৰি পৰিছে, সেই কথা কোনােপধ্যেই অস্বীকাৰ কৰিব নােৱাৰি। হােষ্টেলত থাকোঁতে সি নিজেই দেখিছে কিছুমান ছােৱালী হােষ্টেলৰ কেইটামান নির্দিষ্ট ৰূমলৈ প্ৰায়েই আহে। যিবিলাকৰ হােষ্টেলৰ ৰূমবােৰ দুজনীয়া, সেইবিলাক হােষ্টেলত এই ঘটনাটো বেছিকৈ ঘটে। ইউনিভাৰচিটিত পঢ়া সুশিক্ষিতা মেধাৱী এই ছােৱালীবােৰ প্রেমিকক লগ ধৰিবলৈ আহি পুৱাতে যি ৰূমত সােমায়, সন্ধিয়াহে বাহিৰলৈ ওলায়। প্রেমিমকজনৰ ৰূমমেটজন এনেকৈ প্রেমিকা অহাৰ পাছত দিনটোৰ বাবে অন্য ক’ৰবালৈ ওলাই যাব লগা হয়। তাৰ পিছত সেই প্রেমিক-প্রেমিকাই কোঠাৰ দুৱাৰ দিনটোৰ বাবে হুক লগাই বন্ধ কৰি লয়। তাৰ পাছত? তাৰ পাছত আৰু ভৰপুৰ যৌৱনপুষ্ট এহাল ল’ৰা-ছােৱালীয়ে কেৱল প্ৰেমৰ কথাই পাতেনে? ওহাে, অনুলেখৰ বিশ্বাস নহয়। কেৱল প্রেমৰ কথা পাতিবলৈ কোঠাৰ দুৱাৰ দিনটোৰ বাবে হুক লগাই বন্ধ কৰাৰতো নিশ্চয় প্রয়ােজন নহয়।

 বিশ্বাস, সততা আদি মানৱীয় মূল্যবােধবােৰৰ এনে বৰ্বৰ হত্যাকাণ্ড অনুলেখৰ সহ্য নহয়। সি এনে বহু বেপেৰুৱা ছােৱালীক দেখিছে, যি ইউনিভাৰচিটি অথবা কলেজ জীৱনত বহু ল’ৰাৰ সৈতে দেহৰ খেল কৰি যােৱাৰ পিছৰ বছৰতে এজন সম্ভ্রান্ত স্বামীৰ লগত দামী গাড়ীত বহি ইউনিভাৰচিটি অথবা কলেজ চৌহদত এপাক মাৰি নিজৰ সৌভাগ্যৰ চানেকি দি যায়হি। অনুলেখে যেতিয়া এইচৰিত্ৰহীন কলগার্লবােৰৰ শিৰত সেন্দুৰৰ পবিত্র দগমগীয়া শােভা দেখিবলৈ পায়, তাৰ সৰ্বশৰীৰ জ্বলি উঠে। কিন্তু সি কি কৰিব পাৰে। সকলােৱেইতাে মানৱীয় মূল্যবােধক কবৰ দিবলৈ উঠি পৰি লাগিছে।

 মনজিৎ আৰু শুভেন্দুৰ কথাত ছামাদ পতিয়ন গৈছিল। সি কথা দিছিল তাৰ হ’বলগা কইনাজনীৰ বিষয়ে বিশেষ নজনাকৈ সি বিয়াৰ বাবে সন্মতি নিদিয়ে। কোনাে পতিতা নাৰীৰ সৈতে সি সম্বন্ধ গঢ়িব নােখােজে। ভাৰতবৰ্ষ এতিয়াও আমেৰিকা হৈ যােৱা নাই, সমাজত এইবার্তাটো চিৰ সজীৱ কৰি ৰাখিবলৈ হ’লে প্রত্যেকজন যুৱক-যুৱতীয়েই কিছুমান নির্দিষ্ট কর্তব্য সম্পাদন কৰিব লাগিব। ভাৰতীয় পৰম্পৰাৰ বিৰুদ্ধে গৈ দেহৰ শুচিতা নষ্ট কৰা ছােৱালীবোেৰক শিক্ষা দিবলৈ প্ৰতিজন বিবহােপযুক্ত যুৱক সচেতন হ’ব লাগিব। সেইদৰে চৰিত্ৰৱতী যুৱতীবােৰেও এনে বেপেৰুৱা যুৱকক বিয়া নকৰাই উচিত শিক্ষা দিব পাৰে।

 অনুলেখ বাৰু বেছি ৰক্ষণশীল নেকি? ছামাদৰ কথা ভাবি ভাবি হঠাৎ সি নিজলৈ ঘূৰি আহিল। সি কিয় অইনে সহজে গ্রহণ কৰা বহু পৰিবৰ্তন গ্ৰহণ কৰিবলৈ টান পায়? সি কিয় মানৱীয় মূল্যবােধৰ পাছত ইমানকৈ লাগি থাকে। সিনাে নিজেই কিমান শুদ্ধতাৰে চলিব পাৰিলে? মানুহহেতাে তাক এটা মিছলীয়া আৰু প্রবঞ্চক বুলিয়েই জানে। অইনে নালাগে তাৰ নিজৰ মাক-দেউতাকেই তাক আজিকালি ঘৃণা কৰে। ঘৃণা ! আহ্ কি ভয়ানক যন্ত্রণা। [ ৫৫ ]

দুই

 দিনৰ সময়খিনি কোনােমতে পাৰ হয়। দুপৰীয়া এবাৰ কাবেৰী আহিছিল। তাই শুভেন্দুৰ গার্লফ্রেণ্ড। অনুলেখহঁতৰ হােটেলৰ কাষতে থকা ‘বুক ৱৰ্ল্ড’ নামৰ কিতাপৰ দোকানখনত কিবা কিতাপ বিচাৰি আহিছিল তাই। অনুলেখ বেলকনিতে বহি থকা দেখি এপাক সােমাই গ’ল। তাই বৰ ভাল ছােৱালী। কটনত পঢ়ে। ইংৰাজীত মেজৰ। শুভেন্দুৱেই তাইক অনুলেখৰ সৈতে চিনাকি কৰি দিছিল। আজি হােটেলত শুভেন্দু নাই বুলি জানিও তাই অনুলেখক লগ কৰিবলৈ কেনে নিঃসংকোচেৰে সােমাই আহিছিল। নিজৰ হৃদয়খন পবিত্র হ’লেহে অন্যক সৰলভাৱে বিশ্বাস কৰিব পাৰি। কাবেৰীক দেখি অনুলেখৰ তেনেকুৱাই লাগিছিল। এনেকুৱা হৃদয়ৰ সমৃদ্ধিৰে ভৰপুৰ ছােৱালীক কেৱল সম্মান কৰিব পাৰি। সভ্যতাৰ সংকটৰ মাজতাে তাইৰ দৰে পবিত্ৰমনা ছােৱালীবােৰ সঁচাকৈ চিৰসেউজ প্ৰেৰণা।

 আবেলি অকণমান শুব খােজোতেই মনজিতৰ দুটাকৈ ফোন আহিল। এটা ভঙাগড়ৰ পৰা ছ’নিয়া নামৰ ছােৱালী এজনীৰ, অন্যটো চামতাৰ স্মৃতিৰেখাৰ। সি নথকাত অনুলেখেই তাৰ হৈ সিহঁত দুজনীৰ লগত কথা পাতিবলগা হ’ল। দুয়ােজনী ছােৱালীৰ সৈতে অনুলেখৰ ফোনতে চিনাকি হৈছে। মনজিতৰ বন্ধু। প্রেমিকা কিন্তু নহয়। এই মনজিতটোও বৰ অদ্ভুত। যেনি তেনি মাত্র বন্ধু। কিমান ছােৱালীৰ যে ফোন আহে তালৈ। সকলােৰে লগত সি বন্ধুত্ব অক্ষুন্ন ৰাখিব পাৰিছে। অনুলেখে এদিন তাক প্ৰেমত পৰা নাই কিয় বুলি সােধােতে সি কৈছিল— প্রেম সম্পর্কে তাৰ ধাৰণা এতিয়াও স্পষ্ট নহয়। আচলতে প্ৰেমত পৰা মানুহে কি বিচাৰে সেয়া মনজিতৰ বােধগম্য নহয়। সি বহুতৰে ক্ষেত্ৰত দেখিছে প্রেমে তেওঁলােকৰ জীৱনলৈ সৌন্দর্য্য আৰু সুখৰ সমৃদ্ধি অনাতকৈ তিক্ততা আৰু ঘৃণাৰহে সৃষ্টি কৰিছে। এনে কিয় হয় ? প্রেম যদি স্বর্গীয় হয়, প্রেমিক-প্রেমিকাৰ যন্ত্ৰণাৰ অন্ত নপৰে কিয় ? স্বৰ্গততাে কোনাে যন্ত্রণা থাকিব নালাগে। অনুলেখে মনজিতৰ প্ৰশ্নৰ উত্তৰত একো কোৱা নাছিল। গৌতম বুদ্ধই বােধিদ্ৰুমৰ তলত পবিত্র জ্ঞান লাভ কৰিও মানুহক মুক্তিৰ পথ দেখুৱাব নােৱাৰিলে। মানুহে আচলতে কি বিচাৰে ? বৰ জটিল প্রশ্ন। যাৰ উত্তৰ বিচাৰি সহস্র মনীষীয়ে যুগ যুগান্তৰ ধৰি গৱেষণা কৰি আহিছে তাৰ উত্তৰ কি অনুলেখৰ দৰে অতি সাধাৰণ মানুহ এটাৰ ওচৰত থাকিব পাৰে ?

 সন্ধিয়াটো আৰম্ভ হােৱাৰ লগে লগে অনুলেখৰ মদ খােৱাৰ ইচ্ছাটো তীব্র হৈ উঠিল। যােৱা তিনিটা বছৰে সি প্ৰচুৰ মদ খাই আহিছে। মাক-দেউতাক আৰু ভনীয়েকৰ তাৰ প্রতি ওপজা ঘৃণাৰ কাৰণাে সেইটোৱেই বুলি ভালকৈয়ে জানে। ব্রাহ্মণৰ ল’ৰা হৈ অনুলেখ মদ খাই অধঃপাতে গৈছে ,এই কথাটো তাক বহুবাৰ কোৱা হৈছে। তথাপি সি নিজক শুধৰাবলৈ অকণাে চেষ্টা কৰা নাই। মাক-দেউতাক আৰু ভনীয়েকক সন্তুষ্ট কৰিবলৈকে সি তাৰ জীৱনৰ সমস্ত প্রেম-ভালপােৱা বিসর্জন কৰি নিজৰ কবৰ খান্দিছিল৷ এতিয়া সেই কবৰ সম্পূর্ণ হ’বলৈ এটা মৃতদেহৰ দৰকাৰ। সি নিজকে নিঃশেষ কৰি মৃতদেহটোৱেই তৈয়াৰ কৰিব খুজিছে।

 ইণ্টাৰকমত সি মেনেজাৰক ৰূম ছাৰ্ভিচৰ ল’ৰাটোৰ হাতত তাৰ পছন্দৰ ব্ৰেণ্ড হুইস্কিৰ ফুল [ ৫৬ ] বটল এটা দিবলৈ কৈ পঠালে। লগতে এক প্লেট চিকেন ফ্রাই। হােটেলৰ লগতে ‘বাৰ’ আছে। অন্য দিনা সি বাৰতে খায়। তাৰ ৰুমমেট ছামাদে মদ নাখায় বাবে সি ৰূমলৈ মদ নানে । আজি ৰূমত অন্য কোনাে নথকাত অনুলেখৰ ৰূমতে খােৱাৰ ইচ্ছা জাগিছে। খন্তেক সময়ৰ পিছতে এটা গিলাচৰ সৈতে ৰূম ছাৰ্ভিচৰ ল’ৰাটোৱে হুইস্কিৰ বটলটো দি গ’লহি। চিকেন ফ্রাই এক প্লেটো থৈ গ’ল ল’ৰাটোৱে। অনুলেখে তাক বিছটকীয়া নােট এখন বক্চিচ হিচাপে দি পঠিয়ালে।

 বটলৰ সাঁফৰটো খুলি অনুলেখে টেবুলৰ ড্ৰয়াৰৰ পৰা চ’ডাৰ বটলটো উলিয়ালে। এটা পেগ বনাই সি গিলাচটো দুচকুৰ আগত দাঙি ধৰিলে। ৰঙীন মদেৰে ভৰা গিলাচটোত যেন সি পুনৰ দেখা পালে সেই মুখখন। মদ খােৱাৰ সময়ত সি সেইখন মুখ সদায়েই দেখা পায়৷ তাক কোনােদিন মদ নাখাবলৈ শপত খুওৱা সেই প্রিয়তমা নাৰীৰ মধুৰ শব্দ এতিয়াও তাৰ কাণত বাজি থাকে। তথাপি সি মদ খায়। মদৰ নিচাত ডুব গৈ সি প্রতিদিনে সেই প্রিয়তমা নাৰীৰ মংগলৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা কৰে।

 গিলাচটোৰ মদখিনি কোঁৎ কোঁৎকৈ পি পেলালে অনুলেখে। আগতে অনুলেখহঁতৰ ঘৰৰ কাষৰে চন্দন নামৰ মানুহজনে অতি বেছি মদ খােৱা বাবে অনুলেখহঁতৰ গ্রুপটোৱে তেওঁক পিপা বুলি কৈছিল। অনুলেখৰ কথাটো মনত পৰিলে ভীষণ হাঁহি উঠে। অনুলেখ আজি জানাে কম ডাঙৰ পিপা। অথচ এসময়ত সি মদ হাতেৰেই নুচুইছিল। সেই ছােৱালীজনী তাৰ জীৱনলৈ অহাৰ পিছত সিটো চিগাৰেটো এৰি পেলাইছিল। কেনেকুৱা ভাল লাগিছিল তাৰ। তাইৰ মৰম অনুশাসন মানি সি মনতে অসম্ভৱ আনন্দ লাভ কৰিছিল। তাইৰ মৰমৰ গালি খাবলৈকে সিযে তাই বেয়া পােৱা দুটা এটা সৰু-সুৰা কাম তাই দেখা পােৱাকৈ সদায় কৰিছিল।

 প্লেটৰ পৰা চিকেন এটুকুৰা মুখত ভৰাই চোবাই থাকিল অনুলেখে। পেগ আৰু এটা বনালে সি। তাৰ সেই প্রিয়তমা নাৰী অর্থাৎ শ্বেমিমৰ স্মৃতিৰ দোলনাত সি আক’ এবাৰ দুলিবলৈ আৰম্ভ কৰিলে৷

 আহ্ শ্বেমিম! বুকুখন হেঁচা মাৰি ধৰে অনুলেখৰ। তাইক লগ পােৱাৰে পৰা বিদায় জনােৱাৰ সেই মুহূৰ্তলৈ গােটেই সময়ছােৱাৰ সমগ্র দৃশ্যপট কেনে ফটফটীয়াকৈ তাৰ মনত আছে। যেন এইমাত্র দেখি উঠিছে সি এটা মধুৰ সপােন। ঘটনাবােৰে হৃদয়ত খােপনি পুতি ৰৈ গৈছে।

 এগ্রিকালচাৰ ছায়েন্সত বি এছ চি কৰাৰ পাছত অনুলেখ গুৱাহাটী ইউনিভাৰচিটিত এম বি এ কৰিবলৈ আহিছিল। সেইদৰে ছিলঙৰ ছােৱালী শ্বেমিমাে আহিছিল। তাই ইঞ্জিনিয়াৰিঙৰ ষ্টুডেন্ট আছিল। ইঞ্জিনিয়াৰিং তাই যােৰহাটত পঢ়িছিল। অনুলেখৰ লগত চিনাকি হােৱাৰ পাছত তাৰ ঘৰখন ইঞ্জিনিয়াৰিং কলেজৰ ওচৰতে বুলি জনাৰ পিছত সিহঁতৰ মাজত হঠাতে আত্মীয়তা বাঢ়ি গৈছিল। যেন বহুদিনৰ চিনাকি সিহঁত। সিহঁত দুটা কেনেকৈনাে বন্ধু হৈ পৰিল এটায়াে টলকিব নােৱাৰিলে।

 অনুলেখ আৰু শ্বেমিম ক্ৰমাৎ ঘনিষ্ঠ হৈ উঠিল। ইউনিভাৰচিটি ক্লাছত, সন্ধিয়া মার্কেটত লগ পাই অন্তৰংগভাৱে কথা পতাৰ পাছত লাহে লাহে সিহঁতে বন্ধ বাৰত ৰেষ্টুৰেণ্টত বহাও আৰম্ভ কৰিছিল। কিয় জানাে অনুলেখে শ্বেমিমক বেছি সময় নেদেখিলে এক ভয়ানক অস্থিৰতাত ভুগিবলৈ আৰম্ভ কৰিছিল, তায়ো যেন তাক লগ পাবলৈ বেছ উদগ্রীব হৈ থাকে। [ ৫৭ ]  জ্বৰ হােৱাৰ বাবে অনুলেখ এবাৰ দুদিন ধৰি ক্লাছলৈ যাব পৰা নাছিল। তাৰ ৰূমমেট কৌস্তভক হেনাে শ্বেমিমে প্রথম দিনাই অনুলেখৰ খবৰ সুধি ব্যতিব্যস্ত কৰি তুলিছিল। দ্বিতীয় দিনাও সি ক্লাছলৈ নােযােৱাত শ্বেমিম আহি তাৰ হােষ্টেলৰ ৰূম ওলাইছিলহি। তাৰ প্রবল আপত্তি সত্বেও দুপৰীয়াৰ পৰা সন্ধিয়ালৈ তাই তাৰ বিছনাৰ কাষত বহি তাক শুশ্ৰূষা কৰিছিল৷ তাইৰ ৰূমালখন পানীত তিয়াই অনুলেখৰ কপালত পটী বান্ধি দিছিল। তাৰ হাত এখন তাইৰ দুহাতৰ মাজত চেপি ধৰি একে চিত্তে তাৰ মুখৰ ফালে চাই ৰৈছিল। তাইৰ সেই মমতা ভৰা চাৱনিত অনুলেখে লাজ পাই চকু মুদি দিছিল৷ কেনেকুৱা মাক মাক লাগিছিল তাইক৷ সি যেন তাইৰ ফুলকুমলীয়া কেঁচুৱাহে!

 অনুলেখৰ জ্বৰ ভাল হৈছিল। হয়তােবা শ্বেমিমৰ যাদুকৰী স্পর্শই তাৰ শৰীৰ মন জীপাল কৰি তুলিছিল৷ কিন্তু তাৰ জ্বৰতকৈ বিপজ্জনক সমস্যা এটাৰ সৃষ্টি হৈছিল৷ হোষ্টেলৰ সকলোৱেই অনুলেখক শ্বেমিমৰ সৈতে জোকাবলৈ আৰম্ভ কৰিছিল। অমৰ, সুনীল, মহিবুলহঁতে পার্টি খুৱাবলৈ কৈ কৈ তাৰ কাণ ঘােলা কৰিছিল। পিছদিনা ক্লাছলৈও কথাটো বিয়পি পৰিছিল। শ্বেমিম আৰু অনুলেখ দুয়ােটা থাকোঁতেই ক্লাছত মৃদুস্মিতাই কথাটো সূত্রধাৰে ঘােষণা কৰাৰ দৰে ঘােষণা কৰি দিছিল। সকলােৰে হাত তালিৰ শব্দত অনুলেখ আৰু শ্বেমিম দুয়ােটাই তলমূৰ কৰি থাকিব লগা হৈছিল। আচৰিতভাৱে অনুলেখে লগৰ ল’ৰা-ছােৱালীজাকক তাক শ্বেমিমৰ সৈতে জোকোৱা বাবে একো টান কথা শুনাব পৰা নাছিল। প্রতিবাদ কৰিলেও সেয়া তেনেই দুর্বল শুনাইছিল। সি হৃদয়েৰে অনুভৱ কৰিছিল আচলতে শ্বেমিমৰ সৈতে তাক জোকালে সি মনে মনে প্রচুৰ আনন্দ লাভ কৰে। ইয়েই প্রেম নেকি, অনুলেখে ভাবিবলৈ আৰম্ভ কৰি দিছিল। লগৰ ল’ৰা-ছােৱালীজাকৰ জোকোৱাৰ অত্যাচাৰত কেইবাদিন ধৰি অনুলেখ আৰু শ্বেমিমে কথা পাতিব পৰা নাছিল। সেইবাবে এদিন দেওবাৰে সিহঁত দুটা মালিগাঁৱৰ ৰেষ্টুৰেণ্ট এখনত গৈ বহিছিল। এই প্রথমবাৰৰ বাবে অনুলেখে শ্বেমিমৰ দুচকুলৈ চাই কথা পাতিবলৈ অলপ লাজ লাজ অনুভৱ কৰিছিল।

 : অনুলেখ! তাই কৈছিল— লগৰবােৰে তােমাক খুউব জোকাইছে নহয় ?

 : ওঁ। তােমাক ?

 : মােকো।

 তাৰ পিছত কিছু সময়ৰ মৌনতা।

 : শ্বেমিম। অনুলেখে মাতিছিল।

 : হোঁ!

 :কথাটো মিছা জানাে ?

 : কি কথা? শ্বেমিমে সুধিছিল।

 : এই যে লগৰবােৰে জোকাইছে।

 : লগৰবােৰে কি বুলি জোকাইছে? শ্বেমিমে এইবাৰ অনুলেখক জোকাবলৈ আৰম্ব কৰিছে। অনুলেখ নিমাত।

 : কি বুলি জোকাইছে, কোৱা না ? শ্বেমিমে তাক আকৌ জোকালে। [ ৫৮ ]  : তােমাক যি বুলি জোকাইছে?— সি ক’লে৷

 : মােক? মােকতাে সিহঁতে কাৰো লগত জোকোৱা নাই। তােমাক কি বুলি জোকাইছে কোৱা না ?- শ্বেমিম জোক লগাদি লাগি থাকিল।

 : সিহঁতে কৈছে মই তােমাক ভাল পাওঁ।— অনুলেখে কৈ পেলালে।

 : সিহঁতে কোৱাটো বাদ দিয়া। শ্বেমিমে নির্বিকাৰ চিত্তে ক’লে— তুমি কি কোৱা ?

 : ময়াে কওঁ— আই লাভ ইউ ভেৰি মাচ্ছ।

 : তেনেকৈ নহ’ব। শ্বেমিমে হাঁহিলে। মােৰ নামটোৰ সৈতে কোৱা।

 : শ্বেমিম, আই লাভ ইউ৷ অনুলেখে কৈ পেলালে৷

 ইমানপৰে আবােল-তাবােল বকি থকা শ্বেমিমজনী হঠাৎ গহীন হৈ গ’ল। তাই ভৰপূৰ দুচকুৰে অনুলেখৰ দুচকুলৈ চাই ৰ’ল। অনুলেখেও তাইৰ দুচকুত চকু থৈ স্থিৰ হৈ থাকিল।

 : আকৌ এবাৰ কোৱানা।– শ্বেমিমৰ কণ্ঠত গভীৰ আকুলতা ফুটি উঠিল।

 : শ্বেমিম, আই লাভ ইউ।— অনুলেখে তাইৰ ফালে চাই থাকিয়েই ক’লে।

 : আৰু এবাৰ, সহস্ৰবাৰ!.....

 সপােনতহে যেন ইমান সময় বিচৰণ কৰি আছিল অনুলেখে। অতীতৰ মধুৰ ক্ষণবােৰ মনলৈ আহিলে সি আপােন পাহৰা হৈ উঠে। মদৰ গিলাচটো সন্মুখত ধৰি সি বিৰবিৰাই থাকিল আই লাভ ইউ শ্বেমিম, আই লাভ ইউ।

 ইউনিভাৰচিটিত আৰু এক প্রেমিক যুগল স্বীকৃত হৈছিল। শ্বেমিম আৰু অনুলেখ। অনুলেখে কিন্তু কেতিয়াকৈ তাই হােষ্টেলৰ ৰূমলৈ আমন্ত্রণ কৰা নাছিল। তাই আহিব খােজোঁতেও সি আপত্তি কৰিছিল । সি তাইৰ বদনাম হােৱাটো নিবিচাৰে। অন্য বহু ছােৱালীৰ দৰে হােষ্টেলৰ বন্ধ ৰূমত লগ পোৱাৰ কোনো প্ৰয়োজন নাই, অনুলেখে তাইক বুজাইছিল৷ প্ৰেমৰ বাবে বিচৰণ ক্ষেত্ৰ আচলতে মুকলি পৃথিৱী মুকলি আকাশৰ তলত নদীৰ ৰূপালী ঢৌ চাই, ফুটপথেৰে উদ্দেশ্যবিহীনভাৱে খােজকাঢ়ি ফুৰাতকৈ জানাে প্রেমিক যুগলে অধিক আনন্দ পাব পাৰে। নির্জনতাত বেছিকৈ পালে মানুহৰ চিৰন্তন আদিম অনুভূতিবােৰ সাৰ পাব খােজে। সভ্য মানুহে আদিম আৱেগক জয় কৰি ৰাখিব জনে। আদিম অনুভূতি প্রকাশৰাে নির্দিষ্ট সময় আছে। সেই সময়লৈ অপেক্ষা কৰাৰাে আছে এক মধুৰ অভিজ্ঞতা। কোনাে মানুহেই জিতেন্দ্রিয় নহয়। সেই বুলি এনে অনুভূতিবােৰ নিয়ন্ত্ৰণত ৰখা যে অসম্ভৱ সেয়াও নহয়। প্রেম যাতে কামনাৰে কলুষিত নহয়, তাৰ বাবে প্রেমিক-প্রেমিকাই কিছুমান দৃঢ় অনুশাসন মানি চলিবলৈ সক্ষম হ’ব লাগে। মদৰ নিচাই অনুলেখৰ মগজুটো ক্ৰমাৎ নিজৰ দখললৈ আনিছে। ফুল বটলটো অকলে শেষ কৰি দিলে সি। অন্তিমটো পেগ বনাই সি প্লেটত থকা অৱশিষ্ট চিকেনটুকুৰা মুখত ভৰাই চোবাই চোবাই মদ পি থাকিল। চিগাৰেট এটা পুনৰ জ্বলালে সি।

 এতিয়া বাৰু শ্বেমিম ক’ত আছে। সদায় তাৰ মগজুত বিচৰণ কৰি ফুৰা সমাধানবিহীন প্রশ্নটো ঘূর্ণী বতাহৰ দৰে পাক খাই থাকিল ।

 শ্বেমিমৰ খবৰ সি যােৱা তিনিটা বছৰে লােৱা নাই। তাৰ জীৱনৰ পৰা সিয়েই শ্বেমিমক বিদায় দিছে। তাইৰ কোমল হৃদয় থানবান কৰি দিছে সি। সি তাইক জনাই দিছে, আচলতে সি তাইক কেতিয়াও ভাল পােৱা নাছিল। ইউনিভাৰচিটিত সময় কটাবলৈহে তাইক তাৰ প্ৰেমৰ [ ৫৯ ] জালত বন্দী কৰিছিল। এতিয়া যিহেতু সি কোম্পানীৰ চাকৰি তথা কেৰিয়াৰ লৈ ব্যস্ত, কোনাে ছােৱালীকে দিবলৈ তাৰ সময় নাই। গতিকে তাই যেন তাৰ জীৱনৰ পৰা আঁতৰি গৈ তাক মুক্ত কৰি দিয়ে।

 কিমান মিছা মাতিছিল সি। অথচ তাৰ এই মিছাকে কঠোৰ সত্য বুলি প্রতীয়মান কৰিব লগা হৈছিল শ্বেমিমৰ ওচৰত। শ্বেমিমৰ বাবে এনে অকল্পনীয় আচৰণ সহ্য কৰিবলৈ চাগৈ কিমান কঠিন হৈছিল। কথাটো ভাবি অনুলেখৰ বুকুখন প্রচণ্ড জোৰে বিষাই উঠিল।

 শূন্য গিলাচটো চকুৰ আগত দাঙি ধৰি আনুলেখ বৰ আবেগিক হৈ উঠিল। তাৰ ভৰপূৰ জীৱনটো কেনেকৈ শূন্যতাৰে বুৰাই পেলালে। অথচ সি তাৰ জীৱনটোক লৈ কিমান সপােন আঁকিছিল। সকলােকে সুখী দেখিব খুজিছিল সি। আনক সুখী কৰিবলৈ সি নিজকে প্রচণ্ড অসুখী কৰি গঢ়ি তুলিব লগা হৈছিল। অথচ এতিয়া তাৰ প্ৰাণতকৈও মৰমৰ ভনীয়েকজনীয়েও তাৰ এটা খবৰ নলয়৷ মাক-দেউতাকৰ কথাটো সি বাদেই দিছে। সি যে সকলােৰে অস্পৃশ্য। অনাদৃত আৰু অনভিপ্রেত ! অথচ সেইবিলাক মানুহকে সি আজিও প্ৰচুৰ ভাল পায়, যিয়ে এতিয়া তাক পূৰামাত্রাই ঘৃণা কৰে। আস্, কি দুঃসহ সময়।


তিনি

 বৰ নাটকীয় আছিল ঘটনাটো। জীৱনটোৱেই হেনাে এখন জটিল নাটক আৰু প্ৰতিজন মানুহ মাত্র ভাৱৰীয়া। কথাটো তেনেকৈ ভাবিলে অনুলেখৰ অভিনয় যেন মাথোঁ এক ব্যর্থতা। কেতিয়াৰ পৰা আৰম্ভ হ’ল তাৰ ব্যর্থ অভিনয় ? সি বুজি নাপায়। কিন্তু তাৰ ভুল অভিনয়ে তাৰ বাবে নমাই অনা কৰুণ পৰিণতিৰ সৈতে সি মুহুর্মুহু চিনাকি। অন্য মানুহে হাজাৰ বছৰ আয়ুস বিচাৰি ভগৱানৰ কাষত প্রার্থনা কৰাৰ সময়ত অনুলেখৰ জীৱনৰ প্ৰতিটো দিন হৈ উঠিছে বিৰক্তিকৰ বাবে দীঘলীয়া। জীৱনৰ প্রতি তাৰ কোনাে স্পৃহাতো নায়েই, বৰঞ্চ সি মৃত্যুৰ বাবেহে অধীৰ হৈ উঠিছে। জীৱনটো আকৌ নতুনকৈ আৰম্ভ কৰাৰ সুযােগ যিহেতু একেটা জনমত পাব নােৱাৰি, তেনেস্থল এই পৰিত্যক্ত জীৱনটো লৈ জীয়াই থকাৰো কোনাে প্রয়ােজন নাই। সি ভাবে। অসম্ভৱভাৱে সি জন্মান্তৰবাদী হৈ উঠে। অন্ততঃ পৰজনমত সি জীৱনটোৰ প্ৰতিটো কেলকুলেচন নিখুঁতভাৱে কৰাৰ চেষ্টা কৰিব, এই কথাটো লৈ সি প্রায় প্রতীক্ষা এটাকে কৰি পেলাইছে।

 নিখাঞ্জৰ সৈতে পূবালীমাৰ বিয়াখন ঠিক হৈ যােৱাৰ পাছত অনুলেখৰ গা সাতখন আঠখন হৈ উঠিছিল যেন। একমাত্র ককায়েকটো হৈ মৰমৰ ভনীয়েকজনীৰ বিয়াখন ধুমধামেৰে পাতিবলৈ সি গাধৰ দৰে খাটিছিল। তেতিয়া সি গুৱাহাটীতে কোম্পানী এটাত কাম কৰিছিল, শ্বেমিমে চাকৰি কৰিছিল মুম্বাইৰ কোম্পানী এটাত। সি শ্বেমিমকো তাৰ ভনীয়েকৰ বিয়াত কাম কৰি সহায় কৰিবলৈ মাতিছিল। তাইহে তাক ধমক দিলে। কি যে কোৱা! মই তেনেকৈ তােমালােকৰ ঘৰত থাকিলে বাৰু মানুহে কি বুলি ভাবিব ?

 : ঠিক আছে। ঠিক আছে। তুমি ৰিং চেৰিমনিৰ দিনা কিন্তু আহিবই লাগিব। ৰিং চেৰিমনিৰ পােন্ধৰ দিনৰ পিছতে বিয়া, গতিকে তুমি কোম্পানীৰ পৰা যেনে তেনে পােন্ধৰ দিনৰ ছুটী মঞ্জুৰ কৰাই লােৱা।

 : পােন্ধৰ দিন!— শ্বেমিমে ফোনতে চিঞৰি দিছিল। ইমানদিনৰ ছুটী এপ্লাই কৰিলে বছে মােৰ জান খাই দিব। [ ৬০ ]  : একো নকৰে। তােমাৰ বিয়া বুলি ক’বা ?

