পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 অটোখন অলপ লাহে লাহে চলা বাবে শ্বেমিমে বেগাই যাবলৈ কৈছিল। এইবাৰ অনুলেখৰ হাতত এটুকুৰা চকলেট দি কৈছিল— খােৱা, বেছি ভােক লাগিছে নেকি।

 : ধেৎ। তােমাৰ ভাগৰ টুকুৰাও দি দিছা মােক। এই প্রথমবাৰলৈ সি অলপ দীঘলীয়া বাক্য এটা পােনপটীয়াকৈ ক’লে। আগৰ টুকুৰা খায়েই মােৰ ভোক প্রায় নাইকিয়া হৈ গৈছে।

 : তথাপি এই টুকুৰাও খােৱা। — তাই লাগি থাকিল।

 : ওহোঁ! তুমি খােৱা। সেইটো তােমাৰ ভাগ।

 : মােৰ ভাগ, তােমাৰ ভাগ বুলিবলৈ কি আছে। সকলােবােৰতাে... জিভা কামুৰি ৰৈ গ’ল শ্বেমিম। হয়তাে তাই ক্ষন্তেকলৈ পাহৰি গৈছিল সিহঁতৰ পূৰ্বৰ প্ৰেমৰ সম্পৰ্কটো এতিয়া ভাঙি গৈছে। আগতে সিহঁত দুটাই কৈছিল— কোনাে বস্তুৱেই সিহঁতৰ গাইগুটীয়া নহয়, সকলােবােৰ উমৈহতীয়া। মােৰ, তােমাৰ নহয় আমাৰ। সেই পুৰণি কথাটোৱেই তাইৰ জিভাৰ আগত উঠি আহিছিল... অথচ আজি... শ্বেমিম ৰৈ গৈছিল। অনুলেখে তাইৰ হাতৰ পৰা চকলেটটুকুৰা নিজেই লৈ লৈছিল। অটোখনে গাত এটাত সােমাই ডাঙৰ জাপ এটা মাৰিছিল। শ্বেমিমৰ কান্ধখন আহি অনুলেখৰ গাত খুন্দা লাগিছিল। সি অকণমান আঁতৰি বহিছিল। সিহঁতৰ আগৰ সম্পৰ্কটো আৰু নাই। সিহঁত এতিয়া দুটি অচিনাকি চৰিত্ৰ। আনুষ্ঠানিক।

 ভৰলু পাৰ হৈ দলংখনত অটোখনত উঠোতে অনুলেখে ভৰা ব্ৰহ্মপুত্ৰৰ বুকুলৈ চাই পঠিয়াইছিল।। দুখনমান দেশীয় নাও ইফালে-সিফালে ঘূৰি আছিল। পানীৰ বুকুত এজাক জলচৰ চৰায়ে খেলি আছিল।

 : অনুলেখ!— শ্বেমিমে হঠাৎ আৰম্ভ কৰিছিল তুমি বাৰু হঠাৎ মােক এনেকৈ লগ পাই যাম বুলি ভাবিছিলানে?

 : ওহো! অনুলেখে কৈছিল। তুমি মােক ক্ষমা কৰি দিব পাৰিবা বুলি মই ভবা নাছিলোঁ।

 : ক্ষমা ? ক্ষমাতাে মই কৰা নাই।—টপৰাই কৈ উঠিছিল শ্বেমিমে। অনুলেখ বােবা হৈ গৈছিল। অটোখন মালিগাঁও পাইছিলহি। শ্বেমিমেই ভাড়া দি অটোখন বিদায় দি অনুলেখক লৈ সিহঁতৰ অতীতৰ চিনাকি ৰেষ্টুৰেণ্টখনত গৈ বহিছিল। মেনেজাৰজনে সিহঁত দুটাত দেখি মিচিকিয়াই হাঁহিছিল। ফ্রেন্স কাট ডাঢ়িৰ সেই পুৰণি মেনেজাৰজন সিহঁতৰ ইউনিভাৰচিটি জীৱনৰে চিনাকি। বােধহয় তেওঁ শ্বেমিম আৰু অনুলেখৰ বিয়া হৈ যােৱা বুলি ভাবিছে। খােৱাৰ টেবুলত বহি মেনুখন চাই থকা শ্বেমিমলৈ চোৰ দৃষ্টিৰে চালে অনুলেখে। এই ছােৱালীজনী যদি তাৰ আজি পত্নী হ’লহেঁতেন। সিয়েইতাে তাইক তাৰ জীৱনৰ পৰা আঁতৰাই পঠালে। এতিয়া আৰু ঘূৰি যােৱাৰ কোনাে ৰাস্তা নাই।

 শ্বেমিমে অনুলেখৰ প্রিয় খাদ্য চিকেন বিৰিয়ানিৰ অৰ্ডাৰ দিছিল। তাই নিজৰ বাবে লৈছিল একাপ কফি। সি আপত্তি কৰিছিল। তুমিও এক প্লেট বিৰিয়ানি ল’ব লাগিব। সি কৈছিল।

 : এক প্লেট কেনেকৈ খাম । তাই কৈছিল— মােৰ যে ভােকেই নাই।

 : মােৰ প্লেটকে হাফ হাফ কৰি ল’ম৷— অনুলেখে কৈছিল।

 অনুলেখে ভাবিছিল শ্বেমিমে কিজানি আপত্তি কৰিব। অনুলেখৰ বেছি ভােক লগাৰ অজুহাতত

তাকে ফুল প্লেট বিৰিয়ানি খাবলৈ ক’ব। আশ্চর্যজনকভাৱে তাই কিন্তু কোনাে আপত্তি নকৰিলে।

বিচ্ছুৰিত বৰ্ণালী » ৬৬