পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বয়টোৱে বিৰিয়ানিখিনি দি যােৱাৰ সময়ত তাই বয়টোক এক্সট্টা প্লেট এখন দি যাব ক’লে। অনুলেখে তাইৰ কার্যকলাপ চাই ৰল।

 এইখনেই সেই ৰেষ্টুৰেন্ট, য’ত বহি অনুলেখ শ্বেমিমৰ সন্মুখত স্বীকাৰ কৰিছিল শ্বেমিম, আই লাভ ইউ। ক’তবাৰ যে একেটা কথাকে ক’বলৈ দিছিল তাক শ্বেমিমে, আকৌ এবাৰ কোৱানা ? আকৌ এবাৰ। সহস্রবাৰ! উস্ কি যে অত্যাচাৰ। এইখন ৰেষ্টুৰেণ্টতে সিহঁত দুটা প্রায় আহি বহিছিল, মান-অভিমান কৰিছিল, তর্ক কৰিছিল, কথা পাতিছিল, গল্প কৰিছিল আৰু শেষত কোনাে এবিধ বস্তু অর্ডাৰ দি তাকে আধা আধা কৰি ভগাই খাইছিল। এই ভগাই খােৱা কথাটোৰ বাবে অনুলেখে শ্বেমিমক কৃপণ বুলি জোকাইছিল । সি এক প্লেটকৈ খােৱাত জোৰ দিছিল। তেতিয়াই এদিন শ্বেমিমে কৈছিল— জানানে অনুলেখ, শ্বেয়াৰ কৰি খােৱাত যি আনন্দ আছে, গাইগুটীয়াকৈ খােৱাত সেই আনন্দ নাই। তােমাৰ সৈতে মই সকলাে শ্বেয়াৰ কৰিব খােজোঁ সকলাে কামতে মই তোমাৰ অৰ্ধাংগিনী হ’ব খোজো৷

 : অর্ধাংগিনী!— অনুলেখে শ্বেমিমলৈ স্থিৰচিত্তে চাই ৰ’ল। তাই ইতিমধ্যে বিৰিয়ানিখিনি সমানে দুভাগ কৰাত লাগি গৈছে। শ্বেমিম! এইজনী ছােৱালীকে সি কিমান নির্দয়ভাৱে প্রত্যাখান কৰিছে। তাই তাক ঘৃণা কৰি আহিছে বুলি তাৰ বিশ্বাস হৈছিল। আজি হঠাৎ তাইৰ তাৰ ওচৰলৈ আগমনে সকলাে হিচাপ-নিকাচ ওলট পালট কৰি দিছে। আচলতে তাই বিচাৰে কি! অনুলেখৰ ওচৰত শ্বেয়াৰ কৰিব লগাকৈতাে এতিয়া একো অৱশিষ্ট বাকী নাই। ভিতৰি ভিতৰি অনুলেখ মৰি গৈছে। প্রতিদিনে মৃত্যুৰ সমীপলৈ গৈ আছে সি। এনেস্থলত সি আৰু অন্যক কি দিব পাৰে! এভৰিথিং ইজ ফিনিছ।

 : হেই! দেৰি কৰি আছা কেলেই!– শ্বেমিমৰ সেই একেই মৰমৰ ধমক!

 অনুলেখে একো নামাতিলে। অন্য দিনা সি নিশ্চয় কিবা এটা ক’লেহেঁতেন!

 : সােনকালে খােৱা। তােমাৰ ভােগ লাগি থকা নাছিল জানাে। — শ্বেমিমেই আকৌ ক’লে। অনুলেখে প্লেটখন নিজৰ ফালে লৈ খাবলৈ আৰম্ভ কৰি দিলে।

 ৰেষ্টুৰেণ্টৰ বিলখন শ্বেমিমেই দিলে। অনুলেখে তাইলৈ পাণ এখন কিনি আনিলে। তাই ভাল পােৱা মৌ বিলাস পাণ। সি সাধাৰণতে পাণ নাখায়। আগতে শ্বেমিমৰ লগত পৰি এই মিঠা পাণবােৰ শ্বেয়াৰ কৰিবলগা হৈছিল। আজিও তাৰ ব্যতিক্রম নহ’ল।

 শ্বেমিমে সঘনে ঘড়ীলৈ চাই আছিল। অনুলেখে সুধিলে— ক’ৰবাত কিবা এপইন্টমেন্ট আছে। নেকি ?

 : নাঃ আজিৰ দিনটোত মই কম্পেনীৰ কোনাে প্রগ্রেম লােৱা নাই। কৈয়েই তাই ৰিক্সা এখন মাতিলে। অনুলেখক টানি ৰিক্সাত উঠাই তাই ক’লে প্ৰাগত ব’লা।

 : প্রাগ?— অনুলেখে তাইলৈ চালে।

 : প্লিজ, মানা নকৰিবা। শ্বেমিমে ক’লে। প্রাগত চিনেমা চাই ওলাই আহোঁতে আবেলি প্রায় তিনি বাজিছিল। ঘামি-জামি, অনুলেখ চিনেমা হলৰ পৰা ওলাই আহিছিল । আজি কিমান বছৰৰ

পাছত সি হলত দুপৰীয়াৰ শ্ব’ চালে। ইউনিভাৰচিটিত পঢ়ি থকা সময়ত শ্বেমিমৰ সৈতেই যি সি দুপৰীয়াৰ শ্ব’ চাইছিল।

বিচ্ছুৰিত বৰ্ণালী >> ৬৭