পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বান্ধি ৰাখিছে। গুৱাহাটী অফিচত যােগ দিয়াৰ দুদিন পিছতে সি চিঠিখন পাইছিল। উশাহ নােলােৱাকৈ খামটো ফালি চিঠিখন ওলাইছিল সি৷ হয়! হয়! সেইখন নিতিশাই লিখিছে৷ তাই লেখা প্ৰতিটো শব্দ সি বহুল দুচকুৰে পঢ়ি গ’ল। উস! মূৰটো আকৌ ফাটি যাব যেন লাগিছে।

 নিতিশাক জোৰ জবৰদস্তি বিয়া দিয়া হৈছে। অনিৰুদ্ধক নামচিৰ ঘৰত মাৰপিট কৰাৰ কেইদিনমান পিছতে হেনাে নিতিশাৰ দেউতাকৰ পচন্দৰ ল’ৰা এজনৰ সৈতে তাইক বিয়া হ’বলৈ বাধ্য কৰা হ’ল। নিতিশাই ঘৰ এৰি পলােৱাৰ বাবে আপ্ৰাণ চেষ্টা কৰিছিল। সেই কাৰ্যত সফল হ’ব নােৱাৰি তাই আত্মহত্যাৰ চেষ্টা কৰিছিল। কিন্তু নিতিশাৰ মাকে তাইৰ সন্মুখত তেওঁৰ স্বামী অর্থাৎ নিতিশাৰ দেউতাকৰ জীৱনৰ বাবে যিদিনা তাইৰ সন্মুখত হাত যােৰ কৰি থিয় হ’ল, সেইদিনা আৰু তাই পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হ’ল। মাকে কৈছিল তই জান ! দেউতাৰাই তােক কিমান ভাল পায়। তই পলাই গ’লে বা তােৰ কিবা এটা হ’লে দেউতাৰাও জীয়াই থাকিব নােৱাৰিব। তই মােৰ শিৰৰ সেন্দুৰকণ মচি নেপেলাবি!

 অনিৰুদ্ধৰ আক্ষেপ কৰিবলৈও যেন একো সুযােগ নাছিল। নিতিশা আৰু সি দুয়ােটাই যেন মাকৰ মৰমৰ বান্ধোনত থাকি নিজৰ প্রেমাস্পদক বিসর্জন দিবলগা হ’ল। সিয়েই আজিলৈ মাকৰ শপতৰ নিতিশাক বিচাৰি যাব নােৱাৰিলে, নিতিশাৰ পৰা সিনাে কেনেকৈ আশা কৰিব পাৰে।

 ঘটনাবােৰ যে ইমান তড়িৎ গতিত ঘটিছিল। অনিৰুদ্ধই ভিতৰৰ পৰা যেন একেবাৰে মৰি গৈছিল। যন্ত্রৱৎ সি অফিচলৈ গৈছিল। মাকে তাৰ পৰিবর্তন দেখি খুউব চিন্তিত হৈছিল। তাৰ সন্মুখত তাক প্রবােধ দিলেও সি কিন্তু জানিছিল মাকে তাৰ পৰা লুকাই কান্দি থাকে। মাকৰ ওখহা চকু আৰু সেমেকা গাল তাৰ দৃষ্টিৰ পৰা সাৰি যােৱা নাছিল।

 নিতিশাৰ আৰু একো খবৰ পােৱা নাছিল। অজ্ঞাত কাৰণত তাই অনিৰুদ্ধহঁতৰ কোম্পানীৰ চাকৰিটো ইস্তফা দিছিল। চার্গেই কৈছিল— স্বামীৰ ব্যৱসায় সূত্রে নিতিশা কলকাতাৰ কোনােবা ঠাইত থাকিবলৈ লৈছিল। চার্গেই বহুত চেষ্টা কৰিও তাইৰ মাকৰ ঘৰ বা শহুৰেকৰ ঘৰৰ পৰা তাঁহতৰ কলকাতাৰ ঠিকনা উলিয়াব নােৱাৰিলে। নিতিশাহঁতৰ ফোন নম্বৰো সলনি হ’ল, চার্গেই তাইৰ নতুন নম্বৰটো অনিৰুদ্ধক দিব পৰা নাই৷

 অনিৰুদ্ধ যেন বাকহীন এক মূর্তি হৈ গ’ল। নিতান্ত প্রয়ােজন নহ’লে সি একো কথা নপতা হ’ল। সি কোম্পানীৰ কামৰ মাজত নিজকে ডুবাই দিলে। মাকে ছাগৈ সি পগলা হ’ল বুলি ভাবিছিল। মাকৰ দুচকুত শংকা আৰু সংশয়ৰ চাৱনিত সি নিজকে খুউব দোষী অনুভৱ কৰিছিল। কিন্তু সি যে নিৰুপায়। তেনেকৈ দুটা বছৰ বাগৰিছিল। অনিৰুদ্ধই নিতিশাৰ একো খবৰ পােৱা নাছিল। ফেচবুকতাে তাইৰ একাউণ্ট বহুদিন আগতেই নিস্ক্রিয় হৈ গৈছে। ই মেইল এড্রেছ লৈ সি বাৰে বাৰে মেইল পঠায়। সি জানে এই সকলােবােৰ মেইল ডেলিভাৰী নােহােৱাকৈ ঘূৰি আহিব। তথাপি এটা ক্ষীণ আশাত এতিয়াও সি তাৰ বুকুৰ বেদনাবােৰ লিপিবদ্ধ কৰি নিতিশালৈ মেইল পঠায়। ’ম’ তিমিলাই মায়া গৰছু!’ সকলাে মেইলৰে চাবজেক্ট একেটাই।

 অৰ’ভিলেত লগ পােৱা ছােৱালীজনী বাৰু ক’ৰ পৰা আহিছিল। প্রশ্নটো তাৰ মূৰৰ মাজত পাক ঘূৰণি খাই থাকিল। নিতিশাক শেষবাৰৰ বাবে লগ পােৱাৰ পৰা এতিয়া আঠাইশটা বছৰ হ’ল। আঠাইশ বছৰৰ পিছত নিতিশাজনী দেখিবলৈ একেই হৈ থাকিব পাৰে বুলি তাৰ বিশ্বাস হােৱা নাই। কিন্তু অৰ’ভিলেত দেখা ছােৱালীজনী যে সাইলাখ নিতিশাই আছিল!

 অনিৰুদ্ধহঁত চেন্নাইৰ পৰা অহা তিনি মাহহে হৈছিল। সি সিদ্ধান্ত ল’লে সি আকৌ চেন্নাইলৈ যাব।

বিচ্ছুৰিত বৰ্ণালী » ৯৬