তাৰ ডিঙিত আঁকোৱালি ধৰিছিল। অনুলেখে উপায়ান্তৰ হৈ তাইক দাঙি নি বিছনাত শুৱাই দিছিলগৈ। নিজৰ বিছনাৰ কোনােদিন আঠুৱা খুচি নােপােৱা অনুলেখে কিন্তু সেই প্রচণ্ড নিচাৰ মাজতো শ্বেমিমৰ আঠুৱাখন খুচি দিবলৈ পাহৰা নাছিল। ব্লেংকটখনেৰে তাইৰ শৰীৰটো ভালকৈ ঢাকি দি সি বিছনাৰ পৰা নামি আহোতেই ঘটিছিল সেই অদ্ভুত অপ্রত্যাশিত ঘটনাটো৷
: অনুলেখ!— হঠাৎ শ্বেমিমে তাক বজ্রলেপৰ দৰে সাৱটি ধৰিছিল। তাইৰ দুবাহুৰ বন্ধনত নিচাসক্ত অনুলেখ প্রায় অসহায় হৈ পৰিছিল।
: প্লিজ! শেমিম!— সি কাকুতি কৰি কৈছিল— ডন্ট বি ক্রেজী ! লিভ মি!
: অই এম ক্রেজী। শ্বেমিমে আৰু ওপৰত উবুৰি খাই পৰি হেঁচা মাৰি ধৰিছিল। তাৰ মুখখন তাইৰ কোমল বুকুৰ উষ্ণতাত ডুবাই পেলাইছিল। পাগলীৰ দৰে তাই তাৰ কপাল, চকু আৰু ওঠত চুম্বন কৰিবলৈ আৰম্ভ কৰিছিল।
: প্লিজ শ্বেমিম!—কথমপি কৈ উঠিছিল অনুলেখে। উত্তৰত শ্বেমিমে তাৰ ওঁঠযোৰ নিজৰ ওঁঠৰ মাজত বন্দী কৰি থৈছিল। সি আৰু একো ক’ব নােৱাৰিলে।
ধহমহকৈ বিছনাৰ পৰা উঠিল অনুলেখ। দিনৰ পােহৰত তাৰ অর্ধনগ্ন শৰীৰটো চাই সি প্রচণ্ড লাজ পাই গ’ল। খৰধৰকৈ সি তাৰ কাপােৰবােৰ পিন্ধি পেলালে। শ্বেমিমৰ সন্মুখত ওলাবলৈ তাৰ যে এতিয়া কিমান লাজ লাগিব । তায়াে চাগৈ খুউব লাজ পাব। শ্বেমিম সম্ভৱতঃ বাথৰূমলৈ গৈছে। কালি ৰাতিটো সিহঁত দুটা পতি-পত্নীৰ দৰে একেখন বিছনাতে শুলে কিজানি।
অলপ দেৰি অপেক্ষা কৰিলে সি। বাথৰূমৰ পৰা কোনাে শব্দ অহা নাই। ঘড়ীটোলৈ চালে সি, পুৱা দহ বাজিছে। তাৰ ইউৰিনেললৈ যােৱাৰ প্রবল ইচ্ছা হৈছে। সি লাহেকৈ বিছনাৰ পৰা উঠি চপ্পলযোৰ পিন্ধি বাথৰূমৰ ফালে গ’ল। বাথৰূমৰ দুৱাৰখন অলপ মেল খাই আছিল। তাৰ মানে শ্বেমিম বাথৰুমত নাই। সি বহু দেৰিলৈ বাথৰূমত সােমাই থাকিল। পুৱাৰ প্রাতঃকার্যখিনি কৰি সি টাৱেলেৰে গা মচি মচি বাহিৰ ওলাওঁতে সন্ত্রস্ত নয়নেৰে শ্বেমিমক দেখে নেকি চালে। নাই, তাইৰ কোনাে খবৰ নাই।
এইবাৰ অলপ সাহ গােটাই সি ড্রয়িং ৰূম পালেগৈ। তাৰ পিছত গেষ্টৰূম। অৱশেষত সি ভাবিলে তাই চাগৈ কিচ্চেনত সােমাই পুৱাৰ জলপান তৈয়াৰ কৰাত লাগিছে। সি কিচ্চেনলৈ সােমাব নে নােসােমায়, এক মুহূর্তত ভাবিলে। কিয় জানাে এই মুহূর্তত তাইক এবাৰ চকুৰে চোৱাৰ খুউব হেঁপাহ হৈছে তাৰ। সি আৰু বেছি নাভাবি কিচ্চেনলৈ সােমাই গ’ল।
ইয়াতাে নাই।— অনুলেখ দস্তুৰমত আচৰিত হ’ল। তেনেহ’লে তাই ক’লে ? সি এইবাৰ খৰখােজে ড্রয়িং ৰূম পালেহি। ফ্লেটৰ দুৱাৰখন টানি চালে। খােল খাই গ’ল। এনেয়ে জপাই থোৱা আছিল।
অনুলেখ হতভম্ব হ’ল। শ্বেমিমে এইদৰে তাক তাইৰ ফ্লেটত এৰি কলৈ গ’ল বাৰু! নে কিবা বজাৰ-চজাৰ কৰিবলৈ ! এনেকুৱাতাে হ’ব পাৰে পুৱাৰ জলপানৰ বাবে তাইৰ ৰূমত একো যােগাৰ নাছিল।
অনুলেখ কাষৰে ছােফা এখনত বহি পৰিল। তেতিয়াহে তাৰ চকু গ’ল চেণ্টাৰ টেবুলখনত কাগজ এখন পেৰাৰ ৱেইটেৰে হেঁচা মাৰি থােৱা আছে। সি কাগজখন আনি চকুৰ আগত মেলি ধৰিলে। সি দেখিলে সেইখন এখন চিঠি। তাকেই উদ্দেশ্যি শ্বেমিমে লিখি গৈছে। উৰ্ধশ্বাসে সি চিঠিখন পঢ়ি গ’ল।
‘মৰমৰ অনুলেখ,