সমললৈ যাওক

পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আগকথা

 

 শৈশৱতে দেখা বহুতবোৰ সপোনৰ এটা অন্যতম সপোন আছিল কেতিয়াবা এখন কিতাপ লিখাৰ। মৌচাকত পঢ়া ডাঙৰ মানুহৰ কাহিনীবোৰ আৰু ‘জেচন’, ‘পৱনৰ ফেণ্টাচীৰ মাজত পাৰ হোৱা মোৰ শৈশৱ আৰু কৈশোৰে যৌৱনত সৰু সুৰা দুটামান কবিতা আৰু গল্পৰ সৃষ্টিত অৰিহণা যোগালে।

 ‘বিচ্ছুৰিত বৰ্ণালী’ত সন্নিবিষ্ট মোৰ লেখাবোৰ মোৰ যৌৱনৰ সোণালী দিনবোৰৰ জীয়া ছবি। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ কৃষি বিজ্ঞানৰ ছাত্ৰ হিচাপে কটোৱা চাৰিটা বছৰ মোৰ প্ৰায়ভাগ কাহিনীৰে জন্মভূমি। বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ সুবিশাল, সেউজ চৌহদত মোৰ কল্পনাই যেন অবাধ বিচৰণৰ বিৰল সুযোগ লাভ কৰিছিল। বিচ্ছুৰিত বৰ্ণালীৰ কাহিনী কেইটা একোটা গল্প বুলি ক'ব নোৱাৰি, চুটি উপন্যাসিকা বুলি ক'লেহে ছাগৈ বেছি খাপ খাব। ছাত্ৰাৱস্থাতে লিখা বহুদিন সিঁচৰতি হৈ থকা কাহিনীকেইটা একেলগ কৰি কিতাপৰ আকাৰ দিয়াত মোতকৈ মোৰ পৰিবাৰ পিংকি বৰুৱাৰ অহিৰণা বহু বেছি। তেওঁৰ নেৰানেপেৰা আবদাৰ নোহোৱা হ'লে আজি এই ‘আগকথা’ লিখাৰো সুযোগকণ নোলালহেঁতেন।