পূৰাব নোৱাৰিলে সেয়ে অলপ আগতে সি কেমেৰাটো লৈ ৰ’ক বীচ্ছলৈ ওলাই গৈছে। সূৰ্য্যাস্তৰ আগৰ আৰু পিছৰ সময়খিনি আজি হেনো সি বন্দী কৰিবই। অনিৰুদ্ধই ৰুমৰ এয়াৰ কণ্ডিচনাৰটো বেছি শীতলভাৱে ৰাখি গাত ব্লেংকেট লৈ বিচনাত পৰি থাকিল।
অনিৰুদ্ধই কালি অৰভিলেত লগ পোৱা ছোৱালীজনীৰ কথাই ভাবি আছে। নিতিশাক যেতিয়া সি গেংটকত প্ৰথম লগ পাইছিল, ঠিক এনেকুৱাই আছিল। একেই মাখন বৰণৰ শৰীৰ, প্ৰায় একেই উচ্চতা, একেই হৰিণী চাৱনি।
ইমানদিনে বুকুত কবৰ দি ৰখা ভাৱবোৰ যেন মূৰ দাঙি থিয় হৈ উঠিল। বহু যত্ন কৰি সি নিতিশাৰ স্মৃতিক ভেটা দি ৰাখিছিল। কিন্তু কালি দেখা সেই অচিনাকী ছোৱালীজনীয়ে তাৰ অতি চিনাকি আৰু পুৰণি মুহুৰ্তবোৰ যেন আকৌ তাৰ সন্মুখত থিয় কৰাই দিলেহি।
ফেব্ৰুৱাৰী মাহৰ ঠাণ্ডা আছিল তেতিয়া। ফেৰফেৰীয়া বতাহ জাকে গেংটকৰ ঠাণ্ডা যেন আৰু বেছি ব্যাপক আৰু তীক্ষ্ণ কৰি তুলিছিল। চিপচিপীয়া বৰষুণ পৰি আছিল। অনিৰুদ্ধই ছাতিটো মেলি লৈ এম জি মাৰ্গেৰে অফিচলৈ খোজ কাঢ়ি গৈ আছিল।
: গুড মৰ্নিং! হঠাৎ ক’ৰবাৰ পৰা দৌৰি আহি কোনোবা এটাই তাৰ কান্ধত হাত থৈছিলহি। সি দেখিলে সেইটো চাৰ্গেই।
: মৰ্নিং! অনিৰুদ্ধ সহাঁৰি জনালে৷ ইমান ঠাণ্ডা নহয়?— সি ক’লে।
: কোনটো ঠাণ্ডাৰ কথা কৈছা? চাৰ্গেই তাক খোচ মাৰি ক’লে বতৰৰ ঠাণ্ডা নে আপোনাৰ এফেয়াৰৰ ঠাণ্ডা।
: মোৰ এফেয়াৰ! —অনিৰুদ্ধই কৃত্ৰিম খঙেৰে চাৰ্গেইলৈ চালে কিনো কয়হে? মই এই চবত এতিয়া নাই।
: এতিয়া নাই মানে আগতে আছিলতো চাৰ্গেই যেন সুবিধাটো ঠিক বিচাৰি পালে। বাই দি ৱে, নিতিশা কিন্তু আজিকালি ঠাণ্ডা হৈ গৈছে। এইটোও কি বতৰৰ ঠাণ্ডাৰ প্ৰভাৱ? চাৰ্গেই চকু নচুৱাই ক’লে।
: মই কেনেকৈ জানিম? অনিৰুদ্ধই ক’লে। আৰু মোৰ বেলেগৰ ব্যক্তিগত কথাত মূৰ ঘমাবলৈ কোনো দৰকাৰ নাই।
: অহ! ধোঁৱাৰ গোন্ধ পাইছো। বৰষুণৰ পৰা বাচিবলৈ অনিৰুদ্ধৰ কাষ চাপি আহি চাৰ্গেই ক’লে মই অনুমান কৰাটো তেন্তে সত্য। আপোনাৰ খং আৰু অভিমান দেখিয়েই নিতিশা একেবাৰে জয় পৰি গৈছে। যোৱা সপ্তাহৰ পৰা আপোনাক অফিচত অত্যন্ত গহীন আৰু নিজৰ টেবুলত আবদ্ধ হৈ থাকোতেই বুজিছিলো চামথিং ইজ ৰং। ক’ৰবাত জুই একুৰা জ্বলিবই লাগিব!
: ধ্যে এইডাল! অনিৰুদ্ধই কৈ উঠে। বৰষুণটো অলপ বেছিকৈ দিবলৈ আৰম্ভ কৰিছে। সিহঁতে খৰখেদাকৈ অফিচত গৈ উপস্থিত হ’ল।
অনিৰুদ্ধই অফিচত আহি পোৱাৰ পাছত নিজৰ কামত মগ্ন হৈ পৰিল। দিল্লী অফিচৰ পৰা ইটোৰ পাছত সিটোকৈ ফোন আৰু ই মেইল আহি থাকিল। কামৰ মাজতে তাৰ কাণত চাৰ্গেইৰ কথা কেইটাও অনুৰনিত হৈ থাকিল। নিতিশাক এই কেইদিন সি দেখাই নাই। তাইৰ পৰা দূৰে দূৰে থকাৰ বাবে সি
একো গম পোৱা নাছিল। কিন্তু চাৰ্গেইৰ কথাবোৰ শুনি তাইক এবাৰ চাবলৈ মনটো উদগ্ৰীব হৈ
বিচ্ছুৰিত বৰ্ণালী >> ৮৭