পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 : তুমি আমাৰ ইয়াত কটোৱা মুহূৰ্তবােৰ বাৰু মনত পেলাবানে ?

 : নিশ্চয় কিয় নেপেলাম। মই তাইৰ হাতত মৃদু চাপ দি ক’লোঁ।

 : আৰু মােক? তাই এজনী সৰু ছােৱালীৰ দৰে সুধিলে।

 : কিয় মনত নেপেলাম ? তােমাৰ দৰে ফ্ৰেণ্ড লাইফত কমেইহে লগ পােৱা যায়। মই ক’লোঁ।

 : কেৱল ফ্রেণ্ড হিচাপে? হঠাৎ তাই ৰৈ গ’ল।

 : অ’ ফ্রেণ্ড হিচাপে। মােৰ মুখৰ পৰা ওলাই গ’ল।

 বর্ণালীয়ে এক মুহূর্ত মােৰ মুখলৈ চাই ৰ’ল। তাৰ পিছত হঠাৎ ঘূৰি ক’লে— উভতি যাওঁ ব’লা আন্ধাৰেই হ’ল।

 আন্ধাৰ কেতিয়াবাই হৈছিল। আমি নিশ্চুপে খােজকাঢ়ি আহি আছিলোঁ। বর্ণালীৰ কথাকে মই ভাবি থাকিলোঁ। তাই বাৰু মােক কিবা ক’ব খুজিছিল নেকি?

 “কেৱল বন্ধু হিচাপে?’’ তাইৰ প্ৰশ্নটো বহু সময় মােৰ মনত চক্রাকাৰে ঘূৰি থাকিল। এই প্রশ্নটোত কিবা এটা ইংগিত আছে নেকি বাৰু ?

 কিন্তু বর্ণালীয়েতাে প্রায়েই এনেকুৱা আজে-বাজে কথা কয়। পাছত হাঁহি হাঁহি কৈ দিয়ে- শ্লিপ অব টাং । তেন্তে এইজনী ছােৱালীৰ এইকণ কথাৰ পৰা তেনেকুৱা কিবা গুৰুত্বপূর্ণ সিদ্ধান্ত ল’ব পাৰিনে?

 : চিন্ময়দা, ঘৰ পালোঁহিয়েই, তুমি মা-দেউতাক মাত এষাৰ লগাই যাবা আহা।বর্ণালীৰ কথাত মই বাস্তৱ জগতলৈ ঘূৰি আহিলোঁ।

পাঁচ

 হােষ্টেলত আজিকালি মােৰ একেবাৰেই মন নবহা হ’ল। মােৰ প্ৰায়েই অনুভৱ হয়, কলেজ কেম্পাছৰ এই অলিগলিবােৰ যেন মকৰাজালৰ একোডালত সূতা আৰু এই সুবেষ্টিত মকৰাজালত বন্দী মই, মােৰ সত্বা। মই যেন এটি অসহায় পতংগ। মােৰ পাখিত মৰা মুখ নির্গত আঠা আৰু মই ছটফটাই থাকোঁ।

 বর্ণালীৰ চিন্তই এইকেইদিন মােৰ মনৰ সৰ্ব আচ্ছন্ন কৰি ৰাখিছে। কেতিয়াবা ভাবোঁ এখন চিঠি লিখি, মােৰ হৃদয়ৰ সকলােবিলাক গােপন বতৰা প্ৰকাশ কৰাই উচিত হ’ব নেকি? অপ্ৰকাশৰ যন্ত্রণা যে ভয়ংকৰ। লগে লগে হাজাৰ সংকোচে মােক তেনে কৰাৰ পৰা বাধা দিয়ে৷ বন্ধুত্বৰ সৰলতাৰ সুযােগ লৈ তেনেকুৱা কিবা এটা কৰিবলৈ গ’লে বর্ণালীয়ে যদি তাই আগতে লগ পােৱা সেইবাজে ল’ৰাবােৰৰে এটা বুলি মােক ভাবে। তেতিয়া মই কি লৈ জীয়াই থাকিম বাৰু? আত্মশ্লাঘা আৰু আত্মপ্ৰৱঞ্চনা ?

 বন্ধুত্বৰ খাতিৰত তাইলৈ এখন চিঠি লিখাত একো বাধা নাই সঁচা। কিন্তু মই জানাে তাইক সঁচা বন্ধুত্ব দিব পাৰিছোঁ। মােৰ বন্ধুত্ব কিমান নিঃস্বার্থ? ইমান নৈতিকস্থলন হােৱাটো মই সহ্য কৰি নােৱাৰিম। ভাবিব পাৰে বর্ণালীয়ে। মােক স্বার্থপৰ আৰু অকৃতজ্ঞ বুলি ভাবিব পাৰে। কিন্তু মােৰ মনে ভণ্ড বন্ধু হ’বলৈ নকয়। তাতােকৈ মই বর্ণালীৰ পৰা আঁতৰি থাকিম। সেয়াই হ’ব বহুগুণে ভাল।

 যুক্তিৰ ট্ৰেংকুইলাইজাৰ খাই আজিকালি মই প্ৰায়েই বাস্তৱৰ পৰা পলায়ন কৰি ফুৰোঁ। মােৰ হুলস্থুলীয়া

স্বভাৱৰ হঠাৎ এনে পৰিৱর্তনে হােষ্টেলৰ মােৰ লগৰ ল’ৰাবােৰৰ মাজতাে আলােড়ন সৃষ্টি নকৰাকৈ থকা নাই। হােষ্টেলৰ ’বাইটিং মাষ্টাৰ ওৱান’ বুলি যুগ্মভাৱে খ্যাতি অর্জন কৰা বিপুল আৰু জ্যোতিবিকাশে ইতিমধ্যেই ’বাইটিং’ আৰম্ভ কৰিছেই। এইবাৰ বােলে চিন্ময় শইকীয়াৰ গ্ৰেনাইট পাথৰ গলিল।

বিচ্ছুৰিত বর্ণালী » ২০