 : মােৰ বিয়া।-- শ্বেমিমে কৈছিল তুমি পাহল হােৱা নাইতাে।

 : অকণো হােৱা নাই। সি ধেমালি কৰি কৈছিল। ভণ্টি ওলাই যােৱাৰ পিছত তােমাক আৰু যাবলৈ নিদিওঁ। মাক-দেউতাক সেৱা কৰি তুমি মােৰ কোঠাত সােমাবাগৈ।

 : ধেৎ৷ দুষ্টটো। শ্বেমিমে খিলখিলাই হাঁহিছিল। অৱশেষত পূবালীমাৰ নিখাঞ্জৰ সৈতে ৰিং চেৰিমনি হৈ গৈছিল। সেইদিনা পূবালীমাই অনুলেখৰ গাত ধৰি যে ইমান কান্দিছিল! অনুলেখৰাে কান্দি দিব ইচ্ছা হৈছিল । কিন্তু নিখাঞ্জৰ আগত সিনাে কেনেকৈ কান্দে। ভনীয়েকক কথমপি তাৰ গাৰ পৰা আঁতৰাই সি নিজৰ কোঠাত দুৱাৰ বন্ধ কৰি সােমাইছিল। অতপৰে বাধা দি ৰখা অশ্রু প্লাৱন সি অবাধে বৈ যাব দিছিল। সঁচাকৈ ভনীয়েকবােৰৰ বাবে তীব্র বেদনা অনুভৱ কৰিলেও বহুত ককায়েকে নিজৰ শােক অন্যৰ আগত প্ৰকাশ কৰিব নােৱাৰে। কাৰণ দাদাক হােৱাৰ সুবাদতে সি ভনীয়েকৰ বাবে হৈ উঠে এজন অভিভাৱক। তাতে সি পুৰুষ। পুৰুষে চকুপানী লুকুৱাব খােজে। হৃদয়ত সংগােপনে কঢ়িয়াই লৈ ফুৰা বেদনাৰ কথা আনক জানিব নিদিয়াকৈ কেৱল নিজেই সেই যন্ত্রণা ভােগ কৰে।

 বহুপৰ সি তাৰ নিজৰ কোঠাত নীৰৱে কান্দিছিল। তাৰ প্ৰাণতকৈ মৰমৰ ভনীয়েকজনী আৰু মাত্র পােন্ধৰটা দিনৰ পাছত সিহঁতৰ ঘৰখন খালি কৰি চিৰদিনৰ বাবে যাবগৈ। সদায় একোকাপ চাহৰ বাবে থাকিব কৰিবলৈ, আইচক্রিম, চকলেট, নেইলপলিছ অথবা বিভিন্ন নম্বৰৰ লিপষ্টিকবােৰ আমি মৰমেৰে দিবলৈ আৰু সি ভনীয়েকক ঘৰত নাপাব। কোনােবা বান্ধবীৰ ঘৰলৈ যাওঁ বুলি তাই আৰু তাক কেতিয়াও বাইকখন লৈ ওলাবলৈ নক’ব৷ এতিয়াটো তাই নিখাঞ্জৰ দামী গাড়ীত উঠি ঘূৰিব। তাইৰ প্ৰতিটো আব্দাৰ নিখাঞ্জে পূৰণ কৰিব। তাই বনােৱা সেই সুন্দৰ চাহকাপ! হঠাৎ নিখাঞ্জলে ঈর্ষা লাগি গ’ল অনুলেখৰ।

 বহুপৰ তেনেকৈ বহি থকাৰ পিছত অনুলেখে তাৰ কোঠাতে থকা টেলিফোনৰ ৰিছিভাৰটো দাঙি । শ্বেমিমলৈ ডায়েল কৰিলে। সিমূৰত ফোনটো তাই উঠোৱাৰ পিছত অনুলেখে তাইক খুউব গালি পাৰিছিল। তাই আজি কিয় অনুলেখৰ ঘৰলৈ নাহিল সেই কথাটোকে কৈ সি গালি পাৰি থাকিল। শ্বেমিমে কি কৈছিল সি একো শুনা নাছিল। সেই সময়ত অনুলেখে আচলতে সঁচাকৈ শ্বেমিমৰ ছাপর্ট বিচাৰিছিল। শ্বেমিমৰ মৰম ভৰা কথাবােৰ শুনি সি এই মুহূর্তত কিমান সকাহ পালেহেঁতেন। সেই লৈ তাৰ কথাবােৰ থােকাথুকি হৈ উঠিছিল। শ্বেমিমে তাৰ মনটো বুজিছিল। সি অলপ শান্ত হ’লত তাই ক্ষমা খুজি কৈছিল— চোৱা, অনুলেখ, মই তােমাক ফোন কৰি জনাইছোঁৱেই বছে কোনােপধ্যে ইমান দিনৰ ছুটী নিদিয়ে। কোনাে মতে তিনি দিনৰ ছুটী মঞ্জুৰ কৰিছে। মই পূবালীমাৰ জোৰােণৰ দিনাখন গৈ পাম। প্লিজ, বেয়া নাপাবা।—পিছৰ কথাখিনি তাই অনুনয়ৰ সুৰত ক’লে।

 অনুলেখে উত্তৰ দিব ধৰোঁতেই তাৰ কোঠাৰ দুৱাৰত নক পৰিছিল। সি ততাতৈয়াকৈ শ্বেমিমৰ কথাটো সন্মতি দি কেইবাবাৰাে বেয়া পােৱা নাই বুলি কৈ ফোনটো থৈ দিলে। দুৱাৰ খুলি সি দেখে নিখাঞ্জ আৰু মাক-দেউতাহঁত। দৰাঘৰে বিদায় ল’বৰ সময় হৈছে।

 : ৰিং চেৰিমনিহে দোস্ত। নিখাঞ্জে পৰিবেশটো অকণমান পাতল কৰাৰ চেষ্টা কৰিলে, তােমাৰ ভনীজনী নিবলৈ অহাৰ দিনা তুমি দেখিছোঁ চকুলােৰে ব্ৰহ্মপুত্ৰ বােৱাবা।

 : ধেৎ। লাজ লাগি গৈছিল অনুলেখৰ । মই ফোন এটা কৰিবলৈহে ৰূমলৈ আহিছিলোঁ।

 : ৰিছিভাৰ এটা বাহিৰতাে আছে। মাকে কাট মাৰিছিল। আচলতে জানা নিখাঞ্জ, এতিয়াৰ পৰা যে সি ভনীয়েকৰ হাতৰ চাহকাপৰ ঠাইত মই বনােৱা তিতা চাহকাপ খাব লগা হ’ব, সেই বাবেইতাে ইমান [ ৬১ ] ট্রেজেডি।

 মাকৰ কথাত গােটেইজাকে হাঁহি দিছিল। অনুলেখেও।

 ৰিং চেৰিমনিৰ দিনাৰ পৰা জোৰোণৰ দিনালৈকে এই বাৰটা দিন কেনেদৰে পাৰ হ’ল অনুলেখে ক’বই নােৱাৰিলে। জীৱনত সি কেতিয়াও ইমান বেছি কাম কৰি পােৱা নাছিল। ঘৰখনত এইখনেই প্রথম বিয়া, স্বাভাৱিকতেই মাক-দেউতাকহঁতৰাে অভিজ্ঞতা কম। সিয়েই আক-তাক সুধি বিয়াৰ যা-যােগাৰবােৰ কৰি পেলাইছিল। জোৰােণৰ দিনাখন কাম কৰি ঘূৰি পুৰােতেও অনুলেখৰ কাণখন আছিল টেলিফোনৰ ৰিছিভাৰত। ৰিং এটা হলেই দৌৰ মাৰি গৈছিল সি। শ্বেমিম আহি এয়াপৰ্টৰ পৰা ফোন কৰাৰ কথা। ৰৰৈয়ালৈ যিকোনাে মুহূর্তত যাব পৰাকৈ গাড়ী এখন সাজু ৰাখিছিল সি। মাহীয়েকৰ ল’ৰা প্রিয়াংশুক সি এয়াৰপৰ্টৰ পৰা আলহী আনিবলৈ যাব লাগিব বুলি কৈ থৈছে।

 বিয়াঘৰত ফোন ৰিং হােৱাৰ জানাে কিবা সীমা সংখ্যা আছে। ইমানবােৰ ফোনৰ মাজতাে কিন্তু শ্বেমিমৰ সুললিত কণ্ঠটো ওপঙি নাহিল। তাই কিজানি আজিও আহিব নােৱাৰিলে। অলপ দেৰিৰ পাছত ফোন কৰি ক’ব ছৰি অনুলেখ। আজি গুৱাহাটীৰ ফ্লাইট কেনচেল। অথবা বছে ক’লে— আর্জেন্ট কাম এটা নকৰিলেই নহয়....

 : দিম আজি মজাটো৷— অনুলেখে ভােৰভোৰালে।

 ৰভাঘৰত ইতিমধ্যে জোৰােণ দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। পূবালীমা কইনাৰ সাজেৰে খন্তেক পিছতে আহি নিখাঞ্জৰ মাক-দেউতাকে তাইক নানা অলংকাৰেৰে শােভিতা কৰি তুলিব। নিজকে নিখাঞ্জৰ ঠাইত কল্পনা কৰিলে অনুলেখে। শ্বেমিমৰ অপেক্ষাত যেন বহি ৰৈছে অনুলেখ। আন্দোলিত বুকুৰ সঘন হৃদয়স্পন্দনেৰে অপেক্ষাৰত হৈ ৰৈছে শ্বেমিমৰ পায়লৰ মৃদু ঝংকাৰ শুনিবৰ বাবে। এই শ্বেমিম ওলাই আহিব। লাজ কৰি তাই অনুলেখৰ সন্মুখত বহিব। আৰু অনুলেখৰ মাক-দেউতাকে... (জোৰােণত জানাে অনুলেখ যাব পাৰিব! খেলিমেলি লাগি গ’ল তাৰ। নিখাঞ্জ দেখােন অহা নাই)

 : উ... উ... উ... উ... মংগল উৰুলিৰ শব্দই হঠাতে ৰভাৰ কেউকাষ ৰজনজনাই তুলিলে।

 অনুলেখে দেখিলে নিখাঞ্জৰ মাকে পূবালীমাৰ দুকাণে দুপাট কাণফুলি পিন্ধাইছে। এইবাৰ তেওঁ এডাল শকত নেকলেছ লৈ পূবালীমাৰ ডিঙিত পিন্ধাবলৈ আৰম্ভ কৰিছে।

 : হেই অনুলেখ!— কাৰােবাৰ চিঞৰত সি ঘূৰি চালে। বিস্ময়ত তাৰ দুচকু ডাঙৰ হ’ল। পিঠিত এটা হেভাৰছেক লৈ সেইজনী শ্বেমিম। এযােৰ বেঙুনীয়া চুৰিদাৰেৰে তাইক যে কি অপূর্ব লাগিছে।

 : আহা আহা সি আগুৱাই গ’ল। ৰভাৰ মাজতে চকী এখন টানি বহিবলৈ দিলে তাইক। তাইৰ হাতৰ পৰা বেগটো লৈ খৰ খােজে ভিতৰলৈ গ’ল সি। এগিলাচ চৰবত তাইৰ বাবে সি নিজহাতে লৈ আহিব। কিযে পাগলী এইজনী! এয়াৰপ’ৰ্টৰ পৰা ফোন-চোন নকৰি নিজে অটো ভাড়া কৰি আহি গৈছে।

 : কিয় যে এনেকুৱা কৰা!— শ্বেমিমৰ কাষত এপাকত এবাৰ বহি সি অভিযােগ কৰিলে— তােমাৰ আনিবৰ বাবে গাড়ী পঠাম বুলি কোৱাৰ পিছতাে...

 : কিয় এতিয়ানাে কি হল?— তাই ক’লে।

 : এইবােৰ তােমাৰ অচিনাকি ঠাই৷ কেনেবাকৈ ৰাস্তা ভুল কৰি পেলােৱা হ’লে!—অনুলেখৰ কথাত স্পষ্ট আশংকা।

 : হেৰাই গ’লোঁহেঁতেন। শ্বেমিমে হাঁহিলে। তেতিয়া তুমি মােক বিচাৰি ফুৰিলাহেঁতেন। হাউ নাইচ।

 : পাগলীজনী। কৃত্রিম ধমক দিলে অনুলেখে। [ ৬২ ]  —তাই তাৰ কোনাে কথাকে ছিৰিয়াছলি নলয়। তাইৰ কিবা অঘটন ঘটে বুলি সিহে সদায় দুৰ্ভাৱনাত ভোগে৷

 : দাদা। অনুলেখে টলকিব পৰাৰ আগতে পূবালীমা তাৰ গাত আহি ঢলি পৰিছিলহি। তাই তাক আঁকোৱালি ধৰি আকৌ কান্দিবলৈ আৰম্ভ কৰিলে। টপ টপ কৰে অনুলেখৰ চকুলাে সৰিবলৈ আৰম্ভ কৰিলে। সি এই মুহূর্তত পূবালীমাক সান্ত্বনা দিবলৈ অলপাে প্রস্তুত নাছিল। শ্বেমিমে অনুলেখ আৰু পূবালীমালৈ চাই থাকিল। তায়াে কিজানি দাদা-ভগ্নীৰ বিচ্ছেদৰ জ্বালা অনুভৱ কৰিব পাৰিছে।

 ৰভাত বহি থকা সকলোৱে অনুলেখ আৰু পূবালীমালৈ চালে৷ অনুলেখে নিজক সংযত কৰাৰ চেষ্টা কৰিলে। চিঞৰি চিঞৰি কান্দি থকা ভনীয়েকজনীক সি প্রবােধ দিয়াৰ কোনাে ভাষাই বিচাৰি পােৱা নাই।। বাকহীন সময়। অন্তৰ ভাষাৰে ভৰি গ’লে মানুহ হেনাে বাকৰুদ্ধ হৈ পৰে। তথাপি সি তাইক সান্ত্বনা দিবই লাগিব৷

 হঠাৎ এটা বুদ্ধি মনত খেলালে অনুলেখ। সি ভনীয়েকৰ মুখখন তাৰ মুখৰ আগত দাঙি ধৰিলে। তাৰ পিছত শ্বেমিমলৈ দেখুৱাই ক’লে—তইনাে ইমানকৈ কিয় দুখ কৰিছা? দেখা নাই মােৰ যত্ন ল’বলৈ মােৰ কাষত তােৰ হ’বলগা নবৌয়েৰ আহি কেতিয়াবাৰে পৰা বহি আছে।

 অনুলেখৰ কথাত পূবালীমা খুউব আচৰিত হৈছিল। কান্দোন বন্ধ কৰি তাই নিষ্পলক দৃষ্টিৰে শ্বেমিমলৈ চালে। তাৰ পিছত উচুপি উচুপি ক’লে — সঁচা দাদা! তুমি ধেমালি কৰা নাইতাে ?

 : ধেমালি কৰিছোঁ যদি তাইকে সােধচোন!—

 শ্বেমিমলৈ ইংগিত কৰি সি কৈছিল—তােক ছাৰপ্রাইজ দিবলৈকে ইমানদিনে কথাটো কোৱা নাছিলোঁ।

 : সঁচা। পূবালীমাৰ মুখমণ্ডলত আনন্দৰ ৰেঙণি এটি ফুটি উঠিছিল।

 : বা!— শ্বেমিমক তাই সম্বােধন কৰিছিল— তােমাৰ নামটো কি কোৱানা।

 : শ্বেমিম।— শ্বেমিমে পূবালীমাৰ মূৰত আলফুলে হাত ফুৰাই কৈছিল। শ্বেমিমে অলপ লাজো কৰিছিল।

 : শ্বেমিম! – শ্বেমিম কি? প্রায় উচাপ খােৱাৰ দৰে পূবালীমাই প্রশ্ন কৰিছিল।

 : শ্বেমিম ৰহমান! শ্বেমিমে কৈছিল।

 : হাঁ!– পূবালীমাৰ কান্দোনত ফুলি থকা দুচকুতাে অনুলেখে এটা অস্বাভাৱিক প্রতিক্রিয়া ধৰিব পাৰিছিল।

 মাকে আহি পূবালীমাক অনুলেখৰ কাষৰ পৰা লৈ গৈছিল। অনুলেখে শ্বেমিমক অকণমান বহিবলৈ কৈ ৰভাৰ বাহিৰলৈ ওলাই গৈছিল। অভ্যাগত দুই-এজন যাবলৈ ওলােৱা তাৰ চকুত পৰিছিল। দৰাঘৰীয়া মানুহবােৰ যােৱাৰ পিছত প্রায় সকলােবােৰ অতিথিয়েই গ’লগৈ। অনুলেখহঁতৰ সম্পৰ্কীয় মানুহখিনি মাথোঁ আড্ডা মাৰি বহি থাকিল।

 অনুলেখে ৰভাঘৰলৈ আহি দেখিলে শ্বেমিম অকলে অকলে বহি আছে। মাকহঁতে বাৰু তাইক ভিতৰলৈ মাতি নিব নােৱাৰেনে! খং উঠি আহিল তাৰ! ক্ষমা প্রার্থীৰ দৰে সি তাইৰ ওচৰলৈ গৈ মৰমেৰে ক’লে— অকলে বহি আছা! খং উঠিছে নেকি!

 : কি যে কোৱা !– শ্বেমিমে কোমলকৈ ক’লে। কইনাৰ একমাত্ৰ দাদা, বিয়া ঘৰত ব্যস্ত নাথাকিলে কেনেকৈ হ’ব।

 : হ’ব হ’ব! ন’ ম’ৰ ইয়ার্কি!– অনুলেখে ক’লে। আহা মা-দেউতাৰ লগত চিনাকি কৰাই দিওঁ। [ ৬৩ ]  শ্বেমিম অনুলেখৰ লগে লগে আহিল। মাক-দেউতাক আৰু পেহা-পেহী-মামা-মাহীহঁত পূবালীমাৰ কোঠাতে গল্প কৰি আছিল। সি শ্বেমিমক তালৈকে লৈ গ’ল।

 : মা, মাহী, পেহী! — অনুলেখে জুমটোৰ দৃষ্টি আকর্ষণ কৰি ক’লে—এয়া চিনাকি হােৱা, মােৰ বন্ধু শ্বেমিম। মুম্বাইত চাকৰি কৰে। পূবালীমাৰ বিয়ালৈকে তাই আমাৰ ঘৰতে থাকিব।

 শ্বেমিমে নমস্কাৰ জনালে। অনুলেখৰ মাহীয়েক, পেহীয়েক-পেহা, মামাহঁতেও প্রতি নমস্কাৰ দিলে। কেৱল অনুলেখৰ মাক-দেউতাকে কোনাে প্রতি সম্ভাষণ নজনালে।

 : মা,তাইৰ বাবে ৰূম এটা ৰেডি কৰি দিবা দেই। — অনুলেখৰ হাতত সময় বেছি নাছিল। বিয়া ঘৰৰ কাম কৰা বনুৱা এজনে তাক বাহিৰৰ পৰা চিঞৰি আছিল।

 : অনু, ৰূমৰ অসুবিধা হ’ব নহয়।— অনুলেখ বাহিৰলৈ যাবলৈ উদ্যত হওঁতেই তাৰ মাকে কৈছিল— জানইতাে, ইতিমধ্যে আলহী যথেষ্ট বেছি হৈছে।

 শ্বেমিম অলপ অপ্রস্তুত হৈছিল। তাই কৈ উঠিছিল— হ’ব হ’ব মা! মই হােটেলত থাকিব পাৰিম। যােৰহাটত আমাৰ কোম্পানীৰ ছােৱালী এজনীও থাকে। গতিকে তাইৰ লগতে..

 : মা, এই ফালে আহাচোন। খং, দুখ আৰু ক্ষোভত ফাটি পৰিছিল অনুলেখ। মাকক হাতত ধৰি সি অন্য এটা ৰূমলৈ লৈ গৈছিল। তাত সি মাকক সুধিছিল—মা, তুমিতাে জানাই মােৰ এজনী গেষ্ট আহিবলগা আছিল। তাইৰ বাবে ৰূম এটাও তােমাক সুধিয়েই ঠিক কৰি ৰাখিছিলোঁ। এতিয়া সেইজনী ছােৱালীকেই ৰূমটো দিয়াৰ কথা কোৱাত তুমি ৰূম নােহােৱাৰ কথা কৈছা ! কিয়? হােৱাই ইউ আৰ প্লেয়িং উইথ মাই ষ্টেটাছ!

 মাকে খঙেৰে চাইছিল তালৈ। ষ্টেটাছ! তেওঁ প্রচণ্ড ঘৃণাৰে যেন উচ্চাৰণ কৰিলে শব্দটো। তই নিজে কিমান ষ্টেটাছ ৰাখিছ সেইটোও মনত ৰাখি কথা কবি।

 : মা! কি কৈছা তুমি? মই এনে কি কাম কৰিলোঁ যে........ আধা কোৱাতে ৰৈ গ’ল সি। তাৰ পিছত ক’লে—মইতাে ঘৰৰ অন্য কাকো নক’লেও তােমাক কৈছিলোঁ মােৰ এজনী ভালপােৱা ছােৱালী আছে, যাক মই বিয়া কৰাব খােজোঁ। তুমিয়েইতাে ছােৱালীজনীক ভণ্টিৰ বিয়াত মাতিবলৈ কৈছিলা। সেইবাবেহে.. কথাখিনি সি ফুচফুচাই কৈছিল যদিও, স্পষ্ট আৰু তীব্র আছিল তাৰ ভাষা।

 : কৈছিলোঁ। মাকে একে খঙেৰে কৈছিল। কিন্তু তােৰ পচন্দৰ ছােৱালীজনী এজনী মুছলিম ছােৱালী বুলি মই সপােনতাে ভাবিব পৰা নাছিলোঁ। ব্রাহ্মণৰ ল’ৰা হৈ তােৰ লাজ নালাগিল। পৃথিৱীত আৰু কোনাে বামুণ ছােৱালী নাছিল...।

 অনুলেখ কোঠাটোৰ পৰা ওলাই আহিল। মাকক এতিয়া বুজোৱাটো আৰু সম্ভৱ নহয়। সঁচাকৈ সি শ্বেমিমক কোনােদিন জাতি-ধৰ্মৰ দৃষ্টিৰে চোৱা নাই। শ্বেমিম এজনী হৃদয়বান তেজ-মঙহৰ ছােৱালী আৰু সি তাইক ভাল পায়। সিহঁত আটাইবােৰ প্ৰথমতে মানুহ, তাৰ পিছতহে ধর্ম-জাতি-ভাষা আৰু ভৌগােলিক অৱস্থানৰ ব্যৱধান। সেইবাবে সি কেতিয়াও হিন্দু বুলি নিজকে ভবা নাই। শ্বেমিমকো কেৱল মুছলিম বুলি ভবা নাই। দুটা বেলেগ ধৰণৰ উপাসনাৰ স্থলীলৈ গৈ ভগৱান বিচাৰিলেই মানুহৰ অনুভূতিবােৰাে পৃথক হৈ যায় নেকি।

 অনুলেখ বাৰাণ্ডালৈ ওলাই আহিল। শ্বেমিমৰ আগত এতিয়া সি কিদৰে নাক উলিয়াব। ঘৰলৈ আলহী মাতি খেদি পঠিওৱা নহ’বনে সি। ছিঃ শ্বেমিমে বাৰু মাকৰ কথাবােৰ গম পাইছে নেকি! ইতিমধ্যে মাকেতাে [ ৬৪ ] ঘৰৰ সকলােৰেই আগতে থাকিবলৈ ৰূম নাই বুলি কৈয়েই পেলাইছে! শ্বেমিম বাৰু কলৈ গ’ল। সি মনে মনে ভিতৰলৈ ভুমুকি মাৰি চালে! ড্রয়িং ৰূমত তাই নাই। মাকহঁত থকা ৰূমতে আছে কিজানি। মাকে বা এতিয়া তাইক কি কি নক’বলগীয়া কৈ পেলায়। সি যে লাজত মৰ যাব। শ্বেমিমক সি কোনেও একো বেয়াকৈ কোৱা সহ্য কৰিব নােৱাৰে। মাকে ক’লেও তাৰ ভাল নালাগিব।

 সি মেকুৰিৰ খােজেৰে ভিতৰ সােমাল। ড্রয়িং ৰূম পাৰ হৈয়েই পােৱা ৰূমটোত পূবালীমা বহি আছিল। তাতেই চাগৈ শ্বেমিমাে!

 : ক্রিং... ক্রিং... ক্রিং...। ড্রয়িং ৰূমত থকা ৰিছিভাৰটো বাজি উঠিল। চক খােৱাৰ দৰে অনুলেখে টেলিফোনটোৰ ওচৰলৈ গৈ ৰিছিভাৰটো উঠালে— হেল্লো।

 : হেল্লো! মে আই যক টু শ্বেমিম ৰহমান। ফটফটীয়া ইংৰাজীতে কোনােবা ছােৱালী এজনীয়ে ক’লে৷

 : ইয়েছ। — সি ক’লে, হােৱেৰ ফ্রম ইউ আৰ স্পিকিং ?

 : আই এম ফ্রম মুম্বাই। আৱাৰ কম্পেনী বছ ৱাণ্ট টু টক্ উইথ হাৰ! প্লিজ টেল হাৰ টু ৰিছিভ।

 : অহ ইয়েছ। অনুলেখে ৰিছিভাৰটো হাতেৰে ঢাকি চিঞৰিলে শ্বেমিম। তােমাৰ ফোন!

 ফোনটো ৰিছিভ কৰি শ্বেমিমক যথেষ্ট আনন্দিত যেন দেখা গ’ল। পিছফালে ৰৈ তাইৰ ফালে চাই থকা অনুলেখক তাই ক’লে— দুই বজাৰ ফ্লাইটতে মই যেনে তেনে গুচি যাব লাগিব জানা! বছে কৈছে ফৰেইনৰ পৰা হঠাৎ কেইজনমান ডেলিগেট আহিছে। তেওঁলােকে মােৰ অধীনত থকা প্রজেক্টটোৰ বিষয়ে আলােচনা কৰিব জানা। আই এম মাচ্ছ এক্সাইটেভ এবাউট ইট।

 : পাগল হৈছা নেকি?— অনুলেখে ক’লে। ক’লৈকো যাব নােৱাৰা ।ফৰগেট এবাউট ইয়ৰ কম্পেনী।

 : প্লিজ প্লিজ! শ্বেমিমে আকুতি কৰিলে। প্লিজ অনুলেখ, এইবাৰৰ বাবে মােক মাফ কৰি দিয়া, জানা এই ফৰেইন ডেলিগেট কেইজনৰ কমেণ্টৰ ওপৰত মােৰ প্রজেক্টটোৰ ভাগ্য হান্ড্রেড পাৰচেন্ট নিৰ্ভৰ কৰিছে। তেওঁলােকক মিছ কৰিলে মােৰ অতদিনৰ শ্ৰম অথলে যাব।

 : আচ্ছা যাবাই বাৰু মুম্বাইলৈ ঘূৰি।— অনুলেখে অতিষ্ঠ হৈ কৈ উঠে— যােৰহাটৰ পৰা দুই বজাৰ ফ্লাইটত তুমি টিকট পাবা নেকি! এতিয়া এক বাজিল। মুৰ্খৰ দৰে কথা কোৱা।

 : মােৰ টিকট বছে মুম্বাই পৰা ৰিজাৰ্ভ কৰি দিছে।— শ্বেমিমে ক’লে। এইমাত্র তেওঁ মােক যিকোনাে প্ৰকাৰে যাবলৈ অনুৰােধ কৰিছে। অনুলেখৰ আপত্তি নৰজিল। শ্বেমিমৰ যুক্তিৰ আগত সি বেছি সময় তর্ক কৰিব নােৱাৰিলে। তদুপৰি শ্বেমিমক লৈ ঘৰখনত সৃষ্টি হােৱা অস্বাভাৱিক অৱস্থাটোৰ বাবেও সি শ্বেমিমক থাকি যাবলৈ বেছি অনুৰােধ কৰিব নুখুজিলে।

 ৰৰৈয়া এয়াৰপৰ্টত শ্বেমিমক থৈ উভতি আহোঁতে অনুলেখে কেতিয়াও ভবা নাছিল, শ্বেমিমৰ সৈতে তাৰ এই বিদায় এদিন শেষ বিদায়ৰ নিচিনা হৈ উঠিবগৈ।

 প্রচণ্ড নিচা লাগিছিল অনুলেখৰ। কোনােমতে বিছনাখন ঢুকি পাই সি শুই পৰিল। ৰাতিৰ ভাত সাঁজ তাৰ খােৱা প্রায় নহয়েই। আঠুৱা খুচি লােৱাৰ নিয়ম সি কেতিয়াবাই এৰিছে। টোপনিৰ আবেশত সি

বিৰবিৰাই থাকিল — শ্বেমিম, মােৰ মৰমৰ শ্বেমিম! [ ৬৫ ]

চাৰি

 পুৱা বহু দেৰিকৈ সাৰ পালে আনুলেখে! আগদিনা ৰাতিৰ অত্যধিক মদ্যপানৰ বাবে তাৰ মূৰটো গধুৰ গধুৰ লাগিছিল। ভােকো লাগিছিল যথেষ্ট। তেতিয়াহে তাৰ মনত পৰিল সি ৰাতি একো আহাৰ নকৰাকৈয়ে শুই গ’ল। অলসভাৱে বিছনাতে পৰি ৰ’ল সি। শৰীৰটোক কষ্ট দি সি এক পৈশাচিক আনন্দ লাভ কৰে। সি তাৰ জীৱনটো তিলতিলকৈ শেষ কৰি দিব খােজে। সি শ্বেমিমৰ ওচৰত সি ভয়ানক অপৰাধ কৰিছে, তাৰ শাস্তি মৃত্যুৰ বাহিৰে আন একো হ’ব নােৱাৰে।

 সি আত্মহত্যাই কৰিলেহেঁতেন। কিন্তু তাকে কৰিলে শ্বেমিমে তাৰ যন্ত্ৰণাৰ কথা বুজি পাব। সি জানে, সি যি অৱস্থাত পৰি শ্বেমিমক ত্যাগ কৰিবলগা হৈছে, এই অৱস্থাৰ কথা জানিলে তাই অনুলেখক ক্ষমা কৰি দিব। অনুলেখৰ প্রতি ঘৃণাৰ পৰিৱর্তে সমবেদনা প্রকাশ কৰিবলৈ আৰম্ভ কৰিব। তাই তাৰ দুখৰ বাবে দুখী হ’ব, তাৰ যন্ত্ৰণাৰে তাইৰ বুকু ৰাঙলী হ’ব। সি সেইয়া হ’বলৈ দিব নােখােজ। সি বিচাৰে শ্বেমিমে তাক সদায় ঘৃণা কৰি থাকক। অনুলেখে যিদৰে প্লে বয়ৰ অভিনয় কৰি শ্বেমিমৰ প্রেম প্রত্যাখান কৰিলে, সেই ৰূপটোকে সঁচা বুলি থাকি তাৰ প্ৰবঞ্চনাৰ প্রত্যুত্তৰ দিবলৈকে তাই নিজৰ জীৱনটো সুখেৰে সমৃদ্ধ কৰিবলৈ যত্ন কৰিব। সি যদি আজিও হঠাতে আত্মহত্যা কৰে, সি নিশ্চিত—তাৰ আত্মহত্যাৰ খবৰ পােৱাৰ লগে লগে শ্বেমিমেও আত্মহত্যা কৰিব। তাই তাৰ জীৱিত অৱস্থাতহে তাৰ ওপৰত খং, অভিমান কৰি থাকিব পাৰে, মৃত্যুৰ পিছত নহয়।

 আকৌ এবাৰ পূবালীমা আৰু মাক-দেউতাকলৈ মনত পৰিল তাৰ। কেনেকৈ তাৰ ঘৰখনে তাৰ সমস্ত প্রেম-ভালপােৱা বিচ্ছিন্ন কৰি পেলালে। তাৰ প্ৰাণতকৈ মৰমৰ ভনীয়েকজনীয়ে যেতিয়া তাক শ্বেমিমক বিয়া নকৰাওঁ বুলি তাইৰ নামত শপত খাবলৈ বাধ্য কৰালে, সি সঁচাকৈ মূক হৈ গৈছিল। ভনীয়েকৰ বিয়াৰ আগদিনা সি শ্বেমিমক বিয়া নকৰাও বুলি শপত খােৱাৰ বাদানুবাদ চলি থাকোতেই ভনীয়েকে কৈছিল— চোৱা দাদা, তুমি মােৰ নামত শপত নাখালে মই কাইলৈ বিয়াতেই নবহোঁ।

 : নালাগে বহিব। খঙত উচাট মাৰি ওলাই গৈছিল অনুলেখ। য’তে ত’তে ঘূৰি থাকি সন্ধ্যা সি ঘৰ সােমাইছিলহি। বিয়াৰ কামবােৰাে সি বাদ দি পেলাইছিল।

 সন্ধ্যা ঘৰত আহি দেখিছিল মাকে হুৰাওৰাৱে কান্দি আছে। মামা-মামী, পেহা-পেহীহঁতে দুৱাৰ বন্ধ কৰি অনুলেখক পূবালীমাৰ কোঠালৈ টানি লৈ গ’ল। সি দেখিলে পূবালীমাই খুউব বুমি কৰিছে। তাই হেনাে ফেনাইল এবটল খাবলৈ চেষ্টা কৰিছিল। ভাগ্যে মাহীয়েকে দেখাত অকণমান খাওঁতেই বটলটো কাঢ়ি আনিব পাৰিলে। অনুলেখ বলিয়াৰ দৰে হৈ উঠিল। ফোন কৰি তাৰ বন্ধু ডাঃ ভাস্কৰক মাতি পঠিয়ালে। ফোনতে কেছটো সংক্ষিপ্তকৈ কোৱাত ভাস্কৰে আহি দুটামান দৰব খাবলৈ দি পূবালীমাক সুস্থ হৈ উঠাত সহায় কৰিলে। অনুলেখে ভাস্কৰক ক’লে সি যেন পূবালীমাই আত্মহত্যাৰ চেষ্টা কৰা বুলি ক’তাে নুলিয়ায়। তেনে কৰিলে ভনীয়েকৰ বদনাম হ’ব। দৰাঘৰেও কথাটো শুনি ভাল নাপাব। ভাস্কৰ তাৰ কথাত সন্মত নােহােৱাৰ প্রশ্নই নাছিল। সিহঁত দুটা সৰুৰে [ ৬৬ ] পৰা একেলগে পঢ়া। ডাক্তৰী পঢ়াৰ পিছত ভাস্কৰ সিহঁতৰ ঘৰখনৰ ফেমিলি ডাক্তৰেই হৈ পৰিছে।

 সিদিনাৰ ৰাতিটো অনুলেখৰ বাবে বৰ ভয়ংকৰ ৰাতি আছিল। ভনীয়েকে আত্মহত্যাৰ চেষ্টা কৰা দৃশ্যটো নিজ চকুৰে দেখাৰ পাছত, বিষ ক্রিয়াত চেল খাই যােৱা তাইৰ চকু দুটি দেখাৰ পাছত, আতংকত শুকাই যােৱা মাকৰ মুখখন আৰু খং আৰু অভিমানত ওন্দোলা হৈ থকা দেউতাকৰ মুখখন সকলােৱে যেন তাক একেলগে খেদি আহিছিল। মাকে কৰা অনুৰােধ আৰু দেউতাকৰ গালি, মাহী-মহা-পেহা-পেহীহঁতৰ বুজনি সকলােৰে ওছৰত সি সেও মনা নাছিল। কিন্তু ভনীয়েকৰ সেই ভয়ংকৰ দৃশ্যটো দেখাৰ পাছত তাৰ বুকুখন ভয়ানকভাৱে কঁপি উঠিল। আজি যদি কিবা এটা অঘটন হ’লহেতেন, সকলােৱে তাকে দুষিলেহেঁতেন! সিও জানাে নিজকে ক্ষমা কৰিব পাৰিলেহেঁতেন! নাই। সি ইমান স্বার্থপৰ হ’ব নােৱাৰে। নিজৰ সুখৰ বাবে সি মাক-দেউতাক, ভনীয়েক সকলােৰে সুখ কাঢ়ি ল’ব নােৱাৰে। সেই বাবেই সি মাজৰাতি বিছনাৰ পৰা উঠি পূবালীমাকো শােৱাৰ পৰা উঠাই তাইৰ ওচৰত প্রতিজ্ঞা কৰিছিল, সি শ্বেমিমক তাৰ জীৱনৰ পৰা আঁতৰাই পঠাব । ঘৰৰ সকলােৱে বেয়া পােৱা কাম এটা কৰি সি মাক-দেউতাক-ভনীয়েকৰ লগতে সম্পৰ্কীয় মানুহখিনিক দুখ দিব নােখােজে।

 তাৰ সিদ্ধান্তৰ কথা শুনি সেইদুপৰ ৰাতিও ঘৰখন উৰুলীকৃত হৈ উঠিছিল। ভনীয়েকে আবেগত তাক সাবটি ধৰিছিল। কিন্তু ঘৰৰ মানুহখিনিয়ে জানাে জানিছিল কিমান মূল্যৰ বিনিময়ত সি তেনেকুৱা এটা কঠোৰ সিদ্ধান্ত লৈ পেলালে!

 গাৰুৰ কাষতে থকা ঘড়ীটো আনি চালে সি। পুৱা দহ বাজিছে। লাহে লাহে সি বিছনাৰ পৰা উঠিল। দাঁত ব্রাছ কৰি সি বেলকনিৰ পৰা মহানগৰীৰ ব্যস্ত ৰাজপথলৈ চাই পঠিয়ালে৷ ৰেচৰ গাড়ীৰ দৰে গাড়ীবােৰে ইখনে সিখনক পিছ পেলাই থৈ গৈছে। সকলােৰেই সময় নাই। ইজনে সিজনক অতিক্রম কৰি যােৱাটোৱেই যেন এতিয়া জীৱনৰ একমাত্র উদ্দেশ্য।

 কেইবাদিনাে নুখুৰােৱা ডাঢ়িখিনি খুৰাই অলপ চাপ-চিকুণ হ’বলৈ মন গল অনুলেখৰ। শ্বেভ কৰি পুৱাৰ কৰণীয়খিনি কৰি ৰূমৰ পৰা ওলাওঁতে প্রায় এঘাৰ বাজিল। সি গ্রাউণ্ড ফ্ল’ৰলৈ ষ্টেয়াৰকেছেৰে নামি গৈ একাপ চাহ খালে। চিগাৰেট এটা জ্বলাই সি ৰাস্তালৈ ওলাই আহিল।

 প্রচণ্ড চোকা ৰ’দ দিছে। তাতে আগদিনাৰ হেং অভাৰ থকা অনুলেখৰ মূৰত ৰ’দজাকে যেন তীব্র আক্রমণ চলালে। সি পিছুৱাই আহি পুনৰ হােটেলত সােমাল। মূৰটোৰ গধুৰ ভাবটো আঁতৰ হােৱা নাই। হােটেলৰ লগত সংযুক্ত বাৰতে বাৰু এক পেগমান গিলি দিব নেকি! ধেৎ! এতিয়াই নাখাওঁ। সি মনতে ভাবিলে। অলপ পিছত লাঞ্চকে ভালদৰে কৰিব লাগিব বহুদিন সি ভালকৈ এসাজ ভাত খােৱা নাই।

 সি এইবাৰ লিফটেৰে উঠি আহিল। তাৰ ৰূমৰ সন্মুখ পাই দেখিলে চার্ট-পেন্ট পিন্ধা কোনােবা ছােৱালী এজনীয়ে সিহঁতৰ ৰূমৰ কলিং বেলটো বজাই আছে। সি তাইক পিছফালৰ পৰা মাত দিলে— এক্সকিউজ মি!

 ছােৱালীজনীয়ে তালৈ ঘূৰি দিলে। অনুলেখে নিজৰ চকু দুটাকে বিশ্বাস কৰিবলৈ টান পালে সি সঁচাকৈয়ে ঠিকেই দেখিছেনে। নে আগদিনা প্ৰচুৰ মদ খােৱাৰ বাবে এতিয়াও তাৰ মগজুৱে [ ৬৭ ] ভালকৈ কাম কৰা নাই।

 : ভূত দেখাৰ দৰে চাই আছা যে! — তাই হাঁহিলে।

 : হাঁ। সপােনৰ পৰাহে যেন সৰি পৰিছে অনুলেখ।

 : মই শ্বেমিমেই হয়, ভূত নহয়।— শ্বেমিমে হাঁহিলে। ৰূম লক নকৰাকৈ ক’তনাে অনাই-বনাই ঘূৰি আছা। অথনিৰে পৰা কলিং বেল বজাই আছোঁ।

 : আহা!— দুৱােৰখন ঠেলি সোমাই আহিল অনুলেখ৷ শ্বেমিমৰ গাৰ কাষেৰে পাৰ হৈ আহোঁতে তাই ব্যৱহাৰ কৰ ছেণ্টৰ সুবাস তাৰ নাকত লাগি আহিল। ইমান চিনাকি আৰু আপােন আপােন লগা গােন্ধ!

