পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 যদিও মই আলােচনীখনৰ পাত লুটিয়াই লুটিয়াই নিজকে ব্যস্ত যেন দেখুৱাই আছোঁ, তথাপি ভাবি আছো বাইদেৱে যেন আকৌ বর্ণালীৰ কথা কওক। সিহঁতৰ ঘৰলৈ বাৰু তাই মােক কিয় যাব কৈছে? নে তাইৰ দুষ্টামি? মই তাইৰ ওচৰত ধৰা পৰি গৈছোঁ নেকি বাৰু ? আঁৰ চকুৰে তাইলৈ চালোঁ তলমূৰ কৰি ঝাড়ু মৰাত ব্যস্ত৷ হঠাতে ৰূমটোৰ বায়ুমণ্ডলখিনি যেন গধুৰ হৈ গ’ল। অথচ বাইদেউ আৰু মই দুয়ােটাই জানাে এই গধুৰ বায়ুমণ্ডলৰ তৰপে তৰপে বিয়পি পৰিছে এক অনামী চেপা উত্তেজনা।

 : চিন্ময়, চাহ ৰেডি। ভিনিহিদেউ সােমাই অহাত ৰূমটোৰ গধুৰ বায়ুমণ্ডল পুনৰ চঞ্চল হৈ উঠিল।

 : ভিনদেউ, তুমি চাহ বনালা যে৷ বাইদেউলৈ বেঁকাকৈ চাই মই ক’লাে- এখেতে চাহ বনাবলৈ এৰিলে নেকি? মানে ৰিটায়ার্ড হার্ট?

 : এহ বায়েৰাই যি চাহ বনায়, সেয়া মইহে খাব পাৰোঁ, তােমাকনো কেনেকৈ খুৱাওঁ? ভিনিহিদেউৱে মােৰ দৃষ্টি অনুসৰণ কৰি ক’লে।

 : মোক জোকাই নল’বা কিন্তু৷ বাইদেৱে ভিনিহিদেউলৈ পোন্দোৱাকৈ চালে৷

 : শান্তি বাবা। শান্তি। মই চিঞৰিলোঁ মােক চাহ কাপ খাই ল’বলৈ দিয়া তাৰ পিছত কুৰুক্ষেত্র, ৱাটাৰ্লু যি লাগা লাগিবা, ফ্রি টিকেট চিনেমা... হাঃ হাঃ হাঃ। মােৰ হাঁহিত ৰূমটো গমগমাই উঠিল।

 : তই বাঢ়ি গৈছ ৰ! বাইদেৱে মুখেৰে ক’লে আৰু হাতেৰে মােৰ এখন কাণত ধৰি চাহৰ টেবুললৈ টানি লৈ গ’ল৷

 চাহৰ টেবুলত বহিহে আচল কথাটো গম পালোঁ।

 ভিনিহিদেউৰ ষ্টাফৰ কোনােবা শৰ্মাৰ মেৰিজ এনিভাৰচেৰী। বাইদেউ-ভিনদেউ দুইজনকে মাতিছে। গতিকে মই গৈ বৰ্ণালীৰ মিউজিকৰ ক্লাছটো কেনচেল কৰি আহিব লাগে। শর্মাহঁতো ঠিক মানুহ, চব নিমন্ত্রণ আজি পুৱাহে কৰিছে, নহ’লে বাইদেৱে কালিয়েই বর্ণালীক মিউজিক ক্লাছলৈ আহিব নালাগে বুলি কৈ পঠালেহেঁতেন। বর্ণালীহঁতৰ ফোনটোও তিনিদিন মানৰ পৰা ডেড্ হৈ আছে। গতিকে মই বান্দাই.

 ভিনিহিদেউৱে বৰ উৎসাহেৰে ক’লে-তুমি বর্ণালীৰ তাতে আবেলিটো কটাব পাৰিবা। আমি সাতমান বজাতহে ঘূৰি আহিম। তুমিনো ইয়াত কি কৰিবা অকলশৰে।

 ভিতৰি ভিতৰি ভিনিহিদেউৰ প্ৰস্তাৱত মই ৰােমাঞ্চিত হৈ উঠিছিলোঁ। বর্ণালীৰ সৈতে একেলগে আবেলিটো কটাবলৈ মােৰ জানাে আপত্তি থাকিব পাৰে? ঘৰত থাকিলেও মই বৰ্ণালীৰ কথাহে ভাবি থাকিম। তথাপি মই সাৱধান হ’লোঁ। বেছি উচ্ছাস দেখুৱালে ভিনিহিদেউৱে মােক সন্দেহ কৰিব। বাইদেৱেতাে ইতিমধ্যেই কাট মৰা আৰম্ভ কৰিছেই।

 : ভিনদেউ, সৰু ল’ৰা-চ’ৰা এটা বিচাৰি নাপাবানে? নহ’লে তেনেকুৱা ল’ৰা এটাকে পঠাই দিয়া। মই এনেয়ে এবাৰ কৈ চালোঁ।

 নাই নাই! ভিনিহিদেউ ব্যস্ত হৈ উঠিল এইবাৰ-তুমি গৈ চোৱাচোন। মই গেৰান্টি দিব পাৰাে তুমি অকনাে বেয়া নােপােৱা৷ বৰ্ণালীৰ মাক-দেউতাকহঁতকো লগ পাবা। মই ক’লাে নহয় বিৰ্ ৰাট মৰম কৰিব তােমাক।

 : চোৱা নহলে ল’ৰা এটাকে বিচাৰি। বাইদেউৰ বক্রোক্তি।

 : এহ তুমিও আৰু! ভিনিহিদেউৱে ভেকাহি মাৰি উঠিল। আঁৰ চকুৰে লক্ষ্য কৰি দেখিলোঁ বাইদেউৰ

ওঁঠত লাগি থকা দুষ্টালিৰ হাঁহটো তেতিয়াও মাৰ যােৱা নাই।

বিচ্ছুৰিত বৰ্ণালী >> ১৪