এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কিতাপখন প্রকাশ কৰা নকৰাৰ আলােচনা কৰি থকা শুনি মােৰ ছােৱালী ৰুহিয়ে তাইৰ সাঁচতীয়া ধনখিনিকে মােক কিতাপ প্রকাশৰ খৰছ হিচাপে দিব খুজিছিল। আমাৰ ল'ৰা কৃশও কিতাপখনক লৈ যথেষ্ট উৎকণ্ঠিত। সিহঁত দুটালৈ এই চেগতে মােৰ স্নেহ আৰু আশীষ দিলাে।
বিচ্ছুৰিত বৰ্ণালীত সন্নিবিষ্ট প্রায় প্রতিটো কাহিনীতে কিছুমান জীয়া চৰিত্ৰ আছে। প্ৰায়বােৰ মােৰ কলেজ অথবা চাকৰি জীৱনৰ বন্ধু। তেওঁলােকক এই সুযােগতে মােৰ সৃষ্টিৰ অংশীদাৰ হােৱা বাবে আৰু প্ৰেৰণা যােগােৱা বাবে কৃতজ্ঞতা জনালোঁ।
এসময়ত ‘বিস্ময়’ৰ পাতত এই কাহিনী কেইটা প্রকাশৰ সুবিধা দি মােক পাঠকৰ সৈতে চিনাকি কৰি দিয়া বাবে সন্মানীয় শশী ফুকন চাৰ আৰু প্রমােদ কলিতাদেৱক কৃতজ্ঞতা জনাইছাে।
সদৌ শেষত ‘বিচ্ছুৰিত বৰ্ণালী’ক পাঠকৰ হাতত আটকধুনীয়াকৈ তুলি দিয়াৰ বাবে ‘প্রতিশ্রুতি প্রকাশন’ৰ শলাগ লৈছাে।
ৰঞ্জিত চাৰিঙ্গীয়া