মই এৰিষা যােৱা ৰাস্তাটোৰে দৌৰিছিলোঁ। তেনেতে ক’ৰবাৰ পৰা কিবা এটা মােৰ গাত পৰিছিলহি। মই জ্ঞান হেৰুৱাই পেলালোঁ।
ঋষিতে কন্দা নাই। সি কান্দিলে মিচু আৰু ভাগি পৰিব। ঘটনাৰ দিনাৰে পৰা মিচুৱে ভগ্ন অট্টালিকাবােৰৰ মাজে মাজে এৰিষাক বিচাৰি ফুৰিছে। বলে পৰা কংক্রিটৰ টুকুৰাবােৰ আঁতৰাই এৰিষাক পাই নেকি চাইছে। ঋষিতে নীৰৱে তাইৰ কামবোৰ চাই থকৰা বাহিৰে একো কৰা নাই। সি জানে এৰিষা মৰা নাই। তাইক সি ক’ৰবাত লগ পাই যাব। তায়াে চাগৈ তাহাঁতকে বিচাৰি ফুৰিছে।
মৰাশৰ গােন্ধত আহমেদাবাদৰ বতাহ বিষাক্ত হৈ উঠিছে। দেশী-বিদেশী সাহায্যকাৰী দল, সাংবাদিকৰ ভিৰত মৰিশালী নগৰখন কোলাহলময় হৈ উঠিছে। ভগ্নস্তুপ আঁতৰােৱাৰ বাবে সামৰিক বাহিনী আৰু এন জি অ'ৰ মানুহে অহর্নিশে কাম কৰি আছে। তিনি দিনৰ পাছত ৰহমান খুড়া আৰু ঋষিতৰ দেউতাক ওলালহি। আৰু এদিনৰ পাছত ওলাল মিচুৰ মাক। ঋষিতে ৰহমান খুড়ালৈ চাই ক্ষীণ হাঁহি এটা মাৰিলে। সি লাহে লাহে বিশ্বাস কৰিবলৈ লৈছে, তাৰ ভিতৰৰ মানুহটো ইতিমধ্যে মৰি গৈছে।
সাত
পুৰা সাত দিনৰ পাছত এৰিষা আৰু অৰ্পণাক বিচাৰি পােৱা গৈছিল। সামৰিক বাহিনীৰ জোৱানে
চাফা কৰি থকা এটা কংক্রিটৰ দ’মৰ তলত তাহাঁত দুজনীৰ নিথৰ, থেতেলা খােৱা শৰীৰ দুটা বিচাৰি
পােৱা গৈছিল। ঋষিতৰ ওঁঠযােৰ শিল হৈ গৈছিল। তাৰ বুকুখন বৰফ হৈ গৈছিল। ডিঙিয়েদি কোনাে
কান্দোন ওলাই অহা নাছিল। মিচু মৃতদেহ দুটাৰ ওচৰত বাগৰি বাগৰি কান্দিছিল। ৰহমান খুড়া আৰু
তাৰ দেউতাকে চকুপানী টুকিছিল। মিচুৰ মাকে দৃশ্যটো চাব নােৱাৰি আনফালে চাই চকুলাে মচিছিল।
ঋষিত যন্ত্ৰৰ দৰে হৈ গৈছিল। সি জানিছিল সি মৰি গৈছে। মৃত মানুহৰ কোনাে অনুভূতি নাথাকে। গতিকে অনুভূতি তাৰো থাকিব নােৱাৰে। দুয়ােটা মৃতদেহৰে সৎকাৰৰ ব্যৱস্থা কৰিছিল ঋষিতে। এৰিষাৰ সি নিজেই মুখাগ্নি কৰিছিল। অর্পণাৰো। ৰহমান খুড়াই তালৈ সজল দৃষ্টিৰে চাইছিল। ভাৱলেশহীনভাৱে সি মাথাে কর্তব্য কৰি গৈছিল।
চহৰখন আন্ধাৰে আৱৰি ধৰিছিল। ভূঁইকঁপত বিধ্বস্ত চহৰখনৰ এই অংশত বিজুলী বাতিৰ ব্যৱস্থা এতিয়াও পুনৰ আৰম্ভ কৰিব পৰা হােৱা নাই। ঋষিত জ্বলি জ্বলি শেষ হােৱা মৃতদেহ দুটাৰ ওচৰতে বহি নির্বাক হৈ আছিল। দুচকুৱেদি তাৰ দুধাৰি লােতক বৈ আহিছিল। সি অনুভৱ কৰিছিল এয়া যেন পানী নহয়, বিহ। হঠাৎ পগলাৰ দৰে হৈ উঠিছিল সি। কবৰস্থানত বাগৰি বাগৰি সি কান্দিবলৈ আৰম্ভ কৰিছিল। ৰহমান খুড়া আৰু দেউতাকে নধৰা হ’লে সি জ্বলন্ত মৃতদেহৰ ওপৰত পৰিলেহেঁতেন। সুপ্ত আগ্নেয়গিৰি এটাৰহে যেন বিস্ফোৰণ ঘটিল। ৰহমান খুড়াহঁতে তাক চম্ভালিব পৰা নাছিল। সি ক্ৰমাৎ দুর্দান্ত হৈ উঠিছিল।
: ঋষিদা! —হঠাৎ এখন শীর্ণ হাতৰ স্পৰ্শত ঋষিতে মূৰ তুলি চাইছিল। সি দেখিছিল- মিচু।