 অনুলেখে তাৰ বিশৃংখল বিছনাখন ঠিক কৰিবলৈ যত্ন কৰিলে। শ্বেমিম আহি তাৰ বিছনাখনতে বহিল। সি চকী এখন টানি তাইৰ পৰা কিছু দূৰত্বত বহিলে।

 : একো নােসােধা নেকি অনুলেখ।— শ্বেমিমৰ মাতটো বৰ কৰুণ শুনালে। মই হঠাৎ ক’ৰ পৰা আৰু কেনেকৈ ওলালােহি তােমাৰ জানিবলৈ মন যােৱা নাইনে?

 : কোৱা। অনুলেখে শান্ত কণ্ঠেৰে ক’লে— বহুদিন তােমাৰ কোনাে খবৰ নাপাওঁ।

 : খবৰ ল’লেহে পাবা। তুমি মােক বিয়া নকৰােৱাৰ সিদ্ধান্ত ল’লা বুজিলোঁ, সেই বুলি তুমি খবৰ এটাতাে ল’ব পাৰা। অন্ততঃ মৰিলোঁ নে জীয়াই আছে।— শ্বেমিমে ধেমালি কৰি কৈছিল যদিও অনুলেখৰ কাণত বাক্যকেইটাই শেলৰ দৰে আঘাত কৰিলে।

 অনুলেখ মৌন হৈ ৰ'ল। শান্ত-সমাহিত দুচকুৰে সি শ্বেমিমৰ চকুলৈ চালে। তাইৰ দুচকুত সামান্য বাষ্প।

 : এয়েতাে জীৱন। স্বৰ্গতােক্তি কৰাৰ দৰে শুনালে অনুলেখৰ বাক্যটো। কেনেকৈ হেৰাই যায় মানুহৰ ঠিকনা, ক’ত পৰি ৰয় অনাদৃত সম্বন্ধ !

 : ষ্টপ... ষ্টপ... ষ্টপ...! শ্বেমিম যেন অধৈৰ্য্য হৈ উঠিল। তােমাৰ কবিতা শুনিবলৈ মই অহা নাই। খুউব মদ খাইছা নহয়, চেহেৰাটো কংকালটোতহে ওলমি ৰৈছেগৈ। তাই ক’লে। চকুযােৰ দেখিয়েই বুজিছোঁ কালি ৰাতি ভালকৈ এসােপা গিলি ভাত নােখােৱাকৈ শুই পৰিছা।

 : সঁচা! সি একেকোবে স্বীকাৰ কৰিলে— মােৰ এতিয়া বৰ ভােক লাগিছে।

 শ্বেমিম ব্যস্ত হৈ উঠিল। তাই বেগৰ পৰা চকলেট এটা উলিয়াই ক’লে, এই চকলেটটো খাই তুমি অকণমান সময় ৰ’ব পাৰিবানে ?

 : দিয়া।— সৰু ল’ৰা এটাৰ দৰে অনুলেখে তাইৰ পৰা চকলেটটো ল’লে। এটুকুৰা ভাঙি সি শ্বেমিমক দিলে। বাকী টুকুৰা সি তাৰ মুখত ভৰালে।

 : ব’লা অলপ ওলাই যাওঁ। শ্বেমিমে ক’লে। বাধ্য ছাত্রৰ দৰে অনুলেখ তাইৰ পিছে পিছে। হােটেলৰ বাহিৰলৈ ওলাই আহিল।

 শ্বেমিমেই অটো এখন মাতিলে। অনুলেখক বহিব দি তায়াে তাৰ কাষত বহি ল’লে। অটোখনক মালিগাঁৱলৈ যাবলৈ ক’লে তাই।

 : মালিগাঁও। অনুলেখে শ্বেমিমলৈ চালে। শ্বেমিমে তাৰ ফালে চাই ক’লে— প্লিজ, আপত্তি নকৰিবা। [ ৬৮ ]  অটোখন অলপ লাহে লাহে চলা বাবে শ্বেমিমে বেগাই যাবলৈ কৈছিল। এইবাৰ অনুলেখৰ হাতত এটুকুৰা চকলেট দি কৈছিল— খােৱা, বেছি ভােক লাগিছে নেকি।

 : ধেৎ। তােমাৰ ভাগৰ টুকুৰাও দি দিছা মােক। এই প্রথমবাৰলৈ সি অলপ দীঘলীয়া বাক্য এটা পােনপটীয়াকৈ ক’লে। আগৰ টুকুৰা খায়েই মােৰ ভোক প্রায় নাইকিয়া হৈ গৈছে।

 : তথাপি এই টুকুৰাও খােৱা। — তাই লাগি থাকিল।

 : ওহোঁ! তুমি খােৱা। সেইটো তােমাৰ ভাগ।

 : মােৰ ভাগ, তােমাৰ ভাগ বুলিবলৈ কি আছে। সকলােবােৰতাে... জিভা কামুৰি ৰৈ গ’ল শ্বেমিম। হয়তাে তাই ক্ষন্তেকলৈ পাহৰি গৈছিল সিহঁতৰ পূৰ্বৰ প্ৰেমৰ সম্পৰ্কটো এতিয়া ভাঙি গৈছে। আগতে সিহঁত দুটাই কৈছিল— কোনাে বস্তুৱেই সিহঁতৰ গাইগুটীয়া নহয়, সকলােবােৰ উমৈহতীয়া। মােৰ, তােমাৰ নহয় আমাৰ। সেই পুৰণি কথাটোৱেই তাইৰ জিভাৰ আগত উঠি আহিছিল... অথচ আজি... শ্বেমিম ৰৈ গৈছিল। অনুলেখে তাইৰ হাতৰ পৰা চকলেটটুকুৰা নিজেই লৈ লৈছিল। অটোখনে গাত এটাত সােমাই ডাঙৰ জাপ এটা মাৰিছিল। শ্বেমিমৰ কান্ধখন আহি অনুলেখৰ গাত খুন্দা লাগিছিল। সি অকণমান আঁতৰি বহিছিল। সিহঁতৰ আগৰ সম্পৰ্কটো আৰু নাই। সিহঁত এতিয়া দুটি অচিনাকি চৰিত্ৰ। আনুষ্ঠানিক।

 ভৰলু পাৰ হৈ দলংখনত অটোখনত উঠোতে অনুলেখে ভৰা ব্ৰহ্মপুত্ৰৰ বুকুলৈ চাই পঠিয়াইছিল।। দুখনমান দেশীয় নাও ইফালে-সিফালে ঘূৰি আছিল। পানীৰ বুকুত এজাক জলচৰ চৰায়ে খেলি আছিল।

 : অনুলেখ!— শ্বেমিমে হঠাৎ আৰম্ভ কৰিছিল তুমি বাৰু হঠাৎ মােক এনেকৈ লগ পাই যাম বুলি ভাবিছিলানে?

 : ওহো! অনুলেখে কৈছিল। তুমি মােক ক্ষমা কৰি দিব পাৰিবা বুলি মই ভবা নাছিলোঁ।

 : ক্ষমা ? ক্ষমাতাে মই কৰা নাই।—টপৰাই কৈ উঠিছিল শ্বেমিমে। অনুলেখ বােবা হৈ গৈছিল। অটোখন মালিগাঁও পাইছিলহি। শ্বেমিমেই ভাড়া দি অটোখন বিদায় দি অনুলেখক লৈ সিহঁতৰ অতীতৰ চিনাকি ৰেষ্টুৰেণ্টখনত গৈ বহিছিল। মেনেজাৰজনে সিহঁত দুটাত দেখি মিচিকিয়াই হাঁহিছিল। ফ্রেন্স কাট ডাঢ়িৰ সেই পুৰণি মেনেজাৰজন সিহঁতৰ ইউনিভাৰচিটি জীৱনৰে চিনাকি। বােধহয় তেওঁ শ্বেমিম আৰু অনুলেখৰ বিয়া হৈ যােৱা বুলি ভাবিছে। খােৱাৰ টেবুলত বহি মেনুখন চাই থকা শ্বেমিমলৈ চোৰ দৃষ্টিৰে চালে অনুলেখে। এই ছােৱালীজনী যদি তাৰ আজি পত্নী হ’লহেঁতেন। সিয়েইতাে তাইক তাৰ জীৱনৰ পৰা আঁতৰাই পঠালে। এতিয়া আৰু ঘূৰি যােৱাৰ কোনাে ৰাস্তা নাই।

 শ্বেমিমে অনুলেখৰ প্রিয় খাদ্য চিকেন বিৰিয়ানিৰ অৰ্ডাৰ দিছিল। তাই নিজৰ বাবে লৈছিল একাপ কফি। সি আপত্তি কৰিছিল। তুমিও এক প্লেট বিৰিয়ানি ল’ব লাগিব। সি কৈছিল।

 : এক প্লেট কেনেকৈ খাম । তাই কৈছিল— মােৰ যে ভােকেই নাই।

 : মােৰ প্লেটকে হাফ হাফ কৰি ল’ম৷— অনুলেখে কৈছিল।

 অনুলেখে ভাবিছিল শ্বেমিমে কিজানি আপত্তি কৰিব। অনুলেখৰ বেছি ভােক লগাৰ অজুহাতত তাকে ফুল প্লেট বিৰিয়ানি খাবলৈ ক’ব। আশ্চর্যজনকভাৱে তাই কিন্তু কোনাে আপত্তি নকৰিলে। [ ৬৯ ] বয়টোৱে বিৰিয়ানিখিনি দি যােৱাৰ সময়ত তাই বয়টোক এক্সট্টা প্লেট এখন দি যাব ক’লে। অনুলেখে তাইৰ কার্যকলাপ চাই ৰল।

 এইখনেই সেই ৰেষ্টুৰেন্ট, য’ত বহি অনুলেখ শ্বেমিমৰ সন্মুখত স্বীকাৰ কৰিছিল শ্বেমিম, আই লাভ ইউ। ক’তবাৰ যে একেটা কথাকে ক’বলৈ দিছিল তাক শ্বেমিমে, আকৌ এবাৰ কোৱানা ? আকৌ এবাৰ। সহস্রবাৰ! উস্ কি যে অত্যাচাৰ। এইখন ৰেষ্টুৰেণ্টতে সিহঁত দুটা প্রায় আহি বহিছিল, মান-অভিমান কৰিছিল, তর্ক কৰিছিল, কথা পাতিছিল, গল্প কৰিছিল আৰু শেষত কোনাে এবিধ বস্তু অর্ডাৰ দি তাকে আধা আধা কৰি ভগাই খাইছিল। এই ভগাই খােৱা কথাটোৰ বাবে অনুলেখে শ্বেমিমক কৃপণ বুলি জোকাইছিল । সি এক প্লেটকৈ খােৱাত জোৰ দিছিল। তেতিয়াই এদিন শ্বেমিমে কৈছিল— জানানে অনুলেখ, শ্বেয়াৰ কৰি খােৱাত যি আনন্দ আছে, গাইগুটীয়াকৈ খােৱাত সেই আনন্দ নাই। তােমাৰ সৈতে মই সকলাে শ্বেয়াৰ কৰিব খােজোঁ সকলাে কামতে মই তোমাৰ অৰ্ধাংগিনী হ’ব খোজো৷

 : অর্ধাংগিনী!— অনুলেখে শ্বেমিমলৈ স্থিৰচিত্তে চাই ৰ’ল। তাই ইতিমধ্যে বিৰিয়ানিখিনি সমানে দুভাগ কৰাত লাগি গৈছে। শ্বেমিম! এইজনী ছােৱালীকে সি কিমান নির্দয়ভাৱে প্রত্যাখান কৰিছে। তাই তাক ঘৃণা কৰি আহিছে বুলি তাৰ বিশ্বাস হৈছিল। আজি হঠাৎ তাইৰ তাৰ ওচৰলৈ আগমনে সকলাে হিচাপ-নিকাচ ওলট পালট কৰি দিছে। আচলতে তাই বিচাৰে কি! অনুলেখৰ ওচৰত শ্বেয়াৰ কৰিব লগাকৈতাে এতিয়া একো অৱশিষ্ট বাকী নাই। ভিতৰি ভিতৰি অনুলেখ মৰি গৈছে। প্রতিদিনে মৃত্যুৰ সমীপলৈ গৈ আছে সি। এনেস্থলত সি আৰু অন্যক কি দিব পাৰে! এভৰিথিং ইজ ফিনিছ।

 : হেই! দেৰি কৰি আছা কেলেই!– শ্বেমিমৰ সেই একেই মৰমৰ ধমক!

 অনুলেখে একো নামাতিলে। অন্য দিনা সি নিশ্চয় কিবা এটা ক’লেহেঁতেন!

 : সােনকালে খােৱা। তােমাৰ ভােগ লাগি থকা নাছিল জানাে। — শ্বেমিমেই আকৌ ক’লে। অনুলেখে প্লেটখন নিজৰ ফালে লৈ খাবলৈ আৰম্ভ কৰি দিলে।

 ৰেষ্টুৰেণ্টৰ বিলখন শ্বেমিমেই দিলে। অনুলেখে তাইলৈ পাণ এখন কিনি আনিলে। তাই ভাল পােৱা মৌ বিলাস পাণ। সি সাধাৰণতে পাণ নাখায়। আগতে শ্বেমিমৰ লগত পৰি এই মিঠা পাণবােৰ শ্বেয়াৰ কৰিবলগা হৈছিল। আজিও তাৰ ব্যতিক্রম নহ’ল।

 শ্বেমিমে সঘনে ঘড়ীলৈ চাই আছিল। অনুলেখে সুধিলে— ক’ৰবাত কিবা এপইন্টমেন্ট আছে। নেকি ?

 : নাঃ আজিৰ দিনটোত মই কম্পেনীৰ কোনাে প্রগ্রেম লােৱা নাই। কৈয়েই তাই ৰিক্সা এখন মাতিলে। অনুলেখক টানি ৰিক্সাত উঠাই তাই ক’লে প্ৰাগত ব’লা।

 : প্রাগ?— অনুলেখে তাইলৈ চালে।

 : প্লিজ, মানা নকৰিবা। শ্বেমিমে ক’লে। প্রাগত চিনেমা চাই ওলাই আহোঁতে আবেলি প্রায় তিনি বাজিছিল। ঘামি-জামি, অনুলেখ চিনেমা হলৰ পৰা ওলাই আহিছিল । আজি কিমান বছৰৰ পাছত সি হলত দুপৰীয়াৰ শ্ব’ চালে। ইউনিভাৰচিটিত পঢ়ি থকা সময়ত শ্বেমিমৰ সৈতেই যি সি দুপৰীয়াৰ শ্ব’ চাইছিল। [ ৭০ ]  চিনেমা চাই ভাগি অহা মানুহৰ ভিৰৰ পৰা কিছু আঁতৰত সিহঁত দুটা থিয় হৈ ৰৈছিল। মানুহ ভর্তি এখন চিটিবাছ আহি সিহঁতৰ কাষত ৰৈছিল। হুৰমূৰকৈ বাছখনৰ পৰা এজাক মানুহ নামিছিল। অনুলেখ তাৰ পৰা আঁতৰি আহিব খুজিছিল। শ্বেমিমে তাক হাত এখনত ধৰি ৰাখিলে।

  : আমি ইউনিভাৰচিটিলৈ যাম !— আদেশৰ দৰে শুনালে তাইৰ বাক্যটো। অনুলেখে তাইলৈ চালে। ক’লে—ঠিক আছে। অটো এখন লৈ যাম। বাছত বৰ ভিৰ।

 : নহয়৷ বাছতেই যাম৷— শ্বেমিমে ক’লে। হুমূৰকৈ এজাক মানুহ বাছত উঠিবলৈ লৈছিল। তাৰ মাজতেই শ্বেমিম সােমাই পৰি বাছত উঠিল। উপায়ান্তৰ হৈ অনুলেখাে গিজ্ গিজ্ ভৰি থকা বাছখনত হেঁচি ঠেলি সােমালগৈ।

 শ্বেমিম আহি তাৰ কাষতে থিয় হ’ল। পাণ জাপি অনাৰ দৰে বাছখনে মানুহ এজাক জাপিবলৈ আৰম্ভ কৰিছে। বিশেষকৈ চিনেমা চাই অহা ইউনিভাৰচিটিৰ ল’ৰা-ছােৱালী এজাক উঠাত বাছখনত উশাহ ল’বলৈ বতাহৰ নাটনি ঘটিছে। ভিৰৰ মাজত দুষ্ট ল’ৰাৰ পৰা গা বচাবলৈ কিজানি শ্বেমিম আহি তাৰ পিছফালে থিয় হৈছে। প্রচণ্ড হেঁচা-ঠেলাত তাইৰ কোমল বুকুৰ স্পৰ্শই তাৰ পিঠিত এক আচৰিত সংবেদনৰ সৃষ্টি কৰিছে। সি তাইৰ পৰা আঁতৰি থিয় হ’ব খুজিও আঁতৰিব পৰা নাই। মানুহৰ গাৰ পৰা নিৰ্গত টেঙা ঘামৰ দুৰ্গন্ধত তাৰ উশাহ বন্ধ হৈ যাব যেন লাগিছে।

 শ্বেমিমৰ বুকুখন আৰু জোৰেৰে আহি তাৰ পিঠিত লাগিছে। অনুলেখৰ তীব্ৰ অপৰাধবােধ জাগি উঠিল ৷ এইজনী ছােৱালীৰ হৃদয় ভাঙি সি প্রত্যাখ্যান কৰিছে। তাইৰ দেহ-মন সকলােবােৰ এদিন তাৰ ওচৰতে সমর্পিত হােৱাৰ কথা আছিল। অথচ ভীৰুৰ দৰে সি তাইৰ পৰা আঁতৰি আহি আজি বাছৰ ভিৰৰ সুযােগ লৈ তাইৰ দেহৰ স্পৰ্শ আনন্দ ভােগ কৰিছে। সি প্রচণ্ড জোৰ প্ৰয়ােগ কৰি সন্মুখৰ মানুহটো ঠেলি শ্বেমিমৰ ওচৰৰ পৰা আঁতৰি আহিল। তাৰ আৰু শ্বেমিমৰ মাজৰ অকণমান খালি ঠাইখিনিত ল’ৰা এটা সােমাই পৰিল।

 শ্বেমিমে অনুলেখলৈ চালে। তাই যেন তাৰ ব্যৱহাৰত আহত অনুভৱ কৰিছে। অনুলেখে তাইৰ চকুৰ পৰা তাৰ দৃষ্টি নমাই আনিলে। বাছখন আদাবাৰী পাইছেহি। এজাক মানুহ বাছখন লক্ষ্য কৰি খেদি আহিছে । অনুলেখে পিছুৱাই যাব লগা হৈছে। সি তেনেকৈ সােমাই যাওঁতে দেখিলে তাৰ আৰু শ্বেমিমৰ মাজত থিয় হােৱা ল’ৰাটোৱে বিপজ্জনভাৱে শ্বেমিমৰ শৰীৰ স্পৰ্শ কৰিবলৈ সি তাইৰ ফালে অকণমান বেছিকৈ হালি দিছে অনুলেখে ধৰিব পাৰিলে। শ্বেমিমে কোনােমতেই নিজৰ শৰীৰটো ল’ৰাটোৰ গাত স্পর্শ হােৱাৰ পৰা বচাব পৰা নাই।

 : এই ‘নমা’ আছে! হঠাৎ কি জানাে হ’ল অনুলেখৰ। হেণ্ডিমেনটোক উদ্দেশ্যি চিঞৰ এটা মাৰি সি শ্বেমিমক এহাতে টানি বাছৰ পৰা নামিবলৈ আৰম্ভ কৰিলে। বাছখন চলিবলৈকে লৈছিল৷ হেণ্ডিমেনে বাছত ঢাকা এটা মাৰি চিঞৰিলে— এই ৰাখবা। ’নামা’ আছে। তাৰ পিছত সি ভােৰােৰালে ’নামা’ থাকিলে আগলৈ ওলাই থাকিব লাগে।

 : এই চুপ। —হেণ্ডিমেনটোক প্রচণ্ড ধমক দি উঠিল অনুলেখে। তাৰ খংটো মগজুলৈ উঠি আহিছিল। তাৰ প্রচণ্ড ধমকত হেণ্ডিমেনটোৰ লগতে শ্বেমিমাে উচপ খাই উঠিল। সিহঁতক নমাই বাছখন গুচি যােৱালৈ চাই অনুলেখে উচ্চাৰণ কৰিলে চালা ৰাবিছ।

 : অনুলেখ। হােৱাটজ দা ৰং উইথ উই! শ্বেমিমে তাৰ খং উঠা দেখি ভয়ে ভয়ে সুধিলে। [ ৭১ ]  : কৈছিলোঁ নে নাই তােমাক ! অনুলেখৰ খংটো গৈ শ্বেমিমৰ ওপৰতে পৰিলগৈ । সি ৰাস্তাতে অভদ্ৰৰ দৰে চিঞৰি ক’লে তাইক— অটোত আহিম বুলি কোৱা নাছিলোঁ? চিটিবাছত উঠাৰ চখতাে কি চাবা।

 শ্বেমিম চুপ হৈ থাকিল। তাই তালৈ সমীহেৰে চালে আজি কিমান দিনৰ পিছত তাই তাৰ খং উঠা দেখিছে।

 : অটো মাতিম নেকি?— শ্বেমিমে খুউব লাহেকৈ ক’লে।

 : নালাগে। খােজকাঢ়ি যাম। অনুলেখৰ খংটো অলপ দমিছিল।

 আদাবাৰীৰ পৰা জালুকবাৰী চাৰিআলিলৈকে পথছােৱাত খােজকাঢ়ি যাওঁতে সিহঁত দুটাই টু শব্দ এটাও উচ্চাৰণ নকৰিলে। জালুকবাৰী চাৰিআলিৰ পৰা ইউনিভাৰচিটিৰ ফালে যােৱা ৰাস্তাটোৰ ফুটপাথত উঠোতে অনুলেখে শ্বেমিমক ক’লে— প্লিজ শ্বেমিম! মােক মাফ কৰি দিবা।

 : কিয়? কিয় ? শ্বেমিম উদগ্রীব হৈ উঠিল। তুমিতাে কোনাে ভুল কৰা নাই।

 : মই ভুল কৰিলোঁ শ্বেমিম। তাইৰ ফালে নােচোৱাকৈ সি ক’লে মই তােমাৰ ওপৰত হঠাতে খং কৰি পেলালোঁ। মই পাহৰি যােৱা উচিত নাছিল সেই অধিকাৰ মই কেতিয়াবাই হেৰুৱাই পেলাইছোঁ। আই হেভ লষ্ট এভৰিথিং অভাৰ ইউ। শ্বেমিমে একো নামাতিলে। তাইৰ চকুৰ কোণ দুটা তিতি উঠিছিল। অনুলেখে নেদেখাকৈ তাই দুপাট্টাৰে মচি পেলালে মাথোঁ।

 অনুলেখ আৰু শ্বেমিম ইউনিভাৰচিটি চৌহদত সােমাই কিছু সময় অলিয়ে-গলিয়ে ঘূৰিলে। প্রতি মুহূর্ততে অনুলেখৰ সিহঁতৰ পাঁচ বছৰৰ আগৰ সেই স্বপ্ন ভৰা সময়বােৰলৈ মনত পৰি থাকিল। সি আগতে থকা হােষ্টেলটোলৈ দূৰৰ পৰাই চালে। তাৰ বহু স্মৃতি বিজড়িত চৌৰাল্লিছ নম্বৰ কোঠাটোৰ খিৰিকীখন খােলা আছে। এই খিৰিকীখনত আগতে সি ব্রুক শ্বিল্ডৰ এখন ডাঙৰ ফটো লগাই ৰাখিছিল। সি দূৰৰ পৰাই ধৰিব পাৰিলে সেই ফটোখন এতিয়া তাত নাই। সেইখনৰ ঠাইত এতিয়া ষ্টেফি গ্রাফৰ ফটো এখন লাগি আছে।

 কেম্পাছত ঘূৰি ফুৰোঁতে সিহঁত দুটা বেছি ভাগ সময়ে মৌন হৈ আছিল। হয়তােবা শ্বেমিমাে অতীতৰ সময়বােৰৰ মাজত বিচৰণ কৰি ফুৰিছে। হয়তােবা মনত পেলাইছে ইয়ুথ ফেষ্টিভেলৰ ৰাতি অনুলেখে তাইক হােষ্টেললৈ আগবঢ়াই দিবলৈ যােৱাৰ মধুৰ স্মৃতি, অথবা সন্ধিয়া মার্কেটলৈ ওলাই যাওঁতে সিহঁত দুটাই পাতি যােৱা এই অদ্ভুত কথাবােৰ ।

 : শ্বেমিম। ইউনিভাৰচিটিৰ মূল প্রবেশদ্বাৰেৰে ওলাই ডিলাক্স চিটিবাছলৈ ৰৈ থকাৰ সময়খিনিত অনুলেখে কৈছিল—ইউনিভাৰচিটিত চাগৈ আমিয়েই প্রথমহাল মানুহ, যি প্রেমৰ ব্যর্থতাৰ পাছতাে এপাক আহি একেলগে এবাৰ ফুৰি গৈছোঁ!

 অনুলেখৰ কথাত শ্বেমিমে তালৈ চাইছিল। একো কোৱা নাছিল। অনুলেখে বুজিছিল তাইৰ যন্ত্রণা !

 : অটোত নােযােৱা নেকি। পৰিবেশটো পাতল কৰিবলৈকে কিজানি তাই প্ৰসংগটো সলাই পেলাইছিল। অথনিতো চিটিবাছৰ পৰা খং কৰি নামি আহিছিলা। এতিয়া আকৌ চিটিবাছৰ বাবে ৰৈ আছা যে!

 : ডিলাক্স চিটিবাছত তেনেকুৱা ভিৰ নাথাকে। সি অলপ হাঁহি কৈছিল। ইয়াৰ পৰা ছিটো পাই [ ৭২ ] যাম, তুমি চাই থাকা।

 : সেয়াতাে ময়াে জানাে! তাই তাক এৰি দিয়া নাছিল। কিন্তু বাটত গৈ থাকোতে যেতিয়া মানুহৰ ভিৰ বাঢ়িব, তেতিয়া আকৌ খং কৰি বাছৰ পৰা নামি দিবা নেকি। — তাইৰ কটাক্ষ।

 : দেখা যাওক। সি গম্ভীৰ মন্তব্য এটা দিলে। ডিলাক্স চিটি বাছখনত দুজনীয়া চিট এটা দখল কৰি সিহত দুটা বহিছিল। তেতিয়া সন্ধিয়া হ’বৰ উপক্ৰম হৈছিল। বাছখনৰ ষ্টেৰিঅ’ত কিশােৰ কুমাৰৰ গানৰ এটা কেছেট বাজি আছিল। খিৰিকীৰে শ্বেমিমে বাহিৰলৈ চাই আহিছিল । অনুলেখে পাৰে মানে কুৰুকি কুৰুকি নিজৰ ভিতৰলৈ সােমাই গৈছিল। কিশােৰ কুমাৰৰ গান কেইটা শুনি শুনি সি আৰু বেছি উদাস হৈ উঠিছিল।

 : হেই! পানী টেংকি, পানী টেংকি।— হেণ্ডিমেনটোৰ চিঞৰতহে অনুলেখে সম্বিৎ ঘূৰাই পাইছিল। ধহমহাই উঠি সি বাছৰ পৰা নামিবলৈ উদ্যত হৈছিল।

 : ক’লৈ যােৱা? — তাৰ কান্ধত ধৰি জোৰকৈ বহুৱাই দিছিল শ্বেমিমে। ইমান স্বার্থপৰ নহ’বাচোন। নিজৰ হােটেল আহি পালেই কি হৈ গ’ল। মােক মােৰ ঘৰত থৈ আহিব নালাগে।

 : ছ’ৰি। সি পুনৰ বহি পৰি কৈছিল। আচলতে মইতাে তােমাক এতিয়ালৈ সােধাই নাই তুমি ক’ত থাকা, কি কৰা।

 : সােধা হ’লেও মই নক’লোঁহেতেন। শ্বেমিমে কৈছিল।

 অনুলেখে একো নামাতিলে। অপৰাধীৰ দৰে নিশ্চুপে বহি থাকিল।

 শেমিমৰ ছেম্পু কৰা চুলিকোছাৰ পৰা এটা ধুনীয়া গােন্ধ আহি তাৰ নাকত লাগিছে। তাইৰ বতাহত উৰি অহা দুই এডাল চুলি আহি তাৰ নাকে মুখে কোবাইছে। অনুলেখৰ বেয়া নালাগিল। কিমান দিনৰ মূৰত সি এজনী ছােৱালীৰ লগত আত্মীয়তাৰে বহি গৈছে। লাচিত নগৰ ষ্ট’পেজতে তাই অনুলেখৰ সৈতে নামিল। লাচিত নগৰৰ গলিটোৰে তাই তাক খােজকঢ়াই নিলে। মানুহবিলাক তেতিয়া সান্ধ্য ভ্ৰমণৰ বাবে ওলাইছিল। দিনৰ উৎকট গৰমত মানুহবোৰ যেন বিবর্ণ হৈ গৈছে।

 আধা কিলােমিটাৰমান খােজকাঢ়ি গৈয়েই এটা এপার্টমেণ্টৰ গেটেৰে সােমাই গ’ল শ্বেমিম। তাইৰ পিছে পিছে গৈ থকা অনুলেখাে লিফটৰ সন্মুখত ৰ’লগৈ।

 : মই ইয়াৰ পৰাই উভতি যাওঁ নেকি! অনুলেখে যেন শ্বেমিমৰ অনুমতি বিচাৰিছে।

 : চুপ থাকা! নিজৰ তর্জনী আঙুলিটো দুই ওঁঠৰ আগত ৰাখি শ্বেমিমে ইংগিত দিলে অনুলেখক। তাই যেন এতিয়া তাৰ অভিভাৱিকাহে।

 কেই নম্বৰ ফ্ল’ৰত লিফটো ৰৈ গৈছিল অনুলেখে চোৱা নাছিল। লিফটৰ পৰা ওলাই শ্বেমিমে চাৰি এপাট সুমুৱাই এটা ৰূমৰ দুৱাৰ খুলিলে। অনুলেখক তাই হাতত ধৰি লৈ গ’ল। তাই ৰূমটোৰ লাইটৰ চুইচ অন কৰাৰ পাছত সি দেখিলে কোঠাটো বেছ অভিজাত।

 জোতাযােৰ অনুলেখে দুৱাৰমুখতে খুলি ৰাখিছিল। শ্বেমিমে সেইযােৰ ভিতৰলৈ লৈ গ’ল। অনুলেখে তাকে দেখি চিঞৰিলে- জোতাযােৰ কিয় লৈ গৈছা শ্বেমিম! মইতাে যাওঁৱেই!

 : যাবা ৰ’বা!— তাই লং পেন্টটো খুলি এটা হাফপেন্ট পিন্ধি ওলাই আহি তাৰ কাষত বহি লৈ ক’লে— নাজানা অকলশৰীয়া ছােৱালী মানুহৰ এপার্টমেণ্টৰ সন্মুখত পুৰুষৰ জোতা দেখিলে মানুহে কিমান বুবু বাবা কৰিব। আফটাৰ অল দিছ ইজ গুৱাহাটী! দিল্লী, মুম্বাই নহয়।

 : অহ! অনুলেখৰ বিবেক দংশন আৰম্ভ হ’ল। সঁচাকৈ এই ৰাতিখন সি মুখ ফুটাই ক’লে— আই [ ৭৩ ] ছুড লিভ! প্লিজ মােৰ জোতাযোৰ আনা।—সি ব্যস্ত হৈ উঠিল। নিজকে হত্যা কৰি পেলাইছে। সি। সি যি অপৰাধ কৰিছে তাৰ-ফল সি জীৱনত তিলতিলকৈ ভােগ কৰিবলৈ প্ৰস্তুত, মাথাে সি শ্বেমিমক, তাৰ প্ৰিয়তমা নাৰী অকণো অসুখী দেখিব নোখোজে৷ তাই সুখী হওক৷

 শ্বেমিমে তাৰ বুকুৰ মাজলৈ আৰু চাপি আহিছে। তাৰ ডিঙিত আঁকোৱালি ধৰা তাইৰ হাত দুখন সি লাহেকৈ আঁতৰাই দিলে। তাৰ পিছত তাইৰ দুবাহুত আলফুলে ধৰি সি চোফাখনত বহুৱাই দি সি নিজে অন্য এখন ছােফাত বহি পৰিল। বৰ ভাগৰ লাগিছে তাৰ। তাৰ মন গৈছে সিও যেন এতিয়া প্রচণ্ড জোৰেৰে কান্দিব। অতদিনে তাৰ বুকুৰ মাজত শিবিৰ পতা যন্ত্রণাবােৰ ধুই মচি নিকা কৰি পেলাব তাৰ অশ্রু প্লাবনে। তাৰ মুক্ত দুবাহুত সাৱটি ল’ব শ্বেমিমৰ ভাগৰুৱা দেহ! তায়াে জানাে তাৰ নির্দয় প্রত্যাখ্যানৰ পাছত কম যন্ত্রণা পাই আহিছে।

 : শ্বেমিম! কন্ট্রল ইয়ৰ ছেলফ। — সি তাৰ মাতটো যথেষ্ট গম্ভীৰ কৰি তুলিবলৈ যত্ন কৰিলে।

 : প্লিজ! — শ্বেমিমৰ উচুপনি তেতিয়াও নকমা দেখি সি তাই বহা ছােফাখনৰ কাষত থিয় হৈ তাইৰ মূৰত হাত এখন থ’লে। তাইৰ উচুপনি নকমিল। বৰঞ্চ বাঢ়িলহে।

 : শ্বেমিম প্লিজ। সি কৈ উঠিল। মােক দুর্বল কৰি নেপেলাবা। মই ইতিমধ্যে যথেষ্ট ভাগৰুৱা। প্লিজ — মই তােমাৰ ইয়াত আজি থাকি যাওঁ, কিন্তু কন্দা-কটা বন্ধ কৰা। প্লিজ!—সি অনুনয়ৰ সুৰত কৈ উঠিল।


পাঁচ


 বহু দেৰিকৈ সাৰ পালে অনুলেখে। প্রচুৰ মদ খােৱাৰ ফলত তাৰ মূৰটো গধুৰ গধুৰ লাগিছে। ক’ত শুই আছে বাৰু সি। হােটেলত! ওহোঁ। এয়াতো হােটেলৰ ৰূম নহয়। সি ইফালে সিফালে চালে। এইটোতো শ্বেমিমৰ এপার্টমেন্ট। ছিঃ তাইৰেই বে’ড ৰূমত শুই আছে সি।

 : আকৌ ভাৱনাত ডুব গ’লা দেখনাে ! দুটা পেগ বনাই তাই কৈছিল— মদ খােৱাৰ কথা ভাবিছা চাগৈ। চেঞ্জ হৈছোঁ বুইছা। আগৰ শ্বেমিমজনী আৰু নাই। তুমিওতাে আগৰ অনুলেখ নােহােৱা !

 কথাটো সাধাৰণভাৱেই কৈছিল যদিও অনুলেখৰ বুকু ভেদ কৰি কৈছিল। শ্বেমিমে সঁচা কথাকে কৈছে। সঁচা কথাবােৰ সদায়েই চোক সনা হয়।

 ইপেগৰ পিছত সিপেগ মদ পিলে অনুলেখে। শ্বেমিমাে পিছ পৰি থকা নাছিল। ৰাতিৰ আহাৰ সামান্যহে খালে দুয়ােৱে। মদৰ পর্বটো কিন্তু চলি থাকিল বহু সময়! প্রচণ্ড নিচা হৈছিল অনুলেখৰ ছােফাখনতে তাৰ টোপনি আহিছিল। শ্বেমিম এজনীয়া ছােফা এখনত ভালদৰেই শুই পৰিছিল। অনুলেখে ঘড়ী চাই দেখিলে ৰাতি দুই বাজি গৈছে। সি গেষ্ট ৰূমৰ বিছনাখনত শুবলৈ ঢলং-পলংকৈ উঠিছিল।

 : শ্বেমিম! শ্বেমিম! সি কোনােমতে মাতিছিল। এইজনী ৰাতিটো ইয়াতেই পৰি থাকিব। তাই তেনেকৈ সাৰ নােপােৱাত সি তাইৰ গাত ধৰি জোকাৰি দিছিল।

 বাগৰ এটা মাৰি শ্বেমিম আকৌ শুই পৰিছিল। মুখেৰে বিৰবিৰাই কৈছিল— ইউ শ্লিপ ডাউন অনুলেখ। আই ছ’ টায়ার্ড।

 : তুমি বিছনাত শােৱাগৈ শ্বেমিম! সি তাইক জোৰ কৰি উঠাবলৈ যত্ন কৰিছিল। তাই দুহাতেৰে [ ৭৪ ] তাৰ ডিঙিত আঁকোৱালি ধৰিছিল। অনুলেখে উপায়ান্তৰ হৈ তাইক দাঙি নি বিছনাত শুৱাই দিছিলগৈ। নিজৰ বিছনাৰ কোনােদিন আঠুৱা খুচি নােপােৱা অনুলেখে কিন্তু সেই প্রচণ্ড নিচাৰ মাজতো শ্বেমিমৰ আঠুৱাখন খুচি দিবলৈ পাহৰা নাছিল। ব্লেংকটখনেৰে তাইৰ শৰীৰটো ভালকৈ ঢাকি দি সি বিছনাৰ পৰা নামি আহোতেই ঘটিছিল সেই অদ্ভুত অপ্রত্যাশিত ঘটনাটো৷

 : অনুলেখ!— হঠাৎ শ্বেমিমে তাক বজ্রলেপৰ দৰে সাৱটি ধৰিছিল। তাইৰ দুবাহুৰ বন্ধনত নিচাসক্ত অনুলেখ প্রায় অসহায় হৈ পৰিছিল।

 : প্লিজ! শেমিম!— সি কাকুতি কৰি কৈছিল— ডন্ট বি ক্রেজী ! লিভ মি!

