পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

জোনৰ শপত

এক

 বঙ্গোপসাগৰৰ ওপৰত চিলনীজনীৰ দৰে অনিৰুদ্ধহঁতৰ এয়াৰ বাছখন চক্ৰাকাৰে ঘূৰি ঘূৰি নামিবলৈ আৰম্ভ কৰছে। অনিৰুদ্ধই খিৰিকীৰে চালে সমুদ্ৰৰ নীলা চাদৰখনৰ কাষে কাষে জুইশলা বাকচৰ দৰে অনেক অট্টালিকা দেখা পোৱা গৈছে। পশ্চিম আকাশত সূৰ্যটো সমুদ্ৰৰ বুকুতে ডুব যাব খুজিছে। নয়নাভিৰাম দৃশ্যটো দেখি অনিৰুদ্ধৰ খুউব ভাল লাগিল। সি তাৰ কাষতে বহি যোৱা পুতেক আদিত্যলৈ চালে। হেডফোনত নিৰ্বিকাৰভাৱে গান শুনি আছে। অনিৰুদ্ধই তাৰ গাত হেঁচুকি বাহিৰলৈ চাবলৈ ক’লে। সি এবাৰ এনেয়ে চাই আকৌ গান সলনি কৰাত লাগিল। আজিকালি প্ৰজন্মটো যে আৰু! চৌপাশে ঘটি থকা ঘটনাবোৰৰ প্ৰতি অলপো কৌতুহলী যেন নালাগে।

 চেন্নাইৰ ডমেষ্টিক টাৰ্মিনেলৰ পৰা অনিৰুদ্ধ আৰু তাৰ পূত্ৰ আদিত্য ট্ৰলী ঠেলি ওলাই আহিল। টেক্সী ড্ৰাইভাৰসকলে সিহঁতক ক’লৈ যাব, টেক্সী লাগিব নেকি আদি সুধি ব্যতিব্যস্ত কৰি তুলিছে। অনিৰুদ্ধহঁতে টেক্সী নল’লে। এয়াৰপৰ্টৰ গাতে লাগি থকা চাবৱৈই টোৱেদি সিহঁত দুটা তিৰুচিল্লাম লোকেল ট্ৰেইন ষ্টেচনত উঠিলহি। ট্ৰেইনেৰে সিহঁতৰ গন্তব্য স্থানলৈ যাবলৈ অতি সহজ আৰু কম খৰচী। তিৰুচিল্লাম ষ্টেচনৰ পৰা চেন্নাই ফৰ্ট ষ্টেচনলৈ মাথো বিছ মিনিটৰ ৰাস্তা, অন্যহাতে টেক্সীৰে সিহঁতৰ গন্তব্যস্থান এচপ্লানেড পাবলৈ কমেও দেৰ ঘণ্টা লাগিব।

 সন্ধ্যা লাগি ভাগিছিল তেতিয়া। চেন্নাই ফৰ্ট ষ্টেচনত সিহঁত দুটা নামি দিলে। পিঠিত দুয়োটাই দুটা বেগ ওলোমাই অভাব্ৰীজেৰে খোজকাঢ়ি আহি ফুটপাথ পালেহি। ইয়াৰ পৰা গেষ্ট হাউচলৈকে এক ফাৰ্লং মানহে হ’ব। পুতেকৰ লগত খোজকাঢ়ি গৈ থাকোতে অনিৰুদ্ধৰ কিবা এটা নাই নাই ভাব হৈছে। সাধাৰণতে সিহঁত ঘৰৰ পৰা দূৰলৈ আহিলে অনিৰুদ্ধ, তাৰ পত্নী নৈঋতা, ল’ৰা আদিত্য আৰু ছোৱালী অনুস্কা একেলগেই আহে। অৱশ্যে কাৰ্য্যালয়ৰ কামত অনিৰুদ্ধ অকলেই যাব লগা হয়। এইবাৰ অনিৰুদ্ধৰ ছোৱালী অনুস্কা দশম শ্ৰেণীলৈ উঠিছে। ক্লাচ আৰু টিউচনৰ পৰা তাই আহৰিয়েই নাপায়। মাক নৈঋতৰে ইচ্ছা থকা স্বত্বেও অনুস্কাৰ বাবেই ডিব্ৰুগড়ৰ ঘৰত থাকিব লগা হ’ল। অনিৰুদ্ধৰ

চেন্নাই চিকিৎসালয় এখনত এটা এৰাব নোৱাৰা চেকআপ আছে, সেয়েহে সি আদিত্যক লৈ গুচি

বিচ্ছুৰিত বৰ্ণালী >> ৮০