পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 চিনেমা চাই ভাগি অহা মানুহৰ ভিৰৰ পৰা কিছু আঁতৰত সিহঁত দুটা থিয় হৈ ৰৈছিল। মানুহ ভর্তি এখন চিটিবাছ আহি সিহঁতৰ কাষত ৰৈছিল। হুৰমূৰকৈ বাছখনৰ পৰা এজাক মানুহ নামিছিল। অনুলেখ তাৰ পৰা আঁতৰি আহিব খুজিছিল। শ্বেমিমে তাক হাত এখনত ধৰি ৰাখিলে।

  : আমি ইউনিভাৰচিটিলৈ যাম !— আদেশৰ দৰে শুনালে তাইৰ বাক্যটো। অনুলেখে তাইলৈ চালে। ক’লে—ঠিক আছে। অটো এখন লৈ যাম। বাছত বৰ ভিৰ।

 : নহয়৷ বাছতেই যাম৷— শ্বেমিমে ক’লে। হুমূৰকৈ এজাক মানুহ বাছত উঠিবলৈ লৈছিল। তাৰ মাজতেই শ্বেমিম সােমাই পৰি বাছত উঠিল। উপায়ান্তৰ হৈ অনুলেখাে গিজ্ গিজ্ ভৰি থকা বাছখনত হেঁচি ঠেলি সােমালগৈ।

 শ্বেমিম আহি তাৰ কাষতে থিয় হ’ল। পাণ জাপি অনাৰ দৰে বাছখনে মানুহ এজাক জাপিবলৈ আৰম্ভ কৰিছে। বিশেষকৈ চিনেমা চাই অহা ইউনিভাৰচিটিৰ ল’ৰা-ছােৱালী এজাক উঠাত বাছখনত উশাহ ল’বলৈ বতাহৰ নাটনি ঘটিছে। ভিৰৰ মাজত দুষ্ট ল’ৰাৰ পৰা গা বচাবলৈ কিজানি শ্বেমিম আহি তাৰ পিছফালে থিয় হৈছে। প্রচণ্ড হেঁচা-ঠেলাত তাইৰ কোমল বুকুৰ স্পৰ্শই তাৰ পিঠিত এক আচৰিত সংবেদনৰ সৃষ্টি কৰিছে। সি তাইৰ পৰা আঁতৰি থিয় হ’ব খুজিও আঁতৰিব পৰা নাই। মানুহৰ গাৰ পৰা নিৰ্গত টেঙা ঘামৰ দুৰ্গন্ধত তাৰ উশাহ বন্ধ হৈ যাব যেন লাগিছে।

 শ্বেমিমৰ বুকুখন আৰু জোৰেৰে আহি তাৰ পিঠিত লাগিছে। অনুলেখৰ তীব্ৰ অপৰাধবােধ জাগি উঠিল ৷ এইজনী ছােৱালীৰ হৃদয় ভাঙি সি প্রত্যাখ্যান কৰিছে। তাইৰ দেহ-মন সকলােবােৰ এদিন তাৰ ওচৰতে সমর্পিত হােৱাৰ কথা আছিল। অথচ ভীৰুৰ দৰে সি তাইৰ পৰা আঁতৰি আহি আজি বাছৰ ভিৰৰ সুযােগ লৈ তাইৰ দেহৰ স্পৰ্শ আনন্দ ভােগ কৰিছে। সি প্রচণ্ড জোৰ প্ৰয়ােগ কৰি সন্মুখৰ মানুহটো ঠেলি শ্বেমিমৰ ওচৰৰ পৰা আঁতৰি আহিল। তাৰ আৰু শ্বেমিমৰ মাজৰ অকণমান খালি ঠাইখিনিত ল’ৰা এটা সােমাই পৰিল।

 শ্বেমিমে অনুলেখলৈ চালে। তাই যেন তাৰ ব্যৱহাৰত আহত অনুভৱ কৰিছে। অনুলেখে তাইৰ চকুৰ পৰা তাৰ দৃষ্টি নমাই আনিলে। বাছখন আদাবাৰী পাইছেহি। এজাক মানুহ বাছখন লক্ষ্য কৰি খেদি আহিছে । অনুলেখে পিছুৱাই যাব লগা হৈছে। সি তেনেকৈ সােমাই যাওঁতে দেখিলে তাৰ আৰু শ্বেমিমৰ মাজত থিয় হােৱা ল’ৰাটোৱে বিপজ্জনভাৱে শ্বেমিমৰ শৰীৰ স্পৰ্শ কৰিবলৈ সি তাইৰ ফালে অকণমান বেছিকৈ হালি দিছে অনুলেখে ধৰিব পাৰিলে। শ্বেমিমে কোনােমতেই নিজৰ শৰীৰটো ল’ৰাটোৰ গাত স্পর্শ হােৱাৰ পৰা বচাব পৰা নাই।

 : এই ‘নমা’ আছে! হঠাৎ কি জানাে হ’ল অনুলেখৰ। হেণ্ডিমেনটোক উদ্দেশ্যি চিঞৰ এটা মাৰি সি শ্বেমিমক এহাতে টানি বাছৰ পৰা নামিবলৈ আৰম্ভ কৰিলে। বাছখন চলিবলৈকে লৈছিল৷ হেণ্ডিমেনে বাছত ঢাকা এটা মাৰি চিঞৰিলে— এই ৰাখবা। ’নামা’ আছে। তাৰ পিছত সি ভােৰােৰালে ’নামা’ থাকিলে আগলৈ ওলাই থাকিব লাগে।

 : এই চুপ। —হেণ্ডিমেনটোক প্রচণ্ড ধমক দি উঠিল অনুলেখে। তাৰ খংটো মগজুলৈ উঠি আহিছিল। তাৰ প্রচণ্ড ধমকত হেণ্ডিমেনটোৰ লগতে শ্বেমিমাে উচপ খাই উঠিল। সিহঁতক নমাই বাছখন গুচি যােৱালৈ চাই অনুলেখে উচ্চাৰণ কৰিলে চালা ৰাবিছ।

 : অনুলেখ। হােৱাটজ দা ৰং উইথ উই! শ্বেমিমে তাৰ খং উঠা দেখি ভয়ে ভয়ে সুধিলে।

বিচ্ছুৰিত বৰ্ণালী >> ৬৮