ধৰিছিল সি।
: কোন অ’?- ভিতৰৰ পৰা দেউতাকে বিৰক্তিৰে দুৱাৰ খুলি দিছিল। সন্মুখত ঋষিতক দেখি সুধিছিল—তই! এনেকৈ কলিং বেল বজাইছ কিয় ?
একো নকৈ ঋষিতে দেউতাকক খামটো দিছিল। তাৰ পিছত সি পাকঘৰত কিবা কৰি থকা মাকৰ ওচৰ পাইছিলগৈ।
: এই এৰ ৷ এৰ। কান্ধত ওলমি পৰা ঋষিতক নমাবলৈ চেষ্টা কৰি মাক পাকঘৰৰ পৰা ওলাই আহিছিল। তাৰ পিছত দেউতাকক চিঞৰিছিল-- দেখিছানে বাৰু ঋষিতলৈ, মােৰ ডিঙি ভাঙিব এতিয়া।
দেউতাকে হাঁহি হাঁহি ভিতৰলৈ সােমাই আহি কৈছিল— নাভাঙে আৰু দিয়া। তােমাৰ ল’ৰা আৰু ঘৰত দহ দিনহে থাকিব। তাৰ পিছত আৰ্মিৰ ডাঙৰ অফিচাৰ।
: কি?
মাকে আঁকৰীৰ দৰে এবাৰ দেউতাকলৈ আৰু এবাৰ ঋষিতলৈ চাইছিল।
ঋষিতে এন ডি এত ছিট পােৱা বুলি জানি তাহাঁতৰ ঘৰলৈ খবৰ কৰিব অহা মানুহৰ সোঁত বৈছিল। যােৱা যােৱা, অসমীয়া ল’ৰা এনেয়ে নেচনেল লেভেলত খুউব কম। তােমালােক এটা আদর্শ হােৱা। বেছিভাগেই আশীর্বাদ দিছিল তাক। আজিকালি অসমীয়া মানুহৰ মন যথেষ্ট বদলিছে। আগৰ দৰে দিল্লী মুম্বাইৰ দৰে ঠাইবােৰকে ইংলেণ্ড, আমেৰিকা বুলি ভাবি থকা নাই।
ৰহমান খুড়াই খবৰ কৰিবলৈ আহোঁতে ঋষিতে তেওঁক এৰিষাকো কিয় লৈ নাহিল বুলি সুধিছিল। ৰহমান খুড়াই কৈছিল যে এৰিষাই আহিবলৈ মন নকৰিলে। এনেয়েও তাই আজিকালি অলপ মন মাৰি থাকে। কি জানাে হৈছে ছােৱালীজনীৰ। ৰহমান খুড়াৰ কথাত ঋষিতে একো মতা নাছিল, কিন্তু তাৰ মনত এৰিষাৰ প্রতি এক কৌতুহল আৰু উৎকণ্ঠাই বাহ লৈছিল। তাই হেনাে তাৰ হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষাৰ খবৰ কৰিবলৈও অহা নাছিল। এনেয়েতাে তাই তেনেকুৱা কৰিব নালাগে৷
পিছদিনা দেওবাৰ আছিল। দেউতাকৰ স্কুটাৰখন লৈ সিদিনা ঋষিত ৰহমান খুড়াৰ ঘৰ ওলাইছিলগৈ।
: ৰহমান খুড়া আছেনে?-কাম কৰা মানুহজনীক সি সুধিছিল।
: নাই, বজাৰলৈ ওলাই গৈছে। মানুহজনীয়ে কৈছিল।
: এৰিষা ?
: আছে। শুই আছে।
মই লগ পাই যাওঁ, মাতি দিয়কচোন।
তাই টোপনি গৈ আছে। —মানুহজনীয়ে অলপ আমনি পােৱাৰ দৰে কৈছিল।
আৰু একো নকৈ ঋষিত এৰিষাৰ ৰূমলৈ সােমাই গৈছিল। সি দেখিছিল, বিছনাতে বহি তাই জুপুকা লাগি আছে।
: এই এৰিষা ! —সি মাতিছিল তাইক।
এৰিষাই তলমূৰ কৰি মনে মনে আছিল।
: এৰিষা, শুনা নাই নেকি! —সি গৈ তাইৰ বিছনাৰ ওচৰতে টুল এখনত বহিছিল। — বাহ! তুমিও কম নােহােৱা দেউ! মােৰ দুটাকৈ পৰীক্ষাৰ ৰিজাল্ট ভাল হ’ল, তুমি খবৰ এটা ল’বলৈ যােৱা নাই।
: তাতে মােৰ কি হ’ল ! মােক নামাতিবা। মুখখন তাই পাচি এটাৰ সমান কৰি কৈছিল।