পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এইবাৰ সি অকলেই গৈ নিতিশাৰ সন্ধান কৰিব। অ’ৰভিলেত নিতিশা সদৃশ ছােৱালীজনী দেখাৰ পাছত সি সাংঘাতিকভাৱে অস্থিৰ হৈ পৰিছে।

 নৈঋতাহঁত আচৰিত হৈছিল। অনিৰুদ্ধই বিশেষ একো নকলে। কোম্পানীৰ কামত হঠাৎ যাবলগা হােৱা বুলি সি চেন্নাইলৈ ফ্লাইটৰ টিকেট কাটিলে। নৈঋতাই তাৰ ফাঁকিটোত পতিয়ন যােৱা নাই নিচিনা লাগিল। কিন্তু সি আৰু কথা আগনবঢ়ালে। নিশিতাৰ বিষয়ে সি এটা অনুসন্ধান নকৰালৈ শান্তিত থাকিব নোৱাৰিব৷

 পাঁচোটা দিন সি অৰ’ভিলেত থাকিল। প্রার্থনা গৃহত প্রার্থনা কৰিলে। প্রার্থনা গৃহৰ পৰা ওলােৱাৰ পিছত চাৰিওফালে টাকুৰি ঘুৰাদি ঘুৰিলে। কার্যালয়ত বাৰে বাৰে নিতিশা পখৰেলৰ সন্ধান কৰিলে। তাৰ হাতত থকা তাইৰ পুৰণি ফটোখন দেখাই অৰ’ভিলৰ বাহিৰৰ আৰু ভিতৰৰ বহুত লােকক ছােৱালীজনী কেতিয়াবা দেখিছিল নেকি বুলি সুধিলে। কিন্তু অনিৰুদ্ধৰ কপালত যেন হতাশাহে লিখা আছিল। বিফল আৰু বিধ্বস্ত মন এটা লৈ সি আকৌ ডিব্ৰুগড়লৈ ঘূৰি আহিল। অনিৰুদ্ধ যােৱা এটা বছৰ ধৰি কোম্পানীৰ ডিব্ৰুগড় কাৰ্য্যালয়ৰ ইনচার্জ হৈ আছে।

 সপােনহে আছিল যেন সকলােবােৰ। অনিৰুদ্ধই লাহে লাহে বাস্তৱলৈ আহিবলৈ চেষ্টা কৰিছে। অৰ’ভিলেত সেই ছােৱালীজনী নেদেখালৈকে সি তাৰ বর্তমানক লৈ ইমান অসুখী নাছিল। নিতিশাক বাধ্যত পৰি পাহাৰবিলৈ যত্ন কৰিছিল সি। তাইতাে তাৰ ফোন নম্বৰ বা ইমেইলত কোনােদিনে এটা খবৰ নিদিলে। নিতিশা বিয়া হােৱাৰ পাঁচ বছৰ পাছলৈ সি মাক-দেউতাকৰ প্ৰচুৰ চাপৰ মাজতাে বিয়া পতা নাছিল। সি ভাবিছিল, এদিন নহয় এদিন সি নিতিশাৰ খবৰ পাব। নিতিশাক জীৱন সংগিনীৰূপে সি আদৰি লােৱাৰ স্বল্পত সি যে তাই বিয়া হৈ গৈছে, সেই কথাটোও পাহৰি পেলাইছিল।

 ওঁহাে, একো অহা নাছিল। নিতিশা যেন ধুমকেতুৰ দৰেই তাৰ জীৱনৰ পৰা অদৃশ্য হৈ গ’ল। এটা সময়ত সি তাৰ বৃদ্ধ ৰােগী মাক-দেউতাকৰ আকুল অনুৰােধক প্রত্যাখান কৰিব নােৱাৰিলে। নৈঋতাৰ সৈতে সি বিবাহত সন্মতি দিলে৷

 আঙুলিৰ মূৰত হিচাব কৰে অনিৰুদ্ধই।সম্পূৰ্ণ আঠাইশটা বছৰ।নিতিশা তাৰ জীৱনৰ পৰা ইমানদিন আঁতৰি আছে বুলি বিশ্বাসেই নহয় তাৰ।তাৰ এনে লাগে যেন সি তাইক কালিহে লগ পাইছিল।

 অনুস্কাৰ মেট্রিক পৰীক্ষা চমু চাপি আহিছে। অনিৰুদ্ধ তাইৰ পঢ়া-শুনাক লৈ ব্যস্ত হৈ পৰিল। পৰীক্ষাত ভাল ফলাফলৰ বাবে তাই বেছ কষ্ট কৰিছে। অনিৰুদ্ধই যিমান পাৰি তাইক বেছি সময় দিবলৈ চেষ্টা কৰিছে। তাৰ মানসিক দ্বন্দ্বৰ বাবে সি তাৰ লৰা-ছােৱালীৰ ক্ষতি হ’বলৈ দিব নােৱাৰে। নৈঋতাৰ প্রতিও অন্যায় কৰা যেন অনুভৱ হয় তাৰ। এদিন নৈঋতাক কাষত বহাই সি অৰ’ভিলেত লগ পােৱা নিতিশা সদৃশ ছােৱালীজনীৰ কথা ক’লে। সি যে আদিত্যৰ লগত যােৱাৰ তিনিমাহৰ পিছত সেই ছােৱালীজনীক বিচাৰিছে অৰ’ভিলেলৈ গৈছিল, সেই কথাও অকপটে নৈঋতাক ক’লে। নৈঋতাই সি অফিচৰ কামত যােৱা বুলি আসৈ মতা বাবে প্রথমে অলপ অভিমান কৰিছিল তাৰ পিছত তাক দুবাহৰ মাজত সুমাই লৈছিল। নৈঋতা সঁচাই খুউব সংবেদনশীল। তাইৰ ঠাইত অন্য কোনাে নাৰী হােৱা হ’লে অনিৰুদ্ধৰ দুখবােৰ কেতিয়াও বুজি নেপালেহেঁতেন।

 আশা কৰাৰ দৰেই অনুষ্কাই খুউব ভাল ৰিজাল্ট কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তাই

বিচৰাৰ দৰেই তাইক ডিব্ৰুগড়ৰে ভাল জুনিয়ৰ কলেজ এখনত বিজ্ঞান শাখাত নামভৰ্ত্তি কৰােৱা হৈছিল।

বিচ্ছুৰিত বৰ্ণালী >> ৯৭