পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভাৰতবৰ্ষত সি বাৰু তাইক কেতিয়াবা বিচাৰি উলিয়াব পাৰিবনে?

 গিলাচৰ পৰা এঢোক মদ পিলে অনুলেখ৷ মদ খাবলৈ তাৰ খুউব এটা মন যোৱা নাই। সি দেখিলে সৰু ল’ৰাৰ দৰে ক’ল্ড ড্ৰিংকছ খাই থকা ছামাদ তাৰ ফালে আগুৱাই আহিছে। এনেকুৱা পাৰ্টিবোৰত মদ নোখোৱা মানুহ বৰ দৃষ্টিকটু হয়। উপায়ো নাই। ছামাদৰ নিচিনা তেনেকুৱা বহু মানুহো কোম্পানীত আছে, যিয়ে লাহে লাহে এনেকুৱা পাৰ্টিত এডজাষ্ট হ’বলৈকে মদ খোৱাৰ অভ্যাস কৰিবলগা হয়।

 : কিহে, কি খবৰ?— ছামাদ ওচৰ চাপি অহাত অনুলেখে মাতিলে।

 : তুমি কালি ক’ত গৈছিলা?— ছামাদে ওলোটাই সুধিলে তাক।

 : লগৰ ল’ৰা এটাৰ তালৈ গৈছিলোঁ।— অনুলেখে মিছা মাতিলে। সি লগৰ ল’ৰাৰ ঘৰত যোৱা ৰাতি আছিল সঁচা, কিন্তু তাক মদ খাই শুই থকাৰ পৰা লৈ যোৱা হৈছিল।

 : লগৰ ল’ৰা? ক’ত?– ছামাদে আকৌ সুধিছিল।

 : ধ্যেৎ? --বাদ দিয়ানা সেইবোৰ। —অনুলেখে প্ৰসংগ সলনি কৰিছিল। — কোৱাচোন তোমাৰ কইনাৰ খবৰ! ফটো-চটো আনিলানে নাই।

 : চাবা? — ছামাদে সৰলতাৰে সুধিলে।

 : নাচাম কিয়। এইফালে আহা।— অনুলেখে ছামাদক কেবিন এটাৰ ফালে লৈ গ’ল। মানুহবোৰৰ পৰা কিছু আঁৰ হৈ অনুলেখে সুধিলে— কোৱা, কইনাৰ বিষয়ে কি তেহকীকত কৰি আহিলা? ফটোখন এতিয়া লগতে আছেনে?

 : চব খবৰ লৈ আহিছোঁ ৰ’বা। ছামাদে ক’লে— ছোৱালীজনী ভাল বুইছা। মনজিৎ-শুভেন্দুহঁতে অলপ বেছিকৈ কয়। তায়ো অৱশ্যে বাহিৰত পঢ়া ছোৱালী! মাক-দেউতাক ছিলঙত আছিল, এতিয়া ৰিটায়াৰ কৰি দিল্লীত থাকে। আৰু কি জানা, মোৰ কইনা কিছুদিনৰ আগলৈ গুৱাহাটীতে চাকৰি কৰিছিল, এতিয়া মুম্বাইত থাকে। বৰ ভাল ছোৱালী বুইছা।

 : হয় নেকি!—অনুলেখে জানিলে। লগ নাপাওঁতেই ইমান চাৰ্টিফিকিটে। বিয়া হোৱাৰ পিছত দেখিছোঁ আমাক পাহৰিয়েই যাবা। সি জোকালে। বাই দি বাই, মুম্বাইত থকা ছোৱালী যেতিয়া চিনেমাৰ একট্ৰেছ –চেকট্ৰেছ নহয়তো।

 : ধ্যেৎ! কি যে কোৱা।—ছামাদৰ মুখত লাজৰ ছিটিকনি বিয়পি পৰিছে। সি ক’লে— শুভেন্দু-মনজিতৰ আগত কিন্তু মই তাইৰ বিষয়ে কোৱা চব কথা নক’বা। সিহঁতে চব ছোৱালীকে সন্দেহ কৰে ভাই। সিহঁতৰ মুখত কেৱল ভাৰ্জিনিটিৰ কথা। চব ছোৱালী কি বেয়া হৈ গ’ল!

 : নকওঁ বাৰু! এতিয়া সোনকালে ফটোখন দেখুওৱা। নহ’লে ডেভিলকেইটা আহি পাব।

 : অ’তো ডেভিলেই। —অনুলেখে সুভেন্দু-মনজিতক ডেভিল বুলি কোৱাত ছামাদে খুউব স্ফুৰ্তি পালে। ক’ল্ড ড্ৰিংকছৰ গিলাচটো টেবুল এখনত থৈ চাৰ্টৰ পকেটৰ পৰা সযতনে ফটো এখন উলিয়ালে।

 : এইয়া চোৱা! — ফটোখন আগবঢ়াই দি ছামাদে ক’লে।

অনুলেখৰ মূৰত যেন বজ্ৰপাতহে পৰিল। হাস্য বদনেৰে সেইখন শ্বেমিমৰ ফটো।

 : হোৱাট! — সি আৰ্তনাদ কৰি উঠিল।

 : কি! কি! — ছামাদে উৎকণ্ঠিত হৈ অনুলেখলৈ চালে তুমি ছোৱালীজনী চিনি পোৱা নেকি!

 : নাই!নাই! অনুলেখে কথমপি নিজকে লুকুৱাবৰ যত্ন কৰিলে—ক’ৰবাত কেতিয়াবা দেখা যেন

লাগিছে।

বিচ্ছুৰিত বৰ্ণালী » ৭৮