পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 : মোৰ বাবে আকৌ কি ধুনীয়া খবৰ হ’ল। অনিৰুদ্ধৰ যেন অভিমান আঁতৰা নাই। বেলেগৰ ব্যক্তিগত কথাত মোৰ মাথা মাৰিবলৈ কি আছে!

 : এতিয়াও নুবুজাৰ ভেশচন নধৰিবচোন। চাৰ্গেই অৰ্থপূৰ্ণভাৱে হাঁহিলে। মই জানো জয়দীপৰ লগত নিতিশাৰ অলপ অন্তৰংগতা বঢ়া দেখি আপুনি তাইৰ পৰা আঁতৰি আহিছিল। আপুনি যিমান চেষ্টা কৰিলেও মোৰ চকুত ফাঁকি মাৰিব নোৱাৰে।

 :অনিৰুদ্ধই ধৰা পৰাৰ দৰে হাঁহিলে। সঁচাকৈ চাৰ্গেই বৰ ধূৰ্ত। কিয় জানো সি সদায় অনিৰুদ্ধৰ পিছত লাগি থাকে। অনিৰুদ্ধ খোৱাৰ পৰা উঠিল। চাৰ্গেইক কিবা খাব নেকি সুধিলে। চাৰ্গেই ক’লে যে সি এতিয়া একো নাখায়। অনিৰুদ্ধ আৰু নিতিশাৰ ছেটিং হ’লেহে হেনো সি ডাঙৰ পাৰ্টি খাব।

 অনিৰুদ্ধ আকৌ অফিচৰ নিজৰ টেবুলত গৈ বহিল। অফিচৰ সহকৰ্মী বিলাকে তেতিয়া কেন্টিনৰ কথাটোকে পাতি আছিল। অনিৰুদ্ধক দেখি দুজনমানে তাৰ ফালে অৰ্থপূৰ্ণভাৱে চালে। সি তেওঁলোকৰ ফালে কাণ নিদি নিজৰ কামত ব্যস্ত হ’ল। কামৰ মাজে মাজে কিন্তু নিতিশাই কোৱা বুলি শুনা কথাটোৱে আমনি কৰি থাকিল। তাই বাৰু কোনে ভুল বুজাৰ কথা কৈছে। অনিৰুদ্ধ! নাহ! তাৰ কথা তাই কেনেকৈ জানিব?

 অনিৰুদ্ধৰ আগতেও নিতিশাৰ লগত বিশেষ কথা নহৈছিল। সন্মুখত দেখিলে হাই হেল্ল কৰিছিল। যিটো বেছিকৈ কৰিছিল সেয়া আছিল দূৰৰ পৰা আঁৰ চকুৰ চাই থকাটো। কেতিয়াবা নিতিশাৰে চকুৱে চকুৱে চাই ধৰা পৰি লাজ পাই বহু দেৰি নকৰাকৈ থাকিছিল, পিছত আকৌ আৰম্ভ কৰিছিল। জয়দীপক সিদিনা তাইৰ লগত দেখাৰ পিছত অনিৰুদ্ধই তাইৰ ফালে কেৰাহিকেও চাবলৈ এৰি দিছিল।

 কেন্টিনত সিদিনা ঘটা ঘটনাটোৰ পিছত জয়দীপে চাগে লাজতে নিতিশাৰ কাষ চপা নাছিল। দূৰৈৰ পৰা তাইক চাবলৈ সি কিন্তু এৰা নাছিল। প্ৰথম প্ৰেম ছাগৈ’ কোনোবা দুটামান কটাক্ষ কৰিছিল। নিতিশাই জয়দীপক ধমকি দিয়া কথাটো অফিচৰ বেছিভাগেই আমোদ পাইছিল।

 আৰু দুটামান দিন পাৰ হৈছিল। চাৰ্গেই আহি তাক নিতিশাক মাতবোল কৰিবলৈ কুটুৰি আছিল। চাৰ্গেই কৈছিল অনিৰুদ্ধই মাত বোল কৰিবলৈ এৰাৰ পৰা নিতিশা হেনো বেছ অসুখী হৈ পৰিছে। সদাহাস্যময়ী ছোৱালীজনীৰ হাঁহি হেনো ওঁঠৰ পৰা নোহোৱা হৈ গ’ল আৰু যে কি বাৰে বিং কৰি কথাবোৰ চাৰ্গেই কৈ থাকে। অনিৰুদ্ধই হাঁহি হাঁহি কয়, আপোনাৰ কথাবোৰ সঁচাকৈয়ে সঁচা হওঁক। আপোনাৰ মুখত ফুল চন্দন পৰক।

 পিছদিনা লছাৰ আছিল। লছাৰ চিকিমিজসকলৰ নতুন বছৰৰ উৎসৱ। অফিচ লছাৰৰ বাবে এদিন বন্ধ থাকিব। গতিকে আগদিনাই সি নিতিশাক লছাৰৰ শুভেচ্ছা দিয়া উচিত। চাৰ্গেই তাক কৈছিল। সি হেনো অনুভৱ কৰিছে, নিতিশাই গোপনে অনিৰুদ্ধক পচন্দ কৰে আৰু লছাৰৰ শুভেচ্ছা প্ৰিয়জনৰ পৰা পালে তাই আনন্দত ক’ব নোৱাৰা হ’ব।

 হওঁতে অনিৰুদ্ধইও নিতিশাৰ লগত কথা পতাৰ সুযোগ বিচাৰি আছিল। যোৱা পোন্ধৰটা দিন ওফোন্দ পতাৰ পিছত তাইৰ লগত সি ফ্ৰি হ’ব পৰা নাই। সেই বাবেই সি চাৰ্গেইৰ প্ৰস্তাৱত সম্মতি জনালে। লছাৰৰ আগদিনা অফিচ ছুটীৰ পিছত সি নিতিশাক লছাৰৰ বিশেষ শুভেচ্ছা জনাব।

 অফিচ ছুটী হোৱাৰ আধা ঘণ্টামান আগতেই সি এম জি মাৰ্গৰ চুক এটাত বেঞ্চিত বহিল। নিতিশা

এই ৰাস্তাৰে ঘৰলৈ যায়। তাইক সন্মুখত পালেই সি তাইক লছাৰৰ বিশেষ শুভেচ্ছা জনাব। চাৰ্গেই

বিচ্ছুৰিত বৰ্ণালী » ৮৯