দুই
খিৰিকীৰ গ্ৰীলত ধৰি মই বাহিৰলৈ চাই আছোঁ। বৰষুণৰ পাছৰ ৰ’দ। তীব্র। জিলিকি উঠিছে অদূৰৰ লেণ্ডস্কেপ। এছাটি মৃদু বতাহে কোবাই গৈছে বাইদেউৰ দুমহলীয়া কোৱাৰ্টাৰ।
দুপৰীয়াৰ এই নির্জনতাত অ’, এন, জি, চি কলনিৰ কোনােৱেই চাগে এতিয়া সাৰে থকা নাই। দিবা নিদ্ৰাৰ দুর্লভ সুখত সকলােৱেই এতিয়া সপােন ৰাজ্যত উটি ভাহি ফুৰিছে। নাইট ডিউটি কৰি আহি ভিনিহিদেউও এতিয়া সপােন দেখাত ব্যস্ত। বাইদেৱেও দিনটোৰ পাকঘৰৰ পৰা ক্ষণিক আহৰি পাই এতিয়া জিৰণি লৈছে। মাথো শুব পৰা নাই মই। আৰু কিজানি...
হৃদয় নামৰ পদার্থটো আছেনে নাই তাত নিঃসন্দেহ নহ’লেও মােৰ যে সেই কাল্পনিক অন্তৰ বােলা বস্তুটোত ‘প্রেম’ নামৰ কোনাে এলিমেন্ট নাই সেই বিষয়ে মােৰ লগৰ ল’ৰাবােৰ সম্পূর্ণ নিঃসন্দেহ! হােষ্টেলৰ অলস মুহূৰ্তবােৰত ঘণ্টাই ঘণ্টাই আড্ডা মাৰি থাকোঁতে কোনােবা দিনা বিপুলে মােক কৈছিল— ঐ, তােৰ যদি কলিজাটো কেনেবাকৈ ওজন কৰিব পৰা যায়, এটা এক্সচেপশ্যন পােৱা যাব।
: কিহৰ এক্সচেপশ্যন ?- সিয়ে মােক বাইটিং কৰিবলৈ, হােষ্টেলৰ জনপ্রিয় ভাষাত 'কামােৰ’ দিবলৈ লৈছে, ইমান দিনৰ হােষ্টেলীয়া অভিজ্ঞতাৰে মই অতি সােনকালেই গম পাই গৈছিলোঁ।
: তােৰ কলিজাটোৰ ওজন বেছি পােৱা যাব। সি হাঁহি হাঁহি কৈছিল।
: হােৱাট ডু ইউ মিন।- মই সুধিছিলোঁ।
: ছিম্পল কথা। সি হাঁহি হাঁহিয়েই উত্তৰ দিছিল- মানে হৃদয় নামৰ যিটো কেভিটিত মানুহৰ ‘প্রেম’ নামৰ কমােৱা তুলাৰ নিচিনা পাতল আৰু কোমল বস্তুটো থাকে, সেইটো কেভিটিত তােৰ এটা মস্ত গ্রেনাইট পাথৰ আছে।
তাৰ কথাত আড্ডাত বহি থকা বাকী ল’ৰাবােৰে উচ্চস্বৰে হাঁহিছিল। হাঁহিছিল মানে এক প্ৰকাৰ আটাহ পাৰিছিল।
: পাৰ্চিয়েলি কাৰেক্ট। - মই গম্ভীৰভাৱে কৈ উঠিছিলোঁ।
: পার্চিয়েলি? জোতিবিকাশে মােলৈ চাই সুধিছিল- তেন্তে সম্পূর্ণ শুদ্ধটো কি?
: মােৰ হৃদয়ত গ্রেনাইট পাথৰ নাই। মিনাৰেল আছে। জাননে নাই, আজিকালিৰ বজাৰত প্ৰেমতকৈ মিনাৰেলৰ দাম বহু বেছি।
বিপুল, জ্যোতিবিকাশহঁতে সিদিনা মােক একো কোৱা নাছিল। লগৰ ল’ৰাবােৰৰ হাঁহি থকা মুখবােৰ কটপ্ কটপ্ শব্দ কৰি জাপ খাই গৈছিল।
বিশ্বাসেই হােৱা নাই মােৰ। সেই একেখন গ্রেনাইট পাথৰৰ হৃদয় লৈ আজি মই শুব পৰা নাই। অথচ