তাৰ ছুটীৰ ব্যৱস্থা কৰিবলৈ গৈ সেই কেইটামান মিনিটৰ ভিতৰতে আহি এয়াৰপৰ্ট পাইছিলহি। দৌৰি গৈ সি কাউন্টাৰৰ সন্মুখত থিয় হৈছিল।
: মই এতিয়াই আহমেদাবাদলৈ যাব লাগে, কাউন্টাৰৰ ছােৱালীজনীলৈ চাই সি কৈছিল, আহমেদাবাদলৈ যােৱা এতিয়া ফ্লাইট আছেনে?
: ছাৰ, আহমেদাবাদলৈ সকলাে ফ্লাইট কেনচেল কৰা হৈছে নহয়, শুনিছেই নহয় তাত আৰ্থকুইক...
: শুনিছোঁ, শুনিছোঁ । সি ধৈৰ্য্য হেৰুৱাই কৈছিল—মই এতিয়াই আহমেদাবাদলৈ যাব লাগে, প্লিজ কিবা এটা কৰকনা। ঋষিতে অনুনয়ৰ সুৰত কৈছে।
: ছাৰ। ছােৱালীজনীয়ে ঋষিতৰ মুখলৈ চাইছিল। তেওঁ বুজিলে, ঋষিতৰ কোনােবা আত্মীয় নিশ্চয় আহমেদাবাদত আছে।
ঋষিতে ম’বাইলেৰে ৰেলৰ খবৰ লৈছিল। তাৰ পিছত সি কাউন্টাৰ সন্মুখত বেঞ্চিতে হতাশ হৈ বহি পৰিছিল। আহমেদাবাদ যােৱা সকলাে ট্রেইন হেনাে বাতিল কৰা হৈছে।
পাঁচ
পিছদিনাখন আহমেদাবাদলৈ ফ্লাইট পুনৰ আৰম্ভ হৈছিল। প্রথমটো ফ্লাইটতে সি আহমেদাবাদ পাইছিলগৈ। আকাশৰ পৰাই আহমেদাবাদ চহৰৰ ভগ্নস্তুপবােৰ দেখি তাৰ বুকুখনে হাহাকাৰ কৰি উঠিছিল৷ সি ভগৱানক উদ্দেশ্যি প্রার্থনা জনাইছিল।— হে ভগৱান, এৰিষাৰ যেন একো নহয়! এয়াৰপৰ্টৰ পৰা ওলায়েই ঋষিতে টেক্সী এখন লৈছিল। তাৰ অবিন্যস্ত পােছাক আৰু চেহেৰা দেখি ড্রাইভাৰজনে তালৈ কৰুণ দৃষ্টিৰে চাইছিল। সি বুজিছিল এই মানুহজনেও চাগৈ কাৰােবাক হেৰুৱালে।
: ছাৰ, কলৈ যাব।— সি গুজৰাটীতে সুধিছিল।
: এন. আই. ডি. হােষ্টেল। ঋষিতে কৈছিল।— সােণকালে ব’লা ভাই। এন. আই. ডি. ৰ কিবা হৈছে নেকি তুমি জানানে! সি উৎকণ্ঠাৰে সুধিছিল।
: নাঃ বাবু। এন আই ডি ঠিকে আছে। ড্রাইভাৰজনৰ কথাত তাৰ বুকুখন সামান্য পাতল লাগিছিল।
হােষ্টেলৰ সন্মুখত টেক্সীখনৰ পৰা নামিয়েই ঋষিত দৌৰি দৌৰি সােমাই গৈছিল হােষ্টেলৰ কেম্পাছত। গেটত তাৰ পৰিচয- পত্র চাবলৈ সিদিনা কোনাে নাছিল। ভূঁইকঁপ বিধ্বস্ত চহৰখনত এক ব্যাপক অৰাজকতাৰ সৃষ্টি হৈছে। অধৈৰ্য্যভাৱে সি বার্ডেনৰ কোঠাৰ কলিং বেল বজাইছিল। মহিলা ৱার্ডেনগৰাকী ওলাই আহি সন্মুখত তাক দেখি যেন সন্ত্রষ্ট হৈ উঠিল।
: মেডাম। — সি কোনাে পাতনি নেমেলাকৈ ক’লে— এৰিষা আছেনে?
বহক।— তাৰ কথাৰ উত্তৰ নিদি মানুহজনীয়ে তাক বহিব দিছিল। তাৰ পিছত তালৈ চাই কিবা এটা কওঁ কওঁ কৰি থাকিল।
: মেডাম, এৰিষা? সি আকৌ সুধিছিল।
তাইৰ একো হােৱা নাই৷ ৱাৰ্ডেনগৰাকীয়ে কৈছিল— আপুনি এতিয়া ৰাজস্থানৰ পৰা আহিছে?
: নহয়। দিল্লী। সেইবিলাক বাদ দিয়ক। আগতে কওক, এৰিষা ক’ত? তাৰ ধৈৰ্য্যচ্যুতি ঘটিছিল—