 : অই এম ক্রেজী। শ্বেমিমে আৰু ওপৰত উবুৰি খাই পৰি হেঁচা মাৰি ধৰিছিল। তাৰ মুখখন তাইৰ কোমল বুকুৰ উষ্ণতাত ডুবাই পেলাইছিল। পাগলীৰ দৰে তাই তাৰ কপাল, চকু আৰু ওঠত চুম্বন কৰিবলৈ আৰম্ভ কৰিছিল।

 : প্লিজ শ্বেমিম!—কথমপি কৈ উঠিছিল অনুলেখে। উত্তৰত শ্বেমিমে তাৰ ওঁঠযোৰ নিজৰ ওঁঠৰ মাজত বন্দী কৰি থৈছিল। সি আৰু একো ক’ব নােৱাৰিলে।

 ধহমহকৈ বিছনাৰ পৰা উঠিল অনুলেখ। দিনৰ পােহৰত তাৰ অর্ধনগ্ন শৰীৰটো চাই সি প্রচণ্ড লাজ পাই গ’ল। খৰধৰকৈ সি তাৰ কাপােৰবােৰ পিন্ধি পেলালে। শ্বেমিমৰ সন্মুখত ওলাবলৈ তাৰ যে এতিয়া কিমান লাজ লাগিব । তায়াে চাগৈ খুউব লাজ পাব। শ্বেমিম সম্ভৱতঃ বাথৰূমলৈ গৈছে। কালি ৰাতিটো সিহঁত দুটা পতি-পত্নীৰ দৰে একেখন বিছনাতে শুলে কিজানি।

 অলপ দেৰি অপেক্ষা কৰিলে সি। বাথৰূমৰ পৰা কোনাে শব্দ অহা নাই। ঘড়ীটোলৈ চালে সি, পুৱা দহ বাজিছে। তাৰ ইউৰিনেললৈ যােৱাৰ প্রবল ইচ্ছা হৈছে। সি লাহেকৈ বিছনাৰ পৰা উঠি চপ্পলযোৰ পিন্ধি বাথৰূমৰ ফালে গ’ল। বাথৰূমৰ দুৱাৰখন অলপ মেল খাই আছিল। তাৰ মানে শ্বেমিম বাথৰুমত নাই। সি বহু দেৰিলৈ বাথৰূমত সােমাই থাকিল। পুৱাৰ প্রাতঃকার্যখিনি কৰি সি টাৱেলেৰে গা মচি মচি বাহিৰ ওলাওঁতে সন্ত্রস্ত নয়নেৰে শ্বেমিমক দেখে নেকি চালে। নাই, তাইৰ কোনাে খবৰ নাই।

 এইবাৰ অলপ সাহ গােটাই সি ড্রয়িং ৰূম পালেগৈ। তাৰ পিছত গেষ্টৰূম। অৱশেষত সি ভাবিলে তাই চাগৈ কিচ্চেনত সােমাই পুৱাৰ জলপান তৈয়াৰ কৰাত লাগিছে। সি কিচ্চেনলৈ সােমাব নে নােসােমায়, এক মুহূর্তত ভাবিলে। কিয় জানাে এই মুহূর্তত তাইক এবাৰ চকুৰে চোৱাৰ খুউব হেঁপাহ হৈছে তাৰ। সি আৰু বেছি নাভাবি কিচ্চেনলৈ সােমাই গ’ল।

 ইয়াতাে নাই।— অনুলেখ দস্তুৰমত আচৰিত হ’ল। তেনেহ’লে তাই ক’লে ? সি এইবাৰ খৰখােজে ড্রয়িং ৰূম পালেহি। ফ্লেটৰ দুৱাৰখন টানি চালে। খােল খাই গ’ল। এনেয়ে জপাই থোৱা আছিল।

 অনুলেখ হতভম্ব হ’ল। শ্বেমিমে এইদৰে তাক তাইৰ ফ্লেটত এৰি কলৈ গ’ল বাৰু! নে কিবা বজাৰ-চজাৰ কৰিবলৈ ! এনেকুৱাতাে হ’ব পাৰে পুৱাৰ জলপানৰ বাবে তাইৰ ৰূমত একো যােগাৰ নাছিল।

 অনুলেখ কাষৰে ছােফা এখনত বহি পৰিল। তেতিয়াহে তাৰ চকু গ’ল চেণ্টাৰ টেবুলখনত কাগজ এখন পেৰাৰ ৱেইটেৰে হেঁচা মাৰি থােৱা আছে। সি কাগজখন আনি চকুৰ আগত মেলি ধৰিলে। সি দেখিলে সেইখন এখন চিঠি। তাকেই উদ্দেশ্যি শ্বেমিমে লিখি গৈছে। উৰ্ধশ্বাসে সি চিঠিখন পঢ়ি গ’ল।

 ‘মৰমৰ অনুলেখ, [ ৭৫ ]  নাজানাে মই তােমাক ’মৰমৰ’ বুলি সম্বােধন কৰিবলৈ যােগ্য হৈ আছোনে নাই, তথাপি তােমালৈ মােৰ শেষ চিঠি বুলি গণ্য কৰি মােক যেন এই মর্যাদাৰ পৰা বঞ্চিত নকৰা। তােমাৰ দ্বাৰা প্রত্যাখিত হােৱাৰ পাছত হােৱা তিনি বছৰে মই কিমান যন্ত্রণাময় জীৱন এটা কটাইছো, তুমি উপলব্ধি কৰিব নােৱাৰিবা। তুমি যিদৰে কোনাে কাৰণ প্রদর্শন নকৰাকৈ মােৰ জীৱনৰ পৰা আঁতৰি গ’লা, সেইদৰে মই তােমাৰ স্মৃতিৰ পৰা আঁতৰি আহিব নােৱাৰিলোঁ। তুমি মােক যিমান ৰূঢ় কথা কৈ আঁতৰি যাবৰ চেষ্টা কৰিছিলা, কিয় জানাে, সিমানেই মােৰ ভাব হৈছিল কিজানি মই ভুল শুনি আছোঁ ! তুমি মােক এনেদৰে বিসর্জন দিব পাৰিবা বুলি কেতিয়াও কল্পনা কৰিব পৰা নাছিলোঁ আৰু চোৱাচোন বাস্তৱ কিমান নির্মম ! তুমিতাে সঁচাকৈয়ে মােৰ জীৱনৰ পৰা আঁতৰি গলা।

 মােৰ পৰা আঁতৰি থাকিবলৈকে তুমি অসম এৰি ক’ৰবাত চাকৰি কৰিব গুচি গৈছিলা, তােমাৰ ঠিকনাও মােক দি যােৱা নাছিলা। অথচ তােমাৰ সৈতে কটোৱা মােৰ জীৱনৰ অবিস্মৰণীয়া মধুৰ মুহূৰ্তবােৰ পুনৰ অনুভৱ কৰিবলৈকে মই মুম্বাইৰ পৰা গুৱাহাটীলৈ গুচি আহিছিলোঁ। জানা, অনুলেখ যােৱা তিনিটা বছৰে মই গুৱাহাটীতে আছোঁ। প্রায় প্রতিদিনে মই মালিগাঁৱৰ সেই ৰেষ্টুৰেণ্টখনত গৈ এবাৰ বহিছিলোঁ, য’ত তুমি মােক প্রথমবাৰৰ বাবে মুখ খুলি ভাল পাওঁ বুলি কৈছিলা। মনত আছেনে তােমাৰ, সেই বাক্যটো যে কিমানবাৰ ক’বলৈ তােমাক বাধ্য কৰিছিলোঁ !

 যােৱা তিনিটা বছৰে মই গুৱাহাটীৰ চিটিবাছ গলি অথবা মার্কেটত অকলে অকলে ঘূৰি ফুৰিছিলোঁ। তােমাৰ আবৰ্তমানতে তােমাৰ উপস্থিতি কল্পনা কৰি এক আচৰিত আনন্দ অনুভৱ কৰিছিলোঁ; কিন্তু এনেকৈ আৰু কিমান দিন অনুলেখ। তুমিতাে মােক ইতিমধ্যে ঘৃণা কৰিবলৈ লৈছা! মােৰ পৰা কেতিয়াবাই বিচ্ছিন্ন হৈ গৈছা।

 তথাপি! তথাপি অনুলেখ। কেতিয়াবা মুৰ্খৰ দৰে মই আশা কৰিছিলোঁ কিজানিবা তুমি মােৰ ওছৰলৈ এদিন ঘূৰি আহিবা। আচলতে তােমাৰ ওপৰত মােৰ ইমান বেছি বিশ্বাস আছিল, সেই বিশ্বাস ভাঙি পৰিবলৈ যথেষ্ট সময় লাগিছিল।

 কেনেকৈ তােমাক লগ পাই গ’লোঁ অনুলেখ! মই গুৱাহাটী এৰি যােৱাৰ সিদ্ধান্তটো চূড়ান্ত কৰি পেলােৱাৰ ঠিক এদিন আগতে মই তােমাৰ খবৰ পাই গ’লোঁ। তােমাৰ আগৰ কোম্পানীৰ এজন সহকর্মীয়েই মােক তুমি গুৱাহাটীত থকাৰ খবৰ দিছিল। কেনে কাকতালীয় সংযােগত যে তােমাৰ সহকর্মীজনক লগ পাই গৈছিলোঁ। সেইবােৰ কৈ আৰু তােমাক বিৰক্ত নকৰোঁ।

 মােৰ কালিৰ ব্যৱহাৰ দেখি তুমি চাগৈ খুউব আচৰিত আৰু বিৰক্ত হৈছা। ইমানদিনে এভইড কৰি চলা এজনী অদৰকাৰী ছােৱালীৰ সংগ তােমাৰ ভাল নলগাই স্বাভাৱিক। তথাপি মই তােমাক ৰেষ্টুৰেণ্টলৈ জোৰ কৰি লৈ গ’লোঁ, চিনেমা হলত সুমুৱালোঁ আৰু অৱশেষত ইউনিভাৰচিটি। মাফ কৰি দিবা অনুলেখ এদিনৰ বাবে মই মাত্র তােমাৰ সময়খিনি ধাৰ কৰি ল’লোঁ৷ ইমানদিনৰ পিছত তােমাৰ লগত তেনেকৈ ঘূৰি মই কিমান আনন্দ পাইছিলোঁ, সেইয়া প্রকাশ কৰা মােৰ বাবে সম্ভৱ নহয়। কালি মােক তােমাৰ সময়খিনি দি যি উপকাৰ কৰিলা, তাৰ বাবে তােমাৰ এই মহানুভৱতা মই চিৰদিন মনত ৰাখিম, অনুলেখ।

 অৱশেষত কালিৰ ৰাতিৰ সেই চৰমতম মুহূর্ত! অনুতপ্ত হৈছা নেকি অনুলেখ! তােমাৰ পুৰুষত্বৰ অপমান বুলি গণ্য কৰিছা নেকি! অনিচ্ছা সত্বেও এজনী বেয়া পােৱা ছােৱালীৰ লগত তােমাৰ প্ৰথমটো [ ৭৬ ] দৈহিক সম্পর্ক হ’ল। তুমি অনুতপ্ত হলেও মই কিন্তু চৰম তৃপ্তি লাভ কৰিছোঁ। কাৰণ মই মােৰ মনৰ পুৰুষজনৰ হাতত মােৰ কুমাৰীত্ব বিসর্জন দিলােঁ। মােৰ মনৰ প্ৰথম পুৰুষ তুমি। মােৰ মনত শুই থকা গাভৰুজনীক তুমিয়েই প্রথম জগাইছিলা। তােমাৰ দেহৰ মধুৰ আলিংগনত সেই বাবেই সঁপি দিলোঁ মােৰ নাৰী জীৱনৰ অমূল্য সম্পদ।

 মই অলপাে অনুতপ্ত নহয়। জানা, এতিয়াৰ পৰা মই তােমাক আৰু কেতিয়াও আমনি নকৰোঁ। মােৰ কিবা ভুল হ’ল যদি প্লিজ, ক্ষমা কৰি দিবলৈ যত্ন কৰিবা৷ ভৱিষ্যতে আমাৰ আৰু কেতিয়াও দেখা নহ’ব। পাহৰি যাবলৈ চেষ্টা কৰি আছা, পাহৰি যােৱা মইতাে তােমাক কেতিয়াও পাহৰিব নােৱাৰিম। তথাপি মই চেষ্টা কৰিম। অন্ততঃ কেতিয়াও মােৰ আপচু চেহেৰাটো তােমাৰ সন্মুখলৈ নানাে।

 অ’ এটা কথা শুনি হয়তাে ভাল পাবা। মা-দেউতাহঁতে মােৰ বিয়া পাতিছে। কেতিয়া আৰু ক’ত পাতিছে তােমাক নজনাও। এইবিলাক অদৰকাৰী খবৰৰ বাবে তােমাৰ নিশ্চয় কোনাে সময় নাই। আহোঁ৷

তােমাৰ

শ্বেমিম ৰহমান।

বিঃ দ্রঃ ফ্লেটৰ চাবিটো চকীদাৰৰ হাতত দি আহিবা ৷ ফ্লেটটো ভাড়ালৈ লৈছিলো। চকীদাৰৰ পৰাই মালিকে চাবি লৈ যাব। মই ফোন কৰি দিছোঁ।

 চিঠিখন পঢ়ি একে ঠাইতে বহি ৰ’ল অনুলেখ। বহু সময়লৈ সি একোতে চিন্তা কৰিব নােৱাৰিলে। শ্বেমিমৰ ওচৰত সি বৰ বেয়াকৈ হাৰি গ’ল। তাইৰ মনত তাৰ প্রতি সি যি বিদ্বেষ সৃষ্টি কৰিব বিচাৰিছিল, সেয়াতাে সি কৰিব নােৱাৰিলেই, বৰঞ্চ তাক তাইৰ জীৱন আটাইতকৈ মূল্যবান সম্পদটো দান কৰি তাই তাক এটা ডাঙৰ শিক্ষা দি গ’ল। কিমান মূল্য দিলে তাই সিহঁতৰ প্ৰেমৰ! অথচ অনুলেখে কি কৰিব পাৰিলে। তাক প্রাণাধিক ভালপােৱা এজনী নিস্পাপ ছােৱালীৰ কোমল অন্তৰখন চুৰমাৰ কৰি দিলে। এই অপৰাধৰ কিবা ক্ষমা আছেনে, আছেনে কিবা...!

 অস্থিৰ খােজেৰে সি ফ্লেটৰ বাহিৰলৈ ওলাল। কোঠাটো লক্ কৰি ঘূৰােতেই চকীদাৰ এজনে তাক এখন কাগজ দেখুৱালে। তাত শ্বেমিমে ‘এইজন চকীদাৰকে চাবিটো দি যাবা’ বুলি ইংৰাজীতে লিখি গৈছিল। কাগজটুকুৰা হাতত লৈ অনুলেখে চকীদাৰজনৰ হাতত চাবিটো দি দিলে। তললৈ নামিবলৈ লিফটৰ ওচৰ পাই হঠাৎ সি ঘূৰিল। চকীদাৰজন কেনিবা যাব ধৰিছিল।

 : হেল্লো শুনক৷— সি চকীদাৰজনৰ ওচৰলৈ আহিল।

 : কওক বাবু!— চকীদাৰজনে তালৈ চাই সুধিলে।

 : শ্বেমিম মেডাম কলৈ গ’ল ক’ব পাৰেনে।— সি সুধিলে।

 : নাজানাে বাবু!— চকীদাৰজনে ক’লে। বহু দূৰত ক’ৰবাত চাকৰি পাইছে বুলি জানাে, কিন্তু ক’ত সেয়া কাকো কোৱা নাই।

 : ঠিক আছে! হতাশ মনেৰে অনুলেখে লিফ্ টৰ ফালে পুনৰ খােজ ল’লে।

 পাগলৰ দৰে ঘূৰি ফুৰিলে অনুলেখে। এই দুদিনতে তাৰ জীৱনটোত কেনে ভয়ংকৰ ঘটনা ঘটিল। যাক সি জোৰকৈ পাহৰিব যত্ন কৰিছিল, তায়েই তাৰ সকলাে স্মৃতি কঢ়িয়াই আনি থৈ অৱশেষত এটা দুর্লভ সপােনৰ দৰে হেৰাই গ’ল। সঁচাকৈ কালিৰ দিনচোৰ ঘটনাবােৰ অনুলেখৰ সপােন সপােন যেন লাগিল। বলিয়াৰ দৰে সি আগদিনা শ্বেমিমৰ সৈতে ঘূৰা ঠাইবােৰলৈ গ’ল। মালিগাঁৱৰ ৰেষ্টুৰেণ্টত [ ৭৭ ] সোমাওঁতে মেনেজাৰে তালৈ চাই সুধিছিল— কিয়, আজি বাইদেউ নাহিল?

 : নাই। সি মূৰ জোকাৰিলে। অলপ সময় বহি একো নােখােৱাকৈ সি ওলাই আহিল। প্রাগ চিনেমা হলৰ সন্মুখত ৰৈ চিগাৰেট এটা জ্বলালে ব্লেকাৰ এজন আহি তাক টিকট লাগিব নেকি সুধিলে। সি সুৰ সুৰকৈ গুচি আহিল। চিটিবাছ এখনত উঠি ইউনিভাৰচিটি গেটৰ সন্মুখতে নামি দিলে সি। উদ্দেশ্যবিহীনভাৱে কেম্পাছৰ অলিয়ে গলিয়ে কিছু সময় ঘূৰি ফুৰিলে সি।

 শ্বেমিমে হেনাে গুৱাহাটীত যােৱা তিনি বছৰ থাকোতে প্রায় প্রতিদিনে সিহঁতৰ প্ৰেমৰ স্মৃতি বিজড়িত এই ঠাইবােৰলৈ আহিছিল। আজি অকলে অকলে ঘূৰি থাকোঁতে অনুলেখৰ অনুভৱ হৈছে কিমান যন্ত্রণা বুকুত থাকিলে মানুহে এনেকুৱা কামবােৰ কৰিব পাৰে। অনুলেখেতাে মাত্র কালি শ্বেমিমৰ সৈতে এই ঠাইবােৰত ঘূৰিছিল অথচ শ্বেমিমে অনুলেখৰ সৈতে ঘূৰাৰ পাঁচ বছৰ পিছতাে এই ঠাইবােৰত ঘূৰি তাৰ উপস্থিতি অনুভৱ কৰিব পাৰিছিল। মানুহৰ অনুভূতি কিমান তীব্র হলে পাঁচটা বছৰৰ পূৰ্বৰ কোনাে উপস্থিতি অনুভৱ কৰিব পৰা যায়। অনুলেখে ভাবি উলিয়াব নােৱাৰিলে।

 অনুলেখ গুচি আহিল৷ কাছাৰীৰ ওচৰত ব্ৰহ্মপুত্ৰৰ বুকুত থকা ব’ট ৰেষ্টুৰেণ্টখনত বহি সি উদাস দৃষ্টিৰে ব্ৰহ্মপুত্ৰৰ বুকুলৈ চাই ৰ’ল। বয়টোৱে মেনু এখন দি গৈছিল । সি সেইখন নাচালেই। মেনেজাৰজন তাৰ চিনাকি। তেওঁৰ ইংগিতত বয়টোৱে তাক কফি একাপ দি গ’ল। তাৰ যথেষ্ট পিয়াহ লাগিছিল। ঠাণ্ডা পানী এগিলাচ কোঁৎ কোঁৎকৈ পিলে সি।

 কফিকাপৰ পৰা এটা ধুনীয়া গােন্ধ আহি তাৰ নাকত লাগিছিল। কিয় জানাে তাৰ শ্বেমিমৰ চুলিৰ গােন্ধলৈ মনত পৰি গ’ল। কালি চিটিবাছত বহি আহোঁতে তাইৰ চুলিৰ সুবাসত সি কিছু সময়ৰ বাবে হ’লেও উন্মনা হৈ উঠিছিল। পাঁচ বছৰৰ আগৰ প্রেমিক অনুলেখটোৱে সাৰ পাই উঠিব খুজিছিল।

 অনুলেখ খােজকাঢ়ি পদপথেৰে আহি থাকিল যাৰ বাবে সি শ্বেমিমক দুখ দিছিল, সেই মৰমৰ ভনীয়ে আজি দুবছৰে তাৰ খবৰ লােৱা নাই জানানে শ্বেমিম, মােৰ মা-দেউতাই মই মদ খােৱা বাবে এবছৰৰ আগতে মােক ত্যাজ্য পুত্র বুলি ঘােষণা কৰিছে। তুমি এসময়ত খাবলৈ মানা কৰা সত্বেও মই এতিয়া কিয় ইমান মদ খাওঁ ক’ব পাৰানে? মই মাতাল হৈ থাকিব খােজো। জীৱনক পাহৰি থাকিব খােজোঁ। খুউব সােনকালেই মই সৌ তৰাৰ দেশলৈ যাব খােজোঁ।

 —সি অকলে অকলে কথা পাতি থাকিল।

 অনুলেখে এহাতেৰে আকাশলৈ দেকুৱাই থাকিল। মুখেৰে বিৰবিৰাই থাকোঁতেই তাক প্রচণ্ড টোপনিয়ে হেঁচা মাৰি ধৰিলে। বাটৰ ভিক্ষাৰীৰ দৰেই সি দলঙৰ ফুটপাথত শুই পৰিল।


ছয়

 পুৱা বিছনাতে গালি শুনিলে অনুলেখে। চকু মেলি চাই সি দেখে লগৰ চিদাই তাক গালি পাৰি আছে। চাল্লা মদাহী, তই ইমান তললৈ যাবি বুলি মই ভবা নাছিলোঁ। দাঁত ব্রাছ কৰি সি গালি দি থাকিল।

 অনুলেখে কোঠাটোৰ ইফালে সিফালে চালে। এয়াতাে চিদাৰ ঘৰ। সি কালিৰ ঘটনাটো মনত পেলাই দস্তুৰমত লাজ পালে। সিতাে দলঙৰ ফুটপাথতে শুই পৰিছিল। তাৰ মানে চিদাই তাক [ ৭৮ ] তেনেকৈ পাই তাৰ ঘৰলৈ উঠাই লৈ আহিল৷

 : অই! টোপনিৰ ভাও জুৰিছ এতিয়া! নিধক। চিদাৰ অনর্গল গালি চলি থাকিল। অনুলেখে ভয়ে ভয়ে পিন্ধি থকা ঘড়ীটোলৈ চালে।

 : আঠ বাজিল। অনুলেখ জপিয়াই বিছনাৰ পৰা নামিল। আজিতাে তাৰ কোম্পানীৰ টেষ্ট আৰু ভেলিডিক্টৰি আছে।

 : অই কি হল! পিয়াহ লাগিলেই নেকি! — অনুলেখ ধহমহাই উঠা দেখি চিদাই কাট মাৰিলে।

 : তুমিনাে কি একেটা কথাতে লাগি আছা চিদা ? অনুলেখক বচাবলৈ চিদাৰ পৰিবাৰ ৰেখা কোঠাটোলৈ সােমাই আহিল। তাই তাক এডাল নতুন টুথ ব্রাছেৰে সৈতে এটা পেষ্ট দিছে। অনুলেখে লাজতে তাইৰ ফালে নােচোৱাকৈ বস্তু দুটা ল’লে। টাৱেল এখন আঁঠুৱা ষ্টেণ্ডতে ওলমি আছিল। সি সেইখন লৈ খৰধৰকৈ বাথৰূমৰ ভিতৰ সােমাল।

 ৰেখাই যতনাই দিয়া পুৱাৰ জলপানখিনি খাই থাকোতেই চিদাই গালি দি থাকিল। সি কালি তাক তেনেকৈ পৰি থকাত দেখা নােপােৱা হ’লে কি অঘটন ঘটিলেহেতেন, তাৰ বৰ্ণনা দি থাকিল।

 ৰেখাৰ লগত সি দুটা-এটাহে কথা পাতিলে। সি লাজ পােৱা বুলি জানি তাই তাৰ কালিৰ ঘটনাটোৰ প্রসংগ উলিওৱা নাছিল। সি চিদাক যাওঁ দেই বুলি চিঞৰ এটা মাৰি প্রায়। দৌৰি তাৰ ঘৰৰ চৌহদৰ পৰা ওলাই আহিল। চিটিবাছ এখন সিহঁতৰ ঘৰৰ সন্মুখৰ ষ্ট’পেজতে আহি ৰৈছিল! সি দৌৰ মাৰি গৈ সেইখনতে উঠি ল’লে।

 ধ্যেৎ! — বাছত উঠাৰ পাছত সি এইমাত্র এৰি অহা চিদাৰ ঘৰখনত তাৰ অৱস্থাটোৰ কথা ভাবি প্রচণ্ড লাজ পাই উঠিল। সি কালি সঁচাকৈ নিজৰ ওপৰত নিয়ন্ত্রণ হেৰুৱাই পেলাইছিল।

 এনেকৈ আৰু কিমান সি বলিয়াৰ দৰে ধূৰি ফুৰিব। শ্বেমিমৰ স্মৃতিয়ে তাক আকৌ কাবু কৰি পেলালে। তাতােকৈ সি যদি শ্বেমিমৰ আগত নিজৰ মুখখন খুলি থৈ তিনি বছৰৰ আগৰ তাৰ নির্দয় প্রত্যাখ্যানৰ বাবে ক্ষমা খুজিলেহেঁতেন, তেতিয়াই কিজানি সি কিছু শান্তি পালেহেঁতেন। বাছখন আহি পানী টেংকি ষ্ট’পেজত ৰৈছিলহি। বাছৰ পৰা নামি খােজকাঢ়ি আহি তাৰ হােটেলৰ ৰূমত সােমাই বিছনাত দীঘল দি পৰিল।

 ঘড়ীলৈ চালে সি। ন বাজি ত্রিছ মিনিট। সিহঁতৰ টেষ্ট দহ বজাত হােৱাৰ কথা আছিল। বাৰ বজাত ভেলিভিক্টৰি।

 ধূৰ!— প্রচণ্ড বিৰক্তিৰে উচ্চাৰণ কৰিলে সি। বাদ দে। চাকৰিৰ কি প্রয়ােজন। তাৰ জীৱনটোৱেই ধ্বংস হৈ গ’ল। তাক মদ খাবলৈহে চাকৰি এটা লাগে। এতিয়াৰ পৰা সি মদো নাখায়, চাকৰিও নকৰে। মদ খাই য’তে ত’তে কুকুৰ-মেকুৰীৰ দৰে শুই থকাতকৈ সি মৰি থকাই ভাল। তাৰ দৰে আবৰ্জনাবােৰ শেষ হৈ গ’লেই পৃথিৱীৰ বাবে মংগল।

 জোতাযোৰ সি নুখুলিলেই। সেইদৰেই বিছনাত বাগৰি দিলে।

 : অনুলেখ! অনুলেখ! ধহমহাই সােমাই আহিল শুভেন্দু আৰু মনজিৎ। সিহঁতৰ চিঞৰ শুনি অনুলেখে চকু মেলি চালে ।

 : এই কি কৰিছা বে। —মনজিতে হুলস্থূল লগালে। টেষ্ট হ’বৰ হৈ গল। ৰাতিটো হােটেলত নায়েই। এতিয়া শুই আছাহি! [ ৭৯ ]  : মইনাযাওঁ দিয়া। নিৰ্বিকাৰচিত্তে অনুলেখে ক’লে-- তোমালোক যোৱা, দহ বাজেই প্ৰায়।

 : তুমি ওলোৱা আকৌ। কি ভাওনাখন কৰিবলৈ লৈছা। শুভেন্দুৱে কৈছে। সিহঁত দুটাই কথাৰ লগতে অনুলেখক বিছনাৰ পৰাও টানি নমাই দিলে।

 সিহঁত দুটাৰ টনা-আজোৰাত অনুলেখে অৱশেষত কাপোৰযোৰ সলাই ওলাই আহিল। চাকৰি কৰক নকৰক অফিচলৈ গ'লে অন্ততঃ সময়খিনি কাটি যাব।

 সিহঁতে অফিচ পাওঁতে পুৰা দহ বাজিছিল। পোনে পোনে সিহঁত পৰীক্ষা হললৈ গ’ল। ছামাদ আগৰে পৰা তাত বহি আছিল। অনুলেখক দেখি সি মিচিকিয়ালে। অনুলেখে যে কি পৰীক্ষা দিব। এনেয়ে গৈ শুভেন্দু আৰু মনজিতৰ মাজতে বহিলগৈ। অবজেক্টটিভ টাইপৰ প্ৰশ্নহে, দুই-এটা সহায় ল’ব পৰা যাব।

 প্ৰশ্নবোৰ বিশেষ টান নাছিল। অনুলেখে একো নপঢ়াকৈয়ে উত্তৰ কেইটা কৰিব পাৰিলে। প্ৰশ্নবোৰ আচলতে ধাৰণাৰ ওপৰত কৰা হৈছিল, গতিকে ভাবি-চিন্তি উত্তৰ এটা দিব পৰা গ’ল।

 এঘণ্টাৰ টেষ্টটো হৈ যোৱাৰ পাছতে কোম্পানীৰ চীফ এক্সিকিউটিভ আহি ওলাল। তেওঁ অহাৰ লগে লগে ফেকাল্টি মেম্বাৰৰে সৈতে সিহঁত চাৰিটা ল’ৰাক দামী বাৰ এখনলৈ লৈ যোৱা হ’ল। তাতেই চীফ এক্সিকিউটিভে সিহঁত কেইটাৰ লগত কৰমৰ্দন কৰি শুভ কামনা জনালে। চীফ এক্সিকিউটিভকে ধৰি সকলোৱে ড্ৰিংকছ লোৱা আৰম্ভ কৰিলে। মনজিৎ শুভেন্দুক আৰু পায় কোনে! ছামাদে মদ নাখায় বাবে কল্ড ড্ৰিংকছ লৈছিল। অনুলেখৰ মদ খোৱাৰ ইচ্ছা নাছিল। তাতে দিনতে মদৰ পাৰ্টি। আজৱ লাগিছিল তাৰ। কোম্পানীৰ চীফ এদিন থকাকৈ অহাৰ কথা আছিল যদিও তেওঁৰ অন্য দৰকাৰী কাম ওলোৱাত একে দিনাই ঘূৰি যোৱাৰ কাৰ্যসূচী হ’ল। সেইবাবেই পাৰ্টিটোও ৰাতিৰ পৰিৱৰ্তে দিনতে অনুষ্ঠিত হ’ল।

 : হেই। হোৱাই আৰ ইউ হেজিটেটিং?— সি তেতিয়ালৈ এটা পেগো নোলোৱা দেখি স্বয়ং চীফে আহি তাৰ মদ ভৰ্তি গিলাচ এটা আগুৱাই দিলে।

 : থেংক ইউ! —অনুলেখে গিলাচটো লৈ মদ খোৱাৰ অভিনয় কৰি অলপ আঁতৰি গ’ল। শুভেন্দু আৰু মনজিতে ইতিমধ্যে সংগীতৰ তালে তালে নৃত্য কৰা আৰম্ভ কৰি দিছে। তাকো টানি নিলে সিহঁতে। কোম্পানীত কাম কৰা ধুনীয়া ছোৱালী এজনী সিহঁতৰ কাষলৈ অহাত শুভেন্দুৱে তাইক নৃত্যৰ প্ৰস্তাৱ দিলে। তাই একে আষাৰে ৰাজী হ’ল। সিহঁতে নৃত্য কৰালৈ চাই মনজিতে দূৰৰ পৰা জপিয়াই থাকিল। তাৰ কাণ্ড দেখি অনুলেখৰ দুখৰ মাজতো হাঁহি উঠি গ'ল। বেচেৰাই মুখতে খুউব ইটো-সিটো কৰিম বুলি কৈ থাকে, ধুনীয়া ছোৱালী এজনীৰ সন্মুখত পৰিলে গাধা ছাত্ৰ এটা কাঢ়া অংক মাষ্টৰৰ আগত কঁপাদি কঁপি উঠে।

 : তোমাৰ দ্বাৰা আৰু নহ'ব। বেলেগক দূৰৰ পৰা চাই থাকোতেই যাব!— অনুলেখে মনজিতক ক’লে।

 : ধেৎ কি কোৱা! চাবাচোন অলপ পিছত তাইক পতাই লৈ মই ৰেষ্টুৰেণ্টত বহিমগৈ। সি মুখস্থ মতাদি মাতিলে— শুভেন্দুৱে ডান্সহে কৰিছে। অলপ পিছতে সি অডিয়েন্স হ’ব, চাবা।

 : ধুৎ। অনুলেখ আঁতৰি আহিল। দুমহলীয়া বাৰখনৰ গ্লাছৰ বেৰেদি সি জনাকীৰ্ণ মহানগৰলৈ চাই পঠিয়ালে। ক'ত হেৰাই গ'ল শ্বেমিম! তাই চাগৈ অসমত আৰু থকা নাই। কোটি কোটি মানুহৰ দেশ [ ৮০ ] ভাৰতবৰ্ষত সি বাৰু তাইক কেতিয়াবা বিচাৰি উলিয়াব পাৰিবনে?

 গিলাচৰ পৰা এঢোক মদ পিলে অনুলেখ৷ মদ খাবলৈ তাৰ খুউব এটা মন যোৱা নাই। সি দেখিলে সৰু ল’ৰাৰ দৰে ক’ল্ড ড্ৰিংকছ খাই থকা ছামাদ তাৰ ফালে আগুৱাই আহিছে। এনেকুৱা পাৰ্টিবোৰত মদ নোখোৱা মানুহ বৰ দৃষ্টিকটু হয়। উপায়ো নাই। ছামাদৰ নিচিনা তেনেকুৱা বহু মানুহো কোম্পানীত আছে, যিয়ে লাহে লাহে এনেকুৱা পাৰ্টিত এডজাষ্ট হ’বলৈকে মদ খোৱাৰ অভ্যাস কৰিবলগা হয়।

 : কিহে, কি খবৰ?— ছামাদ ওচৰ চাপি অহাত অনুলেখে মাতিলে।

 : তুমি কালি ক’ত গৈছিলা?— ছামাদে ওলোটাই সুধিলে তাক।

 : লগৰ ল’ৰা এটাৰ তালৈ গৈছিলোঁ।— অনুলেখে মিছা মাতিলে। সি লগৰ ল’ৰাৰ ঘৰত যোৱা ৰাতি আছিল সঁচা, কিন্তু তাক মদ খাই শুই থকাৰ পৰা লৈ যোৱা হৈছিল।

 : লগৰ ল’ৰা? ক’ত?– ছামাদে আকৌ সুধিছিল।

 : ধ্যেৎ? --বাদ দিয়ানা সেইবোৰ। —অনুলেখে প্ৰসংগ সলনি কৰিছিল। — কোৱাচোন তোমাৰ কইনাৰ খবৰ! ফটো-চটো আনিলানে নাই।

 : চাবা? — ছামাদে সৰলতাৰে সুধিলে।

 : নাচাম কিয়। এইফালে আহা।— অনুলেখে ছামাদক কেবিন এটাৰ ফালে লৈ গ’ল। মানুহবোৰৰ পৰা কিছু আঁৰ হৈ অনুলেখে সুধিলে— কোৱা, কইনাৰ বিষয়ে কি তেহকীকত কৰি আহিলা? ফটোখন এতিয়া লগতে আছেনে?

