পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰক,আহিছো।

 বৰবাবুৰ পিছে পিছে নিতিশাও তাৰ পৰা বিদায় লৈ দ্বিতীয় মহলালৈ উঠি গ’ল। ক্ষন্তেকৰ বাবে বৰবাবু শ্বেৰপাক তাৰ ভিলেইনৰ দৰে লাগিল আৰু অলপ সময় তাৰ ওচৰত ৰোৱা হ’লে কিনো মহাভাৰতখন অশুদ্ধ হ’লহেতেন।

 : অনিৰুদ্ধজী— একাউন্টছ চেকচনৰ ফালৰ পৰা কণ্ঠটো ভাঁহি আহিল। সি দেখিলে চাৰ্গেই তালৈ চাই অৰ্থপূৰ্ণভাৱে হাঁহি আছে।

 অফিচটোত মষ্ট ইলিজিবল বেচ্চেলৰ আছিল দুজন এজন উত্তৰাখণ্ডৰ জয়দীপ গুপ্তা আৰু আনজন অনিৰুদ্ধ বৰুৱা। কাজেই নতুন ছোৱালীজনীলৈ অফিচৰ মানুহবোৰ দুটা শিবিৰত গোপনে বিভক্ত হৈ পৰিল। কোনোবাই যদি ছোৱালীজনীৰ সৈতে অনিৰুদ্ধৰ যুটি ভাল হ’ব বুলি ভাবে, কোনোবাই আকৌ জয়দীপ গুপ্তাৰ সৈতে তাইৰ যুটি অদ্বিতীয় হ’ব বুলি ক’ব খোজে। মুঠতে অফিচৰ আজৰি সময়খিনিত কৰ্মচাৰীসকলে সময় কটাবলৈ যেন এটা ভাললগা টপিক বিচাৰি পালে। মানুহখিনিৰ কাণ্ড কাৰখানা নিতিশলৈ সংগোপনে চায়। চাৰ্গেইহতে মনে মনে পাতি থকা কথাবোৰ সচা হোৱা হলে কিন্তু বেয়া। দেখি অনিৰুদ্ধৰ খুউব হাঁহি উঠে। তেনেকৈ কেইটামান মাহ বাগৰি গ’ল। অনিৰুদ্ধই আজিকালি নিতিশালৈ সংগোপনে চায়। চাৰ্গেইহঁতে মনে মনে পেতি থকা কথাবোৰ সঁচা হোৱা হ’লে কিন্তু বেয়া নালাগিলহেঁতেন। অনিৰুদ্ধই মনে মনে ভাৱে। মিছা ক’লে কি হ’ব, নিতিশাক আজিকালি তাৰ অলপ বেছিকৈয়েই ভাললগা হৈছে। জয়দীপ ও কিন্তু পিছ পৰি থকা নাই। সি নিতিশাৰ পিছত পৰি গ’ল যেন লগা হৈছে। কাম নাথাকিলেও দিনটোত অন্ততঃ দুবাৰ সি এষ্টাব্লিছমেন্ট ডিপাৰ্টমেন্টত এপাক মাৰি আহে। চাৰ্গেই কোৱাৰ দৰে জয়দীপৰ নৱজাগৰণ হ’ল কিজানি। নতুন নতুন ছাৰ্ট আৰু ছাৰ্টৰ ৰঙৰ সৈতে মিলোৱা টাই জয়দীপৰ ক্ষেত্ৰত এটা চিনাকি সাজোন কাচোন হৈ গৈছে।

 সিদিনা আবেলি অনিৰুদ্ধ এম জি মাৰ্গৰ বেঞ্চিতে বহি আছিল। শনিবাৰ। অফিচৰ পৰা ওলাই পোনে পোনে ৰুমলৈ যাবলৈ মন নগ’ল। সেইবাবে সি এম জি মাৰ্গৰ বেঞ্চিতে বহি পৰ্য্যটকৰ ৰেহৰূপ চাই আছিল। মাজে মাজে অসমীয়া ভাষা কোৱা পৰ্য্যটকো তাৰ কাষেৰে পাৰ হৈ যায়। চেঙেলীয়া ল’ৰা হ’লে দুটামান বেয়া শব্দও ওফৰি কাণত পৰেহি। ম’বাইলত কিবাকিবি চাই থাকি সি সেই সময়বোৰ বেছ উপভোগ কৰে।

 হঠাৎ এক চিনাকি পাৰফিউমৰ গোন্ধত সি মূৰ তুলি চালে। তাৰ সপোন কুঁৱৰী নিতিশা তাৰ কাষেৰে খোজকাঢ়ি পাৰ হৈ গ’ল। সি থিয় হৈ নয়ন ভৰাই চাব খুজিলে। কিন্তু তাক অবাক কৰি কুকুৰ ল’ৰে পিছফালৰ পৰা গৈ জয়দীপ তাইৰ লগ লাগিল। উস! অনিৰুদ্ধ যেন বিস্ফোৰিত হৈ যাব। জয়দীপ আকৌ নিতিশাৰ লগত এনেকৈ ক’লৈ গৈ আছে?

 প্ৰচণ্ড ঈৰ্ষাৰে অনিৰুদ্ধই নিতিশা আৰু জয়দীপ যোৱাৰ ফালে চাই ৰ’ল। সি দেখিলে সিহঁত দুটা এম জি ৰ’ডেৰে গৈ লাল বজাৰলৈ নমা খটখটিয়েদি নামি গৈছে। সি তাহাঁতক অনুসৰণ কৰিম বুলি ভাবিছিল। হঠাৎ জানো কি হ’ল,তাৰ মনটো প্ৰচুৰ অভিমানেৰে ভৰি পৰিল। সি বেঞ্চ এখনত বহি মূৰটো দুহাতেৰে চেপা মাৰি ধৰিলে।

 অনিৰুদ্ধ আজি আবেলিতো পণ্ডিচেৰীৰ হোটেলতে শুই আছে। আদিত্য কাষতে লাগি থকা ৰ’ক বীচ্চত ফটো ল’বলৈ ওলাই গৈছে। কালি অৰভিলেৰ পৰা পিতাপুত্ৰ পেৰাডাইজ বীচ্ছলৈ গৈছিল।

বতৰতো ভাল আছিল যদিও আকাশ ফৰকাল নাছিল। আদিত্যই মনৰ হেঁপাহ পেৰাডাইজ বীচ্ছত

বিচ্ছুৰিত বৰ্ণালী » ৮৬