পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 শ্বেমিম অনুলেখৰ লগে লগে আহিল। মাক-দেউতাক আৰু পেহা-পেহী-মামা-মাহীহঁত পূবালীমাৰ কোঠাতে গল্প কৰি আছিল। সি শ্বেমিমক তালৈকে লৈ গ’ল।

 : মা, মাহী, পেহী! — অনুলেখে জুমটোৰ দৃষ্টি আকর্ষণ কৰি ক’লে—এয়া চিনাকি হােৱা, মােৰ বন্ধু শ্বেমিম। মুম্বাইত চাকৰি কৰে। পূবালীমাৰ বিয়ালৈকে তাই আমাৰ ঘৰতে থাকিব।

 শ্বেমিমে নমস্কাৰ জনালে। অনুলেখৰ মাহীয়েক, পেহীয়েক-পেহা, মামাহঁতেও প্রতি নমস্কাৰ দিলে। কেৱল অনুলেখৰ মাক-দেউতাকে কোনাে প্রতি সম্ভাষণ নজনালে।

 : মা,তাইৰ বাবে ৰূম এটা ৰেডি কৰি দিবা দেই। — অনুলেখৰ হাতত সময় বেছি নাছিল। বিয়া ঘৰৰ কাম কৰা বনুৱা এজনে তাক বাহিৰৰ পৰা চিঞৰি আছিল।

 : অনু, ৰূমৰ অসুবিধা হ’ব নহয়।— অনুলেখ বাহিৰলৈ যাবলৈ উদ্যত হওঁতেই তাৰ মাকে কৈছিল— জানইতাে, ইতিমধ্যে আলহী যথেষ্ট বেছি হৈছে।

 শ্বেমিম অলপ অপ্রস্তুত হৈছিল। তাই কৈ উঠিছিল— হ’ব হ’ব মা! মই হােটেলত থাকিব পাৰিম। যােৰহাটত আমাৰ কোম্পানীৰ ছােৱালী এজনীও থাকে। গতিকে তাইৰ লগতে..

 : মা, এই ফালে আহাচোন। খং, দুখ আৰু ক্ষোভত ফাটি পৰিছিল অনুলেখ। মাকক হাতত ধৰি সি অন্য এটা ৰূমলৈ লৈ গৈছিল। তাত সি মাকক সুধিছিল—মা, তুমিতাে জানাই মােৰ এজনী গেষ্ট আহিবলগা আছিল। তাইৰ বাবে ৰূম এটাও তােমাক সুধিয়েই ঠিক কৰি ৰাখিছিলোঁ। এতিয়া সেইজনী ছােৱালীকেই ৰূমটো দিয়াৰ কথা কোৱাত তুমি ৰূম নােহােৱাৰ কথা কৈছা ! কিয়? হােৱাই ইউ আৰ প্লেয়িং উইথ মাই ষ্টেটাছ!

 মাকে খঙেৰে চাইছিল তালৈ। ষ্টেটাছ! তেওঁ প্রচণ্ড ঘৃণাৰে যেন উচ্চাৰণ কৰিলে শব্দটো। তই নিজে কিমান ষ্টেটাছ ৰাখিছ সেইটোও মনত ৰাখি কথা কবি।

 : মা! কি কৈছা তুমি? মই এনে কি কাম কৰিলোঁ যে........ আধা কোৱাতে ৰৈ গ’ল সি। তাৰ পিছত ক’লে—মইতাে ঘৰৰ অন্য কাকো নক’লেও তােমাক কৈছিলোঁ মােৰ এজনী ভালপােৱা ছােৱালী আছে, যাক মই বিয়া কৰাব খােজোঁ। তুমিয়েইতাে ছােৱালীজনীক ভণ্টিৰ বিয়াত মাতিবলৈ কৈছিলা। সেইবাবেহে.. কথাখিনি সি ফুচফুচাই কৈছিল যদিও, স্পষ্ট আৰু তীব্র আছিল তাৰ ভাষা।

 : কৈছিলোঁ। মাকে একে খঙেৰে কৈছিল। কিন্তু তােৰ পচন্দৰ ছােৱালীজনী এজনী মুছলিম ছােৱালী বুলি মই সপােনতাে ভাবিব পৰা নাছিলোঁ। ব্রাহ্মণৰ ল’ৰা হৈ তােৰ লাজ নালাগিল। পৃথিৱীত আৰু কোনাে বামুণ ছােৱালী নাছিল...।

 অনুলেখ কোঠাটোৰ পৰা ওলাই আহিল। মাকক এতিয়া বুজোৱাটো আৰু সম্ভৱ নহয়। সঁচাকৈ সি শ্বেমিমক কোনােদিন জাতি-ধৰ্মৰ দৃষ্টিৰে চোৱা নাই। শ্বেমিম এজনী হৃদয়বান তেজ-মঙহৰ ছােৱালী আৰু সি তাইক ভাল পায়। সিহঁত আটাইবােৰ প্ৰথমতে মানুহ, তাৰ পিছতহে ধর্ম-জাতি-ভাষা আৰু ভৌগােলিক অৱস্থানৰ ব্যৱধান। সেইবাবে সি কেতিয়াও হিন্দু বুলি নিজকে ভবা নাই। শ্বেমিমকো কেৱল মুছলিম বুলি ভবা নাই। দুটা বেলেগ ধৰণৰ উপাসনাৰ স্থলীলৈ গৈ ভগৱান বিচাৰিলেই মানুহৰ অনুভূতিবােৰাে পৃথক হৈ যায় নেকি।

 অনুলেখ বাৰাণ্ডালৈ ওলাই আহিল। শ্বেমিমৰ আগত এতিয়া সি কিদৰে নাক উলিয়াব। ঘৰলৈ আলহী

মাতি খেদি পঠিওৱা নহ’বনে সি। ছিঃ শ্বেমিমে বাৰু মাকৰ কথাবােৰ গম পাইছে নেকি! ইতিমধ্যে মাকেতাে

বিচ্ছুৰিত বৰ্ণালী » ৬১