পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 : তােমাক যি বুলি জোকাইছে?— সি ক’লে৷

 : মােক? মােকতাে সিহঁতে কাৰো লগত জোকোৱা নাই। তােমাক কি বুলি জোকাইছে কোৱা না ?- শ্বেমিম জোক লগাদি লাগি থাকিল।

 : সিহঁতে কৈছে মই তােমাক ভাল পাওঁ।— অনুলেখে কৈ পেলালে।

 : সিহঁতে কোৱাটো বাদ দিয়া। শ্বেমিমে নির্বিকাৰ চিত্তে ক’লে— তুমি কি কোৱা ?

 : ময়াে কওঁ— আই লাভ ইউ ভেৰি মাচ্ছ।

 : তেনেকৈ নহ’ব। শ্বেমিমে হাঁহিলে। মােৰ নামটোৰ সৈতে কোৱা।

 : শ্বেমিম, আই লাভ ইউ৷ অনুলেখে কৈ পেলালে৷

 ইমানপৰে আবােল-তাবােল বকি থকা শ্বেমিমজনী হঠাৎ গহীন হৈ গ’ল। তাই ভৰপূৰ দুচকুৰে অনুলেখৰ দুচকুলৈ চাই ৰ’ল। অনুলেখেও তাইৰ দুচকুত চকু থৈ স্থিৰ হৈ থাকিল।

 : আকৌ এবাৰ কোৱানা।– শ্বেমিমৰ কণ্ঠত গভীৰ আকুলতা ফুটি উঠিল।

 : শ্বেমিম, আই লাভ ইউ।— অনুলেখে তাইৰ ফালে চাই থাকিয়েই ক’লে।

 : আৰু এবাৰ, সহস্ৰবাৰ!.....

 সপােনতহে যেন ইমান সময় বিচৰণ কৰি আছিল অনুলেখে। অতীতৰ মধুৰ ক্ষণবােৰ মনলৈ আহিলে সি আপােন পাহৰা হৈ উঠে। মদৰ গিলাচটো সন্মুখত ধৰি সি বিৰবিৰাই থাকিল আই লাভ ইউ শ্বেমিম, আই লাভ ইউ।

 ইউনিভাৰচিটিত আৰু এক প্রেমিক যুগল স্বীকৃত হৈছিল। শ্বেমিম আৰু অনুলেখ। অনুলেখে কিন্তু কেতিয়াকৈ তাই হােষ্টেলৰ ৰূমলৈ আমন্ত্রণ কৰা নাছিল। তাই আহিব খােজোঁতেও সি আপত্তি কৰিছিল । সি তাইৰ বদনাম হােৱাটো নিবিচাৰে। অন্য বহু ছােৱালীৰ দৰে হােষ্টেলৰ বন্ধ ৰূমত লগ পোৱাৰ কোনো প্ৰয়োজন নাই, অনুলেখে তাইক বুজাইছিল৷ প্ৰেমৰ বাবে বিচৰণ ক্ষেত্ৰ আচলতে মুকলি পৃথিৱী মুকলি আকাশৰ তলত নদীৰ ৰূপালী ঢৌ চাই, ফুটপথেৰে উদ্দেশ্যবিহীনভাৱে খােজকাঢ়ি ফুৰাতকৈ জানাে প্রেমিক যুগলে অধিক আনন্দ পাব পাৰে। নির্জনতাত বেছিকৈ পালে মানুহৰ চিৰন্তন আদিম অনুভূতিবােৰ সাৰ পাব খােজে। সভ্য মানুহে আদিম আৱেগক জয় কৰি ৰাখিব জনে। আদিম অনুভূতি প্রকাশৰাে নির্দিষ্ট সময় আছে। সেই সময়লৈ অপেক্ষা কৰাৰাে আছে এক মধুৰ অভিজ্ঞতা। কোনাে মানুহেই জিতেন্দ্রিয় নহয়। সেই বুলি এনে অনুভূতিবােৰ নিয়ন্ত্ৰণত ৰখা যে অসম্ভৱ সেয়াও নহয়। প্রেম যাতে কামনাৰে কলুষিত নহয়, তাৰ বাবে প্রেমিক-প্রেমিকাই কিছুমান দৃঢ় অনুশাসন মানি চলিবলৈ সক্ষম হ’ব লাগে। মদৰ নিচাই অনুলেখৰ মগজুটো ক্ৰমাৎ নিজৰ দখললৈ আনিছে। ফুল বটলটো অকলে শেষ কৰি দিলে সি। অন্তিমটো পেগ বনাই সি প্লেটত থকা অৱশিষ্ট চিকেনটুকুৰা মুখত ভৰাই চোবাই চোবাই মদ পি থাকিল। চিগাৰেট এটা পুনৰ জ্বলালে সি।

 এতিয়া বাৰু শ্বেমিম ক’ত আছে। সদায় তাৰ মগজুত বিচৰণ কৰি ফুৰা সমাধানবিহীন প্রশ্নটো ঘূর্ণী বতাহৰ দৰে পাক খাই থাকিল ।

 শ্বেমিমৰ খবৰ সি যােৱা তিনিটা বছৰে লােৱা নাই। তাৰ জীৱনৰ পৰা সিয়েই শ্বেমিমক বিদায় দিছে। তাইৰ কোমল হৃদয় থানবান কৰি দিছে সি। সি তাইক জনাই দিছে, আচলতে সি

তাইক কেতিয়াও ভাল পােৱা নাছিল। ইউনিভাৰচিটিত সময় কটাবলৈহে তাইক তাৰ প্ৰেমৰ

বিচ্ছুৰিত বৰ্ণালী >> ৫৬