পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 : কৈছিলোঁ নে নাই তােমাক ! অনুলেখৰ খংটো গৈ শ্বেমিমৰ ওপৰতে পৰিলগৈ । সি ৰাস্তাতে অভদ্ৰৰ দৰে চিঞৰি ক’লে তাইক— অটোত আহিম বুলি কোৱা নাছিলোঁ? চিটিবাছত উঠাৰ চখতাে কি চাবা।

 শ্বেমিম চুপ হৈ থাকিল। তাই তালৈ সমীহেৰে চালে আজি কিমান দিনৰ পিছত তাই তাৰ খং উঠা দেখিছে।

 : অটো মাতিম নেকি?— শ্বেমিমে খুউব লাহেকৈ ক’লে।

 : নালাগে। খােজকাঢ়ি যাম। অনুলেখৰ খংটো অলপ দমিছিল।

 আদাবাৰীৰ পৰা জালুকবাৰী চাৰিআলিলৈকে পথছােৱাত খােজকাঢ়ি যাওঁতে সিহঁত দুটাই টু শব্দ এটাও উচ্চাৰণ নকৰিলে। জালুকবাৰী চাৰিআলিৰ পৰা ইউনিভাৰচিটিৰ ফালে যােৱা ৰাস্তাটোৰ ফুটপাথত উঠোতে অনুলেখে শ্বেমিমক ক’লে— প্লিজ শ্বেমিম! মােক মাফ কৰি দিবা।

 : কিয়? কিয় ? শ্বেমিম উদগ্রীব হৈ উঠিল। তুমিতাে কোনাে ভুল কৰা নাই।

 : মই ভুল কৰিলোঁ শ্বেমিম। তাইৰ ফালে নােচোৱাকৈ সি ক’লে মই তােমাৰ ওপৰত হঠাতে খং কৰি পেলালোঁ। মই পাহৰি যােৱা উচিত নাছিল সেই অধিকাৰ মই কেতিয়াবাই হেৰুৱাই পেলাইছোঁ। আই হেভ লষ্ট এভৰিথিং অভাৰ ইউ। শ্বেমিমে একো নামাতিলে। তাইৰ চকুৰ কোণ দুটা তিতি উঠিছিল। অনুলেখে নেদেখাকৈ তাই দুপাট্টাৰে মচি পেলালে মাথোঁ।

 অনুলেখ আৰু শ্বেমিম ইউনিভাৰচিটি চৌহদত সােমাই কিছু সময় অলিয়ে-গলিয়ে ঘূৰিলে। প্রতি মুহূর্ততে অনুলেখৰ সিহঁতৰ পাঁচ বছৰৰ আগৰ সেই স্বপ্ন ভৰা সময়বােৰলৈ মনত পৰি থাকিল। সি আগতে থকা হােষ্টেলটোলৈ দূৰৰ পৰাই চালে। তাৰ বহু স্মৃতি বিজড়িত চৌৰাল্লিছ নম্বৰ কোঠাটোৰ খিৰিকীখন খােলা আছে। এই খিৰিকীখনত আগতে সি ব্রুক শ্বিল্ডৰ এখন ডাঙৰ ফটো লগাই ৰাখিছিল। সি দূৰৰ পৰাই ধৰিব পাৰিলে সেই ফটোখন এতিয়া তাত নাই। সেইখনৰ ঠাইত এতিয়া ষ্টেফি গ্রাফৰ ফটো এখন লাগি আছে।

 কেম্পাছত ঘূৰি ফুৰোঁতে সিহঁত দুটা বেছি ভাগ সময়ে মৌন হৈ আছিল। হয়তােবা শ্বেমিমাে অতীতৰ সময়বােৰৰ মাজত বিচৰণ কৰি ফুৰিছে। হয়তােবা মনত পেলাইছে ইয়ুথ ফেষ্টিভেলৰ ৰাতি অনুলেখে তাইক হােষ্টেললৈ আগবঢ়াই দিবলৈ যােৱাৰ মধুৰ স্মৃতি, অথবা সন্ধিয়া মার্কেটলৈ ওলাই যাওঁতে সিহঁত দুটাই পাতি যােৱা এই অদ্ভুত কথাবােৰ ।

 : শ্বেমিম। ইউনিভাৰচিটিৰ মূল প্রবেশদ্বাৰেৰে ওলাই ডিলাক্স চিটিবাছলৈ ৰৈ থকাৰ সময়খিনিত অনুলেখে কৈছিল—ইউনিভাৰচিটিত চাগৈ আমিয়েই প্রথমহাল মানুহ, যি প্রেমৰ ব্যর্থতাৰ পাছতাে এপাক আহি একেলগে এবাৰ ফুৰি গৈছোঁ!

 অনুলেখৰ কথাত শ্বেমিমে তালৈ চাইছিল। একো কোৱা নাছিল। অনুলেখে বুজিছিল তাইৰ যন্ত্রণা !

 : অটোত নােযােৱা নেকি। পৰিবেশটো পাতল কৰিবলৈকে কিজানি তাই প্ৰসংগটো সলাই পেলাইছিল। অথনিতো চিটিবাছৰ পৰা খং কৰি নামি আহিছিলা। এতিয়া আকৌ চিটিবাছৰ বাবে ৰৈ আছা যে!

 : ডিলাক্স চিটিবাছত তেনেকুৱা ভিৰ নাথাকে। সি অলপ হাঁহি কৈছিল। ইয়াৰ পৰা ছিটো পাই

বিচ্ছুৰিত বর্ণালী » ৬৯