পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সোমাওঁতে মেনেজাৰে তালৈ চাই সুধিছিল— কিয়, আজি বাইদেউ নাহিল?

 : নাই। সি মূৰ জোকাৰিলে। অলপ সময় বহি একো নােখােৱাকৈ সি ওলাই আহিল। প্রাগ চিনেমা হলৰ সন্মুখত ৰৈ চিগাৰেট এটা জ্বলালে ব্লেকাৰ এজন আহি তাক টিকট লাগিব নেকি সুধিলে। সি সুৰ সুৰকৈ গুচি আহিল। চিটিবাছ এখনত উঠি ইউনিভাৰচিটি গেটৰ সন্মুখতে নামি দিলে সি। উদ্দেশ্যবিহীনভাৱে কেম্পাছৰ অলিয়ে গলিয়ে কিছু সময় ঘূৰি ফুৰিলে সি।

 শ্বেমিমে হেনাে গুৱাহাটীত যােৱা তিনি বছৰ থাকোতে প্রায় প্রতিদিনে সিহঁতৰ প্ৰেমৰ স্মৃতি বিজড়িত এই ঠাইবােৰলৈ আহিছিল। আজি অকলে অকলে ঘূৰি থাকোঁতে অনুলেখৰ অনুভৱ হৈছে কিমান যন্ত্রণা বুকুত থাকিলে মানুহে এনেকুৱা কামবােৰ কৰিব পাৰে। অনুলেখেতাে মাত্র কালি শ্বেমিমৰ সৈতে এই ঠাইবােৰত ঘূৰিছিল অথচ শ্বেমিমে অনুলেখৰ সৈতে ঘূৰাৰ পাঁচ বছৰ পিছতাে এই ঠাইবােৰত ঘূৰি তাৰ উপস্থিতি অনুভৱ কৰিব পাৰিছিল। মানুহৰ অনুভূতি কিমান তীব্র হলে পাঁচটা বছৰৰ পূৰ্বৰ কোনাে উপস্থিতি অনুভৱ কৰিব পৰা যায়। অনুলেখে ভাবি উলিয়াব নােৱাৰিলে।

 অনুলেখ গুচি আহিল৷ কাছাৰীৰ ওচৰত ব্ৰহ্মপুত্ৰৰ বুকুত থকা ব’ট ৰেষ্টুৰেণ্টখনত বহি সি উদাস দৃষ্টিৰে ব্ৰহ্মপুত্ৰৰ বুকুলৈ চাই ৰ’ল। বয়টোৱে মেনু এখন দি গৈছিল । সি সেইখন নাচালেই। মেনেজাৰজন তাৰ চিনাকি। তেওঁৰ ইংগিতত বয়টোৱে তাক কফি একাপ দি গ’ল। তাৰ যথেষ্ট পিয়াহ লাগিছিল। ঠাণ্ডা পানী এগিলাচ কোঁৎ কোঁৎকৈ পিলে সি।

 কফিকাপৰ পৰা এটা ধুনীয়া গােন্ধ আহি তাৰ নাকত লাগিছিল। কিয় জানাে তাৰ শ্বেমিমৰ চুলিৰ গােন্ধলৈ মনত পৰি গ’ল। কালি চিটিবাছত বহি আহোঁতে তাইৰ চুলিৰ সুবাসত সি কিছু সময়ৰ বাবে হ’লেও উন্মনা হৈ উঠিছিল। পাঁচ বছৰৰ আগৰ প্রেমিক অনুলেখটোৱে সাৰ পাই উঠিব খুজিছিল।

 অনুলেখ খােজকাঢ়ি পদপথেৰে আহি থাকিল যাৰ বাবে সি শ্বেমিমক দুখ দিছিল, সেই মৰমৰ ভনীয়ে আজি দুবছৰে তাৰ খবৰ লােৱা নাই জানানে শ্বেমিম, মােৰ মা-দেউতাই মই মদ খােৱা বাবে এবছৰৰ আগতে মােক ত্যাজ্য পুত্র বুলি ঘােষণা কৰিছে। তুমি এসময়ত খাবলৈ মানা কৰা সত্বেও মই এতিয়া কিয় ইমান মদ খাওঁ ক’ব পাৰানে? মই মাতাল হৈ থাকিব খােজো। জীৱনক পাহৰি থাকিব খােজোঁ। খুউব সােনকালেই মই সৌ তৰাৰ দেশলৈ যাব খােজোঁ।

 —সি অকলে অকলে কথা পাতি থাকিল।

 অনুলেখে এহাতেৰে আকাশলৈ দেকুৱাই থাকিল। মুখেৰে বিৰবিৰাই থাকোঁতেই তাক প্রচণ্ড টোপনিয়ে হেঁচা মাৰি ধৰিলে। বাটৰ ভিক্ষাৰীৰ দৰেই সি দলঙৰ ফুটপাথত শুই পৰিল।


ছয়

 পুৱা বিছনাতে গালি শুনিলে অনুলেখে। চকু মেলি চাই সি দেখে লগৰ চিদাই তাক গালি পাৰি আছে। চাল্লা মদাহী, তই ইমান তললৈ যাবি বুলি মই ভবা নাছিলোঁ। দাঁত ব্রাছ কৰি সি গালি দি থাকিল।

 অনুলেখে কোঠাটোৰ ইফালে সিফালে চালে। এয়াতাে চিদাৰ ঘৰ। সি কালিৰ ঘটনাটো মনত

পেলাই দস্তুৰমত লাজ পালে। সিতাে দলঙৰ ফুটপাথতে শুই পৰিছিল। তাৰ মানে চিদাই তাক

বিচ্ছুৰিত বৰ্ণালী >> ৭৫