পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/১২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 মনে মনে খং উঠি গ’ল যদিও ছােৱালীজনীৰ স’তে চিনাকি হােৱাৰ এক গােপন বাসনাই কিন্তু মােক জোকাৰিবলৈ আৰম্ভ কৰিছিল। এতিয়া বিছনাৰ পৰা উঠি যাবলৈকে ভাল লগা নাই। তথাপি বিছনাৰ পৰাই ছােৱালীজনীৰ কথা শুনিবলৈ মই উদগ্রীৱ হৈ ৰ’লোঁ।

 বেছি পৰ অৱশ্যে ৰ’ব লগা নহ’ল। অলপ পিছতে হাৰমনিয়াম আৰু ক্লাছিকেল সংগীতৰ দ্বৈত আক্রমণে মােৰ দুয়ােখন কাণ বিধ্বস্ত কৰিলেহি। মিউজিকত মােৰ ৰাপ নােহােৱা নহয়। কিন্তু ক্লাছিকেল মিউজিকৰ একো মাথামুণ্ড মই বুজি নাপাওঁ। বাইদেউকো কথাটো মই প্ৰায়েই কওঁ। তাই হাঁহে, ‘গৰুৱে টোকাৰিৰ কি মূল বুজিবি’- তেনেকুৱা ধৰণৰ অৰ্থত।

 টোপনি আৰু নাহে। শুই থাকি মিছামিছি গা বিষােৱাতকৈ টেবুলৰ পৰা টান মাৰি ‘বিস্ময়’ খনকে আনি ল’লোঁ। বিছনাতে লাগি থকা ৱালখনত গাৰু দুটা দি আৰামকৈ আঁউজি লৈ আলােচনীখনৰ পাত লুটিয়াই থাকিলোঁ। দহ-পােন্ধৰ মিনিটমান হৈছিল কিজানি। মই জীমণি চৌধুৰীৰ উপন্যাস এখনৰ শেষ পৃষ্ঠা পাইছিলােগৈ। মােৰ গালত কেইটামান পানীৰ টোপাল ছিটিকি পৰিছিলহি।

 বাহিৰলৈ চালোঁ। আকাশত এজাক ক’লা ঘোঁৰা। যেন যুদ্ধৰ প্রস্তুতি। খন্তেক পিছতে দোপালপিটা বৰষুণ হ’ব বােধহয়। ইতিমধ্যেই চিপ চিপ বৰষুণৰ ছন্দ মােৰ কোঠাৰ খিৰিকীৰ গ্লাছত। খিৰিকীখন বন্ধ কৰি দিলোঁ।

 চাহ কাপৰ প্ৰয়ােজনীয়তা তীব্রভাৱে অনুভৱ কৰিছোঁ। নিজে কৰি খােৱাৰ মানসিকতাৰ প্রশ্নই নুঠে। আৰু আধা ঘণ্টাৰ কমত যে বাইদেউৱে সেই হাৰমনিয়ামডাল এৰি আহিব আশা কম। উপায় বিহীন হৈ কোঠাৰ টিভিটোকে অন কৰি ল’লোঁ।

 ই এল টিভিৰ চেনেলত কোনােবা এটা ৱেষ্টার্ন মিউজিক প্রগ্রেম। দীঘল দীঘল চুলি আৰু বিভিন্ন ছবি অঁকা ড্রেছেৰে পপ্ গায়কৰ সুকীয়া আইডেনটিটি। বৰষুণৰ এই সেমেকা আবেলিত দেহ মন উত্তাল কৰা সংগীত! কি অপূর্ব। বৰষুণজাক অলপ ডাঙৰ হৈ আহিছিল। মই টিভিৰ ভলিউম বঢ়াই দিলোঁ।

 : এক্সকিউজ মি! - দুৱাৰৰ ফাঁকেৰে সােমাই আহিল এখন ধুনীয়া, গুলপীয়া মুখ। বব কটা জপৰা চুলিৰে ঢাকি ৰাখিছিল তাইৰ মােহনীয় ডিঙি, দুই এডাল অবাধ্য চুলিয়ে আমনি কৰি আছিল তাইৰ অতীব সুন্দৰ এযোৰ টনা টনা চকু।

 : ইফ ইউ ডন্ট মাইণ্ড৷ - তাই এবাৰ সুন্দৰকৈ হাঁহিলে আৰু তাৰ পিছত টিভিটোলৈ আঙুলিয়াই ক’লে— উই আৰ গেটিং এ লিটল ডিচটাৰবেঞ্চ।

 : অহ ছৰি। মই জাঁপমাৰি উঠি গৈ টিভিটো অফ কৰি ক’লোঁ- নেভাৰ মাইণ্ড প্লিজ।

 : আই উইল ডেফিনেটলি মাইণ্ড ইট। তাই আকৌ এবাৰ ধুনীয়াকৈ হাঁহিলে। তাৰ পিছত টিভিটো পুনৰ অন কৰি ক’লে—ইউ জাষ্ট ৱাটছ ইট, বাট ইন এ মাইল্ড ডলিউম। – তাৰ পিছত তাইৰ সুন্দৰ আঙুলিকেইটাই এটা বিশেষ ভংগীমা দি ক’লে— জাষ্ট ফৰ ফিফটিন মিনিটছ।

 তাই বাইদেউৰ ওচৰলৈ উভতি গ’লগৈ।

 মই বিছনাতে বহি থাকিলোঁ। সন্মুখৰ টিভিৰ পৰ্দাত দেহমন উত্তাল কৰা পশ্চিমীয়া সংগীত। অত্যাধুনিক মিউজিক ইন্সট্রুমেণ্টৰ দ্বাৰা সৃষ্ট বিভিন্ন সুৰৰ ঐক্যতান। তথাপি মই প্ৰগ্ৰেমটোত অকণাে মনােযােগ দিব পৰা নাই। মােৰ মনটো বাৰে বাৰে যেন সা-ৰে-গা-মা-ৰ মাজত হেৰাই যাব খুজিছে।

বিচ্ছুৰিত বৰ্ণালী » ১০