 : চব খবৰ লৈ আহিছোঁ ৰ’বা। ছামাদে ক’লে— ছোৱালীজনী ভাল বুইছা। মনজিৎ-শুভেন্দুহঁতে অলপ বেছিকৈ কয়। তায়ো অৱশ্যে বাহিৰত পঢ়া ছোৱালী! মাক-দেউতাক ছিলঙত আছিল, এতিয়া ৰিটায়াৰ কৰি দিল্লীত থাকে। আৰু কি জানা, মোৰ কইনা কিছুদিনৰ আগলৈ গুৱাহাটীতে চাকৰি কৰিছিল, এতিয়া মুম্বাইত থাকে। বৰ ভাল ছোৱালী বুইছা।

 : হয় নেকি!—অনুলেখে জানিলে। লগ নাপাওঁতেই ইমান চাৰ্টিফিকিটে। বিয়া হোৱাৰ পিছত দেখিছোঁ আমাক পাহৰিয়েই যাবা। সি জোকালে। বাই দি বাই, মুম্বাইত থকা ছোৱালী যেতিয়া চিনেমাৰ একট্ৰেছ –চেকট্ৰেছ নহয়তো।

 : ধ্যেৎ! কি যে কোৱা।—ছামাদৰ মুখত লাজৰ ছিটিকনি বিয়পি পৰিছে। সি ক’লে— শুভেন্দু-মনজিতৰ আগত কিন্তু মই তাইৰ বিষয়ে কোৱা চব কথা নক’বা। সিহঁতে চব ছোৱালীকে সন্দেহ কৰে ভাই। সিহঁতৰ মুখত কেৱল ভাৰ্জিনিটিৰ কথা। চব ছোৱালী কি বেয়া হৈ গ’ল!

 : নকওঁ বাৰু! এতিয়া সোনকালে ফটোখন দেখুওৱা। নহ’লে ডেভিলকেইটা আহি পাব।

 : অ’তো ডেভিলেই। —অনুলেখে সুভেন্দু-মনজিতক ডেভিল বুলি কোৱাত ছামাদে খুউব স্ফুৰ্তি পালে। ক’ল্ড ড্ৰিংকছৰ গিলাচটো টেবুল এখনত থৈ চাৰ্টৰ পকেটৰ পৰা সযতনে ফটো এখন উলিয়ালে।

 : এইয়া চোৱা! — ফটোখন আগবঢ়াই দি ছামাদে ক’লে।

অনুলেখৰ মূৰত যেন বজ্ৰপাতহে পৰিল। হাস্য বদনেৰে সেইখন শ্বেমিমৰ ফটো।

 : হোৱাট! — সি আৰ্তনাদ কৰি উঠিল।

 : কি! কি! — ছামাদে উৎকণ্ঠিত হৈ অনুলেখলৈ চালে তুমি ছোৱালীজনী চিনি পোৱা নেকি!

 : নাই!নাই! অনুলেখে কথমপি নিজকে লুকুৱাবৰ যত্ন কৰিলে—ক’ৰবাত কেতিয়াবা দেখা যেন লাগিছে। [ ৮১ ]  : দেখিব পাৰা কিন্তু। কোম্পানীত চাকৰি কৰেতো। গুৱাহাটীত থাকোতে এম এছ এছ কোম্পানীত কৰিছিল। তাইৰ নামটো শ্বেমিম! শ্বেমিম ৰহমান।

 অনুলেখৰ দুয়োখন কাণে গোঁ গোঁ শব্দ কৰি ধৰিলে। তাৰ মুখমণ্ডল প্ৰচণ্ডভাৱে ঘামি উঠিল।

 ছামাদে তাৰ অৱস্থা দেখি সুধিলে--তুমি খুউব ঘামিছা।

 : ওঁ। তামোল এখন খাইছিলোঁ। মূৰত ধৰিছে।—অনুলেখে আৰু এটা ফাকি মাৰিলে।

 : আচ্ছা! তোমাৰ কইনা মুম্বাইত এতিয়া ক’ত থাকে বাৰু?

 : কিয়? লগ ধৰি মোৰ বদনাম গাবাগৈ নেকি!

  ছামাদে ধেমালি কৰিলে যদিও অনুলেখ চক খাই গ’ল। ছামাদে আকৌ ক’লে-- শীতল এপাৰ্টমেন্ট, ফ্লেটনম্বৰ দুশ দুই আন্ধেৰী, ৱেষ্ট।

  অনুলেখে মনতে ঠিকনাটো দুবাৰমান আওৰাই ল’লে। তাৰ পিছত সি ছামাদক শ্বেমিমৰ ফটোখন ঘূৰাই দি শুভেন্দুহঁতৰ ওচৰলৈ গৈ এটা গাঁঢ় পেগ বনালে।

  অনুলেখে তাতে থিয় হৈ মদ খাবলৈ আৰম্ভ কৰিলে। তাৰ ভিতৰৰ মানুহটো যন্ত্ৰণাত কেঁকাই উঠিল। শ্বেমিমৰ বিয়া তাৰ মানে ছামাদৰ সৈতেই ঠিক হৈছে। সি বাৰু শ্বেমিম চিৰদিনৰ বাবে আনৰ হৈ যোৱাটো সহ্য কৰিব পাৰিবনে!

  কিছু দূৰত থিয় হৈ ক’ল্ড ড্ৰিংকছ পি থকা ছামাদলৈ চাই অনুলেখৰ বেয়া লাগিল। সংসাৰৰ জটিলতাৰ কোনো ভু নোপোৱা এই সহজ-সৰল ল’ৰাটোক শ্বেমিমে জানো সুখী কৰিব পাৰিব। তাইতো কেৱল মাক দেউতাকক সন্তুষ্ট কৰিবলৈহে বিয়াত বহিব। মনেৰে তাইৰ বিয়া কেতিয়াবাই অনুলেখৰ সৈতে হৈ গৈছে।

  অনুলেখে বাৰু এতিয়া শ্বেমিমক বিয়াৰ প্ৰস্তাৱ দিব পাৰিবনে? সিজানে তাইৰ মাক-দেউতাকেও কোনোপধ্যে তাইক এটা হিন্দু ল’ৰাৰ সৈতে বিয়া নিদিব। অনুলেখৰ বাবে তাই সেইখিনি বাধা অতিক্ৰম কৰিব পাৰিবনে?

  সকলোৰে অলক্ষিতে অনুলেখ পাৰ্টিৰ পৰা ওলাই আহিল। ৰাস্তা পায়েই সি টেক্সি এখনত উঠি এয়াৰপৰ্টৰ ফালে যাবলৈ ধৰিলে। আজিয়েই সি যিকোনো প্ৰকাৰে মুম্বাইলৈ উৰা মাৰিব। সি শ্বেমিমক তাইৰ মুম্বাইৰ এপাৰ্টমেন্টত গৈ লগ ধৰিব। তিনি বছৰীয়া অভিনয়ৰ মুখা খুলি সি তাইৰ ওচৰত মুক্ত হৃদয়েৰে ক্ষমা খুজিব। তাইৰ অবিহনে যে সি কেতিয়াও জীয়াই থাকিব নোৱাৰিব, সেই কথা সি অকপটে স্বীকাৰ কৰিব।

  শ্বেমিমে জানো তাক ক্ষমা নকৰিব? তাই তাক কেতিয়াও বেছি সময় খং কৰি থাকিব পৰা নাছিল। তাইৰ খং কমোৱাৰ একো উপায় নাপালে অনুলেখে আগতে তাইক ভাকুট কুটাই দিছিল। হাঁহি হাঁহি তাই অতিষ্ঠ নোহোৱালৈকে নেৰিছিল সি৷ তেতিয়াৰে পৰা কিবা কথাত তাই ওফোন্দ পাতিলে সি ভাকুট কুটোৱাৰ কথা কৈছিল৷ সেইটো নাম শুনিলেই তাই অভিমান এৰি তাক মাত-বোল কৰিবলৈ বাধ্য হৈ গৈছিল।

  শ্বেমিমে তাইৰ মাক-দেউতাকক বাৰু বুজাব পাৰিব নে? পাৰিব। দৰকাৰ হ’লে অনুলেখেও বুজাব। বুজাব নোৱাৰিলে দুয়োটা পলাই গৈ হলেও বিয়াত বহিব।

  শ্বেমিমে বাৰু ক্ষমা কৰি দিবনে...। আকৌ দুশ্চিন্তাত পৰিল অনুলেখ। তিনিটা বছৰে তাইক কৰি অহা অবিচাৰৰ শাস্তি সি নাপাবনে! ক্ষমা! ক্ষমা তাক কৰিবই লাগিব। অতি বেছি শ্বেমিমে তাক নমতাকৈ থাকিব।

  কি কৰিব সি? ভাগ্যক্ৰমে টিকট পাই যোৱা প্ৰাইভেট এয়াৰৱেজৰ এয়াৰবাছখনত বহি ৰানৱে’ৰে দৌৰি যাওঁতেও অনুলেখে ভাবি থাকিল।

  ভাকুট কুটাই দিব! অৱশেষত সিদ্ধান্ত ল’লে সি। [ ৮২ ]
 

জোনৰ শপত

এক

 বঙ্গোপসাগৰৰ ওপৰত চিলনীজনীৰ দৰে অনিৰুদ্ধহঁতৰ এয়াৰ বাছখন চক্ৰাকাৰে ঘূৰি ঘূৰি নামিবলৈ আৰম্ভ কৰছে। অনিৰুদ্ধই খিৰিকীৰে চালে সমুদ্ৰৰ নীলা চাদৰখনৰ কাষে কাষে জুইশলা বাকচৰ দৰে অনেক অট্টালিকা দেখা পোৱা গৈছে। পশ্চিম আকাশত সূৰ্যটো সমুদ্ৰৰ বুকুতে ডুব যাব খুজিছে। নয়নাভিৰাম দৃশ্যটো দেখি অনিৰুদ্ধৰ খুউব ভাল লাগিল। সি তাৰ কাষতে বহি যোৱা পুতেক আদিত্যলৈ চালে। হেডফোনত নিৰ্বিকাৰভাৱে গান শুনি আছে। অনিৰুদ্ধই তাৰ গাত হেঁচুকি বাহিৰলৈ চাবলৈ ক’লে। সি এবাৰ এনেয়ে চাই আকৌ গান সলনি কৰাত লাগিল। আজিকালি প্ৰজন্মটো যে আৰু! চৌপাশে ঘটি থকা ঘটনাবোৰৰ প্ৰতি অলপো কৌতুহলী যেন নালাগে।

 চেন্নাইৰ ডমেষ্টিক টাৰ্মিনেলৰ পৰা অনিৰুদ্ধ আৰু তাৰ পূত্ৰ আদিত্য ট্ৰলী ঠেলি ওলাই আহিল। টেক্সী ড্ৰাইভাৰসকলে সিহঁতক ক’লৈ যাব, টেক্সী লাগিব নেকি আদি সুধি ব্যতিব্যস্ত কৰি তুলিছে। অনিৰুদ্ধহঁতে টেক্সী নল’লে। এয়াৰপৰ্টৰ গাতে লাগি থকা চাবৱৈই টোৱেদি সিহঁত দুটা তিৰুচিল্লাম লোকেল ট্ৰেইন ষ্টেচনত উঠিলহি। ট্ৰেইনেৰে সিহঁতৰ গন্তব্য স্থানলৈ যাবলৈ অতি সহজ আৰু কম খৰচী। তিৰুচিল্লাম ষ্টেচনৰ পৰা চেন্নাই ফৰ্ট ষ্টেচনলৈ মাথো বিছ মিনিটৰ ৰাস্তা, অন্যহাতে টেক্সীৰে সিহঁতৰ গন্তব্যস্থান এচপ্লানেড পাবলৈ কমেও দেৰ ঘণ্টা লাগিব।

 সন্ধ্যা লাগি ভাগিছিল তেতিয়া। চেন্নাই ফৰ্ট ষ্টেচনত সিহঁত দুটা নামি দিলে। পিঠিত দুয়োটাই দুটা বেগ ওলোমাই অভাব্ৰীজেৰে খোজকাঢ়ি আহি ফুটপাথ পালেহি। ইয়াৰ পৰা গেষ্ট হাউচলৈকে এক ফাৰ্লং মানহে হ’ব। পুতেকৰ লগত খোজকাঢ়ি গৈ থাকোতে অনিৰুদ্ধৰ কিবা এটা নাই নাই ভাব হৈছে। সাধাৰণতে সিহঁত ঘৰৰ পৰা দূৰলৈ আহিলে অনিৰুদ্ধ, তাৰ পত্নী নৈঋতা, ল’ৰা আদিত্য আৰু ছোৱালী অনুস্কা একেলগেই আহে। অৱশ্যে কাৰ্য্যালয়ৰ কামত অনিৰুদ্ধ অকলেই যাব লগা হয়। এইবাৰ অনিৰুদ্ধৰ ছোৱালী অনুস্কা দশম শ্ৰেণীলৈ উঠিছে। ক্লাচ আৰু টিউচনৰ পৰা তাই আহৰিয়েই নাপায়। মাক নৈঋতৰে ইচ্ছা থকা স্বত্বেও অনুস্কাৰ বাবেই ডিব্ৰুগড়ৰ ঘৰত থাকিব লগা হ’ল। অনিৰুদ্ধৰ চেন্নাই চিকিৎসালয় এখনত এটা এৰাব নোৱাৰা চেকআপ আছে, সেয়েহে সি আদিত্যক লৈ গুচি [ ৮৩ ] আহিল। হাস্পতালত ভৰ্তি হ’বলৈ হ’লে এটেন্টডেন্ট নহ’লে নচলে। এইবাৰ ক্লাচ এইটত যদিও ওখ পাখ আদিত্যক দেখি কোনেও ওঠৰ বছৰৰ অনুৰ্দ্ধৰ বুলি নেভাবে। এনেয়েও অনিৰুদ্ধৰ কোনো ভয় খাবলগীয়া অসুখ নাই, কিন্তু কিছুমান চিকিৎসা সম্পৰ্কীয় পৰীক্ষাৰ বাবেহে কেতিয়াবা চিকিৎসালয়ত ভৰ্তি হ’বলগা হয়। সেইখিনি কাম আদিত্যই সুন্দৰকৈ কৰিব পাৰিব। বয়সতকৈ সি বহু বেছি বুজন আৰু সাহসী।

 এসপ্লানেডত থকা গেষ্ট হাউচৰ ৰূমটোত সোমাইহে যেন ভাগৰটো লাগিল অনিৰুদ্ধৰ। কাঠৰ আৰামী চকীখনত যি আউজি বহিল। আদিত্যই টিভিটো অন কৰি কাৰ্টুন চোৱাত লাগিছে। সি খুউব মনোযোগেৰে কাৰ্টুন চাই থকা দেখিলে তাক চাৰি পাঁচবছৰীয়া আদিত্যতো যেন লাগে। ঘৰত থাকিলে মাকে আজিকালি তাক বেছি সময় টিভি চাবলৈ নিদিয়ে। আজি আৰু তাক পায় কোনে, অনিৰুদ্ধই তালৈ চাই হাঁহিলে।

 অনিৰুদ্ধ পিছদিনাখন হাস্পতাল আহিল। তাৰ ভাগ্য ভাল আছিল কিজানি। তাক বহু বছৰৰ পৰা চিকিৎসা কৰি অহা ডাক্তৰজনে এইবাৰ তাৰ স্বাস্থ্যৰ উন্নতিত বেছ সন্তুষ্ট হ’ল। তেওঁ ক’লে এইবাৰ অনিৰুদ্ধক হাস্পতালত ভৰ্ত্তি কৰি নিৰীক্ষণ কৰাৰ প্ৰয়োজন নহ’ব। ৰুটিন চেক আপ কেইটা কৰিলেই হ’ব। অৱশ্যে এটা পৰীক্ষাৰ ফলাফল যি তিনিদিনৰ পাছতহে পাব। যথেষ্ট দীঘলীয়া পৰীক্ষা সেইটো!

 অনিৰুদ্ধই জানিছিল। আজি প্ৰায় তিনি বছৰে সি এইখন হাস্পতাললৈ আহি আছে। হাস্পতালত ভৰ্ত্তি নহ’লেও পৰীক্ষা নিৰীক্ষাতে কেতিয়াবা বহু সময় লয়। ইমানদূৰ অহাৰ পাছত কৰিবলগা শাৰীৰিক পৰীক্ষা নকৰাকৈও যাব নোৱাৰি। সেইবাবেই অনিৰুদ্ধই চেন্নাইৰ এই হাস্পতাললৈ আহিলে প্ৰতিবাৰেই কেইটামান দিন হাতত লৈ আহে। এইবাৰো সি চেন্নাইত থাকিবৰ বাবে পাঁচোটা দিন লৈ আহিছে।

 আদিত্যই ৰামেশ্বৰম যাব খুজিছিল। অনিৰুদ্ধই তাক পুডুচেৰী যোৱাৰ কথা ক’লে! হওঁতে ৰামেশ্বৰমলৈও যাব পাৰি। কিন্তু তালৈ নৈঋতা আৰু অনুস্কাও হোৱা নাই। সিহঁতক এৰি তালৈ যাবলৈ অনিৰুদ্ধৰ মন যোৱা নাই। পুডুচেৰী লৈ সিহঁত চাৰিটাই আগতে গৈছে। আদিত্য অৱশ্যে তেতিয়া সৰু আছিল, গতিকে তাৰ বিশেষ মনত নাই। পুডুচেৰীৰ কথা শুণি আদিত্যই ক’লে— ঠিক আছে বাৰু! কিন্তু মই পেৰেডাইজ বীচ্ছত সম্পূৰ্ণ এটা আবেলি পাব লাগিব।

 হ’ব দিয়া। অনিৰুদ্ধই ক’লে। আমি যাওঁতে মহাবলীপুৰুম হৈ যাম। তাতে তোমাৰ ফটোগ্ৰাফি কচৰৎ কৰিব পাৰিবা। আদিত্যই ডি. এচ. এল আৰ কেমেৰাটো পিটিকি থকা দেখি অনিৰুদ্ধই ক’লে।

 : অ! বঢ়িয়া হ’ব। আদিত্যই কেমেৰাৰ লেন্সখন কাপোৰ এখনেৰে চাফা কৰি কৰি ক’লে— এইবাৰ স্কুলৰ প্ৰজেক্টত মহাবলীপুৰুমৰ বুৰঞ্জী বিষয় হিচাপে ল’ব পাৰিম ন’, দেউতা?

 বহু দিন হ’ল। অনিৰুদ্ধ হঁত পুডুচেৰীলৈ যেতিয়া আহিছিল। পুডুচেৰীৰৰ নাম তেতিয়া পণ্ডিছেৰী আছিল। পণ্ডিছেৰীক তামিল নাম দি পুডুচেৰী কৰা হ’ল। আদিত্যই গুগলত চাই অনিৰুদ্ধক ক’লে পুডুচেৰীৰ মানে তামিল ভাষাত নতুন নগৰ। পূৰ্বৰ ফৰাচী উপনিৱেশখনক তামিলসকলে নিজৰ নাম দি লৈছে।

 হোটেলৰ পৰা টেক্সীত বহিয়েই আদিত্যই পেৰাডাইজ বীচ্ছ যোৱাৰ কথা ক’লে।

 অনিৰুদ্ধইহে ক’লে--

 : পেৰাডাইজ বীচ্ছ যোৱাৰ আগতে আৰু এখন সুন্দৰ ঠাই চাই আহোঁ বলা। [ ৮৪ ]  : মই আগতে গৈছিলোনে?

 : গৈছিলা। তেতিয়া তুমি তেনেই সৰু আছিলা

 : অ! আদিত্যই যেন কিবা মনত পেলাবলৈহে যত্ন কৰিলে। তাৰ পিছত ক’লে মই পুডুচেৰী সৰুতে অহাৰ এখন ফটোও ঘৰত নাই যে?

 : পুৰণি লেপটপত সকলো আছিল, সেইটো বেয়া হৈ যোৱাৰ বহু স্মৃতি হেৰাই গ’ল অ।—অনিৰুদ্ধই ক’লে।

 টেক্সীখন বিছ মিনিটমান যোৱাৰ পিছত অৰ’ভিলে পালেগৈ। অৰভিলে হৈছে ঋষি অৰবিন্দ আৰু ফৰাচী মহিলা মাডাৰৰ যুটীয়া সৃষ্টি। যোৱাবাৰ আহোতেই অনিৰুদ্ধৰ শান্ত সৌম্য পৰিৱেশৰ অ’ৰভিলে খুউব ভাল লাগিছিল। সিহঁতে দুইহাজাৰ পাঁচ চনত আহিছিল। তেতিয়া মাতৃ মন্দিৰৰ নিৰ্মাণ চলি আছিল। অৰবিন্দই তেতিয়াই ভাবিছিল, মাতৃ মন্দিৰ নিৰ্মাণৰ পিছত সি এদিন এই মন্দিৰটো চাবলৈ আহিব।

 ইণ্টাৰনেটত সি মাতৃ মন্দিৰৰ বিষয়ে বহু কথা পঢ়িছে। মানৱ ধৰ্মৰ উপাসনাৰ কেন্দ্ৰ এই মন্দিৰৰ ধাৰণাটো তাৰ ভাল লাগে। সঁচাকৈয়ে আজি সকলো ধৰ্মৰ উৰ্দ্ধত গৈ মানৱতা আৰু শান্তিৰ আৰধনা কৰাটো বেছি প্ৰয়োজন হৈ পৰিছে। অৰভিলেত আহিহে অনিৰুদ্ধ বিপাঙত পৰিল। আগতীয়া বুকিং নোহোৱাৰ বাবে তাক মন্দিৰৰ ভিতৰলৈ যোৱাৰ অনুমতি দিয়া নাই। কেইদিনমানৰ আগলৈকে এইটো নিয়ম নাছিল, লগে লগে অনুমতি লৈ দেখাব পাৰিছিল। এসপ্তাহমানৰ আগৰ পৰাহে আগতীয়া বুকিঙৰ নিয়ম প্ৰৱৰ্তন কৰা হৈছে। সেইবাবে অনিৰুদ্ধই ইণ্টাৰনেটতো কথাটো গম নেপালে। যোৱা কিছুদিন ধৰি সি এইবিলাক চাবলৈ সময়েই পোৱা নাছিল।

 বহু সময় অনিৰুদ্ধ কাউণ্টাৰতে থিয় হৈ থাকিল। আদিত্যই ইফালে সিফালে গৈ ফটো তুলি আছিল। কাউন্টাৰৰ লোকজনে সি তেনেকৈ ৰৈ থকা দেখিয়াই নেকি চাগৈ ক’ৰবালৈ ফোন লগালে। ফৰাচী ভাষাতে কথা পতা যেন লাগিল। একো মাথামুণ্ড বুজি নেপালে অনিৰুদ্ধই। সি অকৰাৰ দৰে মানুহজনলৈ চালে। মানুহজনে ফোনটো থৈ গম্ভীৰ স্বৰেৰে ক’লে।

 : আপুনি অকলে আহিছেনে?

 : হয়!হয়! অনিৰুদ্ধ উৎসাহিত হৈ উঠিল। ভিতৰলৈ মই অকলেই যাম। সি মানুহজনলৈ চাই ক'লে।

 : অ কে! এইখন পাছ লওঁক! অনিৰুদ্ধলৈ এখন পাছ আগবঢ়াই ক’লে উপাসনা গৃহৰ এখন আসন খালী আছিল, আপোনাৰ আগ্ৰহ দেখি নিদিয়াকৈ নোৱাৰিলো। মানুহজনে হাঁহি হাঁহি ক’লে।

 অনিৰুদ্ধই মানুহজনক এগালমান ধন্যবাদ দি পাছখন খামোচ মাৰি ধৰি আদিত্যৰ ওচৰলৈ আহিল। আদিত্য প্ৰাৰ্থনা গৃহৰ ভিতৰত নাযায়। সি অহাৰ আগতেই অনিৰুদ্ধৰ আগত চৰ্ত ৰাখিছিল। সি যতেই যায়, তাক যেন মুক্ত মনেৰে বিচৰণ কৰাৰ আৰু ফটো তোলাৰ স্বাধীনতা দিয়া যায়। মাতৃ মন্দিৰৰ অৰ্ন্তভাগত ফটো তোলা নিষিদ্ধ, সেয়েহে আদিত্যই ভাল নাপায়।

 অনিৰুদ্ধ শাৰী পাতি থিয় হৈছে। শৃংখলাবদ্ধ ভাৱে বিদেশী আৰু ভাৰতীয় লোকৰ সেই শাৰীটো ভিতৰলৈ সোমাই গ’ল। অনিৰুদ্ধই মন্দিৰৰ অৰ্ন্তভাগৰ কাৰুকাৰ্য্যলৈ অবাক হৈ চাই ৰ’ল। মানুহৰ হাতৰ কি অপৰূপ পৰশ। মাদাৰৰ কল্পনা আৰু অচিনাকি স্থপতিবিদৰ কাৰিকৰী দক্ষতাক সি হৃদয়েৰে প্ৰণিপাত জনালে। [ ৮৫ ]  এটা ঈষৎ উজ্জ্বল পোহৰৰ কেন্দ্ৰৰ তলত অন্যান্য সকলৰ লগতে অনিৰুদ্ধ বহিছে৷ পোহৰৰ কেন্দ্ৰৰ বৃত্তাকাৰে সুশৃংখলিতভাৱে বহি ৰোৱা লোকসকলক কিমান যে সুন্দৰ দেখিছে। ঈশ্বৰ বিশ্বাস আৰু মৃত্যুৰ সিপাৰৰ সেই অনামী ঠাইৰ ধাৰণা অনিৰুদ্ধৰ বোধগম্য নহয়, কিন্তু মাতৃ মন্দিৰৰ উপাসনাস্থলীত বহি সি এক অদ্ভুত প্ৰশান্তি লাভ কৰিছে। শান্তিৰ বাবে এটা প্ৰাৰ্থনা যেন যুগৰ পিছত যুগ মানৱীয়তাক জীয়াই ৰাখিবৰ বাবে আয়োজিত হৈছে এই মহাআড়ম্বৰ। অনিৰুদ্ধই দুচকু জপাই দিলে। পৱিত্ৰতাৰ এজাক শীতল বতাহে যেন তাৰ শৰীৰ চুই গ’ল।

 দহৰ পৰা পোন্ধৰ মিনিটমান সময় কেনেকৈ পাৰ হৈ গ’ল অনিৰুদ্ধই যেন গমেই নেপালে। প্ৰাৰ্থনা শেষ হোৱাৰ ইংগিত দেখি উপাসকসকল মাতৃ মন্দিৰৰ ভিতৰৰ পৰা শাৰী পাতি ওলাই আহিল। অনিৰুদ্ধই মন্ত্ৰমুগ্ধৰ দৰে বাহিৰলৈ খোজ ল’লে।

 : ইকি? —অনিৰুদ্ধই যেন নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাই। সি সপোন দেখিছে নেকি? সেই একেই মুখ, একেই নাক, একেই চুলি! গাখীৰৰ সৰৰ দৰে দুগাল, জোঙা নাক, তন্বী শৰীৰ। সেই নিতিশা। সি অস্ফুট স্বৰে মাতিলে। সি খৰখেদাকৈ ছোৱালীজনীৰ ওচৰ পালেগৈ। তাই যাদুঘৰৰ বস্তুবোৰ এফালৰ পৰা কৌতুহলী দৃষ্টিৰে চাই গৈছে।

 : হেই! —অনিৰুদ্ধই যেন নিজৰ ডিঙিটোকে চেপা মাৰি ধৰিব। ই কেনেকৈ সম্ভৱ! নিতিশা ইমান দিন ধৰি কেনেকৈ একেই থাকিব পাৰে।

 : এনি প্ৰব্লেম। ছোৱালীজনীয়ে হয়তো অলপ বিৰক্ত হৈ সুধিলে। সি তাইৰ ফালে একেথিৰে চাই থকাৰ বাবে ছোৱালীজনীয়ে ছাগৈ ধৰিব পাৰিছিল। অনিৰুদ্ধই তাইক একো ক’ব পৰা নাই৷ বৰং বেঙাৰ দৰে তাইৰ ফালে চাই থাকিল।

 : ডিচগাষ্টিং! ছোৱালীজনীয়ে ভোৰভোৰালে আৰু উচাটমাৰি বাহিৰলৈ ওলাই গ’ল।

 অনিৰুদ্ধ তাইৰ পিছে পিছে যাব খুজিছিল। ক’ৰবাৰ পৰা আদিত্যই দৌৰি আহি তাক হাতত ধৰি এফালে টানি লৈ গ’ল।

 : বাহ দেউতা! তুমিও ধুনীয়া ছোৱালী দেখিলে এতিয়াও ফিদা হৈ যোৱা দেই! সি হাঁহি ৰখাব পৰা নাই। মই ইমান পোৰে দূৰৰ পৰা তোমালৈ চাইহে আছিলো। কেমেৰাৰ অনুমতি থকা হ’লে ভিডিঅ’ কৰি মাক দেখুৱালোগৈ হেঁতেন!

 হাঃ হাঃ হাঃ আদিত্যৰ হাঁহিৰ যেন শেষেই নহ'ব।

 অনিৰুদ্ধই আদিত্যক উপেক্ষা কৰি ছোৱালীজনী যোৱাৰ ফালে চালে। তীব্ৰ গতিৰে গৈ কোনোবাখিনিত তাই নেদেখা হৈ পৰিল। অনিৰুদ্ধৰ আদিত্যৰ ওপৰত খঙো উঠিল। কিন্তু এতিয়া যে একো কৰাৰ উপায় নাই। আদিত্যই তাৰ দেউতাকৰ বুকুৰ অদৃশ্য জুইকুৰাৰ কথা নেজানে। আদিত্যৰ হাতত ধৰি সি ধীৰে ধীৰে বাহিৰলৈ খোজ ল’লে। তাৰ বুকুৱে এতিয়াও যেন ধান বানি আছে। হঠাৎ দেখা পোৱা ছোৱালীজনীয়ে যেন তাৰ শৰীৰৰ ৰক্তৰ সঞ্চালন দ্ৰুতগতিত বৃদ্ধি কৰিলে। দিবাস্বপ্নৰ দৰে তাক চকিত কৰি হেৰাই যোৱা ছোৱালীজনীৰ কথা আদিত্যই সুধিবলৈ আৰম্ভ কৰিছে। আদিত্যৰ সৈতে অনিৰুদ্ধৰ সম্বন্ধ পিতা পুত্ৰতকৈ বেছি বন্ধুৰ দৰেহে, সেয়েহে আজি আদিত্যই দেউতাকক তেনেকৈ দেখি বেছ আমোদ পাইছে। [ ৮৬ ]

দুই


 চিকিমত জইন কৰিব লাগিব বুলি শুনি অনিৰুদ্ধৰ মন কোঁচ খাই গৈছিল। মাজতে চুক্তিৰ অধীনত অস্থায়ী চাকৰি এটাৰ বাবে মেঘালয়ৰ ভিতৰুৱা ঠাই এখনত থাকোতে সি ভাল তিতা কেঁহা পাই থৈছে। পাহাৰত জীয়াই থকাৰ কি যে ভয়ানক যন্ত্ৰণা! বিশুদ্ধ পানীৰ অভাৱ, খাদ্য সামগ্ৰীৰ পৰ্যাপ্ত যোগানৰ অভাৱ, গেছ চিলিণ্ডাৰৰ অভাৱ! উস! মাক দেউতাকে তাক বুজাইছিল। কোম্পানীটো ভাল। তাৰ দৰমহাৰ গাঁথনিও যথেষ্ট লোভনীয়। তদুপৰি সি ইলেকট্ৰনিক ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লৈ বহি থকাও প্ৰায় তিনিটা বছৰেই হ’ল। মাকে তাৰ হৈ ইতিমধ্যে বিভিন্ন মন্দিৰ আৰু নামঘৰত চাকি দিয়া আৰম্ভ কৰিছে। অগত্যা অনিৰুদ্ধ তাৰ নতুন কোম্পানীৰ চিকিমস্থিত অফিচত যোগদান কৰিলেহি। তাৰ ভাগ্যখন অৱশ্যে বেয়া নাছিল। কোম্পানীয়ে তাক প্ৰশাসনীয় কাম চোৱাচিতা কৰিবৰ বাবে গেংটকস্থিত মুখ্য কাৰ্যালয়তে নিযুক্তি দিলে।

 অনিৰুদ্ধৰ সচাঁকৈয়ে খুউব ভাল লাগিছিল। সিহঁতৰ অফিচটো গেংটকৰ প্ৰাণকেন্দ্ৰ এম জি মাৰ্গত আছিল। ইয়াতকৈ আৰু কিমান সুন্দৰ ঠাইত এটা অফিচ থাকিব পাৰে। অফিচৰ পৰা নামিলেই ফুলৰ টাব আৰু শাৰী শাৰী বেঞ্চিৰে সুসজ্জিত, টাইলচ খচিত এম জি মাৰ্গ ৰ’ড। বিভিন্ন সময়ত বিভিন্ন ফুলৰ প্ৰজাতিয়ে জকমকাই থকা যেন এখন নানাৰঙী বাগিছা। কুৱঁলিৰ ওৰণিৰে ঢাকি ৰখা পথত পৰ্যটকৰ চঞ্চল খোজ। অনিৰুদ্ধহঁতৰ অফিচৰ পৰা ওলালেই সিহঁতে পৰ্যটকৰ চেলফি আৰু কেমেৰাৰ ফ্লাছৰ অৰণ্যত সোমাই পৰে যেন! কিযে এক সপোন সপোন পৰিৱেশ।

 অনিৰুদ্ধৰ দিনবোেৰ সুন্দৰকৈ কাটি গৈছিল। কেতিয়াবা সিহঁতৰ অফিচৰ ষ্টাফৰ লগত চিকিমৰ ভিতৰুৱা অঞ্চলত থকা প্ৰজেক্ট চাইটলৈ গৈছিল। এদিন থাকি আকৌ ঘূৰি আহিছিল। চাৰিওফালে কি যে বিতোপনকৈ প্ৰকৃতিয়ে চিকিমখন সজাইছে! প্ৰজেক্ট চাইটলৈ যোৱা দিন কেইটা কামৰ লগতে অৱসৰ বিনোদনৰ বাবেও সিহঁতৰ বাবে খুউব লোভনীয় আছিল।

 ছমাহৰ পিছত প্ৰথম ছুটীত গৈছিল অনিৰুদ্ধ। গেংটকৰ ঠাণ্ডাৰ পৰা ওলাই লৈ ডিব্ৰুগড়ৰ সামান্য গৰমো অসহ্য লাগিছিল। মাকে তাৰ অৱস্থা দেখি হাঁহিছিল। তই দেখোন একেবাৰে চিকিমিজ হৈ গলি। তাতে বিয়া কৰাই ৰৈ নাযাবি আকৌ মাকে জোকাইছিল তাক।

 : নাই দেই! সি মাকক কৈছিল। চিকিমৰ প্ৰেমতহে পৰিছো, চিকিমিজৰ সংস্পৰ্শলৈ অহা নাই এতিয়াও। চিন্তা নকৰিবা।

 ছুটী শেষ কৰি অনিৰুদ্ধ যেতিয়া অফিচত পুনৰ যোগ দিলেহি, সি দেখিলে তাৰ সন্মুখৰ টেবুলত এজন নতুন ল'ৰাই কাম কৰি আছে। সি তাৰ কাষতে বহা শৰ্মাক সোধোতে ক’লে, অফিচত হেনো তিনিজন কোম্পানীৰ স্থানীয় নিযুক্তিৰ আঁচনিত যোগদান কৰিছে। কোম্পানীৰ দিয়াৰ ইচ্ছা নাছিল। যদিও ৰাজ্য চৰকাৰৰ হেঁচাত কম সময়ৰ ভিতৰতে বাচনি কৰি দিব লগা হ'ল। অনিৰুদ্ধ পোন্ধৰ দিনৰ ছুটীত যোৱাৰ সময়ছোৱাৰ ভিতৰতে সিহঁতৰ বাছনি আৰু নিযুক্তি প্ৰক্ৰিয়া সমাপ্ত হৈছিল। টিফিনৰ সময়তহে চাৰ্গেই ভূটিয়াই আকৌ কথাটো ওলালে। অফিচত বোলে কোম্পানীৰ নতুন ষ্টাফে জইন [ ৮৭ ] কৰাৰ পিছত অফিচৰ মানুহৰ চালচলন, সাজ-পোছাক সকলো বদলি হৈ গৈছে। চাৰ্গেইৰ কথাত অনিৰুদ্ধ আচৰিত হ’ল। মানুহবোৰ আকৌ সলনি হ’বলৈ কি হ'ল। সি প্ৰশ্নবোধক চাৱনিৰে চাৰ্গেইলৈ চালে।

 : বিশ্বাস হোৱা নাই নেকি? চাৰ্গেই কৈছে।

 : বিশ্বাসনো কিয় হ’ব? নতুন ল’ৰা কেইটা আহিলেই অফিচটো সলনি হ’বলৈ কি হ’ল!

