পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চেষ্টা কৰি লাইটৰ চুইচটো খেপিয়ালে। সি দেখিলে ভৰিৰ ফালে থকা অস্পষ্ট শৰীৰটো তড়িৎ গতিত ৰূমৰ পৰা ওলাই গৈছে। অনিৰুদ্ধই বিছনাৰ পৰা নামি দুৱাৰ খুলি কৰিডৰলৈ ওলাই আহিল। বাহিৰত কেইবাজনাে ডাক্তৰ আৰু বহু কেইগৰাকী নাৰ্ছ অহা যােৱা কৰি আছিল। অনিৰুদ্ধ ওলাই অহা দেখি তাৰে এগৰাকী নাৰ্ছে তাক ধৰি আকৌ ৰূমলৈ লৈ গ’ল। অনিৰুদ্ধ আকৌ তাৰ বিছনাৰ কাষলৈ আহিল। তাৰ আকৌ শুবলৈ মন নগ’ল। চকীখন টানি সি বিছনাৰ কাষতে বহিলে। সি দেখিলে তাৰ বিছনা কাষৰ টেবুলখনত এটা বন্ধ খাম থােৱা আছে। সি খামটো তুলি ল’লে। খামৰ ওপৰত তাৰেই নাম লিখা আছে।

 : হাস্পতালৰ ৰিপ’ৰ্ট হ’ব পায়। সি খামটো খােলােতে ভাবি থাকিল। খামৰ ভিতৰত কেইবাটাও পৃষ্ঠা আছিল। সি চকুৰ আগত মেলি ল’লে।

 : অহ, গড! তাৰ মুখেৰে ওলাই আহিল। এইখন দেখােন এখােন চিঠি। সি আখৰখিনি তৎক্ষণাৎ চিনি পালে। উশাহ বন্ধ কৰি সি চিঠিৰ শেষত লিখা নামটো চালে! হয়! হয়! চিঠিখন দেখােন নিতিশাই লিখিছে।

 মৰমৰ অনি,

 আশা কৰাে ভালে আছা। বহুদিন তােমাৰ পৰা লুকাই থাকিলাে। মই জানাে, তুমি সদায়ে মােক বিচাৰি ফুৰিছা। কলকাতাত তুমি মাজে মাজে পগলাৰ দৰে ঘূৰি ফুৰা বুলি মই জানাে, তােমাৰ পৰা লুকাই থাকিবলৈ মই বৰ সাৱধানেৰে চলাচল কৰিবলগা হয়। মই কিন্তু তােমাৰ খবৰ পাই থাকো, মােৰ বিশ্বস্ত বন্ধু এতিয়াও তােমাৰ কোম্পানীত আছে।

 তুমি হয়তাে ভাবা, মইনাে তােমাক এনেকৈ কিয় শাস্তি দিছাে। আচল কথা কি জানা, মই নিজকেহে শাস্তি দিছো। মােৰ জীৱনত লগ পােৱা তুমি এজন দেৱতা, তােমাক ভালদৰে পূজিব নােৱাৰিলাে। মােৰ বাবেই তুমি চিৰদিনৰ বাবে ঘূণীয়া হ’লা, তথাপি মােৰ মাৰ মৰমক নেওচা দি তােমাৰ হ’ব নােৱাৰিলাে। তুমি হয়তাে কাৰােবাৰ পৰা গম পাইছা, মােৰ মাই হাতযােৰ কৰি মােক কৰা অনুৰােধৰ বাবেই অৱশেষত মই দেউতাৰ পচন্দৰ ল’ৰাটোলৈ বিয়া হলাে, বুকুত এটা শিল বান্ধি থ’লো।

 অনিৰুদ্ধৰ শৰীৰটো সজোৰে কঁপি উঠিল। নিতিশাই আৰু লিখিছে—‘মােৰ বহুত ভুল হৈ গ’ল। মাৰ কথা নুশুনি তেতিয়াই আত্মহত্যা কৰিব লাগিছিল। দেউতাৰ পচন্দৰ ল’ৰাটোক বিয়া কৰি মই ওৰে জীৱন যন্ত্রণাৰ পৃথিৱীখনত ভৰি থ’লো, অনিৰুদ্ধ।

 তুমি হয়তাে ভাবা, মই মােৰ স্বামীৰ সৈতে স্ফুৰ্তি কৰি সংসাৰ কৰি আছাে। তেওঁক মই কেতিয়াবাই ডাইভর্চ কৰিছাে অনি। বিয়াৰ দহমাহৰ পিছতে মােৰ সন্তান জন্ম হৈছিল। এই কথাটোত মােৰ স্বামী একেবাৰে সুখী নাছিল। তেওঁ কৈছিল আমি হেনাে পৰিকল্পনা মতে আগবঢ়া উচিত। ইমান সােনকালে সন্তান জন্ম হ’লে আমাৰ দাম্পত্য জীৱন কেনেকৈনো উপভােগ কৰিম! তেওঁ কৈছিল।

 মই মনা নাছিলাে অনি। কাৰণ মই মােৰ মাজত তিলতিলকৈ বাঢ়ি অহা সন্তানটোক কোনাে কাৰণতে হত্যা কৰিব নােৱাৰো। মােৰ স্বামী অসন্তুষ্ট হৈছিল। সেই অসন্তুষ্টি লাহে লাহে বাঢ়ি গৈ সঘন কাজিয়াত ৰূপান্তৰ হৈছিল। মই খুউব উপভােগ কৰিছিলাে। মােৰ স্বামীক কাজিয়াৰ বাবে খুউব উদগনি দিছিলাে মই। আৰু যেতিয়া মােৰ স্বামীয়ে মােক পিটিছিল, মই মাক হােৱাটছএপত শৰীৰৰ দাগবােৰ দেখুৱাই খুউব তৃপ্তি পাইছিলাে। এটা সময়ত হয়তাে মােৰ মা-দেউতাইও নিজৰ ভুল বুজিব পাৰিছিল, কিন্তু তেতিয়ালৈ

বহু পলম হৈ গৈছিল।

বিচ্ছুৰিত বৰ্ণালী >> ৯৯