পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

থাকিব দিছিল । পিছদিনা অৰ্থাৎ চৈধ্য ফেব্ৰুৱাৰীৰ দিনা তাই তাক কৈছিল—’ইউ আৰ মাই ভেলেন্টাইন।’ বুকুত হাত এখন থৈ কনফেশ্যন বক্সত কোৱাৰ দৰে সি কয়—ইউ আৰ মাই বেষ্ট ভেলেন্টাইন।

 বহুদিন মিচুক লগ পােৱা নাই ঋষিতে। ফোনেৰেই খবৰ খাতিবােৰ লৈ থাকে। সি আহামেদাবাদৰ পৰা ঘূৰি আহি এইবাৰ মিচুৰ ঘৰলৈ যাব। তাইৰ বিয়াখনৰ বাবেও তাইক সৈমান কৰিব লাগিব।

  আহমেদাবাদত ভৰি দিয়েই ঋষিতৰ বুকুখন ভৰি আহিল। সেই ভয়ানক স্মৃতিয়ে আহি তাক আমনি কৰিলেহি। আহমেদাবাদৰ ভগ্নস্তুপবােৰৰ ঠাইত নতুন অট্টালিকা গঢ়ি উঠিছে। আহমেদাবাদবাসীয়ে এই ভয়ানক অভিজ্ঞতাৰ কথা পাহৰিবলৈ চেষ্টা কৰিছে। মাথো ক’ৰবাত ক’ৰবাত স্মৃতিফলকবােৰে সেই ভয়ংকৰ স্মৃতিক জীয়াই ৰাখিছে৷

 মিচুলৈ মনত পৰিছে ঋষিতৰ। কেনেকৈ তাই তাৰ দুখৰ দিনবােৰত সংগ দিছিল, সাহস দিছিল। এৰিষাক হেৰুওৱাৰ সেইদিনবােৰত মিচুৰ উপস্থিতি তাৰ কাষত নােহােৱা হ’লে সিও কিজানি ভগ্নস্তুপৰ মাজত মৃতদেহ হৈ ৰৈ গ’লহেঁতেন।

 মিচুৰ সংসাৰখন পাতি দিব লাগিব। টেক্সীতে সেই বিশেষ হােটেলখনলৈ গৈ থাকোতে সি ভাবি গ’ল! এৰিষা আৰু অৰ্পণাৰ মৃত্যুৰ শােকতে তাই আজিও সংসাৰ কৰিবলৈ ইচ্ছা কৰা নাই। নাই তাইৰ জীৱনটো ধ্বংস হ’ব দিব নােৱাৰি। ঋষিৰ জীৱনটোতাে ইতিমধ্যেই ধ্বংস হৈ গৈছে।

 হােটেলত ভৰি দিয়েই হতবাক হৈ গ’ল ঋষিত।

 : মিচু, তুমি?

 : কিয়, আচৰিত হৈ গ’লা? মই আহমেদাবাদলৈ আহিব নােৱাৰাে নেকি?

 : হ’ব হ’ব। কাজিয়া পাছত। ঋষিতৰ ওঁঠত বিষাদৰ হাঁহি এটা বিৰিঙিল। ৰূম ল’লা?

 : ল’লোঁ। ছেকেণ্ড ফ্লৰ থার্টি ৱান আৰু থার্টি টু।

 : দুটা ৰূম ল’লা যে! ঋষিতে আচৰিত হৈ সুধিলে।

 : এটা তােমাৰ বাবে আক’। তুমি আহিবা বুলি মই জানােৱেই। তােমাৰ মাই মােক সকলাে কৈছে।

 সঁচা।— ঋষিতে তাইলৈ বিশ্বাস অবিশ্বাসেৰে চালে।

 : তুমি বহুত খীণাইছা ! হােটেলৰ ৰূমত মুখ হাত ধুই চাহ একাপ খাবলৈ তললৈ নামি আহোঁতে ঋষিতে ক’লে।

 : তুমি হ’বলা খীণােৱা নাই। মিচুৱে ক’লে।

 — তােমাক যে একদম কংকালটোৰ দৰেহে লাগিছে।

 : হয়নেকি’ ঋষিতে প্রসংগ সলনি কৰি ক’লে- মা ভালে আছে?

 : ওঁ ! মিচুৱে শলাগিলে।

 সিদিনা ৰাতি সােনকালেই আহাৰ খাই সিহঁত দুটা নিজৰ নিজৰ ৰূমত সােমাল। দিনটো ঘূৰি ঘূৰি তাহাঁতৰ ভাগৰ লাগিছিল। তাৰ উপৰি ঘৰৰ পৰা অহাৰ ভাগৰেও সিহঁতক ক্লান্ত কৰি তুলিছিল। আটাইতকৈ বেছি ক্লান্ত আছিল তাহাঁতৰ মন। কথা পাতিবলৈ ভাষাই হেৰুৱাই পেলাইছিল সিহঁতে।। বহু ৰাতিলৈকে সিহঁত দুটাৰ এটাৰাে চকুত টোপনি অহা নাছিল। পূর্বৰ সেই ভয়ানক দিনবােৰৰ স্মৃতিয়ে দুয়ােৰে মনত তােলপাৰ লগাইছিল। শেষৰ ৰাতিলৈ মিচুৰ চকুত টোপনি আহিছিল।

 : টক্... টক্... টক্...! খুউব পুৱাতেই কোনােবাই দুৱাৰত টুকুৰিয়াইছিল। চকু মােহাৰি মিচুৱে

বিচ্ছুৰিত বৰ্ণালী » ৪৪