 : অ’ আপুনি তাৰমানে ল’ৰা দুটাহে দেখিছে। তৃতীয়টো দেখিছে?— চাৰ্গেই সুধিলে।

 : নাই! মই আজি কামত যোগ দিছোহে। ছেকেণ্ড ফ্লৰত যোৱাই হোৱা নাই। তৃতীয়জন তাতে আছে ছাগৈ।

 : মোৰ শপত! আপুনি এবাৰ এষ্টা ব্ৰিছমেন্ট বিভাগলৈ গৈ আহক। আপুনিও প্ৰতিযোগিতাত নামি যাব। মই কৈছো! চাব, এশ শতাংশ গেৰাণ্টী।

 চাৰ্গেইৰ কথাত অনিৰুদ্ধই হাঁহে। হওঁতে সি জানে যে অফিচৰ দ্বিতীয় মহলাৰ প্ৰতিষ্ঠা বিভাগত নতুন ছোৱালী এজনীয়ে যোগদান কৰিছে। কিন্তু সি ইমান গুৰুত্ব দিবলগীয়া কথা বুলি ভবা নাই। অফিচৰ কামত কেতিয়াবা দেখা দেখি হ’বই। সেইবুলি ছোৱালীজনীৰ ওচৰলৈ চিনাকি হ’ব যোৱা অথবা চাৰ্গেই কোৱাৰ দৰে প্ৰতিযোগিতাত নামি যোৱাৰ কোনো দৰকাৰ আছে বুলি অনিৰুদ্ধই ভবা নাই। অনিৰুদ্ধ টেবুললৈ আহি কামত ব্যস্ত হৈ পৰিল। চাৰ্গেইৰ কথা কেইটাই তাক কিছু কৌতুহলী কৰি তুলিছে। কম্পিউটাৰৰ স্ক্ৰীনখনত চকু ৰাখি সি ম’বাইলত ছাইটৰ ইঞ্জিনিয়াৰৰ পৰা কিছুমান তথ্য লৈছে। দিল্লীৰ হেড অফিচৰ পৰা নতুন প্ৰজেক্টটো সম্পৰ্কত বহু কিবাকিবি জানিবলৈ বিচাৰিছে।

 : কিহে ডেকা ল’ৰা, খুউব ব্যস্ত নেকি?

অফিচৰ বৰবাবু শ্বেৰপা আংকলৰ মাতত সি পিছফালে চালে।

 : অঃ শ্বেৰপাজী! সি সঁহাৰি জনালে। বৰবাবুৰ পিছফালে ক্ষীণাংগী ছোৱালী এজনী থিয় হৈ আছে।

 : ছুটী ভালদৰেই উপভোগ কৰিলে ছাগৈ। বৰবাবুয়ে হিন্দীতে ক’লে, আৰু কাষত থিয় হৈ থকা ছোৱালীজনীৰ ফালে ইংগিত কৰি কলে এওঁ নিতিশা। যোৱা সোমবাৰে জইন কৰিছে৷ আপোনাৰ সৈতে চিনাকি কৰিবলৈহে বাকী আছিল।

 : অহ! অনিৰুদ্ধ সম্ভ্ৰমেৰে থিয় হ’ল। চাৰ্গেইৰ মুখত শুনা সেই অপৰূপা ছোৱালীজনী এইজনীয়েই।

 : অ! মই ছুটীত গৈছিলো। নতুন চাকৰি কেনে লাগিছে। সি সুধিলে। ছোৱালীজনী সঁচাই অপৰূপা, চাৰ্গেই ঠিকেই কৈছিল। সি মনে মনে ভাবিলে।

 : ভাল লাগিছে। তাই ধুনীয়াকৈ হাঁহিলে। ছাৰৰ ঘৰ অসমত? তাই সুধিছে।

 : হয়! কেতিয়াবা গৈছে নেকি? সি ক’লে।

 : ওঁহো যোৱা নাই। এবাৰ কামাখ্যা মন্দিৰত যোৱাৰ ইচ্ছা আছে। তাই কৈছে।

 : অ’ যাব লাগে আকৌ। অজান কাৰণত অনিৰুদ্ধৰ মনটো ভাল লাগি গ’ল। কামাখ্যা মন্দিৰ নহয় যেন তাৰ ঘৰলৈহে ধুনীয়া ছোৱালীজনীয়ে যাম বুলি কৈছে।

 : অ’কে অনিৰুদ্ধজী! নিতিশাই কিবা কোৱাৰ আগতেই বৰ বাবুয়ে মাত লগালে। আপুনি কাম [ ৮৮ ] কৰক,আহিছো।

 বৰবাবুৰ পিছে পিছে নিতিশাও তাৰ পৰা বিদায় লৈ দ্বিতীয় মহলালৈ উঠি গ’ল। ক্ষন্তেকৰ বাবে বৰবাবু শ্বেৰপাক তাৰ ভিলেইনৰ দৰে লাগিল আৰু অলপ সময় তাৰ ওচৰত ৰোৱা হ’লে কিনো মহাভাৰতখন অশুদ্ধ হ’লহেতেন।

 : অনিৰুদ্ধজী— একাউন্টছ চেকচনৰ ফালৰ পৰা কণ্ঠটো ভাঁহি আহিল। সি দেখিলে চাৰ্গেই তালৈ চাই অৰ্থপূৰ্ণভাৱে হাঁহি আছে।

 অফিচটোত মষ্ট ইলিজিবল বেচ্চেলৰ আছিল দুজন এজন উত্তৰাখণ্ডৰ জয়দীপ গুপ্তা আৰু আনজন অনিৰুদ্ধ বৰুৱা। কাজেই নতুন ছোৱালীজনীলৈ অফিচৰ মানুহবোৰ দুটা শিবিৰত গোপনে বিভক্ত হৈ পৰিল। কোনোবাই যদি ছোৱালীজনীৰ সৈতে অনিৰুদ্ধৰ যুটি ভাল হ’ব বুলি ভাবে, কোনোবাই আকৌ জয়দীপ গুপ্তাৰ সৈতে তাইৰ যুটি অদ্বিতীয় হ’ব বুলি ক’ব খোজে। মুঠতে অফিচৰ আজৰি সময়খিনিত কৰ্মচাৰীসকলে সময় কটাবলৈ যেন এটা ভাললগা টপিক বিচাৰি পালে। মানুহখিনিৰ কাণ্ড কাৰখানা নিতিশলৈ সংগোপনে চায়। চাৰ্গেইহতে মনে মনে পাতি থকা কথাবোৰ সচা হোৱা হলে কিন্তু বেয়া। দেখি অনিৰুদ্ধৰ খুউব হাঁহি উঠে। তেনেকৈ কেইটামান মাহ বাগৰি গ’ল। অনিৰুদ্ধই আজিকালি নিতিশালৈ সংগোপনে চায়। চাৰ্গেইহঁতে মনে মনে পেতি থকা কথাবোৰ সঁচা হোৱা হ’লে কিন্তু বেয়া নালাগিলহেঁতেন। অনিৰুদ্ধই মনে মনে ভাৱে। মিছা ক’লে কি হ’ব, নিতিশাক আজিকালি তাৰ অলপ বেছিকৈয়েই ভাললগা হৈছে। জয়দীপ ও কিন্তু পিছ পৰি থকা নাই। সি নিতিশাৰ পিছত পৰি গ’ল যেন লগা হৈছে। কাম নাথাকিলেও দিনটোত অন্ততঃ দুবাৰ সি এষ্টাব্লিছমেন্ট ডিপাৰ্টমেন্টত এপাক মাৰি আহে। চাৰ্গেই কোৱাৰ দৰে জয়দীপৰ নৱজাগৰণ হ’ল কিজানি। নতুন নতুন ছাৰ্ট আৰু ছাৰ্টৰ ৰঙৰ সৈতে মিলোৱা টাই জয়দীপৰ ক্ষেত্ৰত এটা চিনাকি সাজোন কাচোন হৈ গৈছে।

 সিদিনা আবেলি অনিৰুদ্ধ এম জি মাৰ্গৰ বেঞ্চিতে বহি আছিল। শনিবাৰ। অফিচৰ পৰা ওলাই পোনে পোনে ৰুমলৈ যাবলৈ মন নগ’ল। সেইবাবে সি এম জি মাৰ্গৰ বেঞ্চিতে বহি পৰ্য্যটকৰ ৰেহৰূপ চাই আছিল। মাজে মাজে অসমীয়া ভাষা কোৱা পৰ্য্যটকো তাৰ কাষেৰে পাৰ হৈ যায়। চেঙেলীয়া ল’ৰা হ’লে দুটামান বেয়া শব্দও ওফৰি কাণত পৰেহি। ম’বাইলত কিবাকিবি চাই থাকি সি সেই সময়বোৰ বেছ উপভোগ কৰে।

 হঠাৎ এক চিনাকি পাৰফিউমৰ গোন্ধত সি মূৰ তুলি চালে। তাৰ সপোন কুঁৱৰী নিতিশা তাৰ কাষেৰে খোজকাঢ়ি পাৰ হৈ গ’ল। সি থিয় হৈ নয়ন ভৰাই চাব খুজিলে। কিন্তু তাক অবাক কৰি কুকুৰ ল’ৰে পিছফালৰ পৰা গৈ জয়দীপ তাইৰ লগ লাগিল। উস! অনিৰুদ্ধ যেন বিস্ফোৰিত হৈ যাব। জয়দীপ আকৌ নিতিশাৰ লগত এনেকৈ ক’লৈ গৈ আছে?

 প্ৰচণ্ড ঈৰ্ষাৰে অনিৰুদ্ধই নিতিশা আৰু জয়দীপ যোৱাৰ ফালে চাই ৰ’ল। সি দেখিলে সিহঁত দুটা এম জি ৰ’ডেৰে গৈ লাল বজাৰলৈ নমা খটখটিয়েদি নামি গৈছে। সি তাহাঁতক অনুসৰণ কৰিম বুলি ভাবিছিল। হঠাৎ জানো কি হ’ল,তাৰ মনটো প্ৰচুৰ অভিমানেৰে ভৰি পৰিল। সি বেঞ্চ এখনত বহি মূৰটো দুহাতেৰে চেপা মাৰি ধৰিলে।

 অনিৰুদ্ধ আজি আবেলিতো পণ্ডিচেৰীৰ হোটেলতে শুই আছে। আদিত্য কাষতে লাগি থকা ৰ’ক বীচ্চত ফটো ল’বলৈ ওলাই গৈছে। কালি অৰভিলেৰ পৰা পিতাপুত্ৰ পেৰাডাইজ বীচ্ছলৈ গৈছিল। বতৰতো ভাল আছিল যদিও আকাশ ফৰকাল নাছিল। আদিত্যই মনৰ হেঁপাহ পেৰাডাইজ বীচ্ছত [ ৮৯ ] পূৰাব নোৱাৰিলে সেয়ে অলপ আগতে সি কেমেৰাটো লৈ ৰ’ক বীচ্ছলৈ ওলাই গৈছে। সূৰ্য্যাস্তৰ আগৰ আৰু পিছৰ সময়খিনি আজি হেনো সি বন্দী কৰিবই। অনিৰুদ্ধই ৰুমৰ এয়াৰ কণ্ডিচনাৰটো বেছি শীতলভাৱে ৰাখি গাত ব্লেংকেট লৈ বিচনাত পৰি থাকিল।

 অনিৰুদ্ধই কালি অৰভিলেত লগ পোৱা ছোৱালীজনীৰ কথাই ভাবি আছে। নিতিশাক যেতিয়া সি গেংটকত প্ৰথম লগ পাইছিল, ঠিক এনেকুৱাই আছিল। একেই মাখন বৰণৰ শৰীৰ, প্ৰায় একেই উচ্চতা, একেই হৰিণী চাৱনি।

 ইমানদিনে বুকুত কবৰ দি ৰখা ভাৱবোৰ যেন মূৰ দাঙি থিয় হৈ উঠিল। বহু যত্ন কৰি সি নিতিশাৰ স্মৃতিক ভেটা দি ৰাখিছিল। কিন্তু কালি দেখা সেই অচিনাকী ছোৱালীজনীয়ে তাৰ অতি চিনাকি আৰু পুৰণি মুহুৰ্তবোৰ যেন আকৌ তাৰ সন্মুখত থিয় কৰাই দিলেহি।

 ফেব্ৰুৱাৰী মাহৰ ঠাণ্ডা আছিল তেতিয়া। ফেৰফেৰীয়া বতাহ জাকে গেংটকৰ ঠাণ্ডা যেন আৰু বেছি ব্যাপক আৰু তীক্ষ্ণ কৰি তুলিছিল। চিপচিপীয়া বৰষুণ পৰি আছিল। অনিৰুদ্ধই ছাতিটো মেলি লৈ এম জি মাৰ্গেৰে অফিচলৈ খোজ কাঢ়ি গৈ আছিল।

 : গুড মৰ্নিং! হঠাৎ ক’ৰবাৰ পৰা দৌৰি আহি কোনোবা এটাই তাৰ কান্ধত হাত থৈছিলহি। সি দেখিলে সেইটো চাৰ্গেই।

 : মৰ্নিং! অনিৰুদ্ধ সহাঁৰি জনালে৷ ইমান ঠাণ্ডা নহয়?— সি ক’লে।

 : কোনটো ঠাণ্ডাৰ কথা কৈছা? চাৰ্গেই তাক খোচ মাৰি ক’লে বতৰৰ ঠাণ্ডা নে আপোনাৰ এফেয়াৰৰ ঠাণ্ডা।

 : মোৰ এফেয়াৰ! —অনিৰুদ্ধই কৃত্ৰিম খঙেৰে চাৰ্গেইলৈ চালে কিনো কয়হে? মই এই চবত এতিয়া নাই।

 : এতিয়া নাই মানে আগতে আছিলতো চাৰ্গেই যেন সুবিধাটো ঠিক বিচাৰি পালে। বাই দি ৱে, নিতিশা কিন্তু আজিকালি ঠাণ্ডা হৈ গৈছে। এইটোও কি বতৰৰ ঠাণ্ডাৰ প্ৰভাৱ? চাৰ্গেই চকু নচুৱাই ক’লে।

 : মই কেনেকৈ জানিম? অনিৰুদ্ধই ক’লে। আৰু মোৰ বেলেগৰ ব্যক্তিগত কথাত মূৰ ঘমাবলৈ কোনো দৰকাৰ নাই।

 : অহ! ধোঁৱাৰ গোন্ধ পাইছো। বৰষুণৰ পৰা বাচিবলৈ অনিৰুদ্ধৰ কাষ চাপি আহি চাৰ্গেই ক’লে মই অনুমান কৰাটো তেন্তে সত্য। আপোনাৰ খং আৰু অভিমান দেখিয়েই নিতিশা একেবাৰে জয় পৰি গৈছে। যোৱা সপ্তাহৰ পৰা আপোনাক অফিচত অত্যন্ত গহীন আৰু নিজৰ টেবুলত আবদ্ধ হৈ থাকোতেই বুজিছিলো চামথিং ইজ ৰং। ক’ৰবাত জুই একুৰা জ্বলিবই লাগিব!

 : ধ্যে এইডাল! অনিৰুদ্ধই কৈ উঠে। বৰষুণটো অলপ বেছিকৈ দিবলৈ আৰম্ভ কৰিছে। সিহঁতে খৰখেদাকৈ অফিচত গৈ উপস্থিত হ’ল।

 অনিৰুদ্ধই অফিচত আহি পোৱাৰ পাছত নিজৰ কামত মগ্ন হৈ পৰিল। দিল্লী অফিচৰ পৰা ইটোৰ পাছত সিটোকৈ ফোন আৰু ই মেইল আহি থাকিল। কামৰ মাজতে তাৰ কাণত চাৰ্গেইৰ কথা কেইটাও অনুৰনিত হৈ থাকিল। নিতিশাক এই কেইদিন সি দেখাই নাই। তাইৰ পৰা দূৰে দূৰে থকাৰ বাবে সি একো গম পোৱা নাছিল। কিন্তু চাৰ্গেইৰ কথাবোৰ শুনি তাইক এবাৰ চাবলৈ মনটো উদগ্ৰীব হৈ [ ৯০ ] উঠিল। কিন্তু সি চাৰ্গেইৰ চকুত ধুলি দি দ্বিতীয় মহলালৈ যোৱা মস্কিল। চাৰ্গেই যি ধুৰ্ত, সি মিচাকৈও ৰং চাবলৈ অনিৰুদ্ধৰ আগত নিতিশাৰ কথা তেনেকৈ ক’ব পাৰে।

 টিফিন টাইমত সকলোৱে কেন্টিনলৈ গুচি গ’ল। অনিৰুদ্ধ কেন্টিনলৈও নগ’ল। আচলতে এসপ্তাহ আগতে নিতিশাক জয়দীপৰ লগত যোৱা দেখাৰ পাছত সি কেন্টিনলৈও যোৱা এৰি দিছে। কেন্টিনত গ’লেই সি নিতিশাক লগ পাব। তাত জয়দীপো থাকিব। জয়দীপৰ কাষত নিতিশাক দেখিলে কিয় জানো ভয়ংকৰ ঈৰ্ষা হয়। সেইবাবে সি অফিচৰ তলৰ ৰেষ্টুৰেণ্টখনতে টিফিন কৰি আহেগৈ। আজি কিন্তু চাৰ্গেইৰ মুখত নিতিশাৰ কথা শুনি তাৰ কেন্টিনলৈ যোৱাৰ ইচ্ছা জাগিছিল। কিন্তু শেষ মুহূৰ্তত সি নিজকে সম্বৰণ কৰিলে। নিতিশাটো এতিয়া জয়দীপৰ প্ৰেমিকা হৈ গৈছে, তাৰনো তাইক পাত্তা দিয়াৰ কি দৰকাৰ।

 ৰেষ্টুৰেণ্টত বহি শুকান ৰুটি এখন দাঁতেৰে টানি আছিল সি। হঠাৎ কোনোবা এটা দুপদুপাই দৌৰি অহাৰ শব্দ শুনি সি মূৰ তুলি চালে। চাৰ্গেই। ই বদমাছটোৱে তাক শান্তিৰে খাবলৈও নিদিব।

 : বঢ়িয়া খবৰ এটা আছে। তাৰ বিপৰীতে চকীত বহি সি টেবুল ভুকুৱাই ক’লে।

 : কিয় কি হ’ল। অনিৰুদ্ধই কৌতুহলেৰে সুধিলে।

 : কেণ্টিনত ভাল দৃশ্য এটা দেখি আহিলো। আপুনি থকা হ’লে বেছ মজা পালেহেঁতেন।

 : কিনো দেখিলে? অনিৰুদ্ধই কৌতুহলেৰে সুধিলে।

 : হাঃ হাঃ হাঃ চাৰ্গেই নিজে নিজে অলপ সময়, হাঁহি ল’লে বেছ জমিল বুজিছে। কেন্টিনত তাই খাবলৈ যাওঁতে দেখিলো হা! হা! হা!

 : ধ্যেৎ! আগতে হাঁহি লওঁক। তাৰ পিছত ক’ব। অনিৰুদ্ধ অলপ বিৰক্ত হল। সি আকৌ ৰুটি টানিবলৈ ধৰিলে।

 : কি যে বৰিং মানুহ আপুনি! ইমান ইণ্টাৰেষ্টিং কথা কৈ আছো আপুনি শুকান ৰুটি চোবাই আছে।

 : আৰুনো কি কৰিম? অনিৰুদ্ধই নিৰ্বিকাৰভাৱে ক’লে আপোনাৰ দেখোন হাঁহিয়েই শেষ নহয়।

 : অ’ অ’ কৈছো ৰ’ব। চাৰ্গেই ক’লে কেন্টিনত সকলোৱে খাবলৈ আৰম্ভ কৰিছিল। জয়দীপ নিতিশাৰ কাষতে বহিছিল। হঠাৎ জানো জয়দীপে নিতিশাক কি সুধিলে, তাইতো বিৰাট ফায়াৰ হৈ গ’ল। চাৰ্গেই আকৌ হাঁহিলে আৰু ক’লে মোৰ শপত! নিতিশাৰ ৰূপ দেখি ময়েই ভয় খাই গৈছিলো ইমান ধুনীয়া ছোৱালীজনীৰ যে ইমান খং থাকিব পাৰে মই ভাবিবই পৰা নাছিলো।

 : তাৰ পিছত? অনিৰুদ্ধ কৌতুহলী হৈ থাকিল।

 : তাৰ পিছত আৰু কি হ’ব! জয়দীপ ভিজা মেকুৰীৰ দৰে লেউসেউ হৈ পৰিল। চব ষ্টাফৰ আগত বেচেৰাই ভাল লাজ পালে।

 : অ! অনিৰুদ্ধই যেন অলপ তৃপ্তি পালে।

 : মজাৰ কথাটো কি জানে? খঙৰ ভমকত নিতিশাই এবাৰ জয়দীপক ক’লে আপোনাৰ কাৰণে কিছুমান মানুহে মোক ভুল বুজি আছে। আজিৰ পৰা মোৰ আশে পাশেও নাথাকিব।

 : অহ! অনিৰুদ্ধই শলাগিলে।

 : কি অহ! পাৰ্টি খুৱাওক মোক। ইমান ধুনীয়া খবৰ দিলো আপোনাক। [ ৯১ ]  : মোৰ বাবে আকৌ কি ধুনীয়া খবৰ হ’ল। অনিৰুদ্ধৰ যেন অভিমান আঁতৰা নাই। বেলেগৰ ব্যক্তিগত কথাত মোৰ মাথা মাৰিবলৈ কি আছে!

 : এতিয়াও নুবুজাৰ ভেশচন নধৰিবচোন। চাৰ্গেই অৰ্থপূৰ্ণভাৱে হাঁহিলে। মই জানো জয়দীপৰ লগত নিতিশাৰ অলপ অন্তৰংগতা বঢ়া দেখি আপুনি তাইৰ পৰা আঁতৰি আহিছিল। আপুনি যিমান চেষ্টা কৰিলেও মোৰ চকুত ফাঁকি মাৰিব নোৱাৰে।

 :অনিৰুদ্ধই ধৰা পৰাৰ দৰে হাঁহিলে। সঁচাকৈ চাৰ্গেই বৰ ধূৰ্ত। কিয় জানো সি সদায় অনিৰুদ্ধৰ পিছত লাগি থাকে। অনিৰুদ্ধ খোৱাৰ পৰা উঠিল। চাৰ্গেইক কিবা খাব নেকি সুধিলে। চাৰ্গেই ক’লে যে সি এতিয়া একো নাখায়। অনিৰুদ্ধ আৰু নিতিশাৰ ছেটিং হ’লেহে হেনো সি ডাঙৰ পাৰ্টি খাব।

 অনিৰুদ্ধ আকৌ অফিচৰ নিজৰ টেবুলত গৈ বহিল। অফিচৰ সহকৰ্মী বিলাকে তেতিয়া কেন্টিনৰ কথাটোকে পাতি আছিল। অনিৰুদ্ধক দেখি দুজনমানে তাৰ ফালে অৰ্থপূৰ্ণভাৱে চালে। সি তেওঁলোকৰ ফালে কাণ নিদি নিজৰ কামত ব্যস্ত হ’ল। কামৰ মাজে মাজে কিন্তু নিতিশাই কোৱা বুলি শুনা কথাটোৱে আমনি কৰি থাকিল। তাই বাৰু কোনে ভুল বুজাৰ কথা কৈছে। অনিৰুদ্ধ! নাহ! তাৰ কথা তাই কেনেকৈ জানিব?

 অনিৰুদ্ধৰ আগতেও নিতিশাৰ লগত বিশেষ কথা নহৈছিল। সন্মুখত দেখিলে হাই হেল্ল কৰিছিল। যিটো বেছিকৈ কৰিছিল সেয়া আছিল দূৰৰ পৰা আঁৰ চকুৰ চাই থকাটো। কেতিয়াবা নিতিশাৰে চকুৱে চকুৱে চাই ধৰা পৰি লাজ পাই বহু দেৰি নকৰাকৈ থাকিছিল, পিছত আকৌ আৰম্ভ কৰিছিল। জয়দীপক সিদিনা তাইৰ লগত দেখাৰ পিছত অনিৰুদ্ধই তাইৰ ফালে কেৰাহিকেও চাবলৈ এৰি দিছিল।

 কেন্টিনত সিদিনা ঘটা ঘটনাটোৰ পিছত জয়দীপে চাগে লাজতে নিতিশাৰ কাষ চপা নাছিল। দূৰৈৰ পৰা তাইক চাবলৈ সি কিন্তু এৰা নাছিল। প্ৰথম প্ৰেম ছাগৈ’ কোনোবা দুটামান কটাক্ষ কৰিছিল। নিতিশাই জয়দীপক ধমকি দিয়া কথাটো অফিচৰ বেছিভাগেই আমোদ পাইছিল।

 আৰু দুটামান দিন পাৰ হৈছিল। চাৰ্গেই আহি তাক নিতিশাক মাতবোল কৰিবলৈ কুটুৰি আছিল। চাৰ্গেই কৈছিল অনিৰুদ্ধই মাত বোল কৰিবলৈ এৰাৰ পৰা নিতিশা হেনো বেছ অসুখী হৈ পৰিছে। সদাহাস্যময়ী ছোৱালীজনীৰ হাঁহি হেনো ওঁঠৰ পৰা নোহোৱা হৈ গ’ল আৰু যে কি বাৰে বিং কৰি কথাবোৰ চাৰ্গেই কৈ থাকে। অনিৰুদ্ধই হাঁহি হাঁহি কয়, আপোনাৰ কথাবোৰ সঁচাকৈয়ে সঁচা হওঁক। আপোনাৰ মুখত ফুল চন্দন পৰক।

 পিছদিনা লছাৰ আছিল। লছাৰ চিকিমিজসকলৰ নতুন বছৰৰ উৎসৱ। অফিচ লছাৰৰ বাবে এদিন বন্ধ থাকিব। গতিকে আগদিনাই সি নিতিশাক লছাৰৰ শুভেচ্ছা দিয়া উচিত। চাৰ্গেই তাক কৈছিল। সি হেনো অনুভৱ কৰিছে, নিতিশাই গোপনে অনিৰুদ্ধক পচন্দ কৰে আৰু লছাৰৰ শুভেচ্ছা প্ৰিয়জনৰ পৰা পালে তাই আনন্দত ক’ব নোৱাৰা হ’ব।

 হওঁতে অনিৰুদ্ধইও নিতিশাৰ লগত কথা পতাৰ সুযোগ বিচাৰি আছিল। যোৱা পোন্ধৰটা দিন ওফোন্দ পতাৰ পিছত তাইৰ লগত সি ফ্ৰি হ’ব পৰা নাই। সেই বাবেই সি চাৰ্গেইৰ প্ৰস্তাৱত সম্মতি জনালে। লছাৰৰ আগদিনা অফিচ ছুটীৰ পিছত সি নিতিশাক লছাৰৰ বিশেষ শুভেচ্ছা জনাব।

 অফিচ ছুটী হোৱাৰ আধা ঘণ্টামান আগতেই সি এম জি মাৰ্গৰ চুক এটাত বেঞ্চিত বহিল। নিতিশা এই ৰাস্তাৰে ঘৰলৈ যায়। তাইক সন্মুখত পালেই সি তাইক লছাৰৰ বিশেষ শুভেচ্ছা জনাব। চাৰ্গেই [ ৯২ ] লিখি দিয়া নেপালী বাক্যটো সি আওঁৰাই থাকিল। এই প্ৰথমবাৰ সি এটা নেপালী বাক্য সম্পূৰ্ণকৈ শিকিছে।

 নিতিশা আহিছে। অনিৰুদ্ধৰ বুকুখন কঁপি উঠিল। সি ধহমহকৈ থিয় দিলে। নিতিশাই ম’বাইলতে কাৰোবাৰ লগত কথা পাতি অহা বাবে তাক লক্ষ্য কৰা নাই।

 : হেল্ল! তাৰ কাষেৰে পাৰ হৈ যাব খোজা নিতিশাক কোনোমতে সাহস কৰি মাতিলে।

 বিস্ফোৰিত নেত্ৰে নিতিশাই অনিৰুদ্ধলৈ চালে। তাই তাক সম্ভাষণ জনাবলৈও পাহৰি গ’ল। ম’বাইলটোত সিটো মূৰৰ পৰা এতিয়াও কোনোবাই হেল্ল’ হেল্ল’কৈ চিঞৰি আছে।

 : কালিলৈ লছাৰ আছে নহয়। অনিৰুদ্ধ অলপ নাৰ্ভাছ হৈছিল।

 : হয়! হয়। কোনোমতে যেন নিতিশাই সম্বিৎ ঘূৰাই পাইছে।

 : ম’ তিমিলাই মায়া গৰছু! উশাহ নোলোৱাকৈ অনিৰুদ্ধই নেপালী বাক্যটো উচ্চাৰণ কৰিলে।

 : হা! নিতিশাই তাইলৈ অবাক হৈ চাই থাকিল।

 : কিবা ভুল হ’ল নেকি? অনিৰুদ্ধই আৰু ভয় খালে। মানে উইছটো মই কালিহে শিকিছিলো।

 : কিহৰ উইছ। এইবাৰ নিতিশাই যেন কিবা এটা বুজি পালে।

 :কিয় লছাৰৰ উইছ। আপোনালোকৰ লছাৰত এনেকৈ ট্ৰেডিচনেল উইছ নকৰে জানো!

 : ট্ৰেডিছনেল! নিতিশাই এইবাৰ শব্দ কৰি হাঁহিলে। আপোনাক বাৰু এই উইছটো কোনে শিকিব দিছিল।

 : চাৰ্গেই! অনিৰুদ্ধ সেহাই উঠিল। কিবা ভুল হোৱা নাইতো!

 : ওঁহো! একো ভুল হোৱা নাই। এশ শতাংশই শুদ্ধ হৈছে আৰু চাৰ্গেইক ক’ব, তেখেতে এই উইছটো আপোনাক শিকোৱাৰ বাবে অশেষ ধন্যবাদ।

 : অকে! অনিৰুদ্ধ বুজা-নুবুজা ভাৱেৰে মূৰ দুপিয়ালে।

 নিতিশাই এবাৰ তাৰ ফালে চাই ধুনীয়াকৈ হাঁহিলে। তাৰ পিছত হঠাৎ তাই কোবাকুবিকৈ তাৰ পৰা আঁতৰি গ'ল।

 

তিনি

 

 এপ্ৰিল মাহত নৰ্থ চিকিমৰ য়ামথাং ফ্লাৱাৰ ভেলী মনোমোহা বনৰীয়া ফুলেৰে ভৰি পৰে। অনিৰুদ্ধই আগৰে পৰা ভাবি আছিল যে সি মাৰ্চ মাহৰ কোম্পানীৰ একাউণ্টচ ক্লজিঙৰ পিছত অৰ্থাৎ এপ্ৰিল মাহত নৰ্থ চিকিম ফুৰিবলৈ যাব। বহুদিনৰে পৰা বহুজনৰ মুখত য়ামথাং ভেলী আৰু গুৰডুংগমাৰ লেকৰ কথা শুনি শুনি সেই ঠাইখিনি চাবলৈ সি উদগ্ৰীৱ হৈ পৰিছে। অফিচৰ টিভিন ব্ৰেকত কফি হাউচত বহি কফি খাই থাকোতে এদিন সি চাৰ্গেইক কথাটো ক’লে। অকলে যোৱাতকৈ লগ এটা হ’লে ভাল।

 : য়ামথাং ভেলী মই গেছো। গুৰডুংগমাৰ অৱশ্যে যোৱা নাই। যাব পাৰি দেখোন। চাৰ্গেই ক’লে। [ ৯৩ ]  : ব’লানী প্লীজ! অনিৰুদ্ধই ক’লে, তুমি গ’লে বিৰাট ভাল লাগিব। আজিকালি অনিৰুদ্ধ আৰু চাৰ্গেইৰ সম্বোধন আপুনিৰ পৰা তুমিলৈ পৰিৱৰ্তন হৈছে।

 : ৰবা! মই প্লেন এটা বনাই আছো। চাৰ্গেই ক’লে এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহাতে ভাল হ’ব। মাৰ্চ এণ্ডিঙৰ কোনো সমস্যা নাথাকিব।

 : বেয়া নহ’ব। ধুম্ৰীয়মান কফি কাপত সোহা মাৰি অনিৰুদ্ধই ক’লে।

 বিন্দুৰ পৰা সিন্ধুহে হ’লগৈ যেন। অনিৰুদ্ধই নৰ্থ চিকিম যাবলৈ চাৰ্গেহকহে লগ ধৰিছিল। চাৰ্গেই গোটেই অফিচটোক লৈ ল’লে। গুৰুডুংগমাৰ আৰু য়ামথাং ভেলী যোৱাৰ ৰাস্তাত লাচেন আৰু লাচুং নামৰ দুখন সৰু ঠাইত নৈশ যাপন কৰিবলগা হয়। চাৰ্গেই যুদ্ধকালীন গতিৰে সেই দুখন ঠাইৰ হোটেলত ফোন কৰি ৰুমৰ খবৰ লোৱাত লাগি গ’ল। অফিচৰ প্ৰায়সকল কৰ্মচাৰীকে সি কুটুৰি কুটুৰি নৰ্থ চিকিমলৈ যাবৰ বাবে সৈমান কৰালে। বেছিকৈ বমি আৰু মূৰ ঘূৰণিৰ সমস্যা থকা আৰু প্ৰেছাৰৰ সমস্যা থকা চাৰিজনৰ বাহিৰে বাকী সকলোকে সি নৰ্থ চিকিম যাবলৈ যেন বাধ্যহে কৰালে।

 : অনিৰুদ্ধ! কামৰ মাজতে এপাক অনিৰুদ্ধৰ কাষলৈ আহি চাৰ্গেই মাত লগালে।

 : কি? সি মূৰ তুলি চালে।


 চাৰি হাজাৰ টকা দিয়া। চাৰ্গেই টকা হিচাপ কৰি কৰি ক’লে আজি পইচা উঠাই শেষ কৰিব লাগিব।

 : চাৰি হাজাৰ! অনিৰুদ্ধই তালৈ ভ্ৰূকোঁচাই চালে। দু হাজাৰকৈহে গাইপতি আছিল।

 : দুই হাজাৰেই হয়। কিন্তু নিতিশাৰতো কোনে দিব? সি দুষ্টালিৰ হাঁহি এটা মাৰিলে।

 : বদমাছ। কৃত্ৰিম ধমক দিয়ে অনিৰুদ্ধই। দুই হাজাৰতকৈ এটকাও বেছি নিদিওঁ। নিতিশাৰ পইচা মই কিয় দিম? সি হাঁহি হাঁহি কয়।

 অনিৰুদ্ধ আৰু নিতিশাৰ প্ৰেমৰ কথা এতিয়া অফিচৰ সকলোৱে জানে। অনিৰুদ্ধই যোৱা বছৰ লছাৰ উৎসৱত নিতিশাক চাৰ্গেই কোৱাৰ দৰে ’উইছ’ কৰিছিল। তাৰ পিছত আৰু এটা লছাৰ পাৰ হৈ গৈছে। এতিয়াও অনিৰুদ্ধৰ নিতিশাক লছাৰত কোৱা সেই বিশেষ বাক্যটো মনত পৰিলে খুউব হাঁহি উঠে। এই চাৰ্গেইটোৱে সঁচাকৈ তাক কোনোবাদিনা লাল বজাৰতে বেচিব।

 অনিৰুদ্ধই নিতিশা নৰ্থ চিকিম ফুৰিবলৈ যাব বুলি ভবা নাছিল। সি সেইবাবে তাইক এই বিষয়ে একো কোৱাই নাছিল। চাৰ্গেইৰ পৰা কথাবোৰ শুনি প্ৰথম দুদিন তাই অনিৰুদ্ধক মাতবোল কৰা নাছিল। চাৰ্গেইয়ে আকৌ তাইৰ খং আৰু অভিমান দূৰ কৰিবলগা হ’ল। সেই ছেগতে সি তাইৰ পৰা নৰ্থ চিকিম যোৱাৰ দুহাজাৰ টকাৰ অৰিহণাটো আদায় কৰি ল’লে।

 দুখন বলেৰ’ গাড়ীৰে সিহঁত গেংটকৰ পৰা মংগনলৈ যাত্ৰা কৰিছিল। মংগনত খোৱাবোৱা কৰি সিহঁত লাচুঙলৈ যাব। লাচুঙৰ কাষতে আমথাং ভেলী আৰু জিৰ’ পইন্ট। লাচুঙৰ হোটেলত এৰাতি থাকি গোটেই দলটো পিছদিনা লাছেনলৈ যোৱাৰ কথা। লাছেনৰ পৰা সিহঁত যাব গুৰুডুংগমাৰ হ্ৰদ। সকলোৱে বেছ উৎসাহী হৈ উঠিছিল। চাৰ্গেই অভিজ্ঞ ট্যুৰ অপাৰেটৰৰ দৰে যাত্ৰাটো পৰিচালনা কৰিছিল। এখন বলেৰত পুৰুষসকল আৰু আনখনত মহিলা আৰু ছোৱালীসকলক উঠিব কোৱা হৈছিল। সিহঁতৰ দলটোত আঠজন পুৰুষ আৰু ছয়জনী ছোৱালী আছিল। গাড়ীত উঠাৰ সময়ত গোটেই কেইজনে কি যে চিঞৰ বাখৰ কৰিছিল। ছোৱালীতকৈ ল’ৰাৰ সংখ্যা বেছি হোৱা বাবে [ ৯৪ ] ছোৱালীসকল উঠা বলেৰ’খনত উঠিবৰ বাবে অনিৰুদ্ধক সকলোৱে জোৰ কৰিছিল। অনিৰুদ্ধ পিছে নুঠিল। সি জানে চাৰ্গেইহঁত গছত উঠাই গুৰি কটা মানুহ। তাক ছোৱালীহঁতৰ গাড়ীত উঠাই পাছত কি ফান্দত বন্দী কৰে, বুজা টান।

