তােমাৰ চিৰদিনৰ
নিতিশা।
অনিৰুদ্ধইএতিয়াও থৰ থৰকৈ কঁপি আছে। ঘটনাৰ আকস্মিকতাক সি যেন বিশ্বাস কৰিবই পৰা নাই। সি ধহমহাই চকীৰ পৰা উঠিল৷ সি প্রায় দৌৰি যােৱাদি নাৰ্ছ বিলাক থকা কর্ণাৰটে পালেগৈ। ডিউটি নাৰ্ছক সি তাৰ ৱাৰ্ডৰ ৰেচিডেণ্ট ডাক্তৰৰ নাম সুধিলে৷ নাৰ্ছগৰাকীয়ে কোনোবা এজন নায়াৰৰ নাম ক’লে৷
নহয় নহয়। সি অধৈৰ্য্য হৈ সুধিলে। ই ব্লকৰ সােতৰ নম্বৰ ৰূমৰ ডাক্তৰজনৰ কথা সুধিছো। কোনােবা লেডী ডাক্তৰ আছিল !
: অহ! মেমৰ কথা সুধিছে। তাৰ ৰূমলৈ থকা নাৰ্ছগৰাকীয়ে লগৰজনীক শুধৰাই দিলে— ডাঃ বৰুৱাৰ কথা সুধিছে।
: ডাঃ বৰুৱা। অনিৰুদ্ধ আচৰিত হ’ল
: ওঁ। তেখেতৰ নাম ডঃ এনিশা বৰুৱা। এতিয়া লগ নাপাব। আপােনাৰ ডিচার্জ নােট লিখি তেখেত ইতিমধ্যে গুচি গৈছে। ফোঁপাই জোপাই অনিৰুদ্ধ তাৰ ৰূম পালেহি। ডাঃ নটৰাজন চাৰক এতিয়া সি লগ পাব নােৱাৰে। কাইলৈ পুৱাহে তেওঁ হাস্পতাললৈ আহিব।
অনিৰুদ্ধ ধপকৈ চকীত বহি পৰিল। মূৰটো আচন্দ্রাই কৰি আহিছে। নিতিশাৰ চিঠিখন বুকুত সাৱটি সি নিঃশব্দে উটুপি উঠিল।
পাঁচ
নবীন বহুদেৰিৰ পিছতে হাস্পতাল পাইছিলহি। দুপৰীয়ালৈকে তজবজীয়া হৈ থকা
অনিৰুদ্ধক সি কোঠাত আহি আমন জিমনকৈ বহি থকা দেখিছিল। ভিনিহিয়েকৰ স্বাস্থ্যৰ
পৰিৱৰ্তন দেখি সি নাৰ্চৰ ওচৰলৈ ঢাপলি মেলিছিল। এনেয়েও ডাক্তৰে কোৱা মতে অনিৰুদ্ধৰ
দেহৰ অৱস্থা যথেষ্ট উদ্বেগজনক। অনিৰুদ্ধক লৈ ডাক্তৰ আৰু নাৰ্চ সকলাে ব্যস্ত হৈ পৰিল।
কাইলৈ পুৱা হাস্পতালৰ পৰা ছুটী ল’বলগা ৰােগীজনৰ হঠাৎ স্বাস্থ্যৰ পৰিৱর্তনে সকলােকে
ভবাই তুলিছে।
অনিৰুদ্ধ নিৰুদ্বেগচিত্তে বহি ৰ’ল। নাৰ্ছ আৰু তাৰ খুলশালী নবীনৰ উদ্বিগ্নতা দেখি তাৰ হাঁহিহে উঠিছে। তাৰনাে স্বাস্থ্য কেনেকৈ বেয়া হ’ব পাৰে। সি ইমানদিনে বিচাৰি থকা নিতিশাৰ আজি সন্ধান পাইছে, তাতকৈও জানাে তাৰ ৰােগৰ বাবে ডাঙৰ ঔষধ থাকিব পাৰে। বিছনাতে শুই শুই সি অর্থহীনভাৱে হাঁহি থাকিল।
: কোনােবা চাইকিয়াট্রিছক দেখাওঁক। হাস্পতালৰ ৰেচিডেণ্ট ডাক্তৰে তাৰ ফালে চাই নাৰ্ছক কৈছে। ক্ষন্তেক সময়ৰ ভিতৰতে হঠাৎ ব্যৱহাৰৰ পৰিৱৰ্তন শুভ লক্ষণ নহয়।
নবীনে অলপ ক্রোধেৰে নায়াৰ নামৰ ৰেচিডেন্ট ডাক্তৰলৈ চাইছে। ৰােগীৰ সন্মুখতে এই