বাইদেৱে এইকেইদিন মোক অকণো টান মাত দিয়া নাই। আনকি জোকোৱাও নাই মােক। কি জানি মই যাবৰ সময়ত তাইক বেয়া পাওঁ । তাইৰ এই অৱস্থাটো খুউব উপভোগ কৰাে মই। ছোৱালীবোৰ সঁচাকৈ খুউব ইম’ছনেল হয় নেকি বাৰু!
বর্ণালীয়ে আৰু মই যাব ওলােৱা কথাটো কেনেদৰে লৈছে। তাই চাগে পাত্তাই দিয়া নাই। যিহে আলট্রা মডাৰ্ন ছােৱালী, সৰু সুৰা ইম’ছনক আশ্ৰয় দিয়াৰ কথা কল্পনাই কৰিব নােৱাৰি।
সিদিনা আবেলি চাহ খাই থাকোঁতেই বাইদেৱে ক’লে চিন্ময়, বর্ণালীৰ ঘৰৰ পৰা এপাক নাহগৈ নেকি ?
তাই নােকোৱা হ’লেও মই গ’লোহেতেন। তথাপি তাইৰ উৎসাহ দেখি মই আনন্দিত হ’লোঁ। আবেলিৰ চাহ কাপ খায়েই মই বৰ্ণালীহঁতৰ ঘৰলৈ খােজ ল’লোঁ।
অ’,এন, জি, চি, কলনিৰ সুদৃশ্য পকী ৰাস্তাবােৰ তেতিয়া সাক্ষ্য ভ্ৰমণকাৰীৰে ভৰি পৰিছিল । যেন গাঁতৰ পৰা ওলাই অহা জাকে জাকে পৰুৱাহে। দিনটোৰ পৰিশ্ৰম আৰু গেলা গৰমৰ পাছত দিনটোৰ এই বহু প্রত্যাশিত সময়খিনি যেন কোনােৱেই এৰি দিব নােখােজে।
আমাৰ আগে আগে এজাক ১৩-১৪ বছৰীয়া ছােৱালী। টিন এজাৰ। বিভিন্ন ৰঙৰ পােছাক পিন্ধি চঞ্চলা হৰিণীৰ খােজত সিহঁত গৈ আছিল। তাৰেই প্রায় প্রত্যেকেই বর্ণালীক চিনি পায়। বাইদেউ বুলি মাতে তাইক। এইকেইদিন বর্ণালীৰ সৈতে দেখি দেখি মােকো চিনি পােৱা হৈছে। খুব সম্ভৱ সিহঁতে আমাৰ সম্পৰ্কটো প্রেম সম্পৰ্কীয় বুলিয়ে ধৰি লৈছে। ক্ষীণ হাঁহি এটা মােৰ ওঁঠত টৌ খেলি গ’ল।
: চিন্ময়দা, সৌ বাগিচাৰ ৰাস্তাটোৰে যাওঁ ব’লা। এইফালে একদম ভাল লগা নাই। বর্ণালীয়ে প্রস্তাৱ দিলে।
মােৰাে ভাল লগা নাছিল। অন্ততঃ আজিৰ সন্ধ্যাটো মই বৰ্ণালীক নিবিড়ভাৱে লগ পাব খুজিছিলোঁ। গতিকে মুখ ফুটাই ক’লোঁ- ব’লা, মােৰাে দেখােন ইমান সমাগম ভাল লগা নাই।
আমি বহুদূৰ আগুৱাই গ’লোঁ-বাগিচাৰ ৰাস্তাটোৰে। ছাইৰঙী আন্ধাৰবােৰ তেতিয়া বাগিচাৰ শিৰীষ গছবােৰত থােপাথােপে ওলমিবলৈ আৰম্ভ কৰিছিল। পাহাৰীয়া নদীত খৰালি ওলাই থকা শিলাখণ্ডৰ দৰে চাহ গছবােৰে আন্ধাৰৰ মাজত মূৰ দাঙি থিয় হৈ আছিল। আৰু আমি শিল দিয়া, ৰঙা ইটাগুড়ি ছটিওৱা সেই ঠেক ৰাস্তাটোৰে প্রায় গাত লগা-লগিকৈয়ে লাহে লাহে খােজকাঢ়ি গৈ আছিলোঁ।
বর্ণালীয়ে বাৰু একো কোৱা নাই কিয়? নে মােৰ বিচ্ছেদ তাই সহ্য কৰিব পৰা নাই? ওঁহাে, তেনেকুৱাতাে একো হ’ব নালাগে। তাইতাে আজিলৈকে মােক বন্ধুত্বৰ বাহিৰে আন একো সম্বন্ধৰ কথা কোৱা নাই আৰু বন্ধুত্বৰ বিচ্ছেদৰ বাবে...। হ’ব পাৰে। বন্ধুত্বৰ এই অনিবাৰ্য্য বিচ্ছেদে তাইৰ অন্তৰ গধুৰ কৰি তােলাটো একো অস্বাভাৱিক কথা নহয়। কৈ দিওঁ নেকি বর্ণালীক মােৰ ভিতৰত চলি থকা ধুমুহজাকৰ কথা৷ ইমান ফটফটাই থকা ছােৱালীজনীয়ে এনেকুৱা এটা ছিৰিয়াছ কথা বাৰু কেনেকৈ ল’ব? নে মােক গল্প লিখিবলৈ কোৱা সেই প্রেম ভিক্ষাৰী ডেকাকেইটাৰ চৰিত্ৰৰ সতে মােৰ চৰিত্ৰৰ কোনাে পার্থক্য নাই বুলি বুজি মােৰ বন্ধুত্বকো অপমান কৰিব। হয়তাে মােৰ লগতে বাইদেউৰ ওচৰলৈ গৈ হাঁহি হাঁহি ক’ব আজি বাইদেউ কি হ’ল জানে, বাগানৰ ৰাস্তাত চিন্ময়দাই...
: চিন্ময়দা, কালিলৈ তুমি যাবাগৈ ? হঠাৎ মৌনতা ভংগ কৰি তাই সুধিলে।
: যাবতো লাগিবই। মই ক’লাে - ১১ তাৰিখে এডমিশ্যন।