নুখুজিলে। তাৰাে সেই কেইদিন বিশেষ ব্যস্ততা নাছিল। তাই কোৱাৰ দৰেই সি আহি তেৰ তাৰিখে এৰিষাৰ হােষ্টেল পালেহি। ৰহমান খুড়াই হােষ্টেল কর্তৃপক্ষক তাৰ ফটো আৰু ঠিকনা ইতিমধ্যে দি দিয়াত আজিকালি গার্জেন হিচাপে এৰিষাক লগ কৰিবলৈ তাৰ অকণাে অসুবিধা নহয়৷
: ইয়েই, আজি আহি গ’লা।-- তাক দেখি তাই কৈছিল।—এটা কাম কৰা, আজি ইয়াৰ হােটেলতে ক’ৰবাত থাকি যােৱা। কাইলৈ আহিবা, আজি মােৰ বিশেষ কাম আছে।
ঋষিত ঘূৰি আহিছিল। দিনটো চহৰখনত ইটো সিটো চাই সন্ধ্যা হােটেলৰ ৰূমত চিনেমা চাই বহি থাকিল সি। পাছদিনা পুৱা অৱশ্যে এৰিষাই তাক হতাশ কৰা নাছিল। সুন্দৰ কাপােৰ পিন্ধি সিদিনা তাই তাৰ সৈতে ওলাই আহিছিল। তাইৰ আব্দাৰত মানি লৈ সি আগদিনা ঘূৰা ঠাইখিনিতে আকৌ ঘূৰিব লগা হৈছিল।
আবেলি সি উঠা হােটেলখনলৈকে সিহঁত দুটা আহিছিল। তাৰ কোঠাত ৱেইটাৰে পৰিৱেশন কৰা সুস্বাদু আহাৰ খাইছিল। দিনটো ঘূৰি ঘূৰি ঋষিতৰ ভাগৰ লাগিছিল। বিছনাখনতে সি সামান্য টোপানিয়াইছিল।
হঠাৎ তাৰ বুকুত সামান্য ভাৰ অনুভৱ কৰি সি সাৰ পাই গৈছিল। সি দেখিছিল তাৰ মুখলৈ নিবিষ্ট মনে চাই আছে এৰিষাই। তেনে কৰোঁতে তাইৰ বুকুৰ উচ্চতাই তাৰ বুকুত সামান্য স্পর্শ কৰিছিল।
: ৰিচা। সি কিবা ক’ব খুজিছিল।
: ন’ টক প্লিজ। --তাই তাৰ ওঁঠযােৰ হাতেৰে বন্ধ কৰি দিছিল। তােমাক আজি মােৰ বিশেষ কথা এটা ক’ব আছে। সেইবাবেই মাতি আনিছোঁ।
কি বুলি ক’ব খুজিও সি ৰৈ গৈছিল।
: মই তােমাক ভাল পাওঁ, ঋষিদা। ইউ আৰ মাই ৱান এণ্ড অনলি ভেলেন্টাইন।
: কিবা কোৱা আক’!– ঋষিতে বহুপৰ একো নােকোৱা দেখি এৰিষাই সুধিছিল।
: ক’বলৈ তুমিয়েই মানা কৰি থৈছা দেখােন!
: এতিয়া ক’ব পাৰা।
: তুমি কোৱা কথাটো বুজিলোঁ। পিছে এই সামান্য কথাটোকে ক’বলৈ মােক জয়পুৰৰ পৰা আনি ইয়াত দুদিন শিবিৰ পতাই নথ’লেওতাে হ’লহেঁতেন। ফোনতাে কৈ দিব পাৰিলাহেঁতেন।
: কনজুচ।