 হাঁহি খিকিন্দালিৰে সিহঁতে যাত্ৰা আৰম্ভ কৰিছিল। দুপৰীয়া খোৱা বোৱা কৰিবৰ বাবে মংগনত ৰৈছিল। অনিৰুদ্ধহঁতৰ গাড়ীত গাজাখুৰি ভচহু কথাবোৰ আশীষ, চাৰ্গেইহঁতে কৈ গৈছিল। দুৰ্গম ৰাস্তাটোত সিহঁতৰ চিঞৰ বাখৰবোৰ দেখি মাজে মাজে ড্ৰাইভাৰে সিহঁতক অলপ মনে মনে থাকিবলৈ কৈছিল।

 সঁচাই বৰ মনোৰম চিকিমৰ প্ৰাকৃতিক শোভা। অনিৰুদ্ধই হেডফোনত গান শুনি শুনি খিৰিকীৰে বাহিৰলৈ চাই গৈছিল! তাহাঁতৰ পিছে পিছে ছোৱালীহঁতৰ গাড়ীখন আহিছিল। দুৰ্গম ৰাস্তা অথবা ভয়লগা ঠেক কেকুঁৰিবোৰত অনিৰুদ্ধৰ বুকুখন ভয়ত মোচৰ খাই গৈছিল, তাৰ নিজৰ গাড়ীখনৰ বাবে নহয়, পাছে পাছে আহি থকা নিতিশাহঁতৰ গাড়ীখনৰ বাবেহে সি উদ্বিগ্ন হৈ উঠিছিল।

 ভালে ভালে সিহঁত লাচুং পাইছিল গৈ। ক্লান্তিকৰ যাত্ৰাৰ পিছত অনিৰুদ্ধই হোটেলৰ কোঠাৰ বিছনাত ভাগৰুৱা দেহটো এৰি দিছিল। তাৰ ৰুমমেট চাৰ্গেই গা ধুবলৈ সোমাইছে। সি ৱেটাৰক মাতি আধা ঘণ্টাৰ পাছত দুকাপ কফি আনিবলৈ ক’লে। সি নিতিশালৈ ফোন কৰিলে। তাইৰ ফোনটো বাজি বাজি বন্ধ হৈ গৈছে। তায়ো ফ্ৰেছ হৈছে কিজানি। এইখন হোটেলৰ প্ৰথম মহলাত তাইৰ আৰু মিচেচ শৰ্মাৰ কোঠা। অনিৰুদ্ধৰ এবাৰ তাইক লগ ধৰিবৰ মন গ’ল। সি কোঠাৰ খিৰিকীখন খুলি দিলে। গ্ৰীল নথকা খিৰিকীৰে লাচুঙৰ আবেলিৰ শোভা কোঠাটোলৈ সোমাই আহিছে। অনিৰুদ্ধই তন্ময় হৈ চাই ৰ’ল। লাচুঙৰ পৰা পিছদিনা ব্ৰেকফাষ্ট কৰিয়েই সিহঁতে য়ামথাং ভেলীলৈ গৈছিল। নানাৰঙী বনৰীয়া ফুল আৰু সেউজীয়াৰ সমাহাৰ য়ামথাং ভেলীখন খুউব ভাল লাগিছিল অনিৰুদ্ধৰ। নিতিশাৰ সৈতে কেইবাখনো ফটোও উঠিলে সি। জিৰ’ পইণ্টত গৈ সকলোৱে বৰফ বৰফ খেলিলে। কলা জেকেট পৰিহিতা নিতিশাক বৰফৰ শূভ্ৰতাৰ মাজত অনন্যা সুন্দৰ লাগিছিল। অনিৰুদ্ধই সুবিধা পালেই নিতিশাৰ ফটো লৈছিল। তাকে দেখি চাৰ্গেই জোকাইছিল।

 : তোমালোকে হনিমুনত ইয়ালৈকে আহিবা দিয়া। ফটোগ্ৰাফাৰৰ প্ৰয়োজন হ’লে মোক খবৰ দিবা।

 : বেং মাতিম! কাবাব মে হাৰ্ডি! নিতিশাই তালৈ চাই সিঁয়াৰিলে।

 সিহঁতৰ কথা শুনি অনিৰুদ্ধৰ লগতে বাকীবোৰেও উচ্চস্বৰে হাঁহিলে।

 জিৰ’ পইণ্টৰ পৰা লাচুঙৰ হোটেললৈ গৈ বস্তু বেহানি লৈ সিহঁত লাছেনলৈ ওলাই গ’ল। লাছেনৰ পৰা পিছদিনা পুৱাই সিহঁত ভাৰত তিব্বত সীমান্তৰ গুৰুডুংগমাৰ হ্ৰদলৈ যোৱাৰ কথা। লাছেনত সন্ধিয়া লাগি ভগাৰ পিছত অনিৰুদ্ধহঁত আহি পাইছিল। কম ভল্টেজৰ লাইটৰ পোহৰত লাছেনখন কিবা ভৌতিক ঠাই যেন দেখাইছিল। অনিৰুদ্ধহঁতে সিহঁতৰ বাবে আগতীয়াকৈ ঠিক কৰি যোৱা হোটেলখনত উঠিলগৈ। লাছেন এখন তেনেই সৰু ঠাই। ইয়াৰ বিদ্যুৎ যোগান ব্যৱস্থাও যথেষ্ট পুতৌজনক। হোটেলৰ মেনেজাৰজনে অনিৰুদ্ধহঁতক কৈছিল। বেছিভাগ সময়তে লাছেনত কাৰেণ্ট নাথাকে। থাকিলেও ভল্টেজ নাথাকে। গতিকে হোটেল কৰ্তৃপক্ষই সিহঁতক যিমান পাৰি সোনকালে ৰাতিৰ আহাৰ কৰি শুই যাবলৈ ক’লে। এনেয়েও পাহাৰীয়া মানুহে সন্ধ্যা আঠ বজাতেই নিশাৰ আহাৰ [ ৯৫ ] কৰে আৰু ৯ বজাৰ আগতে শুই যায়। তাৰোপৰি কাইলৈ পুৱতি নিশাতেই সিহঁতে গুৰুডূংগমাৰ হ্ৰদ অভিমুখে যাত্ৰা কৰিব লাগিব।

 হোটেলখন আচলতে অতিথিশালাৰ নিচিনাহে আছিল। গ্ৰাউণ্ড ফ্লৰত মালিক আৰু হোটেলৰ কৰ্মচাৰীবিলাক থাকে। প্ৰথম মহলাতেই অনিৰুদ্ধহঁতক থাকিবলৈ দিয়া হৈছে। ৰূমবোৰ বিশেষ ডাঙৰ নহয়। অনিৰুদ্ধৰ গোটেই কেইটাৰ বাবে দুজনীয়া কোঠা পৰ্যাপ্ত নথকাত চাৰ্গেই আৰু অনিৰুদ্ধই প্ৰত্যকে এজনীয়া কোঠা ল’লে। ছোৱালীহঁতে সকলোৱে দুজনীয়া কোঠাবোৰ আগতে দখল কৰি লোৱাত ল’ৰাবোৰলৈ বাকী থকা কোঠাবোৰহে ৰৈছিলগৈ।

 চাৰে ন’ মান বজাতেই সকলোবোৰ শুবলৈ গ’ল। অনিৰুদ্ধই নিজৰ ৰূমতে আবদ্ধ হৈ মবাইলত ভিডিঅ’ চাই থাকিল৷ লাচুঙতে পাৱাৰ বেংকটো ভালকৈ চাৰ্জ কৰি আনিছে সি। নহ’লে যে লাছেনত ম’বাইলৰ বেটেৰীৰ অৱস্থা বেয়া হ’লহেঁতেন কাৰেণ্টৰ যিহে অৱস্থা। ফেচবুকত কিবা এটা চাওঁ বুলি ভাবিও সি চাব নোৱাৰিলে। ভোডাফোনৰ নেটৱৰ্কৰ অৱস্থা খুউব বেয়া।

 হঠাৎ কাৰেণ্টটো গুচি গৈছিল। অনিৰুদ্ধই মবাইলত ভিডিঅ’ চোৱাটো বাদ দিলে। আন্ধাৰত ম’বাইল স্ক্ৰীনে তাৰ চকুত বৰ আমনি দিয়ে। সি বিছনাতে এবাৰ বাগৰ সলালে। সৰুৰে পৰা সি ৰাতি বহু দেৰিলৈকে উজাগৰে থাকিছিল। সেই অভ্যাসটো তাৰ আজিও থাকি গ’ল। বাৰ বজাৰ আগতে তাৰ এতিয়াও টোপনি নাহে।

 অনিৰুদ্ধই কোঠাৰ খিৰিকীখন খুলিলে। ঠাণ্ডা বতাহ এজাক হুৰমুৰকৈ তাৰ কোঠালৈ সোমাই আহিল। সি খিৰিকীৰে বাহিৰলৈ চালে। অনিৰুদ্ধ হতাশ হ’ল। তাৰ কোঠাৰ কাষতে হোটেলৰ অন্য এটা ঘৰ আছিল। অগত্যা সি কোঠাৰ বাহিৰলৈ ওলাই আহিল। ভেন্টিলেটৰে জোনাক সোমাই অহা দেখি সি বাহিৰৰ জোনাক বিধৌত লাছেঙখন চাবলৈ আগ্ৰহী হৈ উঠিল।

 অনিৰুদ্ধৰ কোঠাৰ পৰা দুটা কোঠা পাৰ হৈয়েই সন্মুখৰ বেলকনিখন। অনিৰুদ্ধই তাতেই ভেঁজা দি সন্মুখলৈ চালে৷ ইমান যে সুন্দৰ লাগিছে অকণমানি লাছেনখন। সৰু সৰু হোটেলবোৰ আৰু তাৰ তলত ৰখাই থোৱা গাড়ীবোৰ অশৰীৰি কিবা এটা যেন লাগিছিল। জেকেটৰ পেকেটত হাত ভৰাই সি অবাক দৃষ্টিতে চাই ৰ’ল।

 : অনি! হঠাৎ এক চিনাকি কণ্ঠত সি উচপ খাই উঠিল। হয়! হয়! সি ঠিকেই দেখিছে তাৰ পিছফালে তাৰ পিঠিত আলফুলে হাত থৈ সেইজনী নিতিশা।

 : তুমি! অনিৰুদ্ধৰ কণ্ঠত চেপা উত্তেজনা!

 : উম! নিতিশাই মৃদু কণ্ঠেৰে ক’লে টোপনি ধৰা নাছিল।

 : ওঁ! মোৰো! অনিৰুদ্ধ ক’লে। তোমাক ইয়াত লগ পাই যাম বুলি সপোনতো ভবা নাছিলো।

 : ওঁ! মই তোমাৰ সপোনৰ ৰাণী। নিতিশাই তাৰ কানে কানে ক’লে। তাৰ গালত তাইৰ গৰম নিশ্বাসে স্পৰ্শ কৰিলে।

 : ইমান ধুনীয়া জোনাক নহয়! নিতিশাই আকৌ ক’লে।

 : ওঁ! তাতে তুমি মোৰ লগত আছা! নিতিশাই আকৌ ক’লে।

 : ওঁ! তাতে তুমি মোৰ লগত আছা! মোৰ এতিয়াও নিজৰ চকুক বিশ্বাস হোৱা নাই। অনিৰুদ্ধই তাৰ উচ্ছাস ঢাকি ৰাখিব পৰা নাই। [ ৯৬ ]  বেছ কিছু সময় অনিৰুদ্ধ আৰু নিতিশাই বেলকনিত থিয় হৈ থাকিল। অনিৰুদ্ধৰ এনে লাগিছে যেন নিতিশাৰ হাতত ধৰি সি তলৰ ৰাস্তালৈ নামি যাব। হাতে হাত ধৰি সিহঁতে জোনাকত খোজ কাঢ়িব! নিতিশাই তাইৰ মূৰটো অনিৰুদ্ধৰ কান্ধত থ’ব। সি তাইৰ ককালত আলফুলকৈ ধৰি থাকিব।

 : খট! হঠাৎ কোনোবা এটা ৰূমৰ দুৱাৰৰ খোলাৰ শব্দ শুনা গ’ল। অনিৰুদ্ধ আৰু নিতিশাই সতৰ্ক দৃষ্টিৰে সেইফালে চালে। কোনোবা এটা ৰূমৰ দুৱাৰ খুলিছে। মুহূৰ্তও পলম নকৰি অনিৰুদ্ধই নিতিশাক তাৰ ৰূমৰ ফালে টানি লৈ গ’ল। লাইট তেতিয়াও অহা নাছিল। আন্ধাৰে মুন্ধাৰে খেপিয়াই খেপিয়াই আহি অনিৰুদ্ধই নিতিশাক কোনোমতে তাৰ ৰূমত সুমুৱালেহি।

 : ঘুম হচ্ছে না! বেলকনিৰ পৰা কাৰোবাৰ কথোপকথন ভাহি আহিল। অনিৰুদ্ধই দুৱাৰত কাণ দি শুনিলে। সেয়া জয়দীপ গুপ্তাৰ মাত তাৰ লগত আশীষ আছে কিজানি। টোপনি নহাৰ বাবে হয়তো বেলকনিত বহি চিগাৰেট হুঁপিছে। অনিৰুদ্ধই আন্ধাৰতে দুৱাৰখন নিশব্দে বন্ধ কৰিলে। তাৰ পিছত সি ম’বাইল স্ক্ৰীনৰ পোহৰত দেখিলে নিতিশা তাৰ বিছনাত কুচিমুচি বহি আছে।

 অনিৰুদ্ধ নিতিশাৰ কাষতে বহিল। তাইৰ হাত দুখন তাৰ দুহাতৰ মাজত ললে। প্ৰগলভ জোনাকে ধোৱা লাছেন তেতিয়া প্ৰায় নিদ্ৰামগ্ন।

চাৰি

 চেন্নাইৰ পৰা ঘৰলৈ অহাৰ পিছতো অনিৰুদ্ধৰ মনটো যেন অৰ’ভিলেত থাকি আহিল। নৈঋতাৰ ওচৰত ধৰা পৰাৰ ভয়ত সি অৱশ্যে যথেষ্ট সতৰ্ক হ’বলগা হ’ল। নৈঋতাই অৱশ্যে অনিৰুদ্ধৰ অতীত জীৱনৰ কথা জানে। নৈঋতাক ঘৰৰ পৰা চোৱাচিতা কৰি বিয়া কৰাইছিল যদিও সি তাইক বিয়াৰ আগত লগ ধৰি তাৰ প্ৰথম প্ৰেমৰ কথা কৈছিল। নৈঋতাই খুউব মনোযোগেৰে শুনিছিল তাৰ কাহিনী। তাৰ পিছত তাই তাৰ বিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। দুয়োঘৰৰ সন্মতিত সুকলমে বিয়াখন সম্পন্ন হৈ গৈছিল। কিন্তু কিয় এনে হয়। নিজৰ চুলি খামুচি ধৰি বহি আছে অনিৰুদ্ধ। ডিব্ৰুগড়ৰ অফিচত এতিয়া কেৱল সি আৰু চকীদাৰজনহে আছে। থমথমীয়া নিৰৱতাত সি নিতিশাৰ কথাকে ভাবি ৰৈছে।

 নিতিশা আৰু তাৰ সম্পৰ্কটোৰ কথা নিতিশাৰ ঘৰত জানো কেনেকৈ গম পালে। নৰ্থ চিকিমৰ পৰা ঘূৰি অহাৰ এসপ্তাহৰ পিছতে নিতিশাৰ নামচিৰ ঘৰত হাহাকাৰ লাগি গৈছিল। নিতিশাই নন চিকিমিজ ল’ৰা এটাক ভাল পাইছে— এই কথাটো যেন সিহঁতৰ ঘৰখনৰ বাবে এটা বজ্ৰাঘাত আছিল। নিতিশাই ফোনত কান্দি কান্দি অনিৰুদ্ধক কৈছিল ঘৰত হেনো কোনোৱেই তাইৰ কথা শুনিব নোখোজে। দেউতাক, খুৰাৱকহঁতে কোনোপধ্যে তাইৰ প্ৰেমক স্বীকৃতি নিদিয়ে। নিতিশাই ফেঁকুৰি ফেকুৰি অনিৰুদ্ধক তাইৰ ঘৰলৈ মাতিছিল।

 অনিৰুদ্ধ লৱৰি গৈছিল নামচিলৈ। নিতিশাৰ ফোনটো আবেলি পাই সি সন্ধ্যাই নামচিলৈ টেক্সী এখন ভাৰা কৰিছিল। নামচি চেণ্টাৰ পাওঁতে তাৰ ৰাতি প্ৰায় ন বাজিছিল। পাহাৰীয়া সৰু ঠাইখন ইতিমধ্যে টোপনিৰ কোলাত ঢলি পৰিছিল। টেক্সী ড্ৰাইভাৰৰ সহযোগত সি যেনেতেনে নিতিশাৰ ঘৰটো ওলাই মানে ৰাতি প্ৰায় দহ বাজো বাজো।

 অনিৰুদ্ধই কম্পিত হাতেৰে নিতিশাৰ ঘৰৰ কলিং বেল টিপিছিল। সি শুনিছিল ভিতৰত তেতিয়াও উতপ্ত কথা বতৰা চলি আছে। নেপালী ভাষাত কথোপকথন হোৱা বাবে সম্পূৰ্ণকৈ বুজিব পৰা নাই যদিও [ ৯৭ ] সি অনুমান কৰিছে বিষয়বস্তুটো নিতিশা আৰু তাৰ সম্পর্ক লৈয়েই হ’ব।

 : কো হ’! কোনােবাজনে তাক দেখি সুধিলে।

 : মই অনিৰুদ্ধ! সি নেপালীতে উত্তৰ দিলে।

 হঠাৎ কোঁদোৰ বাঁহতহে যেন অনিৰুদ্ধই খোঁচ মাৰি দিলে। ভিতৰৰ পৰা আন কেইবাজনাে লােক দৌৰি ওলাই আহিল। সিয়েই যে নিতিশাৰ প্রেমিক অনিৰুদ্ধ, এই কথাটো তাৰ মুখৰ পৰা জনাৰ পিছত সিহঁতে অনিৰুদ্ধৰ ওপৰত জপিয়াই পৰিল। অনিৰুদ্ধই বাধা দিবৰ চেষ্টা কৰিছিল, কিন্তু সমুহীয়া আক্রমণত সি দিকহাৰা হৈ পৰিল। সি তেনেতে দেখিলে নিতিশাই ভিতৰৰ পৰা দৌৰি আহি তাক গাৰ জোৰে সাৱটি ধৰিছে। অনিৰুদ্ধৰ চকুহাল উজ্বল হৈ উঠিল। সি নিতিশাৰ কানে কানে কিবা এটা ক’ব খুজিছিল, হঠাৎ কোনােবাই তাক মূৰত প্রচণ্ড জোৰে আঘাত কৰিলে। তাৰ পিছত আৰু তাৰ একো মনত নাই।

 অনিৰুদ্ধক নামচিৰ পৰা টেক্সী ড্রাইভাৰজনেই হেনাে লৈ আহিছিল। টেক্সী ড্রাইভাৰজনে টেক্সী ঘুৰাই যাবলৈ লওঁতে হেনাে অনিৰুদ্ধক কেইবাজনাে মানুহে আক্রমণ কৰা দেখি ৰৈ গৈছিল। তাৰ পিছত সি অজ্ঞান হৈ পৰাৰ পিছত কোনােবাই তাক সেইখন টেক্সীতে উঠাই গেংটকলৈ ঘূৰাই পঠাইছিল। নামচিৰ সৰু হাস্পতালখনত অনিৰুদ্ধক ৰাখিব নােখােজাত উপায়বিহীন হৈ ড্রাইভাৰজনে তাক গেংটকলৈ আনি সেই ৰাতিয়ে চিভিল হাস্পতালৰ ইমাৰজেন্সি ৱাৰ্ডত ভৰ্ত্তি কৰিছিল।

 এই কথাবােৰ অনিৰুদ্ধক মাক-দেউতাকহে বহলাই কৈছিল। গেংটক চিভিল হাস্পতালৰ আই চি ইউত জ্ঞান ঘুৰাই পােৱাৰ পিছত মাক-দেউতাক গৈ পাইছিলগৈ। অফিচৰ পৰা চার্গেইয়ে অনিৰুদ্ধৰ ঘৰলৈ খবৰ পঠাইছিল। এম্বুলেন্সেৰে তাক বাগড্রোগা এয়াৰপৰ্টলৈ লৈ যােৱা হৈছিল আৰু তাক অন্য এখন এম্বুলেন্সেৰে গুৱাহাটী এয়াৰপৰ্টৰ পৰা গুৱাহাটী বি এন আৰ চিলৈ যােৱা হৈছিল। তাতেই সি প্রায় পােন্ধৰ দিনৰ পিছত লাহে লাহে সুস্থ হৈ উঠিছিল। হাস্পতালত থকা সেই পােন্ধৰটা দিনেই যেন অনিৰুদ্ধৰ জীৱনৰ পৰা সকলাে ৰং কাঢ়ি লৈ গৈছিল। ডাক্তৰ আৰু তাৰ মাক-দেউতাকৰ চোকা নজৰৰ বাবে হাস্পতালত থকা সেই পােন্ধৰটা দিন সি ম’বাইল ব্যৱহাৰ কৰিব পৰা নাছিল৷ মগজুত চাপ পৰিব পাৰে বুলি আনকি তাক বাতৰি কাকতাে পঢ়িবলৈ দিয়া হােৱা নাছিল। জ্ঞান ঘুৰাই অহাৰ দিন ধৰি নিতিশাৰ ফোনলৈ এটা কল কৰিবৰ বাবে সি মাকক খাটনি ধৰিছিল। তাৰ নেৰানেপেৰা অনুৰােধত উপায়হীন হৈ মাকে নিতিশাক ফোন কৰিছিল। কিন্তু তাইৰ নম্বৰটো বাৰে বাৰে চুইছ অফ দেখাইছিল। অনিৰুদ্ধই মাকক আকৌ কৈছিল আৰু এবাৰ চেষ্টা কৰানা।

 একো বুজি পােৱা নাছিল অনিৰুদ্ধই। হাস্পতালৰ পৰা ওলােৱাৰ এসপ্তাহৰ পিছতে তাৰ ট্রেন্সফাৰ অর্ডাৰ আহিছিল। ফোন ব্যৱহাৰ কৰিবলৈ অনুমতি পােৱাৰ পিছত সি বাৰে বাৰে চার্গেইক ফোন কৰি নিতিশাৰ কথা সুধিছিল৷ চার্গেইয়ে কৈছিল সিও হেনাে নিতিশাৰ বিষয়ে একো নাজানে। সেই ঘটনাটোৰ পিছত আৰু তাই অফিচলৈ এবাৰাে অহা নাই।

 ট্রেন্সফাৰ অৰ্ডাৰ অহাৰ দুসপ্তাহৰ পিছত সি কোম্পানীৰ গুৱাহাটীৰ অফিচত যােগদান কৰিছিল। এইবাৰ তাৰ লগত একেলগে থাকিবলৈ ডিব্ৰুগড়ৰ পৰা মাক আহিল। তাৰ মাকে তাক অফিচৰ সময়খিনিৰ বাহিৰে বাকী এটা মুহূর্তও যেন তেওঁৰ দৃষ্টিৰ পৰা দূৰত থাকিবলৈ নিদিব। অনিৰুদ্ধৰ গেংটকলৈ গৈ নিতিশাক লগ কৰিবলৈ খুউব মন গৈছিল। কিন্তু মাকে তাক তেওঁৰ মূৰত ধৰি শপত খুৱাইছিল। সি যাতে কেতিয়াও মাকক নজনােৱাকৈ কলৈকো নাযায়। সি জানিছিল, গেংটক নাযাবৰ বাবেই মাকে তাক তেনেকৈ [ ৯৮ ] বান্ধি ৰাখিছে। গুৱাহাটী অফিচত যােগ দিয়াৰ দুদিন পিছতে সি চিঠিখন পাইছিল। উশাহ নােলােৱাকৈ খামটো ফালি চিঠিখন ওলাইছিল সি৷ হয়! হয়! সেইখন নিতিশাই লিখিছে৷ তাই লেখা প্ৰতিটো শব্দ সি বহুল দুচকুৰে পঢ়ি গ’ল। উস! মূৰটো আকৌ ফাটি যাব যেন লাগিছে।

 নিতিশাক জোৰ জবৰদস্তি বিয়া দিয়া হৈছে। অনিৰুদ্ধক নামচিৰ ঘৰত মাৰপিট কৰাৰ কেইদিনমান পিছতে হেনাে নিতিশাৰ দেউতাকৰ পচন্দৰ ল’ৰা এজনৰ সৈতে তাইক বিয়া হ’বলৈ বাধ্য কৰা হ’ল। নিতিশাই ঘৰ এৰি পলােৱাৰ বাবে আপ্ৰাণ চেষ্টা কৰিছিল। সেই কাৰ্যত সফল হ’ব নােৱাৰি তাই আত্মহত্যাৰ চেষ্টা কৰিছিল। কিন্তু নিতিশাৰ মাকে তাইৰ সন্মুখত তেওঁৰ স্বামী অর্থাৎ নিতিশাৰ দেউতাকৰ জীৱনৰ বাবে যিদিনা তাইৰ সন্মুখত হাত যােৰ কৰি থিয় হ’ল, সেইদিনা আৰু তাই পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হ’ল। মাকে কৈছিল তই জান ! দেউতাৰাই তােক কিমান ভাল পায়। তই পলাই গ’লে বা তােৰ কিবা এটা হ’লে দেউতাৰাও জীয়াই থাকিব নােৱাৰিব। তই মােৰ শিৰৰ সেন্দুৰকণ মচি নেপেলাবি!

 অনিৰুদ্ধৰ আক্ষেপ কৰিবলৈও যেন একো সুযােগ নাছিল। নিতিশা আৰু সি দুয়ােটাই যেন মাকৰ মৰমৰ বান্ধোনত থাকি নিজৰ প্রেমাস্পদক বিসর্জন দিবলগা হ’ল। সিয়েই আজিলৈ মাকৰ শপতৰ নিতিশাক বিচাৰি যাব নােৱাৰিলে, নিতিশাৰ পৰা সিনাে কেনেকৈ আশা কৰিব পাৰে।

 ঘটনাবােৰ যে ইমান তড়িৎ গতিত ঘটিছিল। অনিৰুদ্ধই ভিতৰৰ পৰা যেন একেবাৰে মৰি গৈছিল। যন্ত্রৱৎ সি অফিচলৈ গৈছিল। মাকে তাৰ পৰিবর্তন দেখি খুউব চিন্তিত হৈছিল। তাৰ সন্মুখত তাক প্রবােধ দিলেও সি কিন্তু জানিছিল মাকে তাৰ পৰা লুকাই কান্দি থাকে। মাকৰ ওখহা চকু আৰু সেমেকা গাল তাৰ দৃষ্টিৰ পৰা সাৰি যােৱা নাছিল।

 নিতিশাৰ আৰু একো খবৰ পােৱা নাছিল। অজ্ঞাত কাৰণত তাই অনিৰুদ্ধহঁতৰ কোম্পানীৰ চাকৰিটো ইস্তফা দিছিল। চার্গেই কৈছিল— স্বামীৰ ব্যৱসায় সূত্রে নিতিশা কলকাতাৰ কোনােবা ঠাইত থাকিবলৈ লৈছিল। চার্গেই বহুত চেষ্টা কৰিও তাইৰ মাকৰ ঘৰ বা শহুৰেকৰ ঘৰৰ পৰা তাঁহতৰ কলকাতাৰ ঠিকনা উলিয়াব নােৱাৰিলে। নিতিশাহঁতৰ ফোন নম্বৰো সলনি হ’ল, চার্গেই তাইৰ নতুন নম্বৰটো অনিৰুদ্ধক দিব পৰা নাই৷

 অনিৰুদ্ধ যেন বাকহীন এক মূর্তি হৈ গ’ল। নিতান্ত প্রয়ােজন নহ’লে সি একো কথা নপতা হ’ল। সি কোম্পানীৰ কামৰ মাজত নিজকে ডুবাই দিলে। মাকে ছাগৈ সি পগলা হ’ল বুলি ভাবিছিল। মাকৰ দুচকুত শংকা আৰু সংশয়ৰ চাৱনিত সি নিজকে খুউব দোষী অনুভৱ কৰিছিল। কিন্তু সি যে নিৰুপায়। তেনেকৈ দুটা বছৰ বাগৰিছিল। অনিৰুদ্ধই নিতিশাৰ একো খবৰ পােৱা নাছিল। ফেচবুকতাে তাইৰ একাউণ্ট বহুদিন আগতেই নিস্ক্রিয় হৈ গৈছে। ই মেইল এড্রেছ লৈ সি বাৰে বাৰে মেইল পঠায়। সি জানে এই সকলােবােৰ মেইল ডেলিভাৰী নােহােৱাকৈ ঘূৰি আহিব। তথাপি এটা ক্ষীণ আশাত এতিয়াও সি তাৰ বুকুৰ বেদনাবােৰ লিপিবদ্ধ কৰি নিতিশালৈ মেইল পঠায়। ’ম’ তিমিলাই মায়া গৰছু!’ সকলাে মেইলৰে চাবজেক্ট একেটাই।

 অৰ’ভিলেত লগ পােৱা ছােৱালীজনী বাৰু ক’ৰ পৰা আহিছিল। প্রশ্নটো তাৰ মূৰৰ মাজত পাক ঘূৰণি খাই থাকিল। নিতিশাক শেষবাৰৰ বাবে লগ পােৱাৰ পৰা এতিয়া আঠাইশটা বছৰ হ’ল। আঠাইশ বছৰৰ পিছত নিতিশাজনী দেখিবলৈ একেই হৈ থাকিব পাৰে বুলি তাৰ বিশ্বাস হােৱা নাই। কিন্তু অৰ’ভিলেত দেখা ছােৱালীজনী যে সাইলাখ নিতিশাই আছিল!

 অনিৰুদ্ধহঁত চেন্নাইৰ পৰা অহা তিনি মাহহে হৈছিল। সি সিদ্ধান্ত ল’লে সি আকৌ চেন্নাইলৈ যাব। [ ৯৯ ] এইবাৰ সি অকলেই গৈ নিতিশাৰ সন্ধান কৰিব। অ’ৰভিলেত নিতিশা সদৃশ ছােৱালীজনী দেখাৰ পাছত সি সাংঘাতিকভাৱে অস্থিৰ হৈ পৰিছে।

 নৈঋতাহঁত আচৰিত হৈছিল। অনিৰুদ্ধই বিশেষ একো নকলে। কোম্পানীৰ কামত হঠাৎ যাবলগা হােৱা বুলি সি চেন্নাইলৈ ফ্লাইটৰ টিকেট কাটিলে। নৈঋতাই তাৰ ফাঁকিটোত পতিয়ন যােৱা নাই নিচিনা লাগিল। কিন্তু সি আৰু কথা আগনবঢ়ালে। নিশিতাৰ বিষয়ে সি এটা অনুসন্ধান নকৰালৈ শান্তিত থাকিব নোৱাৰিব৷

 পাঁচোটা দিন সি অৰ’ভিলেত থাকিল। প্রার্থনা গৃহত প্রার্থনা কৰিলে। প্রার্থনা গৃহৰ পৰা ওলােৱাৰ পিছত চাৰিওফালে টাকুৰি ঘুৰাদি ঘুৰিলে। কার্যালয়ত বাৰে বাৰে নিতিশা পখৰেলৰ সন্ধান কৰিলে। তাৰ হাতত থকা তাইৰ পুৰণি ফটোখন দেখাই অৰ’ভিলৰ বাহিৰৰ আৰু ভিতৰৰ বহুত লােকক ছােৱালীজনী কেতিয়াবা দেখিছিল নেকি বুলি সুধিলে। কিন্তু অনিৰুদ্ধৰ কপালত যেন হতাশাহে লিখা আছিল। বিফল আৰু বিধ্বস্ত মন এটা লৈ সি আকৌ ডিব্ৰুগড়লৈ ঘূৰি আহিল। অনিৰুদ্ধ যােৱা এটা বছৰ ধৰি কোম্পানীৰ ডিব্ৰুগড় কাৰ্য্যালয়ৰ ইনচার্জ হৈ আছে।

 সপােনহে আছিল যেন সকলােবােৰ। অনিৰুদ্ধই লাহে লাহে বাস্তৱলৈ আহিবলৈ চেষ্টা কৰিছে। অৰ’ভিলেত সেই ছােৱালীজনী নেদেখালৈকে সি তাৰ বর্তমানক লৈ ইমান অসুখী নাছিল। নিতিশাক বাধ্যত পৰি পাহাৰবিলৈ যত্ন কৰিছিল সি। তাইতাে তাৰ ফোন নম্বৰ বা ইমেইলত কোনােদিনে এটা খবৰ নিদিলে। নিতিশা বিয়া হােৱাৰ পাঁচ বছৰ পাছলৈ সি মাক-দেউতাকৰ প্ৰচুৰ চাপৰ মাজতাে বিয়া পতা নাছিল। সি ভাবিছিল, এদিন নহয় এদিন সি নিতিশাৰ খবৰ পাব। নিতিশাক জীৱন সংগিনীৰূপে সি আদৰি লােৱাৰ স্বল্পত সি যে তাই বিয়া হৈ গৈছে, সেই কথাটোও পাহৰি পেলাইছিল।

 ওঁহাে, একো অহা নাছিল। নিতিশা যেন ধুমকেতুৰ দৰেই তাৰ জীৱনৰ পৰা অদৃশ্য হৈ গ’ল। এটা সময়ত সি তাৰ বৃদ্ধ ৰােগী মাক-দেউতাকৰ আকুল অনুৰােধক প্রত্যাখান কৰিব নােৱাৰিলে। নৈঋতাৰ সৈতে সি বিবাহত সন্মতি দিলে৷

 আঙুলিৰ মূৰত হিচাব কৰে অনিৰুদ্ধই।সম্পূৰ্ণ আঠাইশটা বছৰ।নিতিশা তাৰ জীৱনৰ পৰা ইমানদিন আঁতৰি আছে বুলি বিশ্বাসেই নহয় তাৰ।তাৰ এনে লাগে যেন সি তাইক কালিহে লগ পাইছিল।

 অনুস্কাৰ মেট্রিক পৰীক্ষা চমু চাপি আহিছে। অনিৰুদ্ধ তাইৰ পঢ়া-শুনাক লৈ ব্যস্ত হৈ পৰিল। পৰীক্ষাত ভাল ফলাফলৰ বাবে তাই বেছ কষ্ট কৰিছে। অনিৰুদ্ধই যিমান পাৰি তাইক বেছি সময় দিবলৈ চেষ্টা কৰিছে। তাৰ মানসিক দ্বন্দ্বৰ বাবে সি তাৰ লৰা-ছােৱালীৰ ক্ষতি হ’বলৈ দিব নােৱাৰে। নৈঋতাৰ প্রতিও অন্যায় কৰা যেন অনুভৱ হয় তাৰ। এদিন নৈঋতাক কাষত বহাই সি অৰ’ভিলেত লগ পােৱা নিতিশা সদৃশ ছােৱালীজনীৰ কথা ক’লে। সি যে আদিত্যৰ লগত যােৱাৰ তিনিমাহৰ পিছত সেই ছােৱালীজনীক বিচাৰিছে অৰ’ভিলেলৈ গৈছিল, সেই কথাও অকপটে নৈঋতাক ক’লে। নৈঋতাই সি অফিচৰ কামত যােৱা বুলি আসৈ মতা বাবে প্রথমে অলপ অভিমান কৰিছিল তাৰ পিছত তাক দুবাহৰ মাজত সুমাই লৈছিল। নৈঋতা সঁচাই খুউব সংবেদনশীল। তাইৰ ঠাইত অন্য কোনাে নাৰী হােৱা হ’লে অনিৰুদ্ধৰ দুখবােৰ কেতিয়াও বুজি নেপালেহেঁতেন।

 আশা কৰাৰ দৰেই অনুষ্কাই খুউব ভাল ৰিজাল্ট কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তাই বিচৰাৰ দৰেই তাইক ডিব্ৰুগড়ৰে ভাল জুনিয়ৰ কলেজ এখনত বিজ্ঞান শাখাত নামভৰ্ত্তি কৰােৱা হৈছিল। [ ১০০ ] আদিত্য এইবাৰ ক্লাচ নাইনলৈ প্রমােচন পাইছে। নৈঋতা দুয়ােটাকে লৈ ভীষণ ব্যস্ত হৈ পৰিছে।

 অনিৰুদ্ধৰ মূৰৰ বিষটোৱে আকৌ উক দিছে। নিতিশাৰ নামচিৰ ঘৰত কোনােবাই তাৰ মূৰত প্রচণ্ড জোৰে আঘাত কৰাৰ পিছৰে পৰা সি মাজে মাজে মূৰৰ বিষত ভূগি আহিছে। আগতে সি গুৱাহাটীৰ ডাক্তৰক দেখুৱাইছিল, যােৱা কিছু বছৰৰ পৰা সি চেন্নাই এখন ভাল চিকিৎসালয়ত চিকিৎসা কৰি আহিছে। কোম্পানী মেডিক্লেইম পলিচিয়ে তাৰ চিকিৎসা খৰছ বহন কৰে, গতিকে তাৰ বিশেষ এটা অসুবিধা হোৱা নাই৷

 অনিৰুদ্ধই এইবাৰ নৈঋতাক লৈ যাব বিচাৰিছিল। অনুষ্কা আৰু আদিত্যক চোৱাচিতা কৰিবলৈ আইতাকক মাতিব লাগিব! সি কৈছিল নৈঋতাই পিছে তেওঁৰ ভায়েককহে অনিৰুদ্ধৰ লগত নিবলৈ কৈছে। তাই তাক জোকালে কিজানি এইবাৰ তুমি তােমাৰ প্রথম প্রেমক ঘূৰাই পাবও পাৰা, কোনে জানে ? মই গ’লে অসুবিধা হ’ব পাৰে, সেইবাবে ভাইটিয়েই যাওঁক। অনিৰুদ্ধই সেমেকা হাঁহি এটা মাৰিছিল। সি জানে নিতিশা তাৰ জীৱনৰ পৰা চিৰদিনলৈ হেৰাই গৈছে৷

 অনিৰুদ্ধ আৰু তাৰ খুলখালীয়েক নবীন গৈছিল চেন্নাইলৈ। যােৱাবাৰ হাস্পতাল অহাৰ পৰা এতিয়া প্রায় ডেৰ বছৰ হৈছেহি। সি এইবাৰ গেষ্ট হাউচত নুঠিল। হাস্পতালৰ কাষতে থকা হােটেল এখনতে ৰূম এটা ল’লে। হাস্পতালৰ পৰা গেষ্ট হাউচলৈ প্রায় আধা ঘণ্টাৰ বাট, হাস্পতালৰ ওচৰতে থাকিলে সুবিধা হ’ব বুলি সি ভাবিলে। নবীন আগতে চেন্নাই অহা নাই, কেতিয়াবা হাস্পতালৰ পৰা ৰূমলৈ যােৱাৰ প্ৰয়োজন হ’লে গেষ্ট হাউচলৈ যােৱাটো তাৰ বাবে অসুবিধাজনক হ’ব পাৰে।

 তাৰ ভাগ্যখন ভাল আছিল। প্রথম দিনাই সি ডাক্তৰক দেখুৱাব পাৰিছিল। ডাক্তৰে তাৰ ৰিপৰ্ট চাই অলপ চিন্তিত হৈ কৈছিল। আপােনাৰ মগজুত যথেষ্ট ষ্ট্ৰেছ পৰিছে। আপুনি বেছিকৈ চিন্তা কৰিবলৈ লৈছে যেন লাগিছে। নবীনেও অনিৰুদ্ধৰ টেষ্ট ৰিপৰ্টবােৰ চাই বেছ ভয় খােৱা যেন লাগিছিল। অনিৰুদ্ধই হাঁহি সুধিছিল, কি হ’ল নবীন? ব্রেইনত কিবা টিউমাৰ-চিউমাৰ হৈছে নেকি অ’? নবীনে অনিৰুদ্ধৰ মুখত অনিৰুদ্ধক হাস্পতালত ভৰ্ত্তি কৰােৱা হ'ল। ইটোৰ পিছত সিটো বিৰক্তিকৰ পৰীক্ষা চলি থাকিল। হাতখন দি কৈছেঃ ছিহ! ভিনদেউ!তুমিও যে কি কথাবােৰ কোৱা!

 অনিৰুদ্ধক হস্পিতালত ভৰ্ত্তি কৰোৱা হ’ল৷ ইটোৰ পিছত সিটো বিৰক্তিকৰ পৰীক্ষা চলি থাকিল৷ অনিৰুদ্ধই বহুদিন ধৰি এই অত্যাচাৰবােৰ সহ্য কৰি আহিছে।

 পাঁচটা দিন হাস্পতালতে পাৰ হ’ল। অনিৰুদ্ধৰ মূৰৰ বিষটো প্রায় নাইকিয়া হৈছে। সি কৰিডৰতে পাইচাৰী কৰিলে। খুলশালী নবীনক সি মেডিক্লেইমৰ খবৰ কৰিবলৈ পঠাইছে। ৰূমলৈ অহাৰ আগতে সি পাঞ্জাবী হােটেল বিচাৰি ৰুটী টৰকা খাই আহিব। চেন্নাইৰ খাদ্যবােৰ তাৰ একেবাৰে ভাল নেলাগে হেনাে।

 অনিৰুদ্ধই আকৌ বিছনাত পৰি বাতৰি কাকতখন মেলি ল’লে। কালিৰ পৰা ডাক্তৰে তাক বাতৰি কাকত আদি পঢ়িবলৈ অনুমতি দিছে। নাৰ্ছ কেইগৰাকীয়ে কৈছে অনিৰুদ্ধক এতিয়া চোৱাচিতাৰ দায়িত্বত থকা ডাক্তৰগৰাকী কোনােবা ছােৱালী ডাক্তৰহে। বৰ কাঢ়া ডাক্তৰ হেনাে তেওঁ । অনিৰুদ্ধই এটা কথাতহে আচৰিত হ’ল আজিলৈকে সি সেই ছােৱালী ডাক্তৰগৰাকীক স্বচক্ষে দেখাই নাই। হয়তাে তাৰ বেমাৰটো ইমানদিনে চাই অহা নটৰাজন নামৰ মূল ডাক্তৰজনৰ কোনােবা এচিষ্টেন্ট হ’ব। সি ভাবিলে।

 অনিৰুদ্ধৰ অলপ টোপনি আহিছিল। সি তাৰ শিতানত থকা লাইটৰ চুইচটো অফ কৰি শুই পৰিছিল। অলপ সময়ৰ পিছত সি তাৰ ভৰিত কিহৰ স্পৰ্শত সাৰ পাই গ’ল। কোঠাৰ ছায়াখন পােহৰত সি দেখিলে ডাক্তৰৰ এপ্রন পিন্ধা কোনােবা এগৰাকী তাৰ ভৰি পথানত থিয় হৈ আছে। সি বিছনাতে বহিবৰ [ ১০১ ] চেষ্টা কৰি লাইটৰ চুইচটো খেপিয়ালে। সি দেখিলে ভৰিৰ ফালে থকা অস্পষ্ট শৰীৰটো তড়িৎ গতিত ৰূমৰ পৰা ওলাই গৈছে। অনিৰুদ্ধই বিছনাৰ পৰা নামি দুৱাৰ খুলি কৰিডৰলৈ ওলাই আহিল। বাহিৰত কেইবাজনাে ডাক্তৰ আৰু বহু কেইগৰাকী নাৰ্ছ অহা যােৱা কৰি আছিল। অনিৰুদ্ধ ওলাই অহা দেখি তাৰে এগৰাকী নাৰ্ছে তাক ধৰি আকৌ ৰূমলৈ লৈ গ’ল। অনিৰুদ্ধ আকৌ তাৰ বিছনাৰ কাষলৈ আহিল। তাৰ আকৌ শুবলৈ মন নগ’ল। চকীখন টানি সি বিছনাৰ কাষতে বহিলে। সি দেখিলে তাৰ বিছনা কাষৰ টেবুলখনত এটা বন্ধ খাম থােৱা আছে। সি খামটো তুলি ল’লে। খামৰ ওপৰত তাৰেই নাম লিখা আছে।

 : হাস্পতালৰ ৰিপ’ৰ্ট হ’ব পায়। সি খামটো খােলােতে ভাবি থাকিল। খামৰ ভিতৰত কেইবাটাও পৃষ্ঠা আছিল। সি চকুৰ আগত মেলি ল’লে।

 : অহ, গড! তাৰ মুখেৰে ওলাই আহিল। এইখন দেখােন এখােন চিঠি। সি আখৰখিনি তৎক্ষণাৎ চিনি পালে। উশাহ বন্ধ কৰি সি চিঠিৰ শেষত লিখা নামটো চালে! হয়! হয়! চিঠিখন দেখােন নিতিশাই লিখিছে।

 মৰমৰ অনি,

 আশা কৰাে ভালে আছা। বহুদিন তােমাৰ পৰা লুকাই থাকিলাে। মই জানাে, তুমি সদায়ে মােক বিচাৰি ফুৰিছা। কলকাতাত তুমি মাজে মাজে পগলাৰ দৰে ঘূৰি ফুৰা বুলি মই জানাে, তােমাৰ পৰা লুকাই থাকিবলৈ মই বৰ সাৱধানেৰে চলাচল কৰিবলগা হয়। মই কিন্তু তােমাৰ খবৰ পাই থাকো, মােৰ বিশ্বস্ত বন্ধু এতিয়াও তােমাৰ কোম্পানীত আছে।

 তুমি হয়তাে ভাবা, মইনাে তােমাক এনেকৈ কিয় শাস্তি দিছাে। আচল কথা কি জানা, মই নিজকেহে শাস্তি দিছো। মােৰ জীৱনত লগ পােৱা তুমি এজন দেৱতা, তােমাক ভালদৰে পূজিব নােৱাৰিলাে। মােৰ বাবেই তুমি চিৰদিনৰ বাবে ঘূণীয়া হ’লা, তথাপি মােৰ মাৰ মৰমক নেওচা দি তােমাৰ হ’ব নােৱাৰিলাে। তুমি হয়তাে কাৰােবাৰ পৰা গম পাইছা, মােৰ মাই হাতযােৰ কৰি মােক কৰা অনুৰােধৰ বাবেই অৱশেষত মই দেউতাৰ পচন্দৰ ল’ৰাটোলৈ বিয়া হলাে, বুকুত এটা শিল বান্ধি থ’লো।

 অনিৰুদ্ধৰ শৰীৰটো সজোৰে কঁপি উঠিল। নিতিশাই আৰু লিখিছে—‘মােৰ বহুত ভুল হৈ গ’ল। মাৰ কথা নুশুনি তেতিয়াই আত্মহত্যা কৰিব লাগিছিল। দেউতাৰ পচন্দৰ ল’ৰাটোক বিয়া কৰি মই ওৰে জীৱন যন্ত্রণাৰ পৃথিৱীখনত ভৰি থ’লো, অনিৰুদ্ধ।

 তুমি হয়তাে ভাবা, মই মােৰ স্বামীৰ সৈতে স্ফুৰ্তি কৰি সংসাৰ কৰি আছাে। তেওঁক মই কেতিয়াবাই ডাইভর্চ কৰিছাে অনি। বিয়াৰ দহমাহৰ পিছতে মােৰ সন্তান জন্ম হৈছিল। এই কথাটোত মােৰ স্বামী একেবাৰে সুখী নাছিল। তেওঁ কৈছিল আমি হেনাে পৰিকল্পনা মতে আগবঢ়া উচিত। ইমান সােনকালে সন্তান জন্ম হ’লে আমাৰ দাম্পত্য জীৱন কেনেকৈনো উপভােগ কৰিম! তেওঁ কৈছিল।

 মই মনা নাছিলাে অনি। কাৰণ মই মােৰ মাজত তিলতিলকৈ বাঢ়ি অহা সন্তানটোক কোনাে কাৰণতে হত্যা কৰিব নােৱাৰো। মােৰ স্বামী অসন্তুষ্ট হৈছিল। সেই অসন্তুষ্টি লাহে লাহে বাঢ়ি গৈ সঘন কাজিয়াত ৰূপান্তৰ হৈছিল। মই খুউব উপভােগ কৰিছিলাে। মােৰ স্বামীক কাজিয়াৰ বাবে খুউব উদগনি দিছিলাে মই। আৰু যেতিয়া মােৰ স্বামীয়ে মােক পিটিছিল, মই মাক হােৱাটছএপত শৰীৰৰ দাগবােৰ দেখুৱাই খুউব তৃপ্তি পাইছিলাে। এটা সময়ত হয়তাে মােৰ মা-দেউতাইও নিজৰ ভুল বুজিব পাৰিছিল, কিন্তু তেতিয়ালৈ বহু পলম হৈ গৈছিল। [ ১০২ ]  বিয়াৰ ছবছৰ পাছত মােৰ বিধিগত ভাৱে বিবাহ বিচ্ছেদ সম্পূর্ণ হৈছিল। মই তােমাৰ স্মৃতিৰে ভৰা চিকিমলৈ ঘূৰি আহিব পৰা নাছিলাে। কলকাতাতে সৰু ভাৰাঘৰ এটা লৈ মই চাকৰি বিচৰা আৰম্ভ কৰিলো। মােৰ কণমানিজনীৰ ভৱিষ্যত আৰু মােৰ পেটৰ জ্বালাৰ বাবে এটা চাকৰি খুবেই প্রয়ােজন আছিল। ভাগ্য ভাল আছিল কিজানি। আগৰ চাকৰিৰ অভিজ্ঞতা আৰু মােৰ ডিগ্ৰীৰ চাৰ্টিফিকেট কেইখনে মােক এটা চলি থাকিব পৰা চাকৰিৰ যােগাৰ কৰি দিলে।

 অনিৰুদ্ধ অলপ ৰ'ল। সি কিবা এটা ভাবি দৌৰি গৈ দুৱাৰখন খুলি বাহিৰলৈ চালে। নাই সি একো ধৰিব নােৱাৰিলে। অনিৰুদ্ধৰ সন্দেহ হৈছে এইমাত্ৰ ৰূমলৈ অহা অচিনাকি মানুহগৰাকী ছাগৈ নিতিশাই আছিল। কিন্তু সিতাে দেখিছে, মানুহগৰাকীয়ে ডাক্তৰৰ এপ্রন পিন্ধি আছিল।

 অনিৰুদ্ধ আকৌ চকীত বহিল। সি চিঠিখনৰ পৃষ্ঠা লুটিয়ালে। নিতিশাই লিখিছে তােমাৰ এখন সুন্দৰ সংসাৰ আছে আৰু সেই সংসাৰত মই কেতিয়াও হেঙাৰ হ’ব নােখােজো। তুমি ভালকৈ স্বাস্থ্যৰ যতন লােৱা, তােমাৰ সংসাৰৰ যত্ন লােৱা, সেইটোৱেই মই বিচাৰাে। তুমিও মােক বিচাৰি পগলাৰ দৰে ঘুৰি নুফুৰিবা। এতিয়া তােমাৰ মােৰ মিলামিচাই তােমাৰ সংসাৰত জুই জ্বলাব পাৰে, যিটো মই কেতিয়াও নিবিচাৰো৷

 অ’ এটা কথা। মােৰ ছােৱালীজনী পঢ়ি শুনি ডাক্তৰ হ’ল। মই তােমাৰ কথা তাইক কৈছাে। তােমাৰ মূৰৰ বিষত কেতিয়াবা চিকিৎসা কৰিম বুলিয়েই তাই নিউৰ’লজিত বিশেষজ্ঞ হৈছে। তুমি শুনি চাগৈ খুউব সুখী হ’বা- তায়াে তােমাক খুউব ভাল পায়।

 অনিৰুদ্ধৰ ওঁঠত হাঁহিৰ টৌ এটা খেলি গ’ল। নিতিশাৰ ছােৱালী ডাক্তৰ হ’ল তেনেহ’লে।

 নিতিশাই চিঠিৰ শেষত বিশেষ দ্রষ্টব্য দি লিখিছে, অনি, তােমাৰ বাৰু লাছেনৰ সেই জোনাক ৰাতিটো মনত আছেনে? সেই জোনাকে আজিও মােৰ জীৱনটো পােহৰাই ৰাখিছে জানা। আজিও জোনাক নিশা মই জোনাকটোলৈ থৰ হৈ চাই ৰওঁ।

 মােৰ স্বামীৰ কিছু সন্দেহ আছিল। মজাৰ কথাটো কি জানা ? মােৰ ছােৱালীজনীৰ পিছত মােৰ কোনাে গৰ্ভধাৰণ নােহােৱাত মােৰ স্বামীয়ে নিজৰ পিতৃত্বৰ ক্ষমতাৰ পৰীক্ষা কৰাইছিল। আৰু খুউব স্বাভাৱিকভাৱে তেওঁৰ পিতৃ হােৱাৰ ক্ষমতা নিগেটিভ ওলাইছিল। মােৰ খুউব হাঁহি উঠিছিল সিদিনা। মােৰ কোলাত খেলি থকা ছােৱালীজনীয়ে মােৰ প্রথম প্রেমৰ স্বাক্ষৰ, সেই জোনাক নিশাৰ শাশ্বত আশীর্বাদ।

 তাৰ মানে! অনিৰুদ্ধই তাৰ মূৰটো হেচি ধৰিলে। তাৰ মূৰটো আকৌ ফাটি যাওঁ যাওঁ কৰিছে। তাৰমানে নিতিশাৰ ছােৱালীজনী অনিৰুদ্ধৰেই ছােৱালী! আহ! এক অজান অনুভৱত তাৰ দুচকু সেমেকি উঠিল।

 অনিৰুদ্ধই চিঠিখনৰ শেষ পৃষ্ঠাটো চালে। নিতিশাই তাত লিখিছে তােমাক এইবােৰ কথা কেতিয়াও নজনাম বুলি ভাবিছিলাে। কিন্তু মােৰ ছােৱালীৰ মুখত তােমাৰ স্বাস্থ্য অৱনতি ঘটা বুলি শুনি ভয়তে এই চিঠিখন লিখিলাে। প্লীজ তুমি মােৰ ছােৱালীজনীক পিতৃহাৰা নকৰিবা। তােমাৰ নিজৰ দুটা সন্তানৰ সৈতে মােৰ ছােৱালীজনীৰাে তুমিয়েই পিতৃ। সিহঁতৰ বাবেই তুমি নিজৰ শৰীৰৰ যত্ন ল’বা। মােৰ বাবে অনাহকতে চিন্তা কৰি স্বাস্থ্য বেয়া নকৰিবা। তুমি তােমাৰ সংসাৰত কুশলে থাকা, মই মােৰ ছােৱালীৰ সৈতে ভালে থাকিম। তুমি মাত্র মােক কেতিয়াও লগ ধৰিবলৈ চেষ্টা নকৰিবা। এইটো তােমাৰ ওচৰত মােৰ সেই লাছেনৰ জোনাক নিশাৰ শপত।

 ইতি [ ১০৩ ]  তােমাৰ চিৰদিনৰ

 নিতিশা।

 অনিৰুদ্ধইএতিয়াও থৰ থৰকৈ কঁপি আছে। ঘটনাৰ আকস্মিকতাক সি যেন বিশ্বাস কৰিবই পৰা নাই। সি ধহমহাই চকীৰ পৰা উঠিল৷ সি প্রায় দৌৰি যােৱাদি নাৰ্ছ বিলাক থকা কর্ণাৰটে পালেগৈ। ডিউটি নাৰ্ছক সি তাৰ ৱাৰ্ডৰ ৰেচিডেণ্ট ডাক্তৰৰ নাম সুধিলে৷ নাৰ্ছগৰাকীয়ে কোনোবা এজন নায়াৰৰ নাম ক’লে৷

 নহয় নহয়। সি অধৈৰ্য্য হৈ সুধিলে। ই ব্লকৰ সােতৰ নম্বৰ ৰূমৰ ডাক্তৰজনৰ কথা সুধিছো। কোনােবা লেডী ডাক্তৰ আছিল !

 : অহ! মেমৰ কথা সুধিছে। তাৰ ৰূমলৈ থকা নাৰ্ছগৰাকীয়ে লগৰজনীক শুধৰাই দিলে— ডাঃ বৰুৱাৰ কথা সুধিছে।

 : ডাঃ বৰুৱা। অনিৰুদ্ধ আচৰিত হ’ল

 : ওঁ। তেখেতৰ নাম ডঃ এনিশা বৰুৱা। এতিয়া লগ নাপাব। আপােনাৰ ডিচার্জ নােট লিখি তেখেত ইতিমধ্যে গুচি গৈছে। ফোঁপাই জোপাই অনিৰুদ্ধ তাৰ ৰূম পালেহি। ডাঃ নটৰাজন চাৰক এতিয়া সি লগ পাব নােৱাৰে। কাইলৈ পুৱাহে তেওঁ হাস্পতাললৈ আহিব।

 অনিৰুদ্ধ ধপকৈ চকীত বহি পৰিল। মূৰটো আচন্দ্রাই কৰি আহিছে। নিতিশাৰ চিঠিখন বুকুত সাৱটি সি নিঃশব্দে উটুপি উঠিল।


পাঁচ


 নবীন বহুদেৰিৰ পিছতে হাস্পতাল পাইছিলহি। দুপৰীয়ালৈকে তজবজীয়া হৈ থকা অনিৰুদ্ধক সি কোঠাত আহি আমন জিমনকৈ বহি থকা দেখিছিল। ভিনিহিয়েকৰ স্বাস্থ্যৰ পৰিৱৰ্তন দেখি সি নাৰ্চৰ ওচৰলৈ ঢাপলি মেলিছিল। এনেয়েও ডাক্তৰে কোৱা মতে অনিৰুদ্ধৰ দেহৰ অৱস্থা যথেষ্ট উদ্বেগজনক। অনিৰুদ্ধক লৈ ডাক্তৰ আৰু নাৰ্চ সকলাে ব্যস্ত হৈ পৰিল। কাইলৈ পুৱা হাস্পতালৰ পৰা ছুটী ল’বলগা ৰােগীজনৰ হঠাৎ স্বাস্থ্যৰ পৰিৱর্তনে সকলােকে ভবাই তুলিছে।

 অনিৰুদ্ধ নিৰুদ্বেগচিত্তে বহি ৰ’ল। নাৰ্ছ আৰু তাৰ খুলশালী নবীনৰ উদ্বিগ্নতা দেখি তাৰ হাঁহিহে উঠিছে। তাৰনাে স্বাস্থ্য কেনেকৈ বেয়া হ’ব পাৰে। সি ইমানদিনে বিচাৰি থকা নিতিশাৰ আজি সন্ধান পাইছে, তাতকৈও জানাে তাৰ ৰােগৰ বাবে ডাঙৰ ঔষধ থাকিব পাৰে। বিছনাতে শুই শুই সি অর্থহীনভাৱে হাঁহি থাকিল।

 : কোনােবা চাইকিয়াট্রিছক দেখাওঁক। হাস্পতালৰ ৰেচিডেণ্ট ডাক্তৰে তাৰ ফালে চাই নাৰ্ছক কৈছে। ক্ষন্তেক সময়ৰ ভিতৰতে হঠাৎ ব্যৱহাৰৰ পৰিৱৰ্তন শুভ লক্ষণ নহয়।

 নবীনে অলপ ক্রোধেৰে নায়াৰ নামৰ ৰেচিডেন্ট ডাক্তৰলৈ চাইছে। ৰােগীৰ সন্মুখতে এই [ ১০৪ ] ডাক্তৰজনে কি আবােল তাবােল বকি আছে বুলি সি ভাবিছে ছাগৈ।

 অনিৰুদ্ধই ভাৱলেশহীন ভাৱে হাঁহিয়েই থাকিল। ৰেচিডেন্ট ডাক্তৰ নায়াৰ আৰু নাৰ্ছ বিলাকে সােধা একো প্রশ্নৰে সি উত্তৰ নিদিলে। নবীনে চিন্তাক্লিষ্ট মুখেৰে এটেনডেন্টৰ বিছনাত বহি আছে৷

 আঠমান বাজিছিল হ’বলা। হঠাৎ দুৱাৰ ঠেলি ডাঃ নটৰাজন কেইগৰাকীমান নাৰ্ছৰ সৈতে সােমাই আহিল। অনিৰুদ্ধ জাপ মাৰি বিছনাৰ পৰা নামিল। সি যে এই মুহূর্তটোৰ বাবেই অপেক্ষা কৰিছিল। ডাঃ নটৰাজনে তাক তাৰ স্বাস্থ্যৰ বিষয়ে সুধিলে।

 : মই এশ শতাংশ সুস্থ ছাৰ। অনিৰুদ্ধই তপৰাই কৈ উঠিল। ডাঃ নটৰাজনৰ লগত অহা নাৰ্ছ কেইগৰাকী আৰু ৰেচিডেন্ট ডাক্তৰ আচৰিত হ’ল। অলপ আগতে অস্বাভাবিক আচৰণ কৰা অনিৰুদ্ধ হঠাৎ ভাল হৈ গ’ল কেনেকৈ?

 : কিন্তু মইতাে শুনিছিলাে আপােনাৰ স্বাস্থ্য ভাল নহয়। ডঃ নটৰাজনে এবাৰ তাৰ ফালে আৰু এবাৰ নাৰ্ছকেইগৰাকীৰ ফালে চাই কৈছে৷

 : হয় চাৰ! নার্চ এগৰাকী সেহাই উঠিল।

 : চাৰ ! অনিৰুদ্ধই সপ্রতিভভােৱে ক’লে, মই আপােনাৰ সৈতে পাঁচ মিনিট অকলে কথা পাতিব পাৰোনে?

 ডাঃ নটৰাজনে নাৰ্ছ আৰু ৰেচিডেন্ট ডাক্তৰৰ ফালে চালে। অনিৰুদ্ধই নিজে নবীনক চকুৰ ইংগিতেৰে বাহিৰলৈ যাবলৈ ক’লে। নাৰ্ছ কেইগৰাকীয়ে অনিৰুদ্ধৰ ফালে অলপ সন্দেহৰ দৃষ্টিৰে চাই ক’লে, কিন্তু চাৰ!

 : অ কে! লিভ দ্য ৰুম! ডাঃ নটৰাজনে যেন অনিৰুদ্ধক বিশ্বাস ল’ব পাৰিছে। বাকীসকল ৰূমৰ পৰা ওলাই গ’ল। অনিৰুদ্ধই ডাক্তৰক চকীখনত আথে বেথে বহিবলৈ দিলে। ডাঃ নটৰাজন নবহিল।

 : চাৰ! মই সম্পূর্ণ সুস্থ আছাে। অনিৰুদ্ধই ক’লে। আপােনাৰ মই পুৰণি ৰোগী, আপুনি মােৰ ইতিহাস জানে। মােৰ এই ৰােগটোৰ লগত মােৰ জীৱনৰ এটা ট্রেজেদি ওতঃপ্রোতভাৱে জড়িত আছে, সেই কথাও আপুনি জানে।

 ডাঃ নটৰাজনে অনিৰুদ্ধৰ ফালে একেথৰে চাই ৰ’ল।

 : আপােনাক তৎক্ষণাৎ লগ পাবৰ বাবে মই কিছু অস্বাভাৱিক আচৰণ কৰিছিলাে। নহ’লে যে চাৰ আপােনাক কাইলৈ দুপৰীয়াৰ আগতে লগ পােৱা সম্ভৱ নাছিল। কিন্তু আজি মই জীৱনৰ যি চৰম সত্যৰ মুখামুখি হ’লাে তাৰ পিছত মই আপােনাক লগ পােৱালৈ এটা ৰাতি অপেক্ষা কৰিলে মই কিজানি সঁচাকৈয়ে পাগল হৈ যাম।

 : আপুনি মােক কিয় লগ পাব বিচাৰিছিল ?

 —গভীৰ দৃষ্টিৰে তাৰ ফালে চাই ডাক্তৰে সুধিছে। [ ১০৫ ]  অনিৰুদ্ধই ডাক্তৰক সি আজি পােৱা চিঠিখনৰ কথা ক’লে। তাৰ ভৰিৰ পথানত কোনােবা এগৰাকী মহিলা ডাক্তৰে আজি থিয় হৈ তাৰ ভৰি স্পৰ্শ কৰাৰ কথা ক’লে। সি ক’লে এনে সংক্রান্ততে সি ডাঃ নটৰাজনৰ অধীনত কাম কৰা ডাঃ এনিশা বৰুৱাৰ বিষয়ে জানিব খােজে।

 : কিন্তু ডাঃ বৰুৱাৰ লগত এই ঘটনাবােৰৰ কি সম্পর্ক? ডাঃ নটৰাজনে আশ্বর্যৰে সােধে।

 : মই ডাঃ বৰুৱাক লগ কৰিব বিচাৰিছিলাে। নাৰ্ছে কৈছে তেখেত হাস্পতালৰ পৰা গুচি গৈছে। ফোন নম্বৰ বিচাৰিছিলাে, সেয়াও দিবলৈ সন্মত নহয়। মই এতিয়া কেৱল আপােনাৰ ওচৰতে মােৰ হাজাৰ কৌতুহল নিবাৰণৰ বাবে ভৰষা কৰিব পাৰাে। অনিৰুদ্ধ এইবাৰ উচুপি উঠিল। সি মজিয়াত আঠুকাঢ়ি ডঃ নটৰাজনক হাতযােৰ কৰিলে।

 : ছিঃ নাপায়৷ ডঃ নটৰাজনে তাৰ হাত দুখন আঁতৰাই দিলে৷ চাওঁক আমাৰ নিয়মমতে মই মােৰ টীমৰ মানুহৰ ইনফৰমেচন আপােনাক দিয়া উচিত নহয়। কিন্তু আপুনি যদি ডাঃ এনিশাক আপােনাৰ ছােৱালী বুলি সন্দেহ কৰিছে, তেন্তে মই নিয়ম ভাঙি আপােনাক সহায় কৰিবলৈ প্ৰস্তুত৷

 : নাই চাৰ! আপুনি বিশেষ একো কৰিব নেলাগে। সি গদগদ হৈ ক’লে। আপুনি মাত্র মোক তেওঁৰ এখন ফটো দেখুৱাওক৷ সেয়াই মোৰ বাবে এটা বৃহৎ প্ৰাপ্তি৷

 ডাঃ নটৰাজনে তাৰ ফালে স্নেহেৰে চালে। পকেটৰ পৰা ম’বাইলটো ওলাই তেখেতে স্ক্রল কৰি ক’লে- ডাঃ বৰুৱা কিন্তু মােৰ টীমৰ স্থায়ী সদস্য নহয়। আমাৰ হাস্পতালত অস্থায়ীভাৱেহে কাম কৰিছিল। আজিয়েই তেখেতে মােৰ টীম এৰি গুচি গৈছে। অহ! অনিৰুদ্ধ কিছু হতাশ হ’ল। সি বৰ আশাৰে ডাক্তৰৰ ফোনটোৰ ফালে চাই ৰৈছে।

 : এইয়া চাওঁক তেখেতৰ ফটো! অনিৰুদ্ধৰ হাতত ম’বাইলটো দি দিছে তেওঁ।

 অনিৰুদ্ধৰ যেন উশাহ বন্ধ হৈ যাব। ডাঃ নটৰাজনৰ ম’বাইল স্ক্রীনত এইজনী নিতিশাৰ ছােৱালীৰ ফটো। আদিত্যৰ লগত পণ্ডিচেৰী যাওঁতে অৰ’ভিলেত ক্ষন্তেকৰ বাবে দেখা নিতিশাৰ প্রতিবিম্ব যেন লগা ছােৱালীজনী। অনিৰুদ্ধই তাৰ বুকুখন জোৰে হেঁচি ধৰিছে। সি যে তাৰ নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাই। নিতিশাই চিঠিত লিখিছে এনিশাতো নিতিশা আৰু অনিৰুদ্ধৰে ছােৱালী। সি কঁপা কঁপা আঙুলিৰে ম’বাইল স্ক্রীনত এনিশাৰ ফটোখন স্পর্শ কৰিলে।


উপসংহাৰ

 এম জি মার্গৰ বেঞ্চিত বহি কফি খাই থাকোতে নিতিশাই তাক এদিন সুধিছিল—

 : অনি! বিয়াৰ পিছত কি কৰিম বুলি ভাবিছা ।

 : বিয়াৰ পিছত আকৌ কি কৰে? অনিৰুদ্ধই দুষ্টালি কৰি কৈছিল তােমাৰ দৰে এজনী ধুনীয়া ছােৱালীৰ জন্ম দিম আৰু নাম ৰাখিম এনিশা বৰুৱা।

 : ধােৎ এইডাল। লাজ পাইছিল নিতিশাই। তাৰ পিছতাে দমি নগৈ সুধিছিল ‘এনিশা’ কিয় ? [ ১০৬ ] এনিশাৰ অর্থ কি?

 : অর্থ চৰ্থ একো নাজানাে। অনিৰুদ্ধই কৈছিল অনিৰুদ্ধৰ প্রথম আখৰ আৰু নিতিশাৰ নিশাৰে তাইৰ নাম হ’ব এনিশা৷

 :অ’৷ এনিশাই কৈছিল—কিন্তু বৰুৱা কিয়? মোৰ উপাধি 'পখৰেল’ কিয় নহয়!

 :কাৰণ ছােৱালীজনী দেউতাকৰ ছােৱালী হ’ব যে! এনিশা বৰুৱা মানে হ’ল অনিৰুদ্ধ বৰুৱাৰ ছােৱালী। তাইৰ ওপৰত কেৱল অনিৰুদ্ধ বৰুৱাৰহে অধিকাৰ থাকিব।

 : বেং! নিতিশাই ভেঙুচালি কৰিছিল৷

  চেন্নাইৰ এয়াৰপোৰ্টৰ পৰা কলকাতা অভিমুখী নৈশ ফ্লাইটত বহিছে অনিৰুদ্ধ৷ কালি হাস্পতালৰ পৰা ওলােৱাৰ পিছতে নৈঋতাৰ ফোন আহিছিল। নৈঋতাৰ হেনাে গাটো ভাল লগা নাই! অনিৰুদ্ধ আহিলে একেলগে গৈ ডাক্তৰক দেখুৱাই আহিব। লগত স্বামী নাথাকিলে ডাক্তৰৰ চেম্বাৰত সােমাবলৈও ভাল নালাগে। নৈঋতাই কৈছিল।

 ককপিটৰ পৰা পাইলটে চেন্নাইৰ বাহিৰৰ উষ্ণতা, বতৰৰ অৱস্থা আদিৰ বিষয়ে ঘােষণা কৰি আছে। কেবিন ক্ৰু এগৰাকীয়ে যাত্রীসকলক টেক অফৰ সময়ত ম’বাইলবােৰ অফ কৰি থ’বলৈ কৈছে৷

 অনিৰুদ্ধই ম’বাইলত এনিশাৰ ফটোখন চালে। ডাঃ নটৰাজৰ ম’বাইলৰ পৰা সি ফটোখন লৈ আহিছে৷ সি এনিশাৰ চুলিখিনি কম্পিত হাতেৰে চুই আশিৰ্বাদ কৰিলে৷

 এয়াৰবাছখন গোঁ গোঁৱাবলৈ আৰম্ভ কৰিছে। অলপ পিছতে অনিৰুদ্ধহঁত চেন্নাই এৰি যাব। সি কালি বহুত ভাবিছিল। এনিশা আৰু নিতিশাক বিচাৰি যাবলৈ সি উদ্বাউল হৈ উঠিছিল। কিন্তু নিতিশাৰ চিঠিখনে তাক যেন নিৰস্ত কৰি থৈছে৷

 বয়িং এয়াৰবাছৰ খিৰিকীৰে জোনাক সােমাই আহিছে। অনিৰুদ্ধই তাৰ পকেটত থকা নিতিশাৰ চিঠিখন আলফুলে চুই চালে। লাচেনৰ সেই জোনাক নিশাৰ শপতে তাক আজি বান্ধি ৰাখিলে। প্রচণ্ড ইচ্ছা থকা স্বত্বেও সি নিতিশা আৰু এনিশাক বিচাৰি যাব নােৱাৰে।

 অনিৰুদ্ধই বুজিব পাৰিছিল। সিদিনা ভৰি পথানত থিয় দি তাৰ ভৰি স্পৰ্শ কৰা ডাক্তৰ গৰাকী এনিশাই হ’ব। তায়েই নিতিশাৰ চিঠিখন তাৰ টেবুলত এৰি গৈছিল।

 এয়াৰবাছখন আকাশলৈ উঠিছিল। খিৰিকীৰে জোনটোৰ মুখখন সােমাই আহি যেন

অনিৰুদ্ধক কৈছে— জোনৰ নামত নাখাবা শপত! [ ১০৮ ]

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।