পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/১৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 : নেপােলিয়ন বনাপাৰ্টৰ কথা। মই তপৰাই ক’লো-বন্দী বনাপার্টে বাৰু চেন্ট হেলেনাত দিনৰ পাছত দিন কেনেকৈ কটাইছিল ?

 মই জানাে হিষ্ট্ৰিৰ কথা উলিয়ালেই বাইদেউৰ বদহজম হয়। তাই হাইস্কুলতাে হিষ্ট্রি লােৱা নাছিল। গতিকে মই চান্স পালেই তাইক ব’ৰ কৰাৰ ধান্দাত থাকো। তদুপৰি এতিয়া তাই মােৰ ৰূমৰ পৰা ওলাই গ’লেই ভাল পাওঁ। কোঠাৰ নিবিড় মুহূৰ্তবােৰত মই আকৌ বর্ণালীক লৈ তন্ময় হৈ থাকিব পাৰিম।

 আজি কিন্তু বাইদেউ শেনৰ এজাত। তাই ৰূমৰ পৰা ওলাই নগ'লেই, মােৰ মুখতে ধৰিলে- তই কিন্তু অলপ বেছি বেছি কৰ?

 : মইনাে কি বেছি কৰিলোঁ। মােৰ আচৰিত হােৱাৰ পাল।

 : বুজি পাওঁ দে। হিষ্ট্রি নপঢ়িলেও একেবাৰে লাড়ু বুলি নাভাবিবি। দুদিন বায়েৰৰ ঘৰত থাকিয়েই ব’ৰ হলিয়েইনে?

 : মইনাে কেতিয়া ব’ৰ হােৱা বুলি ক’লোঁ। মােৰ দুচকুৰ পৰা তেতিয়াও বিস্ময় আঁতৰি যােৱা নাই।

 : এতিয়া নজনাৰ ভেশছন ধৰিছ। বায়েৰৰ ঘৰটো নেপ’লিয়নৰ চেন্ট হেলেনা পালি?-তাইৰ কণ্ঠত স্পষ্ট বেদনাৰ সুৰ।

 এইবাৰ তাইলৈ সঁচাসঁচিকৈয়ে মােৰ বেয়া লাগি গ'ল। তাই থুঁতৰিত ধৰি ক’লোঁ- মই কথাটো তেনেকুৱা অৰ্থত কোৱা নাছিলোঁ নহয়।

 : যাঃ তেলীয়া ক’ৰবাৰ। তাই মােৰ হাতখন এচাৰ মাৰি আঁতৰাই ক'লে— এতিয়া আহিল আকৌ তেল মাৰিবলৈ। তাই এইবাৰ মােৰ ৰূমৰ আলনাৰ কাপােৰবােৰ চিজিল কৰাত লাগি গ’ল। মই এনেয়ে তাইৰ কাণ্ড কাৰখানাৰবােৰ চাই থাকিলোঁ।

 : নেপােলিয়ন। বাইদেৱে হঠাৎ মােৰ ফালে ঘুৰি চাই ক’লে আজি তােৰ বন্দীত্ব কিছু পৰিমাণে ঢিলাই দিয়া হ’ব।

 : ডন্ট ইউজ ইনডাইৰেক্ট লেংগুৱেজ। মই গম্ভীৰ স্বৰেৰে ক’লোঁ।

 : অকে, দা গ্রেট এমপেৰৰ। তাই একেই কৌতুকেৰে কৈ ক্ষন্তেক থমকি ৰ’ল আৰু ক’লে- টুডে ইউ গ’ টু বর্ণালী এণ্ড টেল হাৰ ডেট...। নাটকীয়ভাৱে তাই ৰৈ গ’ল।

 : হােৱাট? হােৱাট টু টেল ?- মই একপ্রকাৰ জাপ মাৰিয়েই বাইদেউৰ ওচৰ পালোঁ।

 : ইহ বর্ণালী বুলি কওঁতেই জাপ মাৰি উঠিলি দেখােন?-বাইদেৱে জোৰেৰে হাঁহি দিলে।

 লাজত মই ৰঙাচিঙা পৰি গৈছিলোঁ। আজি প্ৰথমবাৰৰ বাবে বাইদেউৰ ওচৰত মই এনেকুৱা কথাত ধৰা পৰি গ’লোঁ। তথাপি হেৰুৱা সন্মান ঘূৰাই আনিবলৈ মই আপ্রাণ চেষ্টা কৰিলোঁ। ধহমহাই মূঢ়া এটা টানি নি মই বেলকনিত বহিলোঁগৈ৷

 : পাছৰখিনি নুশুন নে? - বাইদেৱে মােৰ অৱস্থাটো উপভােগ কৰি ক’লে-বর্ণালীক কি ক’ব লাগে শুনি ল’হি।

 : দৰকাৰ নাই। মই অভিমান ভৰা কণ্ঠেৰে উত্তৰ দিলোঁ- তােৰ ষ্টুডেন্ট, কিবা দৰকাৰ হ’লে নিজেই যাবি, মাজতে মই গােলামী কৰিব নােৱাৰোঁ।

 : হয় নেকি? বাইদেৱে এইবাৰ আৰু একো নক’লে। তাই মােৰ কোঠাটো ঝাড়ু

দিয়াতহে লাগি গ’ল।

বিচ্ছুৰিত বৰ্ণালী >> ১৩