পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

মৃত্যু উপত্যকা

এক

 হাড় কঁপােৱা শীতত ঠক্ ঠক্‌কৈ কপি উঠিছে ঋষিত। জেকেটটোৰে দেহটো ভালকৈ ঢাকি লৈ সি বৰফত খুপি খুপি আগবাঢ়িল। ভীষণ তুষাৰপাত হৈছে। তাৰ দেহৰক্ষী কেইজনে জ্বলাই নিয়া শক্তিশালী টৰ্চৰ পােহৰো বেছি দূৰ আগবাঢ়িবলৈ সমৰ্থ হােৱা নাই। সৰ্বাংগ আবৃত ঋষিতৰ শৰীৰৰ কাপােৰৰ ওপৰত বৰফৰ কণাবােৰ জমা হৈ এক শুভ্ৰ আৱৰণ জাপি দিছে। ঋষিতৰ পৰিদৰ্শনকাৰী দলটো আগুৱাই গৈ এটা পহৰাদাৰী পষ্ট পালে। কর্তব্যৰত জোৱান দুজনে স্মার্ট ভংগীত ঋষিতক ছেলুট কৰিলে।

 ভাৰত-পাকিস্তান সীমান্তৰ সর্বোচ্চ চকী চিয়াচেন গ্লেচিয়াৰ। এই চিয়াচেনতে এতিয়া ঋষিতৰ চাকৰি। ইচ্ছা কৰিয়েই সি এই বৰফৰ ৰাজ্যখন নিজৰ কর্মক্ষেত্র হিচাপে বাছি লৈছে। সি তেনেকৈ স্ব ইচ্ছাৰে ইয়ালৈ আহিবলৈ লওঁতে লগৰ আৰু ছিনিয়ৰ বহু অফিচাৰেই আচৰিত হৈছিল। চিয়াচেনৰ জীৱন তুমুল সংঘর্ষপূর্ণ। অথচ কি আগ্ৰহেৰে ঋষিতে এই সন্যাস বাছি লৈছে।

 চিয়াচেনৰ পহৰাচকীৰ বাবে ভাৰত চৰকাৰে প্রতিদিনে কোটি কোটি টকা খৰচ কৰিবলগা হয়। পৃথিৱীৰ পহৰাচকীৰ ভিতৰত চিয়াচেনেই সর্বোচ্চ উচ্চতাত অৱস্থিত। স্বাভাৱিকভাৱেই ইয়াত অতিপাত শীতৰ বিৰুদ্ধে সংগ্রাম কৰিব পৰাকৈ জোৱানসকলক অত্যাধুনিক সাজ-সজ্জাৰে সজ্জিত কৰি তুলিবলগা হয়। গ্লোভছ, জোতা, জেকেট, টুপী আদি গৰম কাপােৰবােৰ অষ্ট্রেলিয়াৰ পৰা বিশেষভাৱে আমদানি কৰি অনা হয়। পানী ইয়াত জুলীয়া অৱস্থাত নাথাকেই। গতিকে খােৱা, গা ধােৱা আদিৰ বাবে বিশেষ ব্যৱস্থা কৰা হয়। খাদ্য বস্তু বাহিৰৰ পৰা যােগান ধৰা হয়। প্রৱল শীতৰ উপৰিও প্রায়ে আহে বৰফৰ ধুমুহা। শত্ৰুৰ প্রত্যাহ্বানৰ কথাতাে আছেই। মুঠতে ই আটাইতকৈ বেছি বিপদসংকুল আৰু স্পর্শকাতৰ চকী।

 স্বেচ্ছাই সি বাছি লৈছে এই কষ্টকৰ অথচ ৰােমাঞ্চকৰ জীৱন। সৰুৰে পৰা সি আছিল এডভেন্সাৰ প্রিয়। পঢ়া-শুনাতাে বেছ ভাল আছিল সি। দুঃসাহসিক কিবা এটা কৰি সদায় ভালপােৱা ঋষিতে সেয়ে চহৰৰ মাউন্টেইনিয়াৰিং ক্লাবটোত নামভৰ্ত্তি কৰি লৈছিল। মেট্রিক পৰীক্ষা দিয়েই সি ক্লাবটোৰ অজয়, অসীম আৰু বিবেকদাহঁতৰ লগত অৰুণাচলত পাহাৰ বগাবলৈ গৈছিল। হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষা দিয়াৰ পাছত সি আকৌ গৈছিল। এইবাৰ নেপালৰ কাঞ্চনজংঘালৈ। মাউন্টেইনিয়াৰিং ক্লাবৰ ছেক্রেটাৰী

ৰহমান খুড়াৰ ছােৱালী আছিল এৰিষা। ক্লাবৰ ইটো-সিটো কামত কেতিয়াবা ৰহমান খুড়াৰ ঘৰলৈ যাওতে

বিচ্ছুৰিত বৰ্ণালী » ২৫