পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উঠিল। কিন্তু সি চাৰ্গেইৰ চকুত ধুলি দি দ্বিতীয় মহলালৈ যোৱা মস্কিল। চাৰ্গেই যি ধুৰ্ত, সি মিচাকৈও ৰং চাবলৈ অনিৰুদ্ধৰ আগত নিতিশাৰ কথা তেনেকৈ ক’ব পাৰে।

 টিফিন টাইমত সকলোৱে কেন্টিনলৈ গুচি গ’ল। অনিৰুদ্ধ কেন্টিনলৈও নগ’ল। আচলতে এসপ্তাহ আগতে নিতিশাক জয়দীপৰ লগত যোৱা দেখাৰ পাছত সি কেন্টিনলৈও যোৱা এৰি দিছে। কেন্টিনত গ’লেই সি নিতিশাক লগ পাব। তাত জয়দীপো থাকিব। জয়দীপৰ কাষত নিতিশাক দেখিলে কিয় জানো ভয়ংকৰ ঈৰ্ষা হয়। সেইবাবে সি অফিচৰ তলৰ ৰেষ্টুৰেণ্টখনতে টিফিন কৰি আহেগৈ। আজি কিন্তু চাৰ্গেইৰ মুখত নিতিশাৰ কথা শুনি তাৰ কেন্টিনলৈ যোৱাৰ ইচ্ছা জাগিছিল। কিন্তু শেষ মুহূৰ্তত সি নিজকে সম্বৰণ কৰিলে। নিতিশাটো এতিয়া জয়দীপৰ প্ৰেমিকা হৈ গৈছে, তাৰনো তাইক পাত্তা দিয়াৰ কি দৰকাৰ।

 ৰেষ্টুৰেণ্টত বহি শুকান ৰুটি এখন দাঁতেৰে টানি আছিল সি। হঠাৎ কোনোবা এটা দুপদুপাই দৌৰি অহাৰ শব্দ শুনি সি মূৰ তুলি চালে। চাৰ্গেই। ই বদমাছটোৱে তাক শান্তিৰে খাবলৈও নিদিব।

 : বঢ়িয়া খবৰ এটা আছে। তাৰ বিপৰীতে চকীত বহি সি টেবুল ভুকুৱাই ক’লে।

 : কিয় কি হ’ল। অনিৰুদ্ধই কৌতুহলেৰে সুধিলে।

 : কেণ্টিনত ভাল দৃশ্য এটা দেখি আহিলো। আপুনি থকা হ’লে বেছ মজা পালেহেঁতেন।

 : কিনো দেখিলে? অনিৰুদ্ধই কৌতুহলেৰে সুধিলে।

 : হাঃ হাঃ হাঃ চাৰ্গেই নিজে নিজে অলপ সময়, হাঁহি ল’লে বেছ জমিল বুজিছে। কেন্টিনত তাই খাবলৈ যাওঁতে দেখিলো হা! হা! হা!

 : ধ্যেৎ! আগতে হাঁহি লওঁক। তাৰ পিছত ক’ব। অনিৰুদ্ধ অলপ বিৰক্ত হল। সি আকৌ ৰুটি টানিবলৈ ধৰিলে।

 : কি যে বৰিং মানুহ আপুনি! ইমান ইণ্টাৰেষ্টিং কথা কৈ আছো আপুনি শুকান ৰুটি চোবাই আছে।

 : আৰুনো কি কৰিম? অনিৰুদ্ধই নিৰ্বিকাৰভাৱে ক’লে আপোনাৰ দেখোন হাঁহিয়েই শেষ নহয়।

 : অ’ অ’ কৈছো ৰ’ব। চাৰ্গেই ক’লে কেন্টিনত সকলোৱে খাবলৈ আৰম্ভ কৰিছিল। জয়দীপ নিতিশাৰ কাষতে বহিছিল। হঠাৎ জানো জয়দীপে নিতিশাক কি সুধিলে, তাইতো বিৰাট ফায়াৰ হৈ গ’ল। চাৰ্গেই আকৌ হাঁহিলে আৰু ক’লে মোৰ শপত! নিতিশাৰ ৰূপ দেখি ময়েই ভয় খাই গৈছিলো ইমান ধুনীয়া ছোৱালীজনীৰ যে ইমান খং থাকিব পাৰে মই ভাবিবই পৰা নাছিলো।

 : তাৰ পিছত? অনিৰুদ্ধ কৌতুহলী হৈ থাকিল।

 : তাৰ পিছত আৰু কি হ’ব! জয়দীপ ভিজা মেকুৰীৰ দৰে লেউসেউ হৈ পৰিল। চব ষ্টাফৰ আগত বেচেৰাই ভাল লাজ পালে।

 : অ! অনিৰুদ্ধই যেন অলপ তৃপ্তি পালে।

 : মজাৰ কথাটো কি জানে? খঙৰ ভমকত নিতিশাই এবাৰ জয়দীপক ক’লে আপোনাৰ কাৰণে কিছুমান মানুহে মোক ভুল বুজি আছে। আজিৰ পৰা মোৰ আশে পাশেও নাথাকিব।

 : অহ! অনিৰুদ্ধই শলাগিলে।

 : কি অহ! পাৰ্টি খুৱাওক মোক। ইমান ধুনীয়া খবৰ দিলো আপোনাক।

বিছুৰিত বৰ্ণালী